মৰিশালি (মাধুৰীমা ঘৰফলীয়া)

????????????????????????

বলিয়া হাতী বলোৱা আৰু বাঁহনিতলৰ খাল সিঁচা দুয়োটাই চাগৈ সমানেই টান কাম । বলিয়া হাতী এটাই কেতিয়া কি ৰূপ ল’ব ধৰিব নোৱাৰা দৰে বাঁহনিতলৰ খালবোৰ সিঁচি থাকিলে কোনফালেদি পুং ওলাই পানীখিনি একেই পৰিমাণ হৈ থাকে ধৰিবই নোৱাৰি ! তথাপি হাৰ নমনা প্ৰাণী জানো কম আছে ! আৰু সেইবোৰ প্ৰাণীবোৰ যদি পুতুহঁতৰ দৰে বাঘৰ আগতেল খোৱাবিধ হয় তেতিয়াটো স্বয়ং ভগৱানও সেও হৈ পৰে ।
কালি আবেলিতে সিদ্ধান্ত হৈ গৈছিল ,কিমান আৰু পুতুহঁতৰ বাৰীৰ খালটোত বৰশীবাই মাছ ধৰিব । ইমান মাছ থকা খালটো সিঁচি পেলালেইচোন খেলা শেষ ! তাৰ ফলস্বৰূপেই আজি লাহনী ,জাকৈ লৈ পুতুহঁত খালটো সিঁচাত লাগিল । খালটোত বৰশী পেলাবই নোৱাৰি লোদোৰ-পোদোৰ চেঙেলী মাছবোৰে ঘেৰি ধৰেহি । গতিকে সিহঁত খাটাং, মাছ খালৈ দাঙিব নোৱাৰাকৈ ওলাব ।
এঘণ্টামান পাল পাতি সিঁচাৰ পাছতো যেতিয়া পানীয়ে শুকুৱাৰ নাম নল’লে গোটেইকেইটাৰ মন ভাগি গ’ল । দুখে ভাগৰে গোটেইকেইটাই খালটোৰ পাৰতে বহি ইফালে সিফালে চালে-ইমান পুং ক’ৰ পৰা ওলাইছে !
-গছত নলগাকেইটা ,বাঁহনি তলৰ খাল সিঁচি শুকুৱাবলৈ আহিছ ! ভালে ভালে ঘৰলৈ গ’লিনে ।
সেইগৰাকী নিতাইবুঢ়ী । ৰাতিসাঁজলৈ বুলি ঢেঁকীয়া এমুঠি বিচাৰি আহিছিল । বুঢ়ীক দেখি পুতুহঁতৰ নাক-মুখ কোঁচ খাই গ’ল । লগা-লগ কেউটাই জাকৈ,লাহনীবোৰ চপাই ঘৰলৈ বুলি পোনালে । নহ’লে বুঢ়ীৰ যিখনহে মুখ সেইখন মুখৰে কিবা গালি ওলাব লাগিলে ৰাতি ঘৰত বাপেকৰ পৰা ভালকৈয়ে এপিটন খাব । গতিকে গলগ্ৰহবোৰৰ কাষৰ পৰা আঁতৰি থকাই ভাল !
নিতাই বুঢ়ীক পুতুহঁতৰ দলটোৱে চকুপাৰি দেখিব নোৱাৰে । বুঢ়ীয়ে কেৱল সিহঁতৰ দোষকেই দেখি থাকে । আৰু মাক-বাপেকবোৰ জানো কম, বুঢ়ীকহে সমৰ্থন কৰে । পুতুহঁতেটো প্ৰায়েই আলোচনা কৰে এই বুঢ়ীজনী মৰাৰ দিনা সিহঁতে হাঁহ মাৰি বনভোজ খাব ।
আউবেলিৰ মাঘবিহুৰ উৰুকাৰ দিনা কথাই ধৰাহওক । ৰাতি মেজি ৰখিবলৈ যোৱা পুতুহঁতক ডাঙৰ ল’ৰা কেইটামানে ক’লে-এই ঠাণ্ডাত মাছ পুৰি খাবলৈ বৰ ভাল লাগিব । কালি তৰালিপেহীহঁতৰ বৰপুখুৰীটো সিঁচিছিল নহয়, মাছ ঢেৰ থাকিব পাই । পুতু,তহঁতি যাচোন । পেহীক খুজি মাছ অলপ আনগৈ ।
ৰাতি ১১ টা মান বাজিছিল । পুতুহঁতে গৈ তৰালিৰ ঘৰৰ চোতালৰ পৰাই চিঞৰিলে । তৰাপেহী ঐ ,তৰাপেহী …
নিতাইবুঢ়ীয়ে জীয়েকৰ সৈতে জুহালত পিঠা পুৰি আছিল । দৰজাখন এফাল খুলি পুতুহঁতলৈ ঘোপাকৈ চালে । তৰালি নিতাইবুঢ়ীৰ নুমলীয়া জী ।
-তৰাই পিঠা পুৰি আছে । এই মাজৰাতিখন কিয় টেঁটুফালি আছ ?
নিতাইবুঢ়ীক দেখি পুতুহঁতৰ মনটো চেঁচা পৰি আহিছিল । তথাপি সাহস গোটাই ক’লে
-আমাক মাছ কেইজনীমান লাগিছিল আইতা !
-মাছ ! এই মাজৰাতিখন তহঁতক মাছ লাগে !! বাঁকে থিই থিই পুতি পেলাব জাননে নাই । ঘৰলৈ গৈ শুই থাকগৈ যা ।
শুদাহাতে উভতি অহা পুতুহঁতক দেখি ডাঙৰ ল’ৰাবোৰে খুব হাঁহিলে । সিহঁতি মৰি যোৱা সমান লাজ পালে । জুইৰ কাষত বহি গোটেইকেইটাই নিতাইবুঢ়ীক শাও দিলে
‘নিতাইবুঢ়ীৰ যেন কোনোদিনে ল’ৰা-ছোৱালী নহয় ভগৱান !!’
পিছদিনা বুঢ়ীয়ে গোটেইকেইটাকে মাতি আনি ম’হৰ দৈৰে বৰাচিৰাৰ জলপান খাবলৈ দি ক’লে-বোপাইহঁত ,ল’ৰাহঁতৰ মুখত শুনিলোঁ কালিবোলে তহঁতে মোক বৰ ডাঙৰ আশীৰ্বাদ এটা দিলি ! তহঁতৰ মূৰৰ চুলিৰ সমান আয়ুস হওক ।
পুতুহঁতে মাথো ইটোৱে সিটোৰ মুখলৈ চালে । বুজি কিন্তু একো নাপালে । কিছুমান কথা বুজিব পৰাকৈ সিহঁতৰ বয়স হোৱাগৈয়ে নাইযে । সেইবাবে মনে মনে জলপানৰ সোৱাদ লৈ থাকিল ।
দিনবোৰ পৃথিৱীখন সূৰ্য্যৰ চাৰিওফালে ঘুৰা দিয়েই ঘুৰি থাকিল । আকৌ এবাৰ দাৱনিৰ কাচিৰ ব্যস্ততাত আঘোণৰ সোণালী পথাৰখন নৰাৰে ভৰি পৰিল । লগে লগে পুতুহঁতৰো ব্যস্ততা বাঢ়িল ।
চেঁচু বিচাৰি বিচাৰি পথাৰৰ কেইবাটাও আলি খান্দি খাস্তাং কৰাৰ পাছত পুতু,অপুহঁতে নিতাইবুঢ়ীহঁতৰ ঘৰপাছফালে থকা কঠীয়ানিখনতে বহি কোনে কিমান চেঁচু পালে তাকে হিচাপ কৰিবলৈ ধৰিলে । হঠাতে অপুৰ চকু পৰিল বুঢ়ীৰ বাৰীৰ চকুত থকা ৰবাব টেঙাজোপালৈ । সি বাকীকেইটাক ইংগিতেৰে টেঙাজোপা দেখোৱালে । কেউটাৰে জিভাপানী ওলাই আহিল । ক্ষন্তেক সময়ৰ পাছতে দুটা ৰবাবটেঙালৈ গোটেইকেইটা আহি পুতুহঁতৰ ঘৰৰ পাচচোতাল পালেহি । কোনোবাই নিমখ আনিলেগৈ,আনকোনোবাই কলপাত এখিলা কাটি আনিলে । নলীয়া কটাৰীখন লৈ পুতুৱে ৰবাবটেঙাটোৰ বাকলি গুচাবলৈ লৈছিলহে , মেঘে গজাদি গাজি নিতাইবুঢ়ী ওলালহি ।
-দেখিলা বোৱাৰী ,মই ঠিকেই সন্দেহ কৰিছিলোঁ । শনিপাতকেইটাক আমাৰ বাৰীৰ পাছফালে দেখিয়েই বুজিছিলোঁ ক’ৰবাত কিবা এটা হেৰাবই এতিয়া । কটা, খাবলৈ নোপোৱাৰ দৰে মৰিশালিৰ ৰবাবটেঙা খাবলৈ আহিছ । দিছ নে ভালে ভালে ।
শেনে কুকুৰা পোৱালী থপিয়াৰ দৰে টেঙাকেইটাই থপিয়াই নি বুঢ়ী হনহনাই আঁতৰি গ’ল । পুতুৰ হাতৰ কটাৰী দঙা ভাগেই থাকিল । সি মাথো দেখিলে মাকে বাৰাণ্ডাৰ চালত গোঁজ মাৰি থোৱা এছাৰিডাল টানিছে ।
সেইদিনা গধূলি কেইবাটিও অসুৰৰ কান্দোন চুবুৰিটোত বিয়পি পৰিল । সেই কান্দোন গৈ নিতাইবুঢ়ীৰ জুহালো চুলেগৈ । নিতাইবুঢ়ীয়ে তেতিয়া জুহালৰ কাষত থৰ হৈ বহি আছিল ।
দুদিনৰ পাছত অসুৰকেইটা আকৌ লগ হ’ল । এইবাৰ গোটেইকেইটাই লগে-ভাগে শপত খালে-সিহঁতে কোনোদিনে নিতাইবুঢ়ীৰ বাৰীত ভৰি নথয় । বুঢ়ীৰ বাৰীৰ এটা ফলো মুখত নিদিয়ে । বুঢ়ীকো দৰকাৰ নহ’লে মাত নিদিয়ে । সিহঁতি কিবা জানি বুজি মৰিশালিৰ ৰবাব টেঙা খাবলৈ আনিছিল নে ! আৰু আনিলেই যেনিবা তাতেনো ইমান কি পৃথিৱীখন ক্ষতি হ’ল যে তেনেকৈ প্ৰতিক্ৰিয়া দেখুৱাই সিহঁতক বাপেকবোৰৰ হতুৱাই গৰু পিটন খোৱালে । নাই,নাই সিহঁতে আৰু বুঢ়ীৰ ঘৰৰফালে মুখ নকৰে ।
মাহচেৰেক তেনেকৈয়ে পাৰ হ’ল । গাঁৱৰ আনকোনেও কথাটো মন নকৰিলেও নিতাইবুঢ়ীয়ে ঠিকেই মন কৰিলে অসুৰকেইটাই আজিকালি তেওঁক দেখিলেও নেদেখাৰ ভাও জুৰে । আনকালৰ দৰে মেজিৰ খৰিৰ বাবে গছ বিচাৰিও নাহিল । এনেও সিদিনাৰ ঘটনাটোৰ পৰা বুঢ়ীৰ মনটো ভাল লাগি থকা নাছিল, গতিকে এই কথাই কথা নহয় বুলি বুঢ়ীয়ে সুযোগ বিচাৰি থাকিল । সুযোগ আহিলো সোনকালে । ভেলাঘৰ আৰু মেজিৰ বাবে ঠাই চাফা কৰি থাকোঁতে কেউটি অসুৰকে একেলগে দেখি বুঢ়ী আগবাঢ়ি গ’ল । বুঢ়ীক দেখি সিহঁতি সেমেনা-সেমেনি কৰাত বুঢ়ীয়েই নিজেই সিহঁতৰ কাষত বহিলগৈ ।
-তহঁতে হবলা সিদিনাৰ পৰা মোক বৰ বেয়া পাই আছ ন ?
তামোলেৰে সেলেঙি লগা মুখেৰে নিতাইবুঢ়ীয়ে মিচিকিয়াই সুধিলে । কোনেও পিছে উত্তৰ নিদিলে ।
-হেৰৌ টেঙা খাবলৈ মন গৈছিল যদি বাৰীত লাগি থকা কাজিনেমু কেইটা দেখা নাছিলি জানো,তাৰে সোপাকে চিঙি অনাহলেও মই একো নকলোহেঁতেন ।কিন্তু তহঁতে আনিলি গৈ মৰিশালিত ৰোৱা ৰবাব টেঙাজোপাৰ পৰা ! তাকো সেইটো মৰিশালিৰ টেঙাজোপাৰ পৰা …
মুখ ভৰি অহা পিক সোপা ফেৰেককৈ কাষতে পেলাই নিতাইবুঢ়ীয়ে আকৌ ক’বলৈ লাগিল ।
-বুজিছ, বহুদিনৰ আগতে তহঁতৰ সমান ল’ৰা এটা মোৰো আছিল । ছজনীৰ ছোৱালীৰ পাছত হোৱা ল’ৰাৰ বাবেই মৰম অলপ বেছি পাইছিল চাগৈ । তেনেই তহঁতৰ নিচিনাই অসুৰ আছিল । অলপো শান্তিত নাথাকিছিল । সি ৰবাব টেঙা বৰ ভালপাইছিল । তহঁতৰ নিচিনা খাবলৈ বুলি নহয়, খেলিবলৈ বুলিহে ভাল পাইছিল । এদিন কিহ’ল ,মই ঢেঁকীশালত বায়েকহঁতৰ সৈতে জলপান খুন্দাত ব্যস্ত আছিলোঁ ,সি পাচচোতালতে ৰবাব টেঙা এটা লৈ খেলি আছিল । এপাকত গৈ টেঙাটো নাদত পৰিলগৈ । পাছে পাছে টেঙাটো তুলিবলৈ বুলি গৈ সিও পৰিলগৈ । আমি যেতিয়া গম পাওঁ তেতিয়া টেঙাটোৰ সৈতে সিও পানীত ওপঙি আছিল ! বাৰীৰ চুকৰ সেই মৰিশালিটো তাৰেই । ময়েই সেই ৰবাব টেঙাজোপা তাত ৰুই দিছিলোঁ । টেঙা এটাৰ বাবেই আমাক এৰি যোৱা ল’ৰাটো টেঙাৰ তলতেই শুই থাকক বুলি । সেইবাবেই সেইজোপাৰ টেঙা কোনোবাই চিঙিলে মোৰ মূৰটো উতলি আহে । তহঁতি বেয়া নাপাবি । বিহুৰ জলপান খাবলৈ আহিবি । ম’হৰ দৈ আনি থৈছোঁ ।
অকণো খোকোজা নলগাকৈ কথাখিনি কৈ নিতাইবুঢ়ী গুচি গ’ল । বুঢ়ীয়ে আঁচলৰ তলতে লুকুৱাই অনা ৰবাব টেঙা এটা সিহঁতৰ ভৰি কাষত পৰি আছিল । এটাৰো মন নগ’ল টেঙাটো চুই চাবলৈ । সিহঁতে মাথো আঁতৰি যোৱা বুঢ়ীলৈ ভেলেঙা লাগি চাই থাকিল । সেইয়া যেন বুঢ়ী নহয়, এটা মৰিশালিহে আঁতৰি গৈ আছে !!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!