যুৱকৃষক শ্ৰীযুত প্ৰণৱ সিংহৰ সৈতে হোৱা সাক্ষাৎকাৰ

অসমীয়াই এইটো নোৱাৰে, অসমীয়াই সেইটো নোৱাৰে বুলি বৰ দুৰ্নাম এটা আমি নিজেই নিজকে সদায় দি আহিছোঁ৷ কথাটো সত্য নোহোৱাও নহয়, কাৰণ খেতি-বাতি, ব্যৱসায়-বাণিজ্য এই সকলোবোৰ দিশতে আমি দেশৰ আন উন্নত ৰাজ্যসমূহতকৈ বহুত পিছত৷ কিন্তু এতিয়া লাহে লাহে যেন পৰিস্থিতি সলনি হৈছে! হাতে-কামে লাগি আজি এচাম অসমীয়াই সমাজলৈ আশাৰ ৰেঙণি কঢ়িয়াই অনা দেখা গৈছে ৷
তেনেকুৱা ব্যতিক্ৰমী চেষ্টা আৰু অগতানুগতিক প্ৰচেষ্টাৰে স্বাৱলম্বী হোৱা যুৱকৃষক শ্ৰীযুত প্ৰণৱ সিংহক সাহিত্য ডট অৰ্গৰ পাঠকৰ লগত চিনাকি কৰাই দিবলৈ পাই সুখী হৈছোঁ৷ তেখেতৰ আৰ্হিত আৰু বহুজন আগুৱাই যাবলৈ সাহস কৰিব বুলি আশা কৰিলোঁ৷

সাহিত্য ডট্ অৰ্গ (সা.ড.অ) – প্ৰণৱ সিংহ, আপোনাক সাহিত্য ডট্ অৰ্গলৈ আদৰণি জনাইছোঁ৷ প্ৰথমেই আপোনাৰ বিষয়ে, “এধানি সেউজ পাম” আৰু “ঘৰুৱা”ৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ৷

প্ৰণৱ সিংহ – সাহিত্য ডট্ অৰ্গ পৰিয়াললৈ অশেষ ধন্যবাদ৷ এজন কৃষকৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাত আমি যথেষ্ট সাহস পাইছোঁ৷
মোৰ নাম প্ৰণৱ সিংহ৷ মৰিগাঁও জিলাৰ দন্দুৱাত জন্ম গ্ৰহণ কৰিছোঁ৷ আনুষ্ঠানিক শিক্ষা উচ্চতৰ মাধ্যমিক৷ কৃষি মোৰ জীৱিকা, কৃষক মোৰ পৰিচয়!

২০১৬ চনত “এধানী সেউজ পাম“ প্ৰতিষ্ঠা হৈছিল৷
সেউজ পামত ভোট জলকীয়া, সৰিয়হ, মাহ, বৰা ধান, কলা ধান, বছৰৰ শাক-পাচলি উৎপাদন কৰা হয়৷ পামৰ সামগ্ৰীয়ে যথোচিত বজাৰ মূল্য লাভ নকৰাত সেই সামগ্ৰীকে প্ৰচেচিং আৰু পেকেজিংৰ ৰূপ দিওঁতে জন্ম লাভ কৰিছিল “ঘৰুৱা“ই৷
“ঘৰুৱা“ মূলতঃ ভোট জলকীয়া আচাৰ উৎপাদনৰ লগত জড়িত যদিও বৰ্তমান “ঘৰুৱা“ ঘৰুৱা বাদ্যযন্ত্ৰ, ঘৰুৱা হালধি, ঘৰুৱা পৰিধান, ঘৰুৱা সেৱাৰ লগতো জড়িত হৈ পৰিছে৷ ঘৰুৱা বাদ্যযন্ত্ৰৰ ভিতৰত পেঁপা, টকা, গগণা আদি বাঁহৰ থলুৱা বাদ্যসমূহ বিক্ৰী কৰা হয়৷ ঘৰুৱা পৰিধানত গাঁৱৰ শিপিনীৰ দ্বাৰা বোওৱা গামোচা, মেখেলা, চাদৰ আদি উপলদ্ধ৷ ঘৰুৱা সেৱাই শাক-পাচলিৰ লগতে এখন বিয়াৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ গ্ৰাহকক পদূলিতে যোগান ধৰে৷

সা.ড.অ – আমি দেখি আহিছোঁ, অসমীয়াসকল সাধাৰণতেই ব্যৱসায় বিমুখ৷ তেনে ক্ষেত্ৰত আপোনাৰ এই প্ৰচেষ্টা শলাগৰ যোগ্য৷ নিজে কিবা এটা কৰাৰ চিন্তা কেনেকৈ মনলৈ আহিল এই বিষয়ে জানিব বিচাৰিছোঁ৷

প্ৰণৱ সিংহ – কৃষক পৰিয়ালত মোৰ জন্ম, মোৰ জন্ম গাঁৱত৷ গাঁৱৰ সেউজীয়া দেখি ডাঙৰ হৈছোঁ৷ ধানেৰে ভৰি থকা পথাৰ দেখিছোঁ, ক্ৰমাৎ খালি হৈ অহা পথাৰো দেখিছোঁ৷ খেতিয়কৰ কষ্ট দেখিছোঁ, অভাৱ দেখিছোঁ৷ ডাঙৰ হৈ অহাৰ লগে লগে মন কৰিছিলোঁ গাঁৱত খেতিয়কে খেতি কৰিবলৈ এৰিছে৷ অভাৱত পৰি গাঁৱত কোনোবাজনে গৰু-ছাগলী বিক্ৰী কৰা দৃশ্যই সৰুতে মনত দকৈ প্ৰভাৱ পেলাইছিল৷

মেট্ৰিক পৰীক্ষা দিয়াৰ পাছত পোৱা তিনি মাহ সময়খিনিত অধ্যয়নৰ বিষয় হিচাপে বাছি লৈছিলোঁ কৃষকৰ জীৱন৷ কিয় কৃষকসকলে খেতি কৰিবলৈ এৰিছে? কিয় দিনে দিনে কৃষকৰ অৱস্থা শোচনীয় হৈ আহিছে? দুই-তিনিখন গাঁৱৰ খেতিয়কসকলৰ সৈতে হোৱা কথা-বতৰাৰ পৰা দুই-এটা কথা প্ৰায়ে শুনিছিলোঁ- মাটি কম, উৎপাদিত সামগ্ৰীৰ বজাৰ মূল্যৰ অভাৱ, জলসিঞ্চনৰ অভাৱ ইত্যাদি৷ তেতিয়ালৈকে এজনো সফল খেতিয়ক লগ পোৱা নাছিলোঁ, যিজনে কৃষিক নিজৰ পেচা হিচাপে লৈছে৷ কোনোজন খেতিয়কে কৃষি ব্যৱস্থাৰ ওপৰত, বজাৰ ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰা নাছিল৷ উৎপাদিত সামগ্ৰীৰ বজাৰ মূল্য সদায় হেৰুৱাইছিল৷ ক্ৰমান্বয়ে কৃষি ব্যৱস্থাৰ ওপৰত, নিজৰ ওপৰত নিৰুৎসাহিত হৈছিল!
কলেজত পঢ়ি থাকোঁতে বন্ধুসকলৰ সৈতে সদায় কেৰিয়াৰ সম্পৰ্কে আলোচনা হৈছিল৷ প্ৰায়বিলাক বন্ধুৰেই চৰকাৰী চাকৰিৰ প্ৰতি হাবিয়াস৷ আনুষ্ঠানিক শিক্ষাত ছাত্ৰ হিচাপে মই বৰ সফল নাছিলোঁ৷ সেয়েহে কোনোদিনে চৰকাৰী চাকৰিৰ প্ৰতি মনলৈ ধাৰণা অহা নাছিল৷ কিন্তু এটা কথাত স্পষ্ট আছিলোঁ, নিজাববীয়াকৈ কিবা এটা কৰিম৷

২০১৪ চনত বিশ্বনাথলৈ ফুৰিবলৈ গৈছিলোঁ৷ বিশ্বনাথৰে পাভৈৰ “Pabhoi Greens“তে লগ পাইছিলোঁ উদ্যোগী কৃষক শ্ৰদ্ধাৰ নীলম দত্তক৷ যোৱা ৬ বছৰে বিচাৰি থকা সফল কৃষকজনক পাই গৈছিলোঁ৷ “Pabhoi Greens“ ত কৃষকৰ বিপৰীত ছবিখন দেখা পাইছিলোঁ৷ মনত বিশ্বাস বাঢ়িছিল৷ কেতিয়াবা কাম শিকিবলৈ আহিম সেই মনোভাৱেৰে ঘৰলৈ উভতিছিলোঁ৷
২০১৬ চনত গুৱাহাটীত Micro Finance এটাত যোগদান কৰিছিলোঁ৷ সময় আৰু নিজস্বতা কাঢ়ি ল’ব খোজাত ৰিজাইন দি বিশ্বনাথৰ পাভৈলৈ ঢাপলি মেলিছিলোঁ- কৃষি সম্পৰ্কে জানিবলৈ, বুজিবলৈ, গাঁৱতে থাকি খেতি কৰিবলৈ, এজন কৃষক হ’বলৈ৷

সা.ড.অ – সফলতা পাইছে বুলি ভাবেনে?

প্ৰণৱ সিংহ – “এধানী সেউজ পাম“ আৰু “ঘৰুৱা“ই আঢ়ৈ বছৰ সম্পূৰ্ণ কৰিছে৷ অৰ্থনৈতিক দিশৰ পৰা প্ৰথম দুবছৰ ব্যৰ্থ হৈছিলোঁ যদিও যোৱা ৫ মাহত লোকচানৰ পৰিমাণ কমি আহিছে৷

সা.ড.অ – দহ বছৰৰ পাছত “ঘৰুৱা” আৰু “সেউজ পাম”ক কি পৰ্য্যায়ত দেখিম বুলি ভাবিছে? আপুনি কিমান আশাবাদী?

প্ৰণৱ সিংহ – আমাৰ দূৰদৰ্শী লক্ষ্য আৰু উদ্দেশ্য এটাই “ঘৰুৱা: আপোনাৰ ঘৰলৈ”৷ আমাৰ বিশ্বাস বজাৰ আৰু গ্ৰাহকৰ দ্ৰুত পছন্দৰ পৰিৱৰ্তনে অনাগত দিনত ঘৰুৱাই ১০/১৫ বছৰৰ পাছত গ্ৰাহকৰ প্ৰয়োজনীয় সামগ্ৰী ঘৰে ঘৰে উপলভ্য কৰিব৷

সা.ড.অ – আমাৰ যুৱ প্ৰজন্মই খেতি-বাতি কৰিব নোখোজে৷ হীনমান্যতাত ভোগে৷ আপুনি সোঁতৰ বিপৰীতে গৈ অতি কম বয়সতে খেতিয়ক হিচাপে সুখ্যাতি অৰ্জন কৰিছে৷ নতুন প্ৰজন্মক কি দৰে উৎসাহ দিব খোজে? আপোনাৰ দৰে নিজৰ মাটি-ভেটি আনৰ হাতত অৰ্পণ কৰি নিদি কি দৰে স্বাৱলম্বী হ’ব পাৰি, সেই বিষয়ে অলপ পৰামৰ্শ দিব নেকি?

প্ৰণৱ সিংহ – শিক্ষা আৰু জ্ঞানে আমাক সৱল কৰে৷ শিক্ষাই যদি কেৱল চাকৰিমুখী আৰু পৰিশ্ৰমহীন কৰি তোলে তেন্তে সেই শিক্ষা মূল্যহীন৷
গাঁও, আমি কিয় পাহৰি যাওঁ৷ নিবনুৱা সমস্যা, দৰিদ্ৰতা যেনেকৈ বাঢ়িছে তাৰ সমাধানো দেখিছোঁ গ্ৰাম্য অৰ্থনীতিত৷ বৰ্তমান সময়ত চহৰ অঞ্চলৰ ক্ৰমাগতভাৱে বাঢ়ি অহা পৰিসৰলৈ লক্ষ্য কৰিলে ভৱিষ্যতৰ সমস্তখিনিৰ যোগান ধৰোঁতা গাঁওসমূহেই হ’ব বুলি ধাৰণা কৰিব পাৰি৷ খাদ্য সামগ্ৰীকে আদি কৰি পোছাক-পৰিচ্ছদৰ পছন্দৰ চহৰীয়া চিন্তাখিনিও গাঁৱৰ ফালেই ঢাল খাইছে৷ সেই সুবিধা আমি ল’ব লাগিব৷ গাঁৱৰ কৃষকৰ উৎপাদিত সমগ্ৰীৰ বজাৰখন গ্ৰাহকৰ ঘৰলৈ পোনপটীয়াকৈ নিব লাগিব৷ বজাৰ মূল্য লাভ কৰিলে কৃষি কাৰ্য কৰিবলৈ কৃষকসকলো আগ্ৰহী হ’ব৷ গ্ৰাম্য সমাজনীতি অথবা অৰ্থনীতি, মহিলাসকলক বাদ দি সম্ভৱ নহয়৷ প্ৰশিক্ষণ আৰু সুবিধা প্ৰদান কৰিলে মহিলাসকলে গ্ৰাম্য অৰ্থনীতিৰ হতাশাৰ ছবিখন সলনি কৰি দিব পাৰিব৷
মই অন্তঃকৰণেৰে বিশ্বাস কৰোঁ, বাধ্য হৈ অথবা হতাশ হৈ কৃষিক জীৱিকা হিচাবে লোৱাৰ পৰিৱৰ্তে যদিহে ২০ পৰা ৩০ বছৰৰ যুৱক-যুৱতীসকলে ব্যৱসায়-বাণিজ্য, কৃষি আদি ক্ষেত্ৰলৈ জীৱিকা হিচাপে, পেচা হিচাপে ল’বলৈ স্ব-ইচ্ছাই আগ্ৰহেৰে আগবাঢ়ি আহে– তেন্তে অসমৰ অৰ্থনীতিৰ ছবিখন সলনি হ’বলৈ বেছি সময় নালাগে৷

সা.ড.অ – আপুনি নিজে স্বাৱলম্বী হোৱাৰ লগতে আপোনাৰ কৰ্মৰাজীৰ জৰিয়তে আনকো স্বাৱলম্বী হ’বলৈ সুবিধা কৰি দিব পাৰিছে নেকি? যদি হয়, কেনেকৈ?

প্ৰণৱ সিংহ – কৃষকসকলৰ সমস্যাসমূহৰ উত্তৰ বিচাৰোঁতেই কৃষক হোৱাৰ দৃঢ় সংকল্প লৈছিলোঁ৷ “ঘৰুৱা“ৰ প্ৰথম চৰ্ত কৃষকৰ কল্যাণ৷ কৃষকসকলৰ উৎপাদিত বৰা চাউল, জহা চাউল, কলা চাউলক পোনপটীয়া কৈ গ্ৰাহকৰ হাতত পোৱাৰ ব্যৱস্থা কৰি দিয়ে “ঘৰুৱা“ই৷ “ঘৰুৱা“ আচাৰ উৎপাদন ব্যৱস্থাত প্ৰত্যক্ষভাৱে ছয়গৰাকী মহিলা জড়িত৷ পৰোক্ষভাৱে আম, জলফাই আদি গাঁৱৰ প্ৰাকৃতিকভাৱে উৎপাদন হোৱা ফল-মূলৰ যোগান ব্যৱস্থাত দহজনমান জড়িত৷ “ঘৰুৱা বাদ্যযন্ত্ৰ“ত দুজন জড়িত৷
বৰ্তমান ঘৰুৱাৰ জৰিয়তে পৰোক্ষভাৱে বিভিন্নজনক জড়িত কৰি ঘৰতেই বৈ উলিওৱা গামোচা, ঘৰতে উৎপাদন হোৱা শাক-পাচলি, মাছ আদিক “ঘৰুৱা সেৱা“ৰ যোগেৰে গ্ৰাহকৰ কাষলৈ নিয়াৰ ব্যৱস্থা কৰি আছোঁ৷

সা.ড.অ – প্ৰণৱ সিংহ, আপোনাৰ মনৰ কথা জানিব পাৰি নথৈ আনন্দিত হৈছোঁ৷ আমি আশাবাদী, আপোনাৰ এই কথাখিনি নিশ্চয় আমাৰ যুব প্ৰজন্মৰ বাবে বহুমূলীয়া হ’ব৷ কৃষিক পেচা হিচাপে ল’বলৈ আৰু বহুজন উৎসাহিত হ’ব৷ আপোনালৈ, “সেউজ পাম”লৈ আৰু “ঘৰুৱা”লৈ আমাৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷ “ঘৰুৱা” সকলোৰে ঘৰুৱা হৈ পৰক!

প্ৰণৱ সিংহ – পুনৰবাৰ মনৰ কথাবোৰ প্ৰকাশ কৰাৰ সুবিধা দিয়াৰ বাবে “সাহিত্য ডট অৰ্গ“ ৰ পৰিয়ালবৰ্গ লৈ ধন্যবাদ জনালোঁ৷


Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!