লিংগ পৰিচয় আৰু যৌন মনঃস্তত্ত্বৰ প্ৰসংগ – কোকিল শইকীয়া

অসমতে নহয় সমগ্ৰ ভাৰততেই লিংগ পৰিচয় (Gender identity) আৰু বিভিন্ন বৈশিষ্ট্যৰ যৌন আকাংক্ষা (Sexual orientation) সম্পৰ্কে থিয়’ৰীটিকেল আলোচনা বিষয়গত আৰু সংখ্যাগত দুয়োটা দিশৰ পৰা তেনেই নিম্নতৰ৷ লিংগ বৈষম্য, লিংগ পৰিচয় সম্পৰ্কে সাধাৰণতে যিখিনি কথা পতা হয় সেয়া কেৱল পৰম্পৰাগত নাৰীবাদী দৃষ্টিৰে পুৰুষ আৰু মহিলাৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অসমতাৰ কথাকে আলোচনা কৰি আৰু কেতিয়াবা আলোচনাৰ শেষৰ ফালে অলপমান তৃতীয় লিংগৰ অধিকাৰৰ কথা তৰাংকৈ আলোচনা কৰি সামৰণি মৰা হয়৷ লিংগ বৈষম্য অধিকাৰৰ কথাৰ লগত যৌন সমতাৰ সমস্যাবোৰৰ কথা পতাই নহয়৷ নিজকে প্ৰগতিশীল, নাৰীবাদী বুলি পৰিচয় দিব খোজা লোকৰেই বুজন সংখ্যকে মনৰ ভিতৰত ক’ৰবাত ট্ৰেন্সজেণ্ডাৰ, সমকামী, দ্বিকামী সকলৰ প্ৰতি এক ৰক্ষণশীল মনোভাৱ পুহি ৰখা দেখা যায়৷

প্ৰথমতেই কিছু স্পষ্ট হৈ লোৱা যাওক Gender আৰু Sex সম্পৰ্কে৷ আচলতে দুয়োটা শব্দৰ প্ৰতিশব্দ অসমীয়াত ‘লিংগ’ হিচাপে জ্ঞাত বাবে দুয়োটাকে একাকাৰ আৰু সৰলীকৰণ কৰি পেলোৱা দেখা যায়৷ কিন্তু দুয়োটাৰে মাজত প্ৰভেদ আছে৷ লিংগৰ শাৰীৰিক অৱস্থানৰ লগত জড়িত এক সমাজ-ৰাজনৈতিক প্ৰয়োজনৰ মাজেদি লিংগ পৰিচয়ৰ বিকাশ হয়৷ ইয়াৰ লগত সাংস্কৃতিক পৰিকাঠামোৰ দিশটোও জড়িত হৈ থাকে৷ গতিকে লিংগভিত্তিক অন্যায়পূৰ্ণ সামাজিক বৈষম্যসমূহ দূৰীকৰণৰ আধাৰত লিংগ পৰিচয়ৰ প্ৰয়োজনীয়তা প্ৰাসংগিক হৈ পৰে; ইয়াৰ ৰূপ আৰু পথ নিৰ্ণয় হয়৷ আমি এতিয়া কথা পাতিম ভাৰতীয় সমাজে অমান্য আৰু পৃথক দৃষ্টিৰে চোৱা, ব্যক্তি স্বাধীনতাহাৰা, পৰিচয়ৰ সংকটত ভোগা তৃতীয় লিংগৰ সমুদায় আৰু সমকামী তথা দ্বিকামী সকলৰ অধিকাৰ, সমস্যা আদি কেতবোৰ দিশৰ বিষয়ে৷ এইখিনিতে মনত ৰাখিবলগীয়া কথা হ’ল যে sex orientation আৰু gender identity দুইটা একে নহয়৷ ই কেতিয়াবা উভয় আৰু পাৰস্পৰিকভাৱে সম্পৰ্কিত হ’লেও সি ব্যাকৰণগত নহয়৷ এনে আলোচনাত দুয়োটাই অতি সংবেদনশীল আৰু জটিল বিষয়৷

সাধাৰণতে ‘চেক্সুৱেলিটি’ দুই প্ৰকাৰৰ বুলি জনা যায় – Heterosexual আৰু Homosexual৷ অৱশ্যে এই দুই প্ৰকাৰৰ যৌনাকাংক্ষাৰ ভিতৰত বিভিন্ন চৰিত্ৰৰ যৌনাচাৰ আৰু মনঃস্তত্ব বিভক্ত হৈ আছে৷ আমাৰ পুৰুষতান্ত্ৰিক সমাজত Homosexuality ক সদায় অপৰাধ অথবা শাৰীৰিক মানসিক বিকাৰগ্ৰস্ততা বুলি গণ্য কৰা হয়৷ কিন্তু সমকামিতা আৰু দ্বিকামিতা বিকৃত মানসিকতা বা কোনো ৰোগ নহয়৷ ইয়াক চিকিৎসা বিজ্ঞানেও স্বাভাৱিক বুলি গণ্য কৰিছে৷ আমি সততে দেখোঁ আমাৰ মাজৰ উচ্চ শিক্ষিত ব্যক্তিয়েও গে’, লেছবিয়ান, হিজৰা বুলিলে ক’লে ইতিকিং আৰু অস্পৃশ্য জ্ঞান কৰে৷ ই আচলতে ভুল আৰু পৰম্পৰাগত ধাৰণা৷ জেণ্ডাৰ পৰিচয়, যৌনতা, ব্যক্তিত্ব, শাৰীৰিক-মানসিক যৌন আকাংক্ষা, মন, শৰীৰ এইবোৰ প্ৰাকৃতিক কথাক সমাজে ৰক্ষণশীলতাৰ শিকলিৰে বান্ধিব নালাগে৷ আমি গে’, লেচবিয়ান, বাইচেক্সুৱেল, ট্ৰেন্সজেণ্ডাৰ সকলক ঘৃণা নকৰি, বিসংগতিপূৰ্ণ বুলি নাভাবি তেওঁলোকক সমমৰ্যাদা, সমঅধিকাৰ, সাহস আৰু উৎসাহ প্ৰদান কৰি মুক্তভাবে স্বাভাৱিক জীৱন যাপনৰ সুবিধা কৰি দিয়া উচিত৷

ৰক্ষণশীলতা, পুৰুষতন্ত্ৰ, পৰম্পৰাগত সমাজ মনোভংগীতাই ব্যক্তি স্বাধীনতা আৰু মানৱ অধিকাৰ খৰ্ব কৰা কিছুমান চূড়ান্ত বৰ্বৰ কাৰ্য-কলাপ সংঘটিত কৰা দেখা যায়৷ সজাগতা আৰু সচেতনাৰ অভাৱ, প্ৰগতিশীল শিক্ষা, মুক্ত চিন্তা আদিৰ অভাৱে আমাক আধুনিক যুগতো অন্ধ কৰি ৰাখিছে৷ গে’সকলক সমনীয়া সকলে গে’ বুলি উপলুঙা কৰে, গে’ বুলি তেওঁলোকৰ লগত বন্ধুত্ব গঢ়াৰ পৰা বিৰত থাকে৷ এনে অত্যাচাৰৰ ফলত তেওঁলোকে হীনমন্যতাত ভোগে, সমাজত মৰ্যাদাসম্পন্নভাবে জীয়াই থাকিব নোৱাৰে৷ তেনেদৰে, হিজৰাসকলক মানুহে গালি দিয়ে, ৰাজহুৱা স্থানত শাৰীৰিক মানসিক অত্যাচাৰ কৰে৷ তদুপৰি নিজৰ সন্তানক গে’ বুলি জনাৰ পিছতো অভিভাৱকে সমাজৰ ভয়ত অথবা ইয়াক মানসিক বিসংগতি বুলি ভাবি এজনী ছোৱালীৰ লগত জোৰকৈ বিয়া পাতি দিয়া দেখা যায়, যাৰ ফলত দুটা মূল্যবান জীৱন বৰবাদ হৈ যায়৷ আনকি বহুতে আত্মহত্যা কৰিবলৈও বাধ্য হয় পৰে৷ আকৌ এনে ৰক্ষণশীলতা আৰু জ্ঞানৰ অভাৱৰ বাবেই লেছবিয়ান বুলি জানিও অভিভাৱকে নিজৰ ছোৱালীজনীক কাজিন, ককায়েক, খুৰাক আদিৰ দ্বাৰা ধৰ্ষণ কৰোৱাই দিয়ে৷ তেওঁলোকে ভাবে যে পুৰুষৰ লগত শাৰীৰিক সংস্পৰ্শ নোপোৱাৰ বাবে তাই লেছবিয়ান হৈছে, পুৰুষৰ লগত যৌন অভিজ্ঞতা হ’লহে তাই heterosexual (পৰম্পৰাগত স্বাভাৱিক যৌনাকাংক্ষী) লৈ পৰিবৰ্তন হ’ব৷ কিন্তু ই অতি ভুল ধাৰণা৷ Homosexual হৰমনৰ প্ৰভাৱতহে হয়, ই হ’ল প্ৰাকৃতিক৷ গে’, লেচবিয়ান, বাইছেক্সুৱেল, ট্ৰেন্সজেণ্ডাৰ হোৱাটো কোনো বেমাৰ বা শাৰীৰিক-মানসিক বিসংগতি নহয়৷ তেওঁলোকৰ আকাংক্ষাৰ বিপৰীতে গৈ তেওঁলোকৰ যৌনকাংক্ষাক বেমাৰ বুলি ভাবি এনেধৰণৰ জোৰ-জবৰদস্তিৰ পৰিণাম অতি ভয়াবহ হ’ব পাৰে৷

ইয়াৰ সামাজিক মান্যতা, বৈষম্য দূৰীকৰণৰ, সমঅধিকাৰৰ বাবে প্ৰতিবছৰে বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন সংগঠনে Qureer pride rally অনুষ্ঠিত কৰে৷ ইয়াত LGBT ৰ বাহিৰেও সকলো সচেতন লোকে অংশগ্ৰহণ কৰে৷ অসমত ‘Xukia’ নামৰ এটি স্বেচ্ছাসেৱী গোট আৰু কিছু সচেতন লোকৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে ২০১৪ চনত এই ৰেলী গুৱাহাটীত অনুষ্ঠিত কৰা হৈছিল৷ এই ৰেলীলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা যথেষ্ট LGBT সমুদায়ৰ ব্যক্তি মুকলিকৈ পোন প্ৰথমবাৰৰ বাবে ওলাই আহি সচেতনতা আৰু অধিকাৰৰ বাবে এক আৱাজ দিছিল৷ তেতিয়াৰে পৰা প্ৰতিবছৰে অসমতো এই ৰেলী অনুষ্ঠিত হৈ আহিছে৷ এতিয়া LGBT মানে কি?

L মানে Lesbian – ছোৱালী এগৰাকী ছোৱালীৰ প্ৰতি শাৰীৰিক আৰু মানসিকভাৱে আকৰ্ষিত হ’লে তাক Lesbian বুলি কয়৷
G মানে Gay- ল’ৰা এজন অন্য এজন ল’ৰাৰ প্ৰতি শাৰীৰিক আৰু মানসিকভাৱে আকৰ্ষিত হ’লে তাক Gay বুলি কোৱা হয়৷
B মানে Bisexual – ইয়াত এজন ল’ৰা ল’ৰা আৰু ছোৱালী উভয়ৰে প্ৰতি আকৰ্ষিত হয়৷ অথবা ছোৱালী এগৰাকী ল’ৰা আৰু ছোৱালী উভয়ৰে প্ৰতি আকৰ্ষিত হয়৷
T মানে Transgender – অৰ্থাৎ ৰূপান্তৰকামী৷ ই জিন তথা ক্ৰ’ম’জমৰ ক্ৰিয়াৰ ফলত হোৱা এক অৱস্থা৷ ইয়াত এনে হয় যে এজন পুৰুষ শৰীৰ ভিতৰত থকা মনটোৱে নিজে ছোৱালী হিচাপে অনুভৱে অথবা এগৰাকী মহিলা শৰীৰৰ ব্যক্তিয়ে নিজকে পুৰুষ হিচাপে অনুভৱ কৰে৷ তেতিয়া তেওঁলোকে কেতিয়াবা সাজ পোছাক নিজৰ মানসিক অনুভৱ অনুসৰি পৰিধান কৰে৷ তেতিয়া তাক cross dresser বোলে৷ আকৌ কিছুমানে চিকিৎসাৰ জৰিয়তে অস্ত্ৰোপচাৰ বা অন্য মেডিকেল উপায়েৰে sex change কৰি শৰীৰ পৰিৱৰ্তন কৰে তেতিয়া তাক trans sexual বোলে৷ Transgender ৰ এনেকিছুমান ব্যক্তি থাকে যাৰ শৰীৰ জননাংগ বা প্ৰজনন তন্ত্ৰ বিকাশৰ প্ৰক্ৰিয়া অনুসৰি সম্পূৰ্ণ পুৰুষো নহয় বা সম্পূৰ্ণ মহিলাও নহয়৷ তাৰ মাজৰ অৱস্থাটোও বুলিব নোৱাৰি৷ জিনীয় দিশ, শাৰীৰিক গঠন, সামাজিক চেতনা, নিজৰ মানসিক স্থিতি বা লিংগ চেতনাৰ ফালৰ পৰা ইয়াৰ বিভিন্ন ৰূপ বা চৰিত্ৰ থাকে৷ অৱশ্যে এই সম্পৰ্কে সংজ্ঞা সুস্পষ্ট নহয়৷ এই সকলৰ যৌন মনস্তত্ত্বও বিভিন্ন চৰিত্ৰৰ হ’ব পাৰে৷ এই ধাৰণা অতি আপেক্ষিক, জটিল, আভ্যন্তৰীণ আৰু ব্যক্তিনিষ্ঠ৷

হিজৰা কি?
হিজৰা ভাৰতীয় এক পৰম্পৰাগত ট্ৰেন্সজেণ্ডাৰৰ সমুদায়৷ ট্ৰেন্সজেণ্ডাৰ সম্পৰ্কে ভাৰতত এক জনশ্ৰুতি পোৱা যায়৷ বনবাসলৈ যোৱাৰ আগতে অৰ্থাৎ অযোধ্যা এৰাৰ আগতে আগবঢ়াবলৈ অহা সন্তাপিত ৰাজ্যবাসীক সান্ত্বনা দি পুৰুষ সকল আৰু মহিলাসকলক নিজৰ নিজৰ কামত যাবলৈ কৈ ৰাম বনলৈ গুচি গৈছিল৷ ১৪ বছৰ বনবাস খাটি ৰামে উভতি আহি দেখে যে কিছুমান লোক তেতিয়াও ৰৈ আছে৷ তেতিয়া ৰামে কি হ’ল সোধাত তেওঁলোকে কয় যে -“প্ৰভু, আপুনি পুৰুষ আৰু মহিলাসকলক হে কাজে কাজে যাবলৈ ক’লে৷ আমাকতো একো নোকোৱাকৈ গুচি গ’ল৷ সেয়ে আমি আপোনাৰ আদেশৰ বাবে এনেদৰেই ৰৈ আছোঁ৷” তেতিয়া সেই ব্যক্তিসকলৰ ভক্তিত ৰাম সন্তুষ্ট হৈ তেওঁলোকক বৰ দান কৰিলে৷ সেই কাহিনী অনুসৰি মানুহে বিশ্বাস কৰে যে হিজৰা সকলে দিয়া আশীৰ্বাদ বা শাওপাত ফলিয়ায়৷

যিহেতু আমাৰ পুৰুষতান্ত্ৰিক সমাজে ট্ৰেন্সজেণ্ডাৰ সকলক সমাজৰ অংগ বুলি স্বাভাৱিকভাবে আৰু সম সন্মানেৰে গ্ৰহণ কৰিবলৈ নিশিকিলে সেয়ে এই লিংগৰ লোকে যুগ যুগ ধৰি এই সমাজৰ পৰা আঁতৰত নিজস্ব কিছু ৰীতি-পৰম্পৰাৰ মাজেৰে নিলগে সমাজ এখন পাতি থাকিবলগা হৈছে৷ হিজৰা পৰম্পৰাত এখন হিজৰা সমাজত এগৰাকী গুৰুজী থাকে৷ হিজৰা সমুদায়ৰ সদস্য হোৱা ব্যক্তিসকলে সেই সমাজৰ গুৰুজীৰ ওচৰত দীক্ষা লয় আৰু হিজৰা সমুদায়ৰ নিয়ম মতে পৰম্পৰাগত জীৱন জীৱিকা, সাজ পাৰ আদি অনুসৰণ কৰে৷ হিজৰাসকলৰ সেই পৰম্পৰাত বিভিন্ন উৎসৱ পাৰ্বন আৰু পূজা পাতল কৰা হয়৷ সেই সমাজতে তেওঁলোকৰ শিক্ষা দীক্ষা আদি পাৰ্য্যমানে হয়৷ কেনেকৈ বাদ্য বজাব লাগে, কেনেকৈ নাচিব লাগে, কেনেকৈ হাত তালি বজাব লাগে, কেনেকৈ গালি পাৰিব বা আশীৰ্বাদ দিব লাগে, কেনেকৈ ৰে’ল বা বাছত পইচা তুলিব লাগে সেইবোৰকে ধৰি বিভিন্ন কথা শিকোৱা হয়৷ হিজৰাসকলে প্ৰথমে ঘৰত, তাৰপিছত সমাজত নানা লাঞ্চনা, ঘৃণা আৰু তিৰষ্কাৰৰ সন্মুখীন হয়৷ মানুহৰ মৰমৰ অভাৱ আৰু নিৰ্মম অত্যাচাৰত তেওঁলোকৰ আচৰণ কেতিয়াবা ৰুক্ষ আৰু অসামাজিক হৈ পৰে৷ সমাজ আৰু পৰিয়ালে গ্ৰ্হণ নকৰাৰ বাবে তেওঁলোক আনুষ্ঠানিক শিক্ষা-দীক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হয়৷ তেওঁলোকৰ জীৱনৰ কোনো প্ৰমূল্য নোহোৱা হৈ পৰে৷

আমাৰ সমাজত যৌনতা বুলিলে কেৱল পুৰুষ মহিলাৰ দ্বাৰা তথা পুৰুষাংগ যোনিৰ ভিতৰত সুমুৱাই (Vaginal intercourse) কৰাকেই একমাত্ৰ সমাজ স্বীকৃত আৰু স্বাভাৱিক যৌনতা বুলি গণ্য কৰা হয়৷ কিন্তু ইয়াত বাহিৰেও oral sex, anal sex, হাত আদিৰ দ্বাৰা লাভ কৰা যৌনতায়ো শাৰীৰিক বাসনাৰ ক্ষুধা পূৰণ কৰিব পাৰে৷ ভাৰতীয় সংবিধানে ২০১৪ চনত ট্ৰেন্সজেণ্ডাৰ সকলক তৃতীয় লিংগ বা অন্যান্য লিংগ সমুদায় হিচাপে সাংবিধানিক পৰিচয় আৰু অধিকাৰ প্ৰদান কৰে যদিও সম লিংগৰ মাজত হোৱা এই ধৰণৰ যৌনতাক ভাৰতীয় আইনে ধাৰা IPC ৩৭৭ মতে স্বীকৃতি দিয়া নাই৷ এই ধাৰাত লিখা আছে এই বুলি – “ Unnatural offencesঃ Whoever voluntarily has carnal intercourse against the order of nature with any man, woman or animal shall be punished with imprisonment for life, or with imprisonment of either description for a term which may extend to ten years, and shall also be liable to fine.
Explanationঃ Penetration is sufficient to constitute the carnal intercourse necessary to the offence described in this section “ অৰ্থাৎ vaginal intercourse ৰ বাহিৰে বাকী সকলো যৌনাচাৰক এই আইনে অবৈধ ঘোষণা কৰিছে৷ মুক্ত আৰু লিবাৰেল দৃষ্টিৰে চাবলৈ গ’লে- Homosexuality কোনোধৰণৰ অপৰাধ নহয়, যদি ই দুজনৰ পাৰস্পৰিক ঈচ্ছানুসৰি সম্পন্ন হয়৷ ১৮৬২ চনতে ইংৰাজে সেই সময়ৰ মানসিকতা অনুসৰি সংবিধানত এই IPC ৩৭৭ ধাৰাটো প্ৰচলন কৰিছিল৷ কিন্তু বৰ্তমানৰ বাবে এই তথাকথিত আৰু ভ্ৰান্ত আইনখনক কি কাৰণে প্ৰচলন কৰি ৰখা হৈছে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ কিয়নো ইতিমধ্যে বিশ্বৰ খ্যাতনামা মনোবিজ্ঞানী আৰু শৰীৰবিদৰ লগতে ভাৰতীয় মনোবিজ্ঞানী আাৰু শৰীৰবিদসকলেও ঘোষণা জাৰি কৰিছে যে সমকামী আৰু দ্বিকামী যৌনাকাংক্ষা কোনো বিসংগতি নহয়, প্ৰাকৃতিক আৰু জিনীয়৷ অৱশ্যে বহুকেইটা সংগঠন আৰু স্বেচ্ছাসেৱী অনুষ্ঠানৰ নেৰা-নেপেৰা প্ৰচেষ্টাত এই আইনৰ বিৰোধিতা আইনী প্ৰক্ৰিয়াৰে চলি আছে আৰু শেহতীয়াকৈ এই আইন বাতিল কৰি সমকামীসকলৰ সমঅধিকাৰৰ বাবে নতুন আইন প্ৰণয়ণৰ চেষ্টাৰে আৰু বিভিন্ন শুনানী চলি আছে৷ ইতিমধ্যে আৰ্জেণ্টিনা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফিনলেণ্ড, ইংলেণ্ড, আয়াৰলেণ্ড, ব্ৰাজিল, ফ্ৰান্স, চুইদেন, দক্ষিণ আফ্ৰিকা, স্পেইন, কানাডা, বেলজিয়াম, নেডাৰলেণ্ড, মেক্সিকো আদি দেশত সমলিংগীয় বিবাহ আৰু যৌনতাক আইন আৰু সমাজে স্বীকৃতি দিছে৷

আমি এনে এটা পৰিৱেশ ৰচনা কৰিব লাগিব যাতে ট্ৰেন্সজেণ্ডাৰ সকলে হিজৰা কমিউনিটিত থকাৰ সলনি আমাৰ লগত একেলগে একেখন সমাজৰ অংশীদাৰ হৈ খোৱা-বোৱা পঢ়া শুনা কৰিব পাৰে৷ কাৰণ তেওঁলোক পৃথক অথবা অস্বাভাৱিক নহয়৷ আমাৰ ধাৰণাই হে তেওঁলোকক পৃথক কৰি ৰাখিছে৷ শৰীৰৰ স্বাধীনতা, প্ৰেমৰ স্বাধীনতা আৰু প্ৰাকৃতিক আৱেগ আৰু সম্পৰ্কক মুক্তভাৱে গ্ৰহণ কৰা উচিত৷ আপোনাৰ ঘৰত, চুবুৰীত যদি LGBT ব্যক্তি থাকে, তেনে শিশু জন্ম হয় তেতিয়া তাক আৱৰ্জনা বুলি নাভাবিব৷ বৰঞ্চ গৌৰৱ কৰক৷ মৰম চেনেহেৰে লালন কৰক, বন্ধুত্ব স্থাপন কৰক৷ শিক্ষা দীক্ষাৰে আন শিশুৰ দৰে সাহসেৰে সমাজত আগবঢ়াই নিয়ক৷ সমলিংগীয় আৰু ট্ৰেন্সজেণ্ডাৰৰ অধিকাৰ আৰু সামাজিক মান্যতাৰ বাবে সাহসেৰে সিহঁতক যুঁজিবলৈ প্ৰেৰণা দিয়ক, আপুনিও সিহঁতৰ হৈ মাত মাতক৷ এই সমাজত মুক্তভাৱে জীৱন যাপন কৰা অধিকাৰ সকলোৰে আছে৷ মনত ৰাখিব আমি আধুনিক পৃথিৱীৰ বাসিন্দা; পুৰণি নিয়মৰ শিকলি ভাঙি নতুন সমাজ এখন গঢ়াৰ দায়িত্ব আমাৰ৷■■

(সাপ্তাহিক জনমভূমিত প্ৰকাশিত)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!