যক্ষ্মা ৰোগ অথবা টিবি (TB) ৰোগৰ ভয়াবহতাৰ বিষয়ে – ডাঃ চৈয়দা চেমিন ইছলাম



যক্ষ্মা অথবা টিবি (TB) ৰোগ এনে এবিধ ভয়ানক ৰোগ যাৰ বাবে উচিত চিকিৎসা তথা 
প্ৰতিৰোধ নিত‍্যান্তই জৰুৰী৷ ই এবিধ অতীজৰে পৰাই চলি অহা মাৰাত্মক সংক্ৰামক 
ৰোগ৷ 

চৰকাৰী ভাৱে লোৱা বিনামূলীয়া আৰ এন টি চি পি (RNTCP) আঁচনিৰ অধীনত উপযুক্ত 
পৰীক্ষা-নিৰীক্ষাৰ অন্তত এইবিধ ৰোগ চিনাক্ত কৰি সময়মতে যথোচিত চিকিৎসা গ্ৰহণ 
কৰিব লাগে৷ 

একোজন যক্ষ্মা ৰোগীয়ে দহৰ পৰা পোন্ধৰজন পৰ্যন্ত ব্যক্তিক আক্ৰান্ত কৰিব পাৰে৷ 

সেই কাৰণে সমগ্ৰ বিশ্বজুৰি এই যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে বিশেষ গুৰুত্ব আৰোপ 
কৰা হৈছে আৰু ইয়াৰ বাবে ২০৩০ চনক লক্ষ্য কৰি লোৱা হৈছে৷ 

আমাৰ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰেও যক্ষ্মা ৰোগৰ ভয়াৱহতাৰ ওপৰত গুৰুত্ব 
আৰোপ কৰি বিভিন্ন বিনামূলীয়া আঁচনি হাতত লৈছে৷ 

বহু বছৰ আগতে ডঃ ভূপেন হাজৰিকা দেৱেও এই ভয়াৱহ ৰোগৰ বিষয়ে ৰাইজক অৱগত তথা 
সচেতন কৰিবলৈ গাই
কৈছিল --

ৰক্ষা কৰাঁ মোক

(ডঃ ভূপেন হাজৰিকাৰ গীত সমগ্ৰ/ ৪৩৯ পৃষ্ঠা)

ৰক্ষা কৰা, মোক কৰা ৰক্ষা
অলিয়ে-গলিয়ে নিতে হেজাৰে বিনাই
কাল ৰূপী যক্ষ্মাই মৰা সুঁতি সাজি দিয়ে
বক্ষৰ লুইতখনি বাৰিষা শুকায়৷ 

এন্ধাৰ পঁজাত মুমূৰ্ষুুুুু জীৱনৰ
বন্তি নুমায় নুমায়
ক্ষয় ৰোগ বেশেৰে মৃত্যুৱে হাঁহি মাৰি
নিষ্ঠুৰ ধেমালি চায়৷ 

আজি ৰোগাক্ৰান্তই বিজ্ঞান-আঁচলৰ
নতুনৰ বা-ছাটি পায়
সুন্দৰ স্বাস্থ্যৰ সমাজ সূচনা হওক
মৰণৰ হওক পৰাজয়৷ 
(য’ত) মুক্ত বায়ুৱে মাটিৰ মানুহক
জীৱন - বসন্ত বিলায়৷ 

আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱেও ১৩ মাৰ্চ ২০১৮ ত “END 
TB“ - শীৰ্ষক এক বিশেষ সন্মিলনত অংশগ্ৰহণ কৰে আৰু ভাৰতৰ পৰা এই ৰোগ ২০২৫ চনৰ 
ভিতৰত নিৰ্মূলৰ বাবে লক্ষ্য স্থিৰ কৰি বিশেষ ব‍্যৱস্থা তথা আঁচনি হাতত লৈছে৷ 

যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে তেওঁ দেশৰ সকলো পূৰ্বতে আক্ৰান্ত হৈ নিৰাময় হোৱা 
ৰোগী, যক্ষ্মা ৰোগ বিশেষজ্ঞ, স্বাস্থ্য কৰ্মী তথা সমাজৰ প্ৰত্যেকজন সমাজ সচেতন 
ব্যক্তিৰে সহায় সহযোগিতা তথা গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়োৱাৰ কথা উল্লেখ কৰে৷ 
গোটেই বিশ্বজুৰি যক্ষ্মা অৰ্থাৎ টিবি (TB) এবিধ ভয়াৱহ মাৰাত্মক ৰোগ হিচাপে 
পৰিগণিত হৈছে৷ ভাৰতবৰ্ষত অন্য সংক্ৰামক ৰোগত মৃত্যু হোৱা ৰোগীতকৈ যক্ষ্মা ৰোগত 
আক্ৰান্ত হোৱা ৰোগীৰ মৃত্যুৰ সংখ্যা বেছি৷ 

ভাৰতত -
- প্ৰতি দিনে ৬০০০ তকৈ বেছি মানুহ আক্ৰান্ত হৈ আছে৷ 

- প্ৰতি দিনে ৬০০ তকৈ বেছি মানুহৰ মৃত্যু হৈ আছে অৰ্থাৎ প্ৰতি ৫ মিনিটত ২ জনকৈ 
লোকৰ মৃত্যু হৈ আছে৷ 

যক্ষ্মা অথবা টিবি ৰোগ এবিধ সংক্ৰামক ৰোগ৷ 

মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিচ (Mycobacterium tuberculosis) নামৰ 
বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হয়৷ 

● যক্ষ্মা অথবা টিবি ৰোগ কেনেকৈ সংক্ৰমণ হয়? 

- চিকিৎসা অবিহনে থকা আক্ৰান্ত ৰোগীৰ কাহ, হাঁচি, থুই, খেঁকাৰ আদিৰ দ্বাৰা 
নিৰ্গত হোৱা মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিচ নামৰ বেক্টেৰিয়া বতাহত বিয়পি পৰে 
আৰু শ্বাস প্ৰশ্বাসৰ জৰিয়তে এজন সুস্থ ব্যক্তিৰ দেহত প্ৰৱেশ কৰে৷ 

● যক্ষ্মা অথবা টিবি (TB) ৰোগত দেহৰ কোন অংশ সংক্ৰমিত হয়? 

- সাধাৰণতে হাঁওফাঁও (Lungs) ত আক্ৰমণ কৰে যদিও দেহৰ অন্যান্য অংগটো, যেনে- 
লসিকা গ্ৰন্থি বা লীম্ফ নোড, হাড়, হাড়ৰ গাঁঠি সমূহ, পেট বা উদৰৰ অংগ সমূহ, 
বৃক্ক, প্ৰজনন অংগ, প্ৰস্ৰাৱ থলী, ছাল আদি শৰীৰৰ বিভিন্ন অংগ সমূহ যক্ষ্মা 
ৰোগত সংক্ৰমিত হয়৷ 

● চিকিৎসা অবিহনে থকা যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীৰ কাহ, হাঁচি, থুই, খেঁকাৰ 
আদিৰ দ্বাৰা সকলো সুস্থ মানুহেই আক্ৰান্ত হয় নেকি? 

- নহয়৷ মাত্ৰ ১০-১৫% মানুহহে আক্ৰান্ত হয়৷ কিন্তু এতিয়া বছৰি ১০% এইচ আই ভি 
ৰোগীৰ সমানে যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ 

অন্যান্য, যেনে - চাধা, চিগাৰেট সেৱনকাৰী, অন্য নিচাযুক্ত দ্ৰব্য সেৱনকাৰী, 
ধূমপান কৰা লোক, মাদক দ্ৰব্য সেৱনকাৰী, মধুমেহ ৰোগী, পুষ্টিহীনতা আদিত ভুগি 
থকা লোকৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ 

● যক্ষ্মা ৰোগ নিৰাময় হয়নে? 

- সম্পূৰ্ণ ৰূপেই নিৰাময় হয়, যদিহে ৰোগীয়ে ডটচ কেন্দ্ৰৰ পৰা চিকিৎসকৰ 
পৰামৰ্শমতে নিয়মীয়াকৈ ঔষধৰ সম্পূৰ্ণ কৰ্চটো প্ৰয়োজনীয় সময়লৈকে সেৱন কৰে৷ 

● যক্ষ্মা ৰোগ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি? 

- যক্ষ্মাত আক্ৰান্ত ৰোগীয়ে কাহোঁতে বা হাঁচিয়াওতে সদায় মুখত ৰুমাল/কাপোৰেৰে 
ঢাকি ল’ব লাগে৷ কফ, থুই, খেঁকাৰ আদি পেলাবৰ বাবে বীজাণু নাশক দ্ৰব্য যুক্ত 
পৃথক ঢাকনি থকা পাত্ৰ বা ডাষ্টবিনৰ ব্যৱহাৰ কৰি সদায় তাতে পেলাব লাগে৷ 

পাত্ৰ বা ডাষ্টবিনৰ লেতেৰা বোৰ পেলোৱাৰ আগতে সেইবোৰ উতলাই বীজাণু বোৰ মাৰি 
পেলাব লাগে৷ 
● যক্ষ্মা ৰোগীয়ে কেনে ধৰণৰ আহাৰ খোৱা উচিত? 

- কোনো ধৰণৰ বাধ্য বাধকতা নাৰাখি ৰোগী গৰাকীৰ পচন্দ অনুযায়ী যি ভাল পায় তাকে 
খাবলৈ দিব লাগে৷ যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীয়ে সকলো ধৰণৰ পুষ্টিকৰ খাদ্য খাব 
পাৰে৷ 


যক্ষ্মা ৰোগ অথবা টিবি বুলি কলে সাধাৰণতে হাঁওফাঁওৰ যক্ষ্মা ৰোগ বুলিয়েই ভবা 
হয় যদিও সংজ্ঞা হিচাবে যক্ষ্মা ৰোগীক আনুমানিক অথবা প্ৰবল সম্ভাৱনা পূৰ্ণ 
যক্ষ্মা ৰোগ (Presumptive TB) হিচাপে চাৰিটা ভাগত বিভক্ত কৰা হয়৷ 

১/ আনুমানিক অথবা প্ৰবল সম্ভাৱনা পূৰ্ণ হাঁওফাঁওৰ যক্ষ্মা ৰোগ (Presumptive 
Pulmonary TB)

২/ আনুমানিক অথবা প্ৰবল সম্ভাৱনা পূৰ্ণ হাঁওফাঁওৰ বাহিৰে অন্য অংগৰ যক্ষ্মা 
ৰোগ (Presumptive Extra Pulmonary TB)

৩/ আনুমানিক অথবা প্ৰবল সম্ভাৱনা পূৰ্ণ শিশুৰ যক্ষ্মা ৰোগ (Presumptive 
Paediatric TB)

৪/ আনুমানিক অথবা প্ৰবল সম্ভাৱনা পূৰ্ণ ঔষধি প্ৰতিৰোধ ক্ষমতা সম্পন্ন যক্ষ্মা 
ৰোগ (Presumptive DR TB)


১/ আনুমানিক অথবা প্ৰবল সম্ভাৱনা পূৰ্ণ হাঁওফাঁওৰ যক্ষ্মা ৰোগ (Presumptive 
Pulmonary TB) ত আক্ৰান্ত ৰোগীৰ লক্ষণঃ

ক) দুই সপ্তাহতকৈ বেছি একেলেথাৰিয়ে কাহ হলে৷ 

খ) দুই সপ্তাহতকৈ বেছি একেলেথাৰিয়ে জ্বৰ হলে৷ 

গ) কোনো কাৰণ নোহোৱাকৈ হঠাতে শৰীৰৰ ওজন বহু পৰিমাণে কমি গলে৷ 

ঘ) থুই বা খেঁকাৰৰ লগত ৰক্ত নিৰ্গত হলে৷ 

ওপৰোক্ত লক্ষণ সমূহৰ যিকোনো এটা লক্ষণ উপস্থিত থাকিলেও তাৎক্ষণিক ভাৱে ওচৰৰ 
যিকোনো স্বাস্থ্য কৰ্মী, চিকিৎসক অথবা চিকিৎসালয়ত পৰামৰ্শ লোৱা উচিত৷ 

২/ আনুমানিক অথবা প্ৰবল সম্ভাৱনা পূৰ্ণ হাঁওফাঁওৰ বাহিৰে অন্য অংগৰ যক্ষ্মা 
ৰোগ (Presumptive Extra Pulmonary TB) ত আক্ৰান্ত ৰোগীৰ লক্ষণঃ

ক) শৰীৰৰ আক্ৰান্ত হোৱা অংগৰ বিসংগতি যুক্ত চিহ্ন আৰু লক্ষণ

খ) লসিকা গ্ৰন্থিসমূহ ফুলি উঠে (swelling of lymph nodes)

গ) হাড়ৰ সন্ধিবোৰ ফুলি উঠে আৰু বিষ হয়

ঘ) ডিঙি লৰচৰ কৰিব নোৱাৰা হোৱা ( neck stiffness)

ঙ) ভুল বকা বা প্ৰলাপ আদি লক্ষণ সমূহ

চ) হঠাতে শৰীৰৰ ওজন কমি যোৱা

ছ) দুই সপ্তাহতকৈ বেছি একেলেথাৰিয়ে জ্বৰ

জ) ৰাতি প্ৰচুৰ পৰিমাণে ঘাম ওলোৱা (night sweats)

৩/ আনুমানিক অথবা প্ৰবল সম্ভাৱনা পূৰ্ণ শিশুৰ যক্ষ্মা ৰোগ (Presumptive 
Paediatric TB) ত আক্ৰান্ত ৰোগীৰ লক্ষণঃ

ক) দুই সপ্তাহতকৈ বেছি একেলেথাৰিয়ে জ্বৰ

খ) দুই সপ্তাহতকৈ বেছি একেলেথাৰিয়ে কাহ

গ) হঠাতে শৰীৰৰ ওজন কমি গলে / বিগত ৩ মাহ ধৰি ওজন বৃদ্ধি নহ’লে

ঘ) যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শত থকা বুলি গম পালে

৪/ আনুমানিক অথবা প্ৰবল সম্ভাৱনা পূৰ্ণ ঔষধি প্ৰতিৰোধ ক্ষমতা সম্পন্ন যক্ষ্মা 
ৰোগ (Presumptive DR TB) ত আক্ৰান্ত ৰোগীৰ লক্ষণঃ

ক) যিবিলাক ৰোগীয়ে ডটচ (DOTS) কেন্দ্ৰৰ পৰা নিয়মিতভাৱে ঔষধ সেৱন নকৰে বা 
চিকিৎসা আধাতে এৰি দিয়ে তেওঁলোকৰ চিকিৎসা ফেইল হয় আৰু ঔষধ প্ৰতিৰোধী যক্ষ্মা 
ৰোগত আক্ৰান্ত হয়৷ 

খ) যিবিলাক ৰোগী আনুমানিক অথবা প্ৰবল সম্ভাৱনা পূৰ্ণ ঔষধি প্ৰতিৰোধ ক্ষমতা 
সম্পন্ন যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীৰ বা ৰিফাম্পিচিন ৰেজিষ্টেন্স ৰোগীৰ 
সংস্পৰ্শত থাকিলে৷ 

গ) যিবিলাক এইচ আই ভি পজিটিভ ৰোগী যক্ষ্মা ৰোগত আক্ৰান্ত হয়৷ 


যক্ষ্মা ৰোগ চিনাক্তকৰণৰ বাবে চিকিৎসালয়ত বিনামূলীয়াকৈ কৰা বিভিন্ন 
পৰীক্ষাসমূহ হলঃ

১/ কফ বা খেঁকাৰৰ পৰীক্ষা

২/ বুকুৰ এক্স-ৰে পৰীক্ষা

৩/ চি বি এন এ এ ট (CBNAAT) পৰীক্ষা

ইয়াৰ উপৰিও প্ৰয়োজনীয়তা অনুসৰি অন্য বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ হব 
পাৰে৷ 

চৰকাৰী চিকিৎসালয়ত আৰ এন টি চি পি (RNTCP) আঁচনিৰ অধীনত ডটচ কেন্দ্ৰ সমূহত 
উপযুক্ত পৰীক্ষা নিৰীক্ষা কৰি যক্ষ্মা ৰোগ চিনাক্তকৰণৰ পিছত সময়মতে আৰু যথোচিত 
ভাবে ডিৰেক্টলি অৱজাৰ্ভড ট্ৰিটমেণ্ট প্ৰদান কৰি বিনামূলীয়া ঔষধ যোগান ধৰা হয়৷ 

সেয়ে ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ মানি প্ৰদান কৰা ঔষধি নিয়মিতভাৱে গ্ৰহণ কৰিব 
লাগে আৰু চিকিৎসকৰ পৰামৰ্শ মতে কফ, খেঁকাৰ আদি পৰীক্ষা কৰিব লাগে৷ 

ঔষধ সেৱনৰ অৱধি অৰ্থাৎ যক্ষ্মা ৰোগী এগৰাকীয়ে কিমান দিন ( ৬ মাহ /১ বছৰ /২ 
বছৰ)ঔষধ খাব লাগিব সেয়া যিহেতুকে আঁচনিৰ নিয়ম অনুসৰি চিকিৎসক এগৰাকীয়ে 
নিৰ্ধাৰণ কৰি দিয়ে, গতিকে চিকিৎসকে ঔষধ বন্ধ নকৰালৈকে নিয়মিতভাৱে ঔষধ সেৱন 
কৰিব লাগে৷ 

ভেকচিনঃ জন্মৰ পিছত নৱজাতকক বিছিজি (BCG) নামৰ বেজী প্ৰদান কৰিলে যক্ষ্মা ৰোগ 
কিছু পৰিমাণে প্ৰতিৰোধ হয়৷ 

যক্ষ্মা ৰোগীৰ কৰণীয়ঃ

১) ৰোগী গৰাকীয়ে পৰাপক্ষত ঘৰত অথবা খেতি পথাৰ বা মুকলি পৰিৱেশত থাকি মুক্ত 
বতাহ সেৱন কৰিব লাগে৷ 

২) ৰোগী গৰাকীয়ে পৰিয়ালৰ অন্য সদস্যৰ সৈতে বা যিকোনো অইন ব্যক্তিৰ সৈতে দূৰত্ব 
ৰাখি (কম পক্ষেও ৬ফুট) চলিব লাগে৷ 

৩) যক্ষ্মা ৰোগী গৰাকীয়ে শ্বাস প্ৰশ্বাস / কাহৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা ঃ

ক) কাহ বা হাঁচি অহাৰ সময়ত ওলোৱা কফ, থুই, খেঁকাৰ আদি সদায় ৰুমাল অথবা টিছ‍্যু 
পেপাৰ ব্যৱহাৰ কৰি সেই বোৰ নিৰ্দিষ্ট বীজাণুনাশক ব্যৱহাৰ কৰা ডাষ্টবিনত হে 
পেলাব লাগে৷ 

খ) শ্বাস প্ৰশ্বাস / কাহত নিৰ্গত হোৱা পদাৰ্থ হাতত লাগিলে তৎক্ষণাৎ চাবোন আৰু 
পানী / হেণ্ড ওৱাচ / এণ্টিচেপ্তিক হেণ্ড ওৱাচ / এলকোহল বেচড্ হেণ্ড ৰাবেৰে হাত 
দুখন পৰিষ্কাৰ কৰিব লাগে আৰু ডিচপজেবল টিছ‍্যু পেপাৰ / টাৱেলেৰে মচি শুকান কৰি 
ৰাখিব লাগে৷ 

গ) আনুমানিক / প্ৰবল সম্ভাৱনা পূৰ্ণ / ইতিমধ্যে চিনাক্তকৰণ হোৱা ৰোগীয়ে বা 
ৰোগীৰ লগত সংস্পৰ্শত থকা বা ৰোগী গৰাকীক যত্ন লোৱা ব্যক্তি জনে বজাৰৰ মেডিকেল 
ষ্টোৰত উপলব্ধ ট্ৰিপল লেয়াৰ মাস্ক্ পৰিধান কৰিব লাগে৷ 

ঘ) পৰ্য্যাপ্ত পৰিমাণে খোৱা/শোৱা কৰিব লাগে৷ প্ৰচুৰ পৰিমাণে জুলীয়া আহাৰ সেৱন 
কৰিব লাগে৷ পুষ্টিকৰ আহাৰ খাব লাগে৷ শাৰীৰিক ভাৱে সক্ৰিয় হৈ থাকিব লাগে৷ 

ঙ) উশাহ-নিশাহত কষ্ট পালে তাৎক্ষণিক ভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ 

চ) যিকোনোজন সমাৱেশ (চিকিৎসা সংক্ৰান্তীয় হলেও) ৰ মাজত যাব লগা হলে নাক/মুখ 
ঢাকি ফেচ মাস্ক্ পৰিধান কৰি ৰুমাল / টিছ‍্যু পেপাৰ ব্যৱহাৰ কৰিব লাগে যাতে 
ৰোগী জনৰ কাহ বা হাঁচি আহিলে বতাহত বেক্টেৰিয়াৰ বীজাণুটো বিয়পি সমাজত ৰোগীৰ 
সংখ্যা বৃদ্ধি কৰিবলৈ নোৱাৰে৷ 

৪) যক্ষ্মা ৰোগত আক্ৰান্ত ব্যক্তিয়ে নিজে পৰীক্ষা কৰাবৰ বাবে আগ্ৰহী হৈ 
পৰীক্ষা কৰিব লাগে৷ 

যক্ষ্মা ৰোগীয়ে নকৰিবলগীয়াঃ

ক) জেকা ঠাই, ঘন বসতি পূৰ্ণ ঠাই, অধিকজন সমাগম হোৱা ঠাই আদিৰ পৰা নিলগত থাকিব 
লাগে৷ 

খ) যক্ষ্মা ৰোগৰ লক্ষণে দেখা দিলে ভয় কৰিব নালাগে৷ 

গ) আক্ৰান্ত ব্যক্তিয়ে ৰোগ প্ৰতিৰোধ তথা নিৰাময়ৰ বাবে নিজেই যথেষ্ট সতৰ্কতা 
অৱলম্বন কৰিব লাগে৷ 

ঘ) আক্ৰান্ত ব্যক্তিয়ে ৰোগৰ বিষয়ে কেতিয়াও আনৰ পৰা লুকুৱাব নালাগে৷ 

ঙ) ভাং, বিড়ি, চিগাৰেট, হোঁকা, চাধা, মদ বা আন সকলো নিচা জাতীয় দ্ৰব্য ত্যাগ 
কৰিব লাগিব৷ 

চ) যক্ষ্মা ৰোগীক কেতিয়াও অৱজ্ঞা আৰু বৈষম্যমূলক আচৰণ কৰিব নালাগে৷ 

ছ) কফ, থুই, খেঁকাৰ আদি আক্ৰান্ত ৰোগীৰ লেতেৰা বোৰ য’তে ততে পেলাব নালাগে৷ 

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় যক্ষ্মা বিভাগ 
আৰু ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ (NIC)ৰ যুটীয়া উদ্যোগত স্থাপিত এক অভিনৱ ৱেব সেৱা 
হৈছে নিক্ষয় (NIKSHAY), যাৰ জৰিয়তে যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীসকলক ৰোগমুক্ত 
কৰাৰ লক্ষ্যেৰে সকলো যক্ষ্মা ৰোগীৰ এক তথ্য ভঁৰাল প্ৰস্তুত কৰি ৰোগীসকলৰ 
চিকিৎসা সম্পৰ্কীয় সকলো তথ্য নিৰীক্ষণ কৰা হয়৷ 

নিক্ষয়ৰ উদ্দেশ্য হৈছে প্ৰতিগৰাকী যক্ষ্মা ৰোগীৰ সম্পূৰ্ণ তথ্যপাতিৰ 
ইলেক্ট্ৰনিক পদ্ধতিত তথ্য ভঁৰাল প্ৰস্তুত কৰি নিৰীক্ষণ আৰু চিকিৎসা পদ্ধতিৰ 
সবিশেষ গৱেষণা তথা অধ্যয়ন৷ এবাৰ তথ্য অন্তৰ্ভুক্ত আৰু উন্নীত কৰণৰ পাছত 
স্বয়ংক্ৰিয় ৰিপ’ৰ্ট প্ৰস্তুত কৰণ হয় আৰু বিভিন্ন ব্লক আৰু জিলাত সঠিক সময়ত 
তথ্য উপলব্ধ কৰণ হয়৷ 

ইয়াৰোপৰি ও চৰকাৰী ডটচ প্ৰভাইডাৰে এবাৰ ৰোগীৰ নাম পঞ্জীয়ণ ভুক্তি হোৱাৰ লগে 
লগে ৰোগীক বিচাৰ- খোঁচাৰ কৰি ঘৰত গৈ হলেও ঔষধ সেৱন কৰোৱাৰ ব্যৱস্থা আছে৷ 

***

ৰাইজৰ সজাগতা আৰু সচেতনতাই হে এই যক্ষ্মা ৰোগ প্ৰতিৰোধ আৰু নিৰ্মূল কৰাত সহায় 
কৰিব৷ 

সমূহ ৰাইজৰ সঁহাৰিৰ দ্বাৰাহে ২০২৫ চনলৈ এখন যক্ষ্মা ৰোগ মুক্ত অসম তথা সমগ্ৰ 
ভাৰত পাবলৈ সক্ষম হব৷ 



(তথ্যৰ সহায় লৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!