শিশু নাটক- পৰিবৰ্তন আৰু বিকাশ — বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰ

নাটক নো আমি কিয় কৰো? বহুতেই আমাক এই প্ৰশ্নটো কৰে। প্ৰশ্নটোৰ উত্তৰ
দিবলৈ একেষাৰে টান হব। মোৰ বাবে নাটক – চিনেমা মানসিক খাদ্য। ই নিচা, যি লাহে
লাহে পেছালৈ পৰিবৰ্তন হৈছে। নাটক অবিহনে আমাৰ জীৱনটো অসম্পূৰ্ণ। যোৱা বৰ্ষৰ
পৰা সমগ্ৰ অসমতেই নাটক বন্ধ হৈ আছিল, কিছু দিনৰ পৰা পুনৰ কোনো কোনো বিশেষ
দলে নাটকৰ কাম আৰম্ভ কৰিছে যদিও আমাৰ দৰে গাঁও অঞ্চলৰ নাট্যদল সমূহে পুনৰ
নাট প্ৰযোজনাৰ সাহস কৰিব পৰা নাই। শিশু নাটকে অসমৰ নাটকৰ পৰিবেশটোত এটা
বিশেষ ভূমিকা পালন কৰি আহিছে। শিশুক শিকাবলৈ সহজ, শিশু সকলৰ স্মৃতিশক্তি
সাধাৰণতে বেছি থাকে। পৰিচালকে কোৱাৰ দৰেই কামবোৰ কৰি যায়। শিশু নিস্পাপ মনৰ,
আখৰাৰ সময়ত অপ্ৰয়োজনীয় বিষয়ত মন নিদিয়ে। সময়ৰ লগে সকলো পৰিবৰ্তন হয়।
সাহিত্য ও ৰূপ সলায়। নাট্য-সাহিত্যটো পৰিবৰ্তন আহে। সাহিত্য বুলি কওতেই এটা
কথা মনলৈ আহিছে, নাটক যিদৰে সাহিত্য, সেইদৰে নাটক এবিধ কলা। নাট্যকাৰে ৰচনা
নাটক এখন মঞ্চস্থ হলেহে ই নাটকৰ পূৰ্ণাংগ ৰূপ পাব। গতিকে নাটক ৰচনাৰ বাবে
নাট্যকাৰ গৰাকীক অভিনয় আৰু মঞ্চ জ্ঞানৰ প্ৰয়োজন। বৰ্তমান সময়ত নাটকত
সংলাপৰ প্ৰয়োগ কমি আহিছে। নাটকত নাট্যকাৰে কেৱল প্ৰয়োজনীয় সংলাপখিনিহে
ৰাখিব লাগে। নাটকক যাতে অভিনেতা সকলে সংলাপৰ উপৰিও নিজস্ব অভিনয়ৰ
যোগেদি, পৰিচালকে নিজস্ব পৰিকল্পনাৰ যোগেদি নাটকখনক সম্পূৰ্ণ ৰূপ দিব পাৰে
তাৰ প্ৰতি নাট্যকাৰে গুৰুত্ব দিব লাগে। শিশু নাটকৰ ক্ষেত্ৰত নাটকখনৰ বিষয়বস্তু
শিশুৰ উপযোগী হোৱাৰ প্ৰয়োজন- শিশু সকলৰ সমস্যা, শিশু মনৰ কল্পনা, শিশুৰ সপোন
ইত্যাদি ইত্যাদি। শিশু নাটকত হাস্য ৰসৰ প্ৰয়োগ খুবেই প্ৰয়োজন, যাতে শিশু সকলে
নাটকৰ লগত ওমলাৰ পৰিবেশ পায়। সেয়েহে শিশু নাটকত গীত-নৃত্যৰ ব্যৱহাৰ দেখা
যায়। . শিশু নাটক আৰু শিশু অভিনয় বিকাশৰ ক্ষেত্ৰত অসমৰ বিভিন্ন স্থানত হোৱা
শিশু নাট কৰ্মশালা সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বহুসময়ত ৰাষ্ট্ৰীয়
নাট্য বিদ্যালয় (NSD) ৰ সৌজন্যতো বিভিন্ন নাট কৰ্মশালা অনুষ্ঠিত হৈছে। অসমৰ
বিভিন্ন স্থানত মূলতঃ জুলাই আৰু ডিচেম্বৰ মাহত শিশু নাট কৰ্মশালাবোৰ অনুষ্ঠিত
হয়। কৰ্মশালা সমূহত শিশুৰ বৌদ্ধিক-মানসিক বিকাশৰ বাবে বিভিন্ন কাম কৰোৱা হয়।
এনে এক কৰ্মশালাই যে শিশু অভিনয়েই শিকাই এনে নহয়, কৰ্মশালা এটা কৰাৰ পাছত
শিশুয়ে কথা পাতিবলৈ শিকে, আত্মবিশ্বাস বৃদ্ধি পায়, লাজ কমে, এখন সমাজৰ লগত

জড়িত হৈ থকিবলৈ প্ৰয়োজন হোৱা আচাৰ ব্যৱহাৰ শিকে, দায়িত্ববোধ বুজি পায়।
গতিকে কৰ্মশালা নতুন অভিনেতাৰ বাবে খুবেই প্ৰয়োজন। শিশু নাটক বিকাশৰ ক্ষেত্ৰত
নাট প্ৰতিযোগিতা সমূহে বিশেষ ভূমিকা পালন কৰি আহিছে। অসমৰ বিভিন্ন ঠাই সদৌ
অসম ভিত্তিত বা কোনো জিলা ভিত্তিত একাংকিকা আৰু পূৰ্ণাংগ শিশু নাট
প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয়। শিশু নাট প্ৰতিযোগিতাৰ ক্ষেত্ৰত সদৌ অসম মইনা
পাৰিজাতৰ অৱদান উল্লেখযোগ্য। মইনা পাৰিজাতে আঞ্চলিক, জিলা আৰু ৰাজ্যিক
তিনিটা ভাগত প্ৰতিযোগিতা অনুষ্ঠিত কৰে। অসমৰ গ্ৰাম্যাঞ্চলৰ শিশু সকলৰ বাবে
মইনা পাৰিজাত এটা চিনাকি নাম। শিশু নাটকৰ জড়িত ব্যক্তি সকলো শিশুৰ দৰে হব
পাৰিব লাগিব। শিশুৰ মনটোক বুজিব পাৰিব লাগিব। শিশুয়ে ভালপোৱাৰ দৰে কামবোৰ
কৰিব পাৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!