"শিশু সাহিত্য বিশেষ" – মা মাথোঁ তুমি (লাহিতা দাস)

প্ৰথম শব্দ মাঁ,
মা মোৰ মৰমৰ
দিয়ে চিনাকী জগত |
 
তুমি ভগৱান
পূজিম কিদৰে,
দেখিলোঁ জন্মভূমি
শিকিলোঁ জীৱনৰ
প্ৰধম লক্ষ্য |
 
পৃথিৱীত চিনাকী
দিব পৰিলোঁ,
মা মাথোঁ তোমাৰ বাবে |
 
ম‌ই ভাগ্যবান
তোমাৰ কোলাত
জন্মগ্ৰহণ কৰি,
ম‌ই ভাগ্যবান হ’ম
জনমে জনমে তোমাৰ
কোলাত জন্ম লৈ |
 
সেয়ে ম‌ই ক’ব খোজো
চিঞৰি চিঞৰি,
মোৰ তেজত
মোৰ প্ৰাণত,
মা মাথোঁ তুমি
মা মাথোঁ তুমি |
 
লাহিতা দাস, ষষ্ঠ শ্ৰেণী, পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!