যান্ত্ৰিকতা ( -ঋতুপৰ্ণ ডেকা)

যান্ত্ৰিকতা
______
-ঋতুপৰ্ণ ডেকা৷

robot
কাউৰীৰ মাতেৰে আৰম্ভ হয় দৈনন্দিন জীৱন,
যান্ত্ৰিক মহানগৰীৰ…
দৌৰা দৌৰি
টকা আৰু স্বাৰ্থৰ পিছত
সময় নাই ভাবিব
মানবীয়তাৰ কথা,
সমাজৰ কথা
কেৱল দৌৰ
যান্ত্ৰিকতা পূৰ্ণ সপোনৰ পিছত
সমাজবিহীন জীৱনৰ পিছত…
কেতিয়াবা
নিঃ শেষ নহয়তো! !
সমাজ বিহীন
মেৰুদণ্ড বিহীন
যান্ত্ৰিক মানৱৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!