লাফিং বুদ্ধ – তৃষ্ণা নেওগ বৰুৱা

ড্ৰইং ৰুমত উপবিষ্ট মেদবহুল বুদ্ধ
মুখত হাঁহি পিঠিত বোজা

নতজানু আমি
দুহাতেৰে মেলি ধৰোঁ আকাংক্ষাৰ আলিবাটৰ নক্সা
বিৰবিৰাওঁ-বুদ্ধং শৰণং গচ্ছামি

সুখী হোৱাই আমাৰ ধৰ্ম
সেয়ে আওকাণ কৰো মৃত্যুক সহজ সত্য বুলি জানি

আমাৰ মূঢ়তাত বুদ্ধই হাঁহে
আত্মাহীন প্ৰাৰ্থনাত প্লাষ্টিকৰ ফুলহে ফুলে

☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!