চিণ্ডেৰেলাৰ বিয়া
লেখক- তাপস দত্ত
আজি ৰাতিপুৱাই তাইক দেখা পালোঁ। চকামকাকৈ তাইক দেখাৰ সেই ক্ষণটোৰ সৈতেই যেন মোৰ দিনটোৱেই সলনি হৈ গ’ল। ৰাস্তাৰ খলা-বমাবোৰ যেন হঠাতে নোহোৱা হৈ গ’ল আৰু মুখৰপৰা নোহোৱা হৈ গ’ল প্ৰতিটো গাঁততে বাইকৰ চকাটো পৰাৰ লগে লগে বাহিৰ হৈ অহা অবাইচ শব্দবোৰ। গা নোধোৱাকৈ গৈছিলোঁ যদিও গাটো এইমাত্ৰ ধুই অহাৰ দৰে পৱিত্ৰ আৰু সতেজ যেন অনুভৱ হ’বলৈ ধৰিলে। আনকি সদায় হোটেলৰ আগত বহি থকা পুনুৰফালে সদায় দিয়াৰ দৰে কিবা নতুন ইংগিত দিয়াৰ ঠাইত শান্ত হাঁহি এটি দলিয়াই থৈ গ’লো। সি চাগে বাৰুকৈয়ে আচৰিত হৈছে আজি।
চি-ণ-ডে-ৰে-লা! এই নামটোৰ প্ৰতি সৰুৰেপৰাই এক আকৰ্ষণ অনুভৱ কৰিছিলোঁ। ফেয়াৰি টেলছৰ গল্পৰ নায়িকা এই চৰিত্ৰটোৱে যেন পৃথিৱীৰ সকলো ছোৱালীৰ মাজত আটাইতকৈ ধুনীয়া আৰু আটাইতকৈ মৰমলগা হিচাপে নিজৰ ঠাই দখল কৰি আছে। সেইবাবেই তাইৰ নামটো মনে মনে চিণ্ডেৰেলা থৈছিলোঁ। কলেজত পঢ়ি থাকোঁতে তাইক প্ৰায়ে দেখা পাইছিলোঁ। মোতকৈ দুই বা তিনিটা ক্লাছ ওপৰত পঢ়িছিল। পিন্ধনত একেবাৰে সাধাৰণ সাজ-পোছাক। কিন্তু তেনে সাধাৰণ পোছাকে তাইক বাৰুকৈয়ে শুৱাইছিল। কেতিয়াবা পোছাকত ঠায়ে ঠায়ে সৰু সৰু হালধীয়া ফুট ফুট দাগ দেখিছিলোঁ। মোৰ নিজৰ বিয়াৰ পাছতহে নিশ্চিত হ’লো যে সেইবোৰ বোধহয় হালধিৰে দাগ আছিল আৰু সেইবোৰ তেনেকৈ তাইৰ পোছাকযোৰত পৰিছিল যেতিয়া সেই পোছাক পিন্ধি থকা অৱস্থাতে তাই প্ৰেছাৰ কুকাৰটো দাঙি ধৰিছিল। তদুপৰি তাই পিন্ধা প্ৰায়বোৰ পোছাকত দুটা কথা লক্ষ্য কৰিছিলোঁ। তাইৰ পিন্ধা পোছাকবোৰ সদায়েই পুৰণি আছিল আৰু দ্বিতীয়তে তাই পাতল ৰঙৰ পোছাকবোৰ বেছিকৈ পিন্ধিছিল। তেনে পাতল ৰঙৰ পোছাকবোৰত তেল চিকটিৰ দাগবোৰ সহজতে চকুত পৰিছিল যদিও তাইৰ প্ৰসাধনবিহীন ধুনীয়া মুখখনি এবাৰ দেখাৰ পিছত সেইবোৰ একো মন কৰিবলগীয়া কথাই নাছিল। তেনেকৈয়ে তাই মোৰ চকুত গল্পত থকা চিণ্ডেৰেলাৰ দৰে ধৰা দিছিল। মোৰ এনে লাগিছিল যেন এযোৰ দামী আৰু জিকমিকাই থকা পোছাকে তাইৰ সৌন্দৰ্য ম্লানহে কৰিলেহেঁতেন। পিছে এইবোৰতকৈয়ো অধিক চাবলগীয়া আছিল তাইৰ চকুযুৰি। কি আছিল সেই চকুহালৰ মাজত? সংসাৰৰ সমস্ত কৰুণা যে তাৰপৰা নিগৰি আহিছিল। মৰমলগা সেই চকুযুৰিত তথাপিও অনবৰতে আছিল যেন এক বিষণ্ণতাৰ ছাপ। ইয়াতকৈ ধুনীয়া চালে চাই থাকিবৰ মন যোৱা চকু এযুৰি মই আজিলৈকে ক’তো দেখা নাই।
পিছদিনা ৰাতিপুৱা আকৌ ছোৱালীজনীক স্কুলত থ’বলৈ ওলালোঁ। পৰিবাৰে পথৰ দাঁতিত বহা থলুৱা শাক-পাচলিৰ বেপাৰীৰ ওচৰত পালে ৰঙা ঢেঁকীয়া এমুঠি আনিবলৈ ক’লে। এইবিধ শাকৰ সোৱাদ আছে। ইফালে মই সময়টো মিলাই লৈছোঁ কালি চিণ্ডেৰেলাক দেখাৰ সময়ৰ সৈতে। তায়ো তেতিয়া বোধহয় কাৰোবাক স্কুলত থ’বলৈকে আহিছিল। গতিকে সেই হিচাপে আজি আকৌ দেখাৰ সম্ভাৱনা।
ভাগ্যৰ বলত তাইক আকৌ দেখিলোঁ। অকল দেখাই নহয় তাই মোৰফালে চাই হাঁহি এটাও মাৰিলে। একেবাৰে শান্ত এটা হাঁহি। যেন বহুদিনৰে চিনাকি। অথচ কলেজত পঢ়ি থাকোঁতে তাইৰ সৈতে কোনো দিনে কথা পতা নহ’ল। আনকি হাঁহি এটাও মৰা নাছিল আজিৰ দৰে। কেতিয়াবা হয়েই এনেকুৱা। পুৰণি দিনৰ চিনাকি চেহেৰাবোৰ দেখা পালে আগৰ কথা মনত পেলাই এনেকৈয়ে বহুতে মাত দিয়ে। আগতে মাতবোল নাথাকিলেও পিছৰ পৰিবেশত লগ পালে কেতিয়াবা সাধাৰণতে এটা দুটা কথা পতা হয়। কেনে আছা এতিয়া ক’ত আছা জাতীয়। আজি এইটো মোৰ উপৰঞ্চি লাভ। ঘৰ পালোঁহি। মানুহজনীয়ে সুধিলতহে ৰঙা ঢেঁকীয়াৰ কথা মনত পৰিল। পিছে আজি তিতা কেৰেলা সিজাই দিলেও তৃপ্তিৰে খাৰ পাৰিম কিজানি।
তৃতীয়দিনাখন কঁকালত টঙালি বান্ধি ওলালোঁ। আজি তাইৰ সৈতে কথাও পাতিম আৰু তাইৰ সম্পৰ্কে থকা সকলো কৌতূহল দূৰ কৰিম। তাই আগৰ দৰেই হাঁহি এটা মোৰপিনে দলিয়াই আগবাঢ়ি গ’ল আৰু মই ভেবা লাগি চাই থাকিলোঁ ঠিক কিবা সন্মোহনৰ প্ৰভাৱত বশীভূত হৈ পৰাৰ দৰে। চেতনা ঘূৰাই পাওঁ মানে ভিৰৰ মাজত তাই চকুৰ আঁৰ হৈ গ’ল। তৃতীয় দিনাহে অৱশেষত সফলতাৰ মুখ দেখিলোঁ। এইবাৰ বোধহয় অলপমান বেছিকৈয়ে উত্তেজনাই মনত ভৰ কৰিছিল আৰু সেইবাবে তাইক প্ৰায় আগচি ধৰাৰ দৰে সন্মুখলৈ আহি মাত দিলোঁ আৰু দুটামান কথা পাতিবলৈ বিচাৰিলোঁ। ৰাস্তাৰে যোৱা দুই-এজনে মোলৈ ঘূৰি ঘূৰি চাইছিল যদিও মই সেইবোৰক পাত্তা দিয়া ভকত কেতিয়াও নাছিলোঁ। তাই কিন্তু একেই শান্ত প্ৰকৃতি লৈয়েই ৰাস্তাৰ কাষতে থকা গছ এজোপাৰ তললৈ আহি মই কিবা কোৱালৈ ৰৈ থাকিল। ইমান শান্ত আৰু নিৰ্বিকাৰ স্বভাৱৰ প্ৰাণী মই আগতে দেখা মনত নপৰে। ইফালে মোৰ বুকুত তেতিয়া স্কুলৰ ঘণ্টাটোহে যেন বাজিবলৈ ধৰিছিল। অৱশেষত কথা-বতৰা আৰম্ভ হ’ল।
মই জীৱনত আগতে কেতিয়াও ইমান আচৰিত হোৱা নাই যিমান আজি তাইৰ সৈতে কথা পতাৰ পিছত আচৰিত হ’লোঁ। এইগৰাকী যুৱতী যাক মই চিণ্ডেৰেলাৰ ৰূপত কল্পনা কৰিছিলোঁ, তাই বাস্তৱ জীৱনতো এগৰাকী চিণ্ডেৰেলা। তাই এতিয়ালৈকে অবিবাহিত আৰু তাৰ কাৰণ হৈছে তাইৰ মাহীমাক আৰু মাহীমাকৰ জীয়েক। মাহীমাকৰ জীয়েকগৰাকী তাইতকৈ অলপহে সৰু আৰু তাই কলেজতো অনবৰতে তাইৰ আশে-পাশে থাকিছিল। প্ৰথমতে সকলো ঠিকেই আছিল কিন্তু সমস্যা হ’ল তেতিয়াহে যেতিয়া তাইৰ ভনীয়েকৰ বিয়াৰ বাবে পাত্ৰ বিচৰা আৰম্ভ হ’ল। হেজাৰ চেষ্টাৰ পিছতো যেতিয়া ভনীয়েকৰ বিয়াখন হৈ নুঠিল তেতিয়া মাক-জীয়েক দুয়ো তাইকেই ইয়াৰ বাবে প্ৰকাশ্যে জগৰীয়া কৰিলে। ৰুগীয়া বাপেকে আগৰেপৰাই ঘৰখনত কোনোকথাতে মাত মাতিব নোৱাৰে। গতিকে এই সকলো ঘটনাৰ মাজতে মজি তাই হৈ পৰিল এজনী এইসময়ৰ চিণ্ডেৰেলা। মাক-জীয়েকে সুযোগ পালেই তাইৰ বদনাম ৰটিবলৈ ধৰিলে। সম্প্ৰতি তাই ঘৰৰ কামৰ উপৰিও আন দুঘৰত টিউশ্যন কৰে আৰু মাহৰ মূৰত যিকেইটা পইচা হাতলৈ আহে সেয়া দেউতাকৰ শুশ্ৰূষাত খৰচ কৰে। তাৰে এঘৰৰ ল’ৰাটোক স্কুললৈও অনা-নিয়া কৰে। বিয়া-বাৰু আদিৰ কল্পনাৰপৰাও যেন তাই এতিয়া সহস্ৰ যোজন দূৰত।
তাইক বিদায় দিয়াৰ পাছত মনটো বেয়া লাগি গ’ল। চকু দুটাও সেমেকি উঠিল। মানুহক জীৱনত গভীৰতম আঘাতবোৰ বোধহয় আটাইতকৈ আপোন মানুহবোৰেই দিয়ে। আৰু উপকাৰ কৰিবলৈ যেন একেবাৰে অচিনাকি মানুহবোৰ আগবাঢ়ি আহে। এতিয়া মই তাইক উদ্ধাৰ কৰিব লাগিব। মোৰ নিজৰ ভিতৰতে যেন কোনো কাৰণ নোহোৱাকৈয়ে সেই দায়িত্ববোধ জাগি উঠিল আৰু কেৱল জাগি উঠাই নহয় মুহূৰ্ততে ই এক তীব্ৰ ৰূপ ল’লে। খৰকৈ চিন্তা কৰিবলৈ ধৰিলোঁ। তাইক এই অৱস্থাৰপৰা উদ্ধাৰ কৰাৰ একমাত্ৰ উপায় হৈছে কাৰোবাৰ সৈতে তাই বিবাহপাশত আৱদ্ধ হোৱা। কিন্তু যিয়ে তাইক বিয়া কৰাবলৈ আহিব তেওঁৰ কলিজাটো অলপ ডাঙৰ হ’ব লাগিব। প্ৰথম কথা তেওঁ তাইৰ বিষয়ে মানুহবোৰে ৰটি ফুৰা বদনামবোৰ আওকাণ কৰিব লাগিব। দ্বিতীয়তে তাইৰ সৈতে তাইৰ দেউতাকৰো দায়িত্ব ল’ব লাগিব। ক’ত পাম এনেকুৱা এজন মানুহ? ঘৰলৈ ঘূৰি আহি চিন্তা কৰিবলৈ ধৰিলোঁ। ৰঙা ঢেঁকীয়া আজিও অনা নহ’ল। পৰিবাৰেও সুধিবলৈ বাদ দিলে।
তেনেতে মোবাইলত বিজু দাৰ ফোন আহিল। ৰীতা চৌধুৰীৰ ‘মাকাম’খন আছে নেকি সুধিলে। কিতাপখন মই গ্ৰন্থমেলাৰপৰা কিনি আনি পঢ়িছিলোঁ কিন্তু এতিয়া ঘৰত আছে নে নাই চাব লাগিব। কোনোবাই পঢ়িবলৈ নিবও পাৰে। ফোনটো কাটি দিয়াৰ পাছত কিতাপৰ আলমাৰীত বিজু দাই কোৱা কিতাপখন বিচাৰিবলৈ ধৰিলোঁ। চিণ্ডেৰেলাৰ কথা অলপ সময়ৰ বাবে পাহৰিলোঁ। কিতাপখন বিচাৰি পাই আকৌ বিজু দালৈ ফোন কৰিলোঁ। তেওঁ সন্ধিয়া আহি কিতাপখন নিবলৈ অনুমতি খুজিলে। মই হ’ব বুলি কোৱাত ফোনটো কাটি দিলে। মনলৈ আকৌ আগৰ চিন্তাবোৰ ঘূৰি আহিল। হঠাতে এটা কথা মনলৈ আহিল। চিণ্ডেৰেলা আৰু বিজু দা। দুয়ো ভাল মিলিলেহেঁতেন।
বিজু দা অৰ্থাৎ বিজু ফুকন এতিয়াও অবিবাহিত আৰু বৰকৈ এতিয়া বিয়াৰ কথাও নুলিয়ায়। পিছে মই তেওঁক জানো। তেওঁৰ বয়স মোতকৈ পাঁচ-ছয়বছৰ বেছি যদিও আমাৰ সম্পৰ্ক একেবাৰে বন্ধুৰ দৰে। মোৰ লগৰ একে বয়সীয়া বন্ধুবোৰৰ প্ৰায়ভাগেই মোৰ দৰেই উতনুৱা স্বভাৱৰ। কিন্তু উতনুৱা স্বভাৱৰ সৈতে মোৰ কিতাপ পঢ়ি ভালপোৱা গুণটোৰ বাবেই দুই-এজন গহীন-গম্ভীৰ আৰু গুণী জ্ঞানী ব্যক্তিৰ সৈতেও বন্ধুৰ দৰে সম্পৰ্ক আছেগৈ। তাৰ মাজতে বিজু দাও এজন।
বিজু দাই আগতে কলেজত পঢ়ি থাকোঁতে কবিতা লিখিছিল। প্ৰেমৰ কবিতা। সেই কবিতাৰে অনুৰাগী হৈ এগৰাকী কলেজীয়া ছাত্ৰী তেওঁৰ জীৱনলৈ আহিছিল। বিজু দাৰ কবিতাবোৰ অধিক ৰোমাণ্টিক হৈ পৰিছিল। অনুৰাগীৰ সংখ্যাও বৃদ্ধি পাইছিল। পিছে সেই ৰোমাণ্টিক আৱেশত আহি বিজু দাৰ জীৱনত প্ৰৱেশ কৰা যুৱতীয়ে এদিন বিজু দাৰ সৈতে ছলনা কৰিলে। বিজু দা নিৰ্বাক হৈ পৰিল। তাৰ পিছত তেওঁৰ কলমেৰে বিৰহী প্ৰেমিকৰ কাতৰতা আৰু বেদনাবোৰ নিগৰিবলৈ ধৰিলে। এচাম নতুন অনুৰাগীও গোট খালে আৰু সেইচাম অনুৰাগীয়েই বোধহয় বিজু দাক আকৌ ৰোমাণ্টিক হ’বলৈ নিদিলে। এটা সময়ত বিজু দাই লিখা-মেলা বাদ দিলে। অনূৰাগীবোৰো নোহোৱা হ’ল আৰু তাৰ লগতে নোহোৱা হ’ল বিজু দাক বিয়া পাতিবলৈ জোৰ দিয়া লোক। এতিয়া বিজু দাই কলেজত অধ্যাপনা কৰে আৰু গধুৰ গধুৰ প্ৰবন্ধ লিখে। পিছে বাহিৰত এই চিৰকুমাৰৰ বেশত থাকিলেও তেওঁ যে এতিয়াও বিয়াৰ আশা বাদ দিয়া নাই সেইটো অন্ততঃ মই জানো। লগতে মই এইটোও জানো যে তেওঁ এজন সকলো ফালৰপৰাই বিয়াৰ বাবে সম্পূৰ্ণ যোগ্য ব্যক্তি। মাক-দেউতাক ঢুকোৱাৰ পিছত এতিয়া বিজু দা ঘৰত অকলেই থাকে।
বিজু দাক ফোন কৰি ঘৰত আছে যদি ময়েই গৈ কিতাপখন দি অহাৰ প্ৰস্তাৱ দিলোঁ। তেওঁ সন্মতি দিয়াত লগে লগেই যাত্ৰা কৰিলোঁ। প্ৰায় এঘণ্টাৰ পিছত বিজু দাৰ ঘৰৰ ভিতৰত টেবুলত কুকুৰা মাংসৰ ভজা টুকুৰাৰে সৈতে এগিলাচকৈ বিয়েৰ লৈ দুয়ো বহি আছোঁ। লাহে লাহে বিজু দাৰ মনত তেওঁৰ বিয়া সম্পৰ্কে থকা ধাৰণাবোৰ জানিবলৈ চেষ্টা কৰিলোঁ। পৰিবেশ সলনি হোৱা দেখি বিজু দাই কলেজত কাৰোবালৈ ফোন কৰি আজি তেওঁ বিশেষ কাৰণবশতঃ যাব নোৱাৰে বুলি কৈ দিলে।
চিণ্ডেৰেলাক নতুনকৈ দেখাৰ এসপ্তাহ হৈ গ’ল। ইয়াৰ ভিতৰতে বিজু দা বিবাহৰ বাবে ৰাজী হৈ গ’ল আৰু বিয়াৰ পাছত চিণ্ডেৰেলাৰ বাপেককো নিজৰ ঘৰতে ৰাখিবলৈও প্ৰস্তাৱ দিলে যিটো অতিশয় প্ৰয়োজনীয় আছিল। এই গোটেই সময়ছোৱাত চিণ্ডেৰেলা একেদৰেই শান্ত হৈ আছিল আৰু সকলো কথাতে ঘৰৰ অনুমতি ল’বলৈ আমাক অনুৰোধ কৰিছিল। আমিও তাকে কৰিলোঁ। সাৱধানতা অৱলম্বন কৰি আমি চিনাকি এছ ডি পি অ’জনক কথাটো জনাবলৈ গ’লো। কাৰণ চিণ্ডেৰেলাৰ ঘৰত মাক-জীয়েক মিলি আমাৰ বিৰুদ্ধে পুলিচত অন্যধৰণৰ কেছ দি দিবও পাৰে।
যথা সময়ত গৈ তাইৰ ঘৰত উপস্থিত হ’লোগৈ। মাক-দেউতাকৰ আগত ময়ে কথাবোৰ উপস্থাপন কৰিলোঁ। মাকে পোনচাটেই আপত্তি কৰি আমাক গালি-গালাজ কৰাৰ উপৰিও পুলিচত অপহৰণ গোচৰ তৰাৰ হুমকি দিলে। সেই সময়তে ঘৰৰ ভিতৰলৈ কেইবাজনো পুলিচ লৈ স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজন সোমাই আহিল। এছ ডি পি অ’ক লগ ধৰাৰ পিছত তেওঁৰ উপদেশ অনুসৰি মই যথা সময়তে তেওঁলৈ মিচ ক’ল এটা দিছিলোঁ। গোচৰ দিয়াৰ আগতেই পুলিচ দেখি পৰিয়ালৰ মানুহে ভয় খালে। থানাৰ অ’চিজনে প্ৰাপ্তবয়স্ক লোকৰ বিবাহৰ ক্ষেত্ৰত দুয়োপক্ষৰ সন্মতি থাকিলে তাত বাধা দিয়াটোহে অপৰাধ বুলি জনাই তেওঁৰ দলটো লৈ ওলাই গ’ল। এইবাৰহে শান্তিৰে আলোচনা কৰাৰ পৰিবেশ সৃষ্টি হয়। কথা হ’ল যে বিজু দা আৰু চিণ্ডেৰেলাৰ বিবাহ মন্দিৰত সীমিত ব্যক্তিৰ উপস্থিতিত সম্পন্ন হ’ব। বিয়াৰ পাছত চিণ্ডেৰেলাৰ দেউতাক তাইৰ সৈতে বিজু দাৰ ঘৰতে থাকিব। দ্বিতীয়তে এইখন ঘৰ সম্পূৰ্ণৰূপে মাক-জীয়েকক এৰি দিয়া হ’ব আৰু যদি ভৱিষ্যতে সম্পৰ্ক ভালে থাকে তেন্তে বিজু দা আৰু চিণ্ডেৰেলাই মাজে মধ্যে কিবা সহায়-সহযোগ লাগিলেও কৰিব। মাক-বাপেক জীয়েক কোনেও এবাৰলৈও একো আপত্তি নকৰিলে।
পৰিকল্পনা কৰা মতেই সকলো ভালে ভালে হৈ গ’ল আৰু এখন ঘৰৰ ন বোৱাৰী হৈ মোৰ কল্পনাৰ চিণ্ডেৰেলাৰ দুখৰ জীৱনৰ অন্ত পৰিল।
-কিন্তু তুমি এই গোটেই সময়ছোৱাত তাইৰ আচল নামটো এবাৰো উচ্চাৰণ নকৰিলা যে?
মোৰ মুখেৰে এই আটাইখিনি কথা আৰম্ভণিৰেপৰা শেষলৈকে শুনি পৰিবাৰে প্ৰশ্ন কৰিলে। মই আচল নামটো ক’লো আৰু বজাৰ কৰা মোনাটোৰপৰা এমুঠি ৰঙা ঢেঁকীয়া তেওঁলৈ আগবঢ়াই দিলোঁ। আজি এইবিধ বস্তু আনিবলৈ পাহৰা নাই। কাৰণ চিণ্ডেৰেলা এতিয়া আৰু নাই। তাই মুক্তি পালে।
