শেৱালি (তুতুমনি শৰ্মা)

স্নিগ্ধ জোনাক ৰাতিবোৰ
সাক্ষী হৈ ৰ’ব
তৰা আৰু শেৱালিৰ
মৰমৰ প্ৰতিলিপিৰ,
এইয়াইটো শৰতৰ আহ্বান
নিৰৱ হৈ নিয়ৰকণাবোৰে
দূবৰিক সাৱতি ধৰিব,
কহুঁৱাই বা দি দি
আহিনা নৈখনিলৈ
চাই ৰ’ব মাথোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!