লিংকম্যান – (ৰুণুমী দেৱী)

লিংকম্যান

– ৰুণুমী দেৱী

 

এন্ধাৰৰ আঁৰ লৈ সি উজনিমুৱা ৰেলগাড়ীখন অহাৰ আগে আগে অপাৰেচনটো কৰিব গ’ল৷ ইমান ডাঙৰ অপাৰেচন এয়াই প্ৰথম৷ কামটো সুকলমে কৰিব পাৰিলেই তাৰ প্ৰমোচন হ’ব৷ লোভনীয় অংকৰ পুৰস্কাৰটোৰ কথা ভাবি সি পাৰ্যমানে নিখুঁতকৈ কামটো কৰিবলৈ ঠিক কৰিছে৷ আৰু এঘণ্টা পিছত এই পথছোৱাৰে তীব্ৰ বেগী ৰাজধানী এক্সপ্ৰেছখন পাৰ হৈ যাব৷ কামটো কৰি যাব পাৰিলেই টি ভিত বাতৰিটো চাব সি৷ কিমানজনৰ বাৰু মৃত্যু হ’ব; আঘাত প্ৰাপ্তও ভালেমান থাকিব নিশ্চয়! অসমৰ গোটেই কেইটা টি ভি চেনেলৰ উপৰিও ৰাষ্ট্ৰীয় বহু কেইটা চেনেলত এই গৰম খবৰটো প্ৰচাৰ হ’ব৷ এই৷ বৃহৎ সাফল্যৰ বাবে তাক সকলোৱে প্ৰশংসা কৰিব, সকলোৱে মানে তাৰ সেই উগ্ৰবাদৰ সদস্য সকলে৷ সাধাৰণ মানুহে কি ভাবে তাৰ ভাবিবলৈ কি দৰকাৰ! তাৰ প্ৰয়োজনৰ সময়ত কোনোবাই দহটকা এটা দি সহায় কৰিছিল নে! সেই ভয়ানক ৰাতিৰ কথা সি অকণো পাহৰি যোৱা নাই! দেউতাকে তীৰ কপা জ্বৰত ভ্ৰম বকি বকি দুচকু পাতি ধৰিছে, ইফালে বাহিৰত প্ৰচণ্ড বতাহ বৰষুণ৷ মাক আৰু ভনীয়েকৰ অসহায় কৰুণ মুখ, কি কৰে সি এতিয়া পকেটত যে একেবাৰেই পইচা নাই……! এবাৰ দেউতাকৰ মুখলৈ চাই ভগা ছাতিটোলৈ এমাইল মান দূৰৈত থকা ফাৰ্মাচীখনলৈ বুলি খোজ পেলালে৷ মনত তাৰ ধুমুহা বলিছে ইফালে নানা প্ৰশ্নই তাক জুমুৰি ধৰিলে…..বাকী দিব জানো দোকানীয়ে? দেউতাক ঠিকে আছেনে? নে দেউতাক ইতিমধ্যে সংসাৰ ত্যাগ গুচিয়ে গ’ল? মনটোৱে উচপিচাই উঠে কমলৰ৷ এনেতে বাইক এখন আহি তাৰ নিচেই কাষত ৰ’ল সি মূৰ তুলি চালে____

: ক’লৈ যাৱ এই বৰষুণত?

সি সংক্ষেপে ঘৰৰ সমস্যাটোৰ কথা ক’লে৷

: তেন্তে মোৰ লগত ব’ল সোণকালে পাবি, তিতিব লাগিলেও দেউতাৰক বচাব পাৰিবি৷

: ও ব’ল বুলি কৈ সি প্ৰায় চিনাকি ল’ৰাটোৰ বাইকৰ পিছত উঠিল৷

ল’ৰাটৱে ঔষধৰ দাম দিয়াৰ উপৰিও দেউতাকৰ পথ্যৰ বাবেও কিছু টকা দিলে তাক মাত্ৰ এটা চৰ্তত সিহঁতৰ সংগঠনৰ সি বিশ্বাসী লিংকম্যান হ’ব লাগিব৷ সৰল সহজ কমল দৈমাৰী সিদিনাৰ পৰা এজন লিংকম্যান হৈ পৰিল৷

সততাৰে কামটো কৰি ভাল পইচাও পালে সি৷ দেউতাকৰ মৃত্যুৰ পিছত ঘৰখন চলাবলৈ, ডাঙৰ ভনীয়েক জনীক বিয়া দিবলৈ তাৰ পইচাৰ অভাৱ নহ’ল৷ দিনবোৰ যোৱাৰ লগে লগে সি সংগঠনৰ অধিক বিশ্বাসী হৈ পৰিল, তাৰ দক্ষতাও ভালেখিনি বাঢ়িল৷ আগতে পাৰ পোৱালি এটাও মাৰিব নোৱাৰা কমলে মানুহ মাৰিবলৈও কুণ্ঠাবোধ নকৰা হ’ল৷ ইতিমধ্যে ভাল প্ৰশিক্ষণ এটাও লৈ আহিল সি৷ যিজন ল’ৰাৰ লগত এদিন বাইকত উঠি দেউতাকৰ ঔষধ আনিব লৈ গৈছিল তাতকৈয়ো এখোপ চৰা হ’ল সি৷ মাথো লিংকম্যান৷ নামটোহে মচিব পৰা নাই সি এতিয়াও৷ আজিৰ এই ডাঙৰ অপাৰেচনটো হৈ গ’লে তাৰ আৰু চিন্তাই নাই, সৰু ভনীয়েকৰ বিয়া মাকৰ টিউমাৰৰ অপাৰেচন

সকলো হ’ব৷ অকণো ভুল নকৰে সি আজি, বোমা বিশেষজ্ঞ নহ’লেও মোটামুটি বোমাৰ বিষয়ে ভালকৈয়ে

জানে সি৷ হাতৰ ঘড়ীত চাই টাইম মিলাই সকলো কাম কৰি লাহে লাহে আঁতৰি যাব ধৰোঁতে চাৰিটামান ডাঙৰ

টৰ্চৰ পোহৰ তাৰ মুখত পৰিল৷ কিংকৰ্তব্য বিমূঢ় হৈ পকেটৰ পৰা নাইন এম এম পিষ্টলটো উলিয়াব ধৰোঁতে

তাৰ হাত ফুটি গুলি এটা সৰকি গ’ল৷ ধাৰাসাৰে তেজ বৈ অহা হাতখন খামোচি ধৰিলে সি৷ ইতিমধ্যে দুই তিনিজন মান পুলিচে গবা মাৰি ধৰিলে তাক৷ অলপ দূৰত সি হিতেশৰ মাত শুনিবলৈ পালে- এটা লিংকম্যানৰ ইমান

বাহাদুৰি…….! থাক এতিয়া জেলত পচি……৷ সেই হিতেশ যিজনে তাক এদিন অসহায় মুহূৰ্তত সহায়ৰ হাত আগবঢ়াইছিল আৰু লাহে লাহে তাক ঠেলি দিছিল বিভীষিকাৰ ভয়ানক পথলৈ! আঘাত প্ৰাপ্ত বাঘৰ দৰে হৈ

হিতেশে গোপনে পুলিচক সকলো কথা কৈ দিছিল৷ তাৰ বাবে হিতেশে পুৰস্কাৰ হিচাপে কিছু টকাও পাইছিল আৰু

প্ৰতিশোধৰ জুইকুৰাৰ পৰা মুক্তি পাইছিল৷ যিকুৰা জুই তাৰ বুকুত তুঁহ জুইৰ দৰে জ্বলি জ্বলি তাক অতদিনে ক’লা এঙাৰ যেন কৰিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!