শিশুৰ ওমলা গীত…(দুলাল বৰুৱা)


শিশুৰ ওমলা গীত হৈছে মৌখিক বা লোকসাহিত্যৰ এক অন্যতম উপাদান। সাম্প্ৰতিক সময়ত বিশ্বায়নে আমাৰ ভাষা-সাহিত্যৰ ৰেহ-ৰূপ বদলাই দিছে। একে সময়তে বহু ঐতিহ্য অৱলুপ্তিৰ পথত। তেনে এক অসমীয়া জাতীয় জীৱনৰ অন্যতম সম্পদ হৈছে “শিশুৰ ওমলা গীত”। এসময়ত গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা শিশুহঁতে মুকলি আকাশৰ তলত ওমলা গীতেৰে আপোন মনেৰে উমলিছিল। মনৰ দিগন্ত বিস্তাৰিত কৰিছিল। আজি শিশুহঁতে ম’বাইল, কম্পিউটাৰক লৈ ওমলিছে। এয়া সময়ৰ আহ্বান। গতিকে উপায়ো নাই। শিশুৰ ওমলা গীতে শিশুমনৰ কৌতুহলদীপ্ত অনুভূতি প্ৰকাশ কৰে। অকণ-অকণিহঁতে শৈশৱৰ দিনবোৰত এইবোৰ গীতেৰে ওমলি-জামলি, ৰং-ৰহইচ কৰি ভাল পায়। খেলা-ধূলা কৰি ভাল পোৱাটো পৃথিৱীৰ সকলো শিশুৰে স্বাভাৱিক প্ৰৱণতা। ওমলা গীতৰ তালে তালে শিশুসকলে দলবদ্ধ হৈ খেল-ধেমালি কৰে।

এনে ক্ষেত্ৰত শিশুৰ কল্পনাপ্ৰৱণ মনেৰে হাতৰ মুঠিৰে দ’ল সাজি গোৱা এই গীতটোলৈ….

এইটো কাৰ দৌল?

ৰজাৰ দৌল

ভাঙিম নে নেভাঙিম?

নাভাঙিবা

ক’লী-ব’গীক মাতিম নে নেমাতিম?

নামাতিবা।

কেতিয়াবা অকৌ দুটা দলত ভাগ হৈ ৰজাঘৰৰ হুকুম অহাৰ ভাও ধৰি শিশুহঁতে গায়…

ৰজাই হুকুম দিছে

এদিম ছেদিম বাই

কি হুকুম দিছে?

এদিম ছেদিম বাই

ছোৱালী এজনী লাগে

এদিম ছেদিম বাই

কোনজনী ছোৱালী লাগে

এদিম ছেদিম বাই….

অলং-দলং নামৰ অন্য এটি খেল শিশুসকলৰ মাজত বেচ জনপ্ৰিয়। এই খেলত দুগৰাকী শিশু মুখা-মুখিকৈ থিয় হয়। মাজত ফাঁক ৰাখি দুয়োহাত ওপৰলৈ দাঙি ইজনে সিজনৰ হাতত ধৰি থাকোতে হাতৰ তলেৰে শাৰীপাতি বাকীসকল পাৰ হৈ যাওঁতে গাই থাকে…

অলং-দলং খেলিছোঁ

ৰজা-ৰাণী আহিছোঁ

ৰজা গ’ল ভটিয়াই

কায়ৈ মাছ জঁপিয়ায়…

উকুলি মুকলি নামৰ অন্য এটা খেলো অতি জনপ্ৰিয়। সকলো শিশু ঘূৰণীয়াকৈ বহি হাতৰ পতা সন্মুখৰ মাটিত থৈ এনেদৰে গীত গায়…

উকুলি মুকলি দুকুলি কাঁহী

সাদোৰ দৌ সোণৰ বাঁহী

আম পাতে চাম চেলায়

কঁঠাল পাতে সুৰসুৰায়

বুঢ়ী মিনি কৰদৈ পাত

এইখন এৰি এইখন কাট

ঠাই ভেদে এইদৰেও গায়-

কি কি চৰাইৰ কি কি নাও

সোণৰ চৰাই ৰূপৰ নাও

উদি মুদি কঁঠাল পাত

এইখন এৰি এইখন নাও….

শিশু মনৰ কোমলতাই চোতালত পিতপিতাই ফুৰা শালিকা-কপৌকেইটাক সামৰি লৈ এইদৰে মাতে…

শালিকী এ ৰতৌ তৌ

ভাত হ’ল শাক হ’ল

শালিকীৰ মাক কেনি গ’ল

এইখিনিতে আছিল গোবৰ খুঁচৰি

কোনোবাই লৈ গ’ল ডিঙি মুচৰি….

এনেদৰে শিশুমনে বগলীটোকো সবাহলৈ নহাৰ কাৰণ সোধে….

বগলীয়ে সবাহলৈ নগলি কিয়?

গৈছিলোঁ গৈছিলোঁ বাটতে বৰষুণে পালে

চেংদৈৰ ঘৰতে সোমাব খোজোতে

পখৰা কুকুৰে খেদে;

ছেই কুকুৰ ছেই

নাহিবি জপনা দেই

বাঁহৰ মূঢ়া বগৰীৰ গুড়া

ক’ৰ পৰা আহিলি চকু চেলোৱা বুঢ়া?…

মোমায়েকৰ ঘৰ শিশুসকলৰ বৰ হেঁপাহৰ। কলঠৰূৱা এডালকে ঘোঁৰা সাজি চেঁকুৰি ফুৰা শিশুহঁতে গায়…

ইৰিকটি মিৰিকটি বাঁহৰ নঙলা

মোমাই পদূলিত বান্ধিলোঁ ঘোঁৰা…

গধূলিৰ আকাশত জিলিকি থকা জোনবাইটোক এটা বেজি খোজা, হাতি কিনি বৰ মানুহ হোৱাৰ সপোন দেখা আদি শিশু সকলৰ কোমল কোমল অনুভূতিসমূহো ওমলা গীতৰ মাজেৰে ভুমুকি মাৰে। এই গীতবোৰৰ মাজত লুকাই থকা নিষ্পাপ হাঁহি আনন্দকেই আপোনমনে শিশুৱে বিচাৰে আৰু এই আনন্দৰ মাজেৰে ভালেমান কথা শিকাৰ সুযোগ পায়, শিশুসকলৰ মনৰ জড়তা লোপ পায় আৰু দহজনৰ সৈতে সহজে মিলিব পাৰে। ওমলা গীতত অসমীয়া সংস্কৃতি চহকী যদিও লাহে লাহে ইয়াৰ প্ৰভাৱ কমি অহা দেখা গৈছে। এই গীতবোৰ শেষ হৈ যোৱাৰ লগে লগেই অসমীয়াৰ লোক সাহিত্যৰ এবিধ উপাদান হেৰাই যাব……।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!