শব্দ -(অনামিকা চলিহা)

শব্দ
-অনামিকা চলিহা৷
হঠাৎ মোৰ গাটো জিকাৰ খাই উঠিল৷ এই অজান অনুভূতি আগতে মই কেতিয়াও অনুভৱ কৰা নাছিলো৷ হাতখনে মোৰ আপোনা আপুনি বুকুখনক স্পৰ্শ কৰিলে৷ বুকুখনৰ ধক ধক শব্দটো যেন ঘন হৈ পৰিছে৷ আস এতিয়া মই কি কৰো? কিবা এটা অঘটণ যে ঘটিছে, বা ঘটিব নিশ্চিত৷ বুকুৰ ঘনাই হোৱা ধপধপনিৰ মাজতে মই কাণ দুখন থিয় কৰি ল’লো৷ কিজানি এই জোকাৰণিৰ, এই আচহুৱা শব্দৰ কিবা উম-ঘাম পাৱেই৷
কোনোবা এজন কোঠাটোৰ ভিতৰলৈ দৌৰি অহাৰ উমান পাইছিলো৷ মাৰ শৰীৰটোক দুবাহুৰ মাজত সুমুৱাই তেওঁ মৰমেৰে বুজাইছিল-
“ভয় নকৰিবা, মই আছো নহয়৷ মানুহবোৰে অলপো বুজি নেপায়৷ বোমা, ফটকা, আতচবাজীৰ আদিৰ শব্দত তোমাৰ গৰ্ভস্থ সন্তানৰ যে বিপদ মাতিব পাৰে৷ ”
সেইয়া মোৰ দেউতা হয়৷ দেউতাৰ কথাত মা আশ্বস্ত হৈছিল৷ তেওঁ মাক মোক লৈ কোৱা কথাকেইটাই মোৰ বুকুৰ ধপধপনি কমাই দিলে৷
নাই, ভয় কৰিবলগীয়া তেনেহ’লে একো নাই৷ দীপাৱলী নামৰ কিবা উৎসৱহে হৈছে৷ ফূৰ্ত্তিতে মানুহবোৰে ফটকা, বোমা, আতচবাজী আদি ফুটাইছে হেনো৷ বেচেৰী মাজনীলৈ মোৰ ভয়েই লাগিছিল৷ যিহে কম ধতুৱা মাজনী৷ মোলৈহে আকৌ মাৰ চিন্তা বেছি৷ নহ’বনো কিয়? মই যে তেওঁলোকৰ মৰম, ভালপোৱাৰ প্ৰতীক হয়৷ মই এই পৃথিৱীত ভূমিষ্ঠ হোৱাৰ দিনটোলৈ তেওঁলোকে বৰ আশাৰে বাট চাই আছে৷
এই পৃথিৱীলৈ আহিবলৈ আৰু মোৰ বেছিদিন নাই৷ মাজে মাজে মায়ে দেউতাক সেই বিশেষ দিনটোৰ কথা কয়৷ দেউতাও যেন সেই দিনটোলৈ সীমাহীন হেপাঁহেৰে অপেক্ষা কৰিছে, তেওঁৰ কথাৰপৰা গম পাওঁ৷
”আমি খুব কেয়াৰফুল হ’ব লাগিব, মৌছুমী৷ আমাৰ মাইনাটোক পৃথিৱীৰ সকলো কলুষতাৰ পৰা আতঁৰাই ৰাখিব লাগিব৷ ”
পৃথিৱীখন সচাঁকৈয়ে কলুষতাৰে ভৰপুৰ নেকি? মইনো বাৰু কেনেকৈ জানিম?
মোৰ পৃথিৱীখনটো মাৰ মাজতেই সীমাৱদ্ধ৷ আজি অলপদিন মানহে হৈছে মাৰ জৰিয়তেই বাহিৰৰ পৃথিৱীখনৰ অলপ আওঁঁ ভাওঁ পোৱা হৈছো৷
আজি বোলে কিবা ক’লা দিৱস পালিছে৷ দেউতাই মাৰ লগত দিনত কথা পাতি থকা শুনিছিলো৷ ২০০৮ চনৰ আজিৰ দিনটোতেই উগ্ৰপন্হী বোলা কিছুমান মানুহে হেনো বোমা দি বহু নিৰীহ মানুহক হত্যা কৰিছিল৷ মানুহ ইমানো নিষ্ঠুৰ হ’ব পাৰেনে? তদুপৰি মাজে মাজে এনে উগ্ৰপন্হীয়ে য’তে ত’তে বোমা বিস্ফোৰণ ঘটাই থকাৰ কথা মা-দেউতাই আলোচনা কৰি থকা শুনো৷ সৰু ল’ৰা-ছোৱালীও বোলে তেওঁলোকৰ এই নিষ্ঠুৰ হাতোৰাৰপৰা সাৰি নেযায়৷ ধেমাজী নে কি ঠাইত বহু স্কুলীয়া ল’ৰা-ছোৱালীৰ এনে বোমা বিস্ফোৰণত মৃৰ্ত্যু হৈছিল৷ তদুপৰি বোলে অনবৰত কিবাকিবি বন্ধ, আন্দোলন আদি হৈয়েই থাকে৷
মা দেউতাৰ মাজত হোৱা এইবোৰ কথা-বাৰ্ত্তা শুনি মাৰ গৰ্ভতে মই নিতাল মাৰো৷ তেনেহ’লে এই পৃথিৱীলৈ যোৱাটো মোৰ উচিত হ’বনে? মা দেউতাই মোক প্ৰয়োজনীয় সুৰক্ষা দিব পাৰিবনে?
দেউতাই মাক কোৱা কথাবোৰে মোক এই পৃথিৱীলৈ আহিবলৈ আগ্ৰহী কৰি তোলে৷
”আমাৰ সন্তানক আমি সকলোৰে পৰা সুৰক্ষা দি ৰাখিম৷ পৃথিৱীৰ কোনো কলুষতাই আমাৰ সন্তানক স্পৰ্শ কৰিব নোৱাৰে৷ ”
দেউতাই মাক কোৱা এই কথাবোৰ শুনি মই আশ্বস্ত হওঁ৷ মা দেউতাই মোক প্ৰয়োজনীয় নিৰাপত্তা দিব পাৰিব৷ মই মিছাই শংকিত হৈছো পৃথিৱীৰ বৰ্তমানৰ পৰিস্থিতিক লৈ৷
উধাতু খাই কোনোবা মাৰ ওচৰলৈ অহাৰ উমান পালো৷ শংকিত কণ্ঠেৰে মাক সুধিলে-“মাজনী, তুমি ভয় খালা নেকি? “
“নাই দেউতা, বোমাৰ শব্দত অলপ চক খোৱা যেন লাগিছিল৷ এতিয়া ঠিকে আছো৷ “মায়ে ক’লে৷
মায়ে কোৱা কথা শুনি ক’লে -“তোমাতকৈ মোৰ আহিবলগীয়া নাতি/নাতিনীটোৰ প্ৰতিহে চিন্তা বেছি৷ “
সেইয়া মোৰ ককা-আইতা আছিল৷ ককা-আইতাই মোক লৈ খুবেই যত্নৱান৷ মোৰ আগমণত তেওঁলোকে কি কি কৰিব, মাজে মাজে মাক কৈ থকা শুনো৷ মনটো মোৰ ভৰি পৰে তেতিয়া৷ কেতিয়া যে তেওঁলোকৰ কোলাত উঠিব পাৰিম, তাৰবাবে মনটো ব্যাকুল হৈ পৰে!
ককাই কিছুদিনৰ আগতে মাক কৈছিল-“মই পিছে নাতিনী এজনীহে বিচাৰো৷ “
হাঁহি মাৰি মায়ে কৈছিল-“সৱে দেখুন নাতিহে বিচাৰে দেউতা৷ আপুনি আকৌ নাতিনী বিচাৰিলে যে? “
’তুমি নুবুজিবা৷ কন্যা সন্তানৰ প্ৰতি মোৰ কিমান হেপাঁহ! ছোৱালী এজনী বিচাৰিছিলো, তিনিটাকৈ পুত্ৰ সন্তানহে হ’ল৷ তোমাৰ মাজত জীয়ৰীজনী বিচাৰি পালো৷ আজিকালি ল’ৰা-ছোৱালী বুলি কথা নাই বুজিছা৷ ছোৱালীবোৰহে বেছি দায়িত্বশীল হৈ পৰিছে৷ “
ককাৰ আবেগপূৰ্ণ কথাই মনটো ভৰাই তোলে৷ ককাৰ গালখনত চুমা এটা খাই দিবৰ মন যায়, যেনেকৈ দেউতাই মাক মৰমতে চুমা খায়৷
দেউতায়েও মই ছোৱালী হোৱাটোহে বিচাৰে৷ আনকি মোৰ নামটোও ছোৱালী হ’লে কি দিব ঠিক কৰি থৈছে হেনো৷
মায়ে তেতিয়া লাজ কৰি কয়-“আপুনি কি যে কথাবোৰ কয়? আমাৰ সন্তানে কথাবোৰ শুনি থাকিব৷ “
মাৰ গৰ্ভত মুখখন গুজি দেউতাই কয় মোক-“তুমি মোৰ পৰীজনী হ’বা নহয়নে? “
হাতখনেৰে যেন দেউতাৰ মুৰটোত হাত বোলাই দিব৷ টিপিককৈ গালখনত যেন চুমা এটা দিম তেনে লাগে মোৰ৷ পিছে মই যে অসহায়৷
মই পিছে এতিয়াও নেজানো মই ল’ৰা নে ছোৱালী হয়৷ পিছে ছোৱালীয়েই হওঁ বা ল’ৰাই হওঁ মোৰ চিন্তা কৰিবলগীয়া একো নাই৷ কাৰন মোৰ মা-দেউতা, ককা-আইতাই ল’ৰা-ছোৱালীক সমান মৰ্য্যদা দিয়ে৷
এতিয়া মাত্ৰ মই অপেক্ষাৰত সেই বিশেষ দিনটোলৈ৷ মাৰ গৰ্ভৰপৰা জন্ম লৈ মই সোঁ-শৰীৰে মাৰ বুকুত মুৰটো গুজি দিবলৈ, দেউতাৰ, ককাৰ, আইতাৰ কোলাত উঠি হাবু দুবু খাবলৈ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!