শেহতীয়া চলচ্চিত্র‘মাঝী-দ্য মাউন্টেইন মেন’চোৱাৰ অভিজ্ঞতা (লক্ষ্য জ্যোতি নাথ)

শেহতীয়া চলচ্চিত্র‘মাঝী-দ্য মাউন্টেইন মেন’চোৱাৰ অভিজ্ঞতা

‘Manjhi, The Mountain Man’ চিনেমাখন২১ আগষ্টত মুক্তি পালে। চলচ্চিত্রখনৰ Manjhiচৰিত্রত মাথোঁ কেইখনমান চলচ্চিত্ৰত অভিনয় কৰিয়ে বলীউদত খলকনি তোলা নৱাজুদ্দিন ছিদ্দিক আৰু হিন্দী, বেংগলী, তামিল, তেলেগু, মাৰাঠী, মালায়ালম সকলো ভাষাৰ চলচ্চিত্রত অভিনয় কৰা মোহময়ী অভিনেত্ৰী ৰাধিকা আপতে (Radhika Apte) য়ে Manjhiৰ পত্নী ফাগুনী দেৱীৰ চৰিত্ৰত অভিনয় কৰিছে বুলি গম পাইছিলোঁ। লগতে অসমৰ উৰ্মিলা মহন্ত আৰু আশ্ৰাফুল হকে অভিনয় কৰা জীৱনৰ শেষ চলচ্চিত্রখন মুক্তি পোৱা বুলি শুনি চলচ্চিত্রখন চোৱাৰ হেপাঁহ মনত জাগি উঠিছিল।

মুম্বাইৰ চিনেমা হল এটাত বহি বহু উৎকণ্ঠাৰে অপেক্ষা কৰি আছিলোঁ চলচ্চিত্রখন আৰম্ভ হোৱাৰ বাবে। সঠিক সময়ত চলচ্চিত্রখন আৰম্ভ হ’ল আৰু প্রথমৰ পৰায়ে চলচ্চিত্রখনৰ প্রতিটো মুহূৰ্তয়ে মনত উৎকণ্ঠা বঢ়াই গৈছিল।মূলতে গোটেই চলচ্চিত্ৰখন এটা সঁচা কাহিনীৰ ওপৰত নিৰ্মিত। দশৰথ মাঞ্জি, মোৰ দৃষ্টিভংগীৰে ক’বলৈ গ’লে মহাত্মা গান্ধীৰ দৰে তেওঁও এজন সংগ্ৰামী পুৰুষ আছিল। মহাত্মা গান্ধীয়ে সংগ্ৰাম কৰিছিল ভাৰতৰ বাবে, দশৰথ মাঞ্জিয়ে সংগ্ৰাম কৰিছিল বিহাৰৰ গঁয়া জিলাৰ গেহল’ৰ নামৰ এখন সৰু গাঁওৰ বাবে। তেওঁৰ সংগ্ৰাম আছিল অলপ বেলেগ ধৰণৰ।প্রকৃততে দশৰথ মাঞ্জিৰ জন্ম হৈছিল ১৯৩৪ চনত বিহাৰৰ গেহল’ৰ নামৰ এখন গাঁওত। সেইসময়ত ভাৰতৰ অন্য ঠাইৰ দৰে বিহাৰতো বাল্য বিবাহ প্রচলন আছিল আৰু সেই প্রথা অনুসৰি দশৰথ মাঞ্জিকো বাল্যকালতেই ফাগুনী দেৱী নামৰ ছোৱালী এজনীৰ লগত বিবাহ কৰোৱাই দিছিল। এদিন ঋণৰ বোজা সহিব নোৱাৰি পিতৃয়ে মাঞ্জিক গাঁওৰ গাঁওবুঢ়াক বেচিব খোজাত সৰুতেই তেওঁ ঘৰৰ পৰা পলাই গুছি গৈছিল। বহু বছৰ পাছত তেওঁ গাঁওলৈ উভতি আহে আৰু ফাগুনী দেৱীৰ সৈতে গাঁওতেই সংসাৰ আৰম্ভ কৰে।

গেহল’ৰ গাঁওখনৰ লগত গেহল’ৰ নামৰ প্রকাণ্ড পাহাৰ এটাও লাগি আছিল। সেই পাহাৰটোৱে আছিল গাঁওখনৰ উন্নতিৰ বাধা। চিকিৎসালয়, বজাৰ আদি সকলো পাহাৰটোৰ সিপাৰে আছিল, পাহাৰটোৰ বাবে গাঁওখনৰ লগত যোগাযোগত ব্যাঘাত জন্মিছিল।

কিন্তু সকলো বাধা গাঁওবাসীয়ে নিৰৱে সহি আছিল, কোনেও সেই সমস্যা সমাধানৰ বাবে ভবা নাছিল বা যত্নও কৰা নাছিল।

এদিন দশৰথ মাঞ্জিৰ পত্নী ফাগুনী দেৱী কলহত পানী আনিবলৈ পাহাৰ বগাই সিফাললৈ গৈছিল আৰু তেতিয়াই ফাগুনী দেৱী পাহাৰৰ পৰা পিছল খাই তলত পৰি মৃত্যুক সাৱতি লৈছিল। সেই ঘটনাটোত দশৰথ মাঞ্জিয়ে বহুত দুখ পাইছিল আৰু সেই ৰাতিয়ে তেওঁ প্রতিজ্ঞা কৰিছিল যে তেওঁ এই পাহাৰ ভাগি এটা ৰাস্তাতৈয়াৰকৰিব যাতে তেওঁৰ পত্নীৰ দৰে আৰু কোনো মৃত্যু মুখত নপৰে লগতে গাঁওখনৰো উন্নতি হয়।

সেই ৰাতিৰ পৰায়ে অৰ্থাৎ ১৯৬০ চনত তেওঁ অকলে সেই বৃহৎ পাহাৰটোক হাতুৰী লৈ ভাগিবলৈ আৰম্ভ কৰিলে।এনে নাভূত-নাশ্ৰুত কাণ্ড দেখি গাঁওবাসীয়ে পত্নী মৰা দুখত দশৰথ মাঞ্জি পাগল হৈ এইবোৰ কাম কৰিছে বুলি হাঁহিব, কৰ্কথনা কৰিব ধৰিলে। তেওঁ কিন্তু সেইবোৰ কথালৈ মন দিয়া নাছিল আৰু সদায় পাহাৰ ভাগিবলৈ অকলে গৈছিল। এদিন-দুদিন, এমাহ-দুমাহ, এবছৰ-দুবছৰ নহয় ১৯৬০ চনৰ পৰা ১৯৮২ চনলৈকে মূঠ ২২ বছৰ একেৰাহে পাহাৰটো হাতুৰীৰে অকলে ভাগি ভাগি ৩৬০ ফুট দীঘল, ২৫ ফুট দ, ৩০ ফুট বহল পাহাৰৰে মাজৰে এটা ৰাস্তা তৈয়াৰকৰিলে।

সেই ৰাস্তাটোৱে বৰ্তমান আটৰি (Atri) আৰু ৱাজিৰগঞ্জ (Wazirrganj) নামৰ ঠাইদুখনক সংযোগ কৰিছে। পাছলৈ সেই পথটোক চৰকাৰে পকী কৰি ‘দশৰথ মাঞ্জি পথ’ নামেৰে নামকৰণ কৰিলে।অকলে পাহাৰ ভাগি ৰাস্তা তৈয়াৰকৰাৰপাছৰ পৰাই তেওঁক ‘The Mountain Man’ বুলি অভিহিত কৰে।

১৭ আগষ্ট ২০০৭ চনত গলব্লাডাৰত কৰ্কট ৰোগ হোৱা বাবে ৭৩ বছৰ বয়সত দিল্লীৰ AIIMS হস্পিতালত দশৰথ মাঞ্জিৰ মৃত্যু হয়।

বিহাৰ চৰকাৰে ২০০৬ চনত তেওঁক পদ্মশ্ৰী বঁটা দিবলৈ প্রস্তাৱ কৰিছিল।এয়া আছিল দশৰথ মাঞ্জিৰ প্রকৃত জীৱন। ‘Manjhi, The Mountain Man’ চলচ্চিত্রখনত মই লিখা প্রায়বোৰ কথায়ে সুন্দৰকৈ দেখুৱাইছে। চলচ্চিত্ৰখন পৰিচালনা কৰিছে কেটন মেহটায়ে (Ketan Mehta) এই চলচ্চিত্ৰখনেই আছিল অসমৰ গোৱালপাৰাৰ স্বৰ্গীয় আশ্ৰাফুল হকে অভিনয় কৰা শেষ চলচ্চিত্ৰখন। এই চলচ্চিত্ৰখনত আশ্ৰাফুল হকে দশৰথ মাঞ্জি (নৱাজুদ্দিন ছিদ্দিক)ৰ পিতৃ মাগ্ৰোৰ চৰিত্ৰত অভিনয় কৰিছে। মাগ্ৰো এজন দৰিদ্ৰ গাঁওৰ মানুহ। হালি যোৱা পুৰণি খেৰৰ ঘৰত থকা কাম কৰি খোৱা এজন মানুহ। দৰিদ্ৰতায়ে কোঙা কৰাৰ পাছত গাঁওৰ গাঁওবুঢ়াৰ পৰা লোৱা ঋণ ঘূৰাব নোৱাৰি তেওঁ তেওঁৰ নিজ পুত্ৰ দশৰথ মাঞ্জিক গাঁওবুঢ়াৰ হাতত গতাই দিবলৈ ওলাইছিল। গোটেই চলচ্চিত্রখনত আশ্ৰাফুল হকৰ অভিনয় আছিল নিখুত। মোৰ মাজে মাজে ভ্রম হৈছিল যে মই সঁচাই কাৰোবাৰ অভিনয় চাই আছোনে সঁচাকৈ হৈ আছে এইবোৰ।

চলচ্চিত্রখনতো বিহাৰৰ পিছপৰা গাঁওখনক নিখুতভাৱে ফুটাই তুলিছে।মানুহে কথাতে কয় নহয় “তই পাহাৰ ভাগিব নাযাৱ নহয়…” সঁচাকৈ দশৰথ মাঞ্জিয়ে অকলে পাহাৰ ভাগি ১১০ মিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা সজাইছিল। ভাবিলে আচৰিত লাগে সঁচাই এনে মানুহ আছে মানে!

চলচ্চিত্রখন চাই বহুত অনুপ্ৰেৰণা পালোঁ। চলচ্চিত্ৰখন নিৰ্মাণ নকৰাহৈ চাগে দশৰথ মাঞ্জিৰ এনে অনুপ্ৰেৰণামূলক, অসাধ্যকো যে নেৰা-নেপেৰাকৈ কষ্ট কৰিলে এদিন সাধ্য কৰিব পাৰি সেই কথাবোৰ গম নাপালোহেঁতেন।মোৰ বাবে জীৱনত অনুপ্ৰেৰণা পোৱা আন এক সফল চলচ্চিত্ৰ ‘Manjhi, The Mountain Man’

 

2 thoughts on “শেহতীয়া চলচ্চিত্র‘মাঝী-দ্য মাউন্টেইন মেন’চোৱাৰ অভিজ্ঞতা (লক্ষ্য জ্যোতি নাথ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!