শৃংগাৰঃ নবীনৰ পঠনযোগ্য এক সৃষ্টি

উপন্যাসিক–নীলোৎপল তালুকদাৰ
পৰ্যালোচক– হৰ্ষজিৎ কলিতা


অসমীয়া উপন্যাসৰ ক্ষেত্ৰত যোৱা কেইটামান বছৰত দেখা পোৱা এক বৈশিষ্ট্য হ’ল ইয়াত নবীনৰ অংশগ্ৰহণৰ সংখ্যালঘিষ্ঠতা।গল্প আৰু কবিতাত যিদৰে নবীনৰ অংশগ্ৰহণৰ আধিক্যই আমাক এটা সুষম ভৱিষ্যতৰ আগলি বতৰা কঢ়িয়াই আনিছে একেদৰে উপন্যাসৰ ক্ষেত্ৰত ইয়াৰ ব্যতিৰেক হোৱাই এটা মৃদু শংকাও আমাৰ মন গহনত ঘনীভূত কৰাইছে।
এনে সময়তে শেহতীয়া গুৱাহাটী গ্ৰন্থমেলাৰ সময়ত প্ৰকাশ পোৱা নবীন ঔপন্যাসিক নীলোৎপল তালুকদাৰৰ ‘শৃংগাৰ’ শীৰ্ষক নৱতম সাৰ্থক উপন্যাসখন পঢ়াৰ সৌভাগ্য হ’ল।’শৃংগাৰ’ লেখকৰ দ্বিতীয়খন উপন্যাস যদিও লেখকৰ গদ্যশৈলী তুলনামূলকভাৱে পূৰঠ।নতুন ঔপন্যাসিক হিচাপে পৰিশীলিত গদ্যভাষাৰ প্ৰকৰণ আৰু নিজস্বতা লেখকৰ সৃষ্টিত আমি দেখিবলৈ পাইছো।এই ধাৰাটো দীৰ্ঘকাল বৰ্তাই ৰাখিলে নীলোৎপল তালুকদাৰ অসমীয়া উপন্যাসৰ ভৱিষ্যতৰ এজন সফল কাহিনীকাৰ হব বুলি আমাৰ মনে ধৰে।
কাহিনীৰ ফালৰ পৰাও ‘শৃংগাৰ’ এখন সবল উপন্যাস।বাক্য গঢ়-গঠনৰ উত্তম সংযুতিৰে আমাৰ দৈনন্দিন জীৱন-মননত প্ৰবাহিত ঘটনা প্ৰবাহক লেখকে সাৰ্থক ৰূপ দিয়া বুলি একেষাৰতে ক’ব লাগিব।যাৰ ফলত উপন্যাসখনৰ মুখ্য চৰিত্ৰ অনু,সত্যজিৎ আদি চৰিত্ৰক বিছাৰি আমি দূৰলৈ যাবলগীয়া নহৈ আমাৰ চৌপাশৰ বৰ্তমানটোতেই বিছাৰি লব পাৰিছোঁ‌।এই চৰিত্ৰবোৰৰ নিৰ্মাণত লেখক উজুতি খোৱা নাই।উপন্যাসখনৰ অন্যতম অলংকাৰ হ’ল ইয়াত কাহিনীৰ ফাঁ‌কত সন্নিৱিষ্ট আৰু অধ্যায়ৰ নামাংকৰণত ব্যৱহৃত আকৰ্ষণীয় আৰু মনোদ্দীপক দুই এক শাৰী;যিবোৰ শাৰী আনকি মুগ্ধ পাঠকে ডায়েৰীৰ পাতত লিখি গুণগুণাই মনত কৰিবলৈকো ভাল পাব।পাঠকৰ হৃদয় তন্ত্ৰীৰ লগত একাত্মতা সৃষ্টিয়েই সাৰ্থক কাহিনী সৃষ্টিৰ মূল বুলি যদি আমি মানি লওঁ তেনেহ’লে শৃংগাৰক এইবাবেই সাৰ্থক আৰু সফল সৃষ্টি বুলিব পাৰি যে ‘শৃংগাৰে’ কোনো নতুন পৰীক্ষণ অবিহনেই পৰম্পৰাগত শৈলীৰেই পাঠকক উদ্বুদ্ধ কৰিছে আৰু পাঠকৰ অন্তৰ্জগতত নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ সক্ষম হৈছে।
কম দিনৰ ভিতৰতেই শৃংগাৰে সামগ্ৰিকভাৱে পাঠকৰ মনোজগতত এক স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।নৱতম গ্ৰন্থ হৈয়ো ইমান কম দিনৰ ভিতৰতেই গুণগ্ৰাহী পাঠকৰ মাজত শৃংগাৰে স্থান লাভ কৰিবলৈ সক্ষম হোৱাটোও শৃংগাৰৰ পক্ষে এক আশাৰ খবৰ।পৰৱৰ্তী সময়তো ইয়াতকৈ অধিক সফল আৰু সবল সৃষ্টিৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাটো লেখকৰ পৰা আমি কামনা কৰিছোঁ‌।
প্ৰকাশক- পাঞ্চজন্য প্ৰকাশন।
পৃষ্ঠাৰ সংখ্যা–২১৬।
মূল্য- ২০০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!