লাইপাতৰ সৈতে গাহৰি মাংস – বৰ্ণালী শৰণীয়া

উপকৰণ-
১)গাহৰি মাংস এপোৱা
২)লাইপাত এমুঠি
৩)মজলীয়া আকাৰৰ আলু এটা
৪)পিয়াজ দুটা
৫)নহৰু, জিৰা পেষ্ট এচামুছ

প্ৰণালী–
প্ৰথমে মাংসখিনি ভালকৈ ধুই পানী নিগৰাই ল’ব৷ তাৰ পিছত কেৰাহীত তেল গৰম কৰি পিয়াজখিনি অলপ ভাজি মাংসখিনি দিয়ক লৰাই৷ নিমখ হালধি পৰিমাণ অনুযায়ী দি কিছুসময় ভাজিব৷ মাংস আধা সিজা হ’লে আলু কেইটুকুৰা দি কম জুইত কিছুসময় ঢাকনি লগাই থ’ব৷ ঢাকনি গুচাই নহৰু আৰু জিৰা পেষ্টৰ লগতে লাইপাতখিনি দি আকৌ কিছুসময় ভাজক৷ লাইপাত সিজিলে অলপ পানী অলপ দি ঢাকোন লগাই থওক৷ পানী শুকাই গ’লে নমাই পৰিবেশন কৰিব৷ ■■

2 thoughts on “লাইপাতৰ সৈতে গাহৰি মাংস – বৰ্ণালী শৰণীয়া

  • November 19, 2018 at 9:42 pm
    Permalink

    ৰন্ধন তৰিকাটো সহজ । কিন্তু মই খাব নোৱাৰিম।কাৰণ এলাৰ্জি হয়। এদিন মৰিব ধৰিছিলোঁ।

    Reply
  • September 5, 2020 at 9:03 am
    Permalink

    লোভ লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!