শেৱালি ফুলাৰ বতৰত (ৰিমঝিম বৰঠাকুৰ)

’এখন দেশত এজন ৰজা আছিল৷ ৰজাৰ দুজনী ঘৈণীয়েক আছিল…’ সিটো ৰুমৰ পৰা বুলুক আইতাকে কৈ থকা সাধুটো মাকণৰ কাণত ঠহৰ্ ঠহৰকৈ বাজিবলৈ ধৰিছে৷ বুলুক সদায় এনেকৈ শুৱাব লাগে ন’হলে তাই শুবলৈ মন নকৰে৷ দিনতো খেলি ভাগৰত লেবেজান হৈ সন্ধিয়াতে টোপনি আহে তাইৰ৷ কিন্তুু আইতাকে সাধু কৈ গাটো মোহাৰি নিদিয়ালৈকে তাই নোশোৱে৷ শাহুৱেকৰ মুখৰ সাধুতো কাণত পৰাত এনেকুৱা লাগিছে এইমাত্ৰই গৈ বুলুৰ লগতে শাহুমাকৰ বুকুৰ মাজত নিজেও সোমাই পৰি সাধুৰ মজা ল’ব৷
যেতিয়া তাই বুলুৰ বয়সৰ আছিল সাধু নুশুনিলে তাইৰো টোপনিয়ে নাহিছিল৷ আইতাকৰ খহটা হাত দুখনৰ পৰশ, জবাকুসুম তেলেৰে মলমলাই থকা চুলিখিনিৰ গোন্ধ। আস! এতিয়াই যেন গুচি যাব আইতাকৰ ওচৰলৈ৷ কেতিয়াবা আকৌ সেই গোন্ধোৱা তেলবোৰৰ কাৰণে গালিও পাৰিছিল৷ কিন্তুু এইবোৰ সকলো ধেমালি যে আইতাকেও বুজি পাইছিল৷ আইতাক ঢুকোৱাৰ বহুতদিনলৈকে তাই সেই চিনাকি গোন্ধটো বিচাৰি হাবাথুৰি খাই ফুৰিছিল৷ আইতাকে খুন্দি ৰঙা কৰি থৈ দিয়া তামোলখনৰ সোৱাদ তাই এতিয়াও পাহৰিব পৰা নাই৷ তামোল খাই সেলেঙী বোৱাই থোৱা মৰমৰ আইতাকজনী তাইৰ! আইতাকৰ কোলাখনৰ সমান নিৰাপত্তাৰ স্থান একোৱেই নাছিল তাইৰ কাৰণে৷ তথাপিও মাহীমাকে কমখন চেষ্টা কৰা নাছিল সেইখিনিও আজুৰি আনিবলৈ৷ মাহীমাকৰ কথা মনলৈ আহোঁতে তাইৰ মনত পৰিল এতিয়া তায়োতো এজনী মাহীমাক৷ কিন্তুু মাকণ তাইৰ মাহীমাকৰ দৰে নিষ্ঠুৰ কেতিয়াও নহয়৷ যিমান পাৰে তাই সতিনীয়েকৰ জীয়েকক মৰম কৰিবলৈহে চায়৷
‘..চিলনী আই মোৰ আগতে পৰে…’ আগৰখিনি কি আছিল বাৰু! ইমান চেষ্টা কৰিছে যদিও মনত পেলাব পৰা নাই মাকণে গানটো৷ আগতে আইতাকৰ মুখত শুনি শুনি মনত ৰৈ গৈছিল৷ এতিয়া কিমান বছৰ হ’ল আইতাকো নাই, সাধুও নাই শুনিবলৈ৷ লগতে সংসাৰৰ বোজাই সকলোবোৰ পাহৰাই পেলালে৷ আগতে এই সাধুটো তাইৰ আটাইতকৈ ভাল লগা সাধু আছিল৷ কেতিয়াবা মাহীমাকৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ চিলনীৰ জীয়েকে মতাৰ দৰে মাতিও চাইছিল কেনেবাকৈ মাকজনী আহেই বা! কিন্তুু ক’ৰ পৰানো আহিব মাকজনী সেইবোৰ সাধুকথাহে৷
আইনাখনৰ সন্মুখত ৰৈ চিলনীৰ জীয়েকৰ সাধুটো যিমানপাৰে মনত পেলাইছে মাকণে৷ চিলনীৰ নিচিনা মাক এজনী তাইৰো থকা হ’লে! এতিয়াই গানটো আঁওৰোৱাৰ লগে লগে তাইৰ সন্মুখত পৰিলহেঁতেন৷ মাকণৰ নিজৰ মাকজনীনো কেনেকুৱা আছিল বাৰু! যিমান চেষ্টা কৰিলেও মনত পেলাব পৰা নাই৷ তাইৰ দৰেই আছিল চাগে, কিয়নো যিয়েই তাইক দেখে সাইলাখ মাকৰ মুখখনে বুলিয়েই কয়৷ আকৌ এবাৰ আইনাখনত তাই মুখখন চাই ল’লে৷ এতিয়া চাগে শিৰত সেন্দূৰ, কপালত উদয় হ’বলৈ ধৰা বেলিটোৰ দৰে টিকটিকীয়া ৰঙা ফোঁটটোৰে গোটেইজনী মাকেই হৈ পৰিছে তাই৷ মাকৰ মৰম নোপোৱা মাকণে আইনাত নিজকে চাই থাকোতে যেন হঠাৎ কৰবাৰ পৰা উফৰি এটা শব্দ তাইৰ কাণত সোমাল ’মাৰৰ মূৰ খাইটি’৷ কোনে ক’লে বাৰু কথাষাৰ! গিৰিয়েকৰ ঘৰতো তাইক এইটো শব্দই লগ এৰা নাই৷ কোনো নাই দেখোন ইয়াত মাহীমাকজনীৰ নিচিনাকৈ তাইক গালি পাৰিবলৈ৷ দেউতাকৰ ঘৰত থাকোঁতে অতি চিনাকি আছিল এই শব্দটোৰ লগত তাইৰ৷
’কি হ’ল ইমান মাতি আছোঁ কোনখন জগতত আছ, যা ভাতকেইটা বাঢ়গে’ গিৰিয়েকে কাণৰ কাষত আহি কোৱা কথাষাৰত তাইৰ ধ্যান ভাগিল৷ খকা-মকাকৈ ওৰণিখন আগলৈ টানি কোঠাৰপৰা ওলাই পাকঘৰ পালেগৈ৷ কথাবিলাক ভাবি ইমানেই পাকঘূৰণি খালে যে শাহুৱেক,গিৰিয়েকক ভাত দিব লাগে বুলি পাহৰিয়ে গৈছিল৷ ভাতকেইটা সকলোকে দি নিজেও খাই চব অতাই মেলি আহে মানে বাকীবোৰ ইতিমধ্যে ঢাৰি পাটি ল’লেই৷ শাহুৱেকৰ ৰুমত পানীৰ ঘটিটো দি গিৰিয়েকৰ ৰুমৰ লাইটো অফ কৰি তাই নিজৰ কোঠাত সোমাল৷
এই ৰাতিবোৰ যিমান গভীৰ হৈ আহে তাইৰ দেখোন টোপনিও চকুৰপৰা নোহোৱা হয়৷ নিদ্ৰাবিহীন ৰাতিবোৰে তাইক কেতিয়াও লগ নেৰিবই চাগে৷ অকলে অকলে ইমান ডাঙৰ কোঠাটোত মাকণৰ কিবা অকলশৰীয়া যেন অনুভৱ হয়৷ বিয়া হোৱাৰ এবছৰেই হ’বৰ হ’ল কিন্তুু তাই এনেকৈ অকলশৰেই কটাই আহিছে ৰাতিবোৰ৷ যদিও মাকণে বিয়া হৈ সতিনীয়েকৰ কোঠা, বিছনা সকলো পালে কিন্তুু গিৰিয়েকৰ মনত পত্নী হিচাপে সেই স্থান কেতিয়াও দখল কৰিব নোৱাৰিলে৷
মাকণক গিৰিয়েকে প্ৰথমদিনা চাবলৈ যাঁওতে তাই গিৰিয়েকৰ ৰংটো দেখি মূৰ ঘূৰাই পৰি যোৱাৰ উপক্ৰম হৈছিল৷ একেবাৰে কিচকিচিয়া ইমান ক’লা মানুহো থাকেনে! চল্লিশৰ উৰ্দ্ধ মানুহটোলৈ সেই ফুলকুমলীয়া ছোৱালীজনীক বিয়া দিয়া মাহীয়েকজনীও কম নিষ্ঠুৰ নহয়! কলপ লগাই বগা চুলিক ক’লা কৰিবলৈ কৰা ত্ৰুটিহীন চেষ্টাক চেৰ পেলাইও কাণৰ কাষেদি ওলাই থকা পকা চুলি কেইডাল দেখি ভায়েকৰ মুখেদি ওলায়েই গৈছিল ‘ভিনদেউটো বুঢ়া’৷ সেইদিনা মানুহটোক দেখি তাইৰ যিমান ভয় লাগিছিল, এতিয়া সেই মানুহটোৰ সংগ পাবলৈ তাই সিমানেই আকুল হৈ থাকে৷ বিয়াৰ প্ৰথমনিশাই যি তাইৰ লগত বহি অলপ কথা পাতিছিল, তাৰপিছৰপৰা তাই ভালকৈ গিৰিয়েকৰ ছাঁটোও নেদেখে৷ কেতিয়াবা দৰকাৰ পৰিলে ওচৰলৈ আহে ক’বলগা কথাটোহে কয়, কিন্তুু পত্নী হিচাপে যি মৰ্যাদা পাব লাগিছিল তাৰ পৰা মাকণ এতিয়াও বঞ্চিত৷ তাই কেতিয়াও এইবোৰক লৈ গিৰিয়েকৰ ওচৰত গোচৰ তৰা নাই৷ কিয়নো বিয়াৰ প্ৰথমনিশাই তাইক সকলোবোৰ কথা বুজাই কৈছে প্ৰথমা পত্নী তেওঁৰ কাৰণে কি আছিল৷ একমাত্ৰ কণমানি ছোৱালীজনীৰ কাৰণেহে এই বিয়া পাতিবলগীয়া হ’ল যাতে তাই ’মা’ শব্দটো কি বুজি পায়৷ সেইদিন ধৰি গিৰিয়েকৰ কথা মনত ৰাখি নিজৰ দায়িত্ব পালন কৰি আহিছে৷ কিন্তুু জীয়েকেহে তাইৰ ছাঁটোও সহ্য নকৰে৷ প্ৰথমদিনাটো মাকৰ কোঠাটোত মাকণক শুবলৈ দিয়াৰ কাৰণে তাই কান্দি কাটি যিখনহে হুলস্থূল কৰিছিল তাইৰ সেইখন ঘৰৰপৰা ওলাই গুচি যাবলৈ মন গৈছিল৷ কিন্তুু যাব ক’ত! মাহীমাকৰ কিলটো, গোৰটো খাই থকাতকৈ তাই এইখন ঘৰত থকাই ভাল৷ দিন গ’লে সকলো ঠিক হৈ যাব বুলিয়েই তাইৰ আশা৷ খিৰিকীৰ ওচৰত কিবা চৰাই এটা আহি ঢপঢপাই থকা শব্দত তাইৰ জড়তা ভাঙিল৷ ৰাতিবোৰ তাইৰ সদায় এনেকৈয়ে যায় ভাবত ডুবি থাকোঁতে৷ শেষ নিশাহে নিদ্ৰাদেৱীৰ কোলালৈ যায়৷ মাকণৰ অৱস্থা দেখি বেৰত ওলমি থকা সতিনীয়েকৰ ফটোখনেও যেন তাইক ভেঙুচালিহে কৰে৷ সতিনীয়েকৰ ফটোখনলৈ চকু যোৱাত সেইখন মোহাৰি ভাঙি পেলাবলৈ মন গ’ল৷ কিন্তুু তাই সেইবোৰ একোৱে কৰিব নোৱাৰে যে! মাকণ কেতিয়াও মাহী ওৰফে মাহীমাকৰ দৰে কঠিন হৃদয়ৰ হ’ব নোৱাৰে৷
টোপনি আজিও অহাৰ আশা নাই৷ তাই লাহেকৈ খিড়ীকিখন খুলি দি বাহিৰলৈ চাই পঠিয়ালে৷ এটা চিনাকি যেন লগা মিঠা গোন্ধ তাইৰ নাকত লাগিলহি৷ তাইৰ কোঠাৰপৰা ধুনীয়াকৈ দেখা পোৱা শেৱালিজোপা ফুলি গোটেই গছজোপা বগা হৈ আছে৷ জোনাকৰ পোহৰত এনেকুৱা লাগিছে যেন তাত আকাশৰ তৰাবোৰ আহি মেলাহে পাতিছে৷ শেৱালিজোপালৈ চকু যাওঁতে তাইৰ মনলৈ আহিল কেতিয়াও পাহৰিব নোৱাৰা সেই ঘটনাটো৷ মাহীমাকে লগোৱা শেৱালি পুলিটো ঘৰৰে ছাগলীজনী আহি মহতিয়াই থৈ যাওঁতে তাইক কমখন বকিছিলনে৷ আইতাক আছিল বুলি কোনোমতে মাৰখোৱাৰ পৰা ৰক্ষা পৰিছিল৷ ঘৰখনত তাইক বাদ দি আৰু তিনিটা প্ৰাণী থকাৰ পিছতো মাহীমাকে ফুলজোপাৰ কাৰণে তাইকহে ধৰিলে৷ সেইটো মাত্ৰ আছিল এটা অজুহাতহে৷ ’মাৰৰ মূৰ খাইতি, এতিয়া বাপেৰৰ মূৰটোও চোবাইছ’ বুলি তাইক মাৰিবলৈ চোঁচা লৈ আহোঁতেই আইতাকে মাহীমাকক কোৱা শুনা পাইছিল তাই ’পেটত পোৱালি লৈ এনেকুৱা কাম নকৰিবি অ আই’৷ তেতিয়াহে তাই মন কৰিছিল মাহীমাকৰ দিনে দিনে আগলৈ বাঢ়ি অহা পেটটো আৰু কেইদিনমানৰ পিছতেই এটা মৰমলগা ভায়েকৰ জন্ম হয়৷
নিজৰ মাহীয়েকজনী মাহীমালৈ পৰিৱৰ্তন হৈ ইমান যে বেয়া হৈ যাব তাই ভাবিবই পৰা নাছিল৷ জন্মতেই মাকক হেৰুওৱা ছোৱালীজনীৰ দায়িত্ব মাহীয়েকে লৈছিল অন্ততঃ বুজা নোহোৱালৈকে তাইয়ে ডাঙৰ কৰিব৷ মাকণ বুজা হোৱাৰ পিছত মাহীয়েকক ল’ৰা এটা চাই বিয়া হৈ যাবলৈ আইতাকে কৈছিল৷ কিয়নো বয়সে কাৰোলৈকে বাট নাচায়৷ কিন্তুু আইতাকে মাহীয়েকৰ ছলনা বুজি পোৱা নাছিল৷ যেতিয়া বুজি পাইছিল তেতিয়া বহুত দেৰিয়েই হ’ল৷ এদিন চোতালতে কিবা কৰি থাকোঁতে মূৰ ঘূৰাই পৰি যাওঁতেহে মাহীয়েকে কেইবামাহো গা নোধোৱা কথাটো আইতাকে লক্ষ্য কৰিলে৷ বেছি পলম নকৰি আইতাকে সেইদিনাৰ পৰা মাকণক আইতাকৰ লগত শুবলৈ কৈ মাহীয়েকক দেউতাকৰ কোঠাত থাকিবলৈ দিলে৷ সেইদিনাৰ পৰাই মাহী গুচি ’মাহীমা’ হ’ল৷ মাহীমাক হোৱাৰ দিন ধৰি মানুহজনী এনেকুৱাকৈ সলনি হৈ গ’ল; আইতাকৰ সাধুত থকা মাহীমাক কেইজনীৰ নিচিনা যেন লাগে তাইৰ৷ আইতাকৰ মুখত সাধুবিলাক শুনি শুনি এদিন তাই নজনাকৈ কৈয়ে পেলাইছিল ’মই মাহীমাক হ’লে কিন্তুু সতিনীৰ ল’ৰা-ছোৱালীক মৰমহে কৰিম, শাস্তি নিদিও’৷ আইতাকে তাইৰ মূৰতে খকৰা-মূকটি কেইটামান দি ভিতৰলৈ নি এইবোৰ কথা আকৌ নক’বলৈ সঁকিয়াই দিলে৷ ‘মাহীমাক হ’ম’ বুলি কোৱা কথাটো নজনাকৈ কৈছিল যদিও এতিয়া এইটোৱে বাস্তৱ৷ মাকণ এজনী মাহীমা আৰু তাইৰ সতিনীয়েকৰ জীয়েক, যিয়ে তাইৰ ছাঁটোকে নসহে৷
মাকণৰ দেউতাক এনেকুৱা আছিল যিয়ে মাহীমাকৰ ভয়ত তাইক আগতে একোলা ল’বলৈ মন যোৱা স্বত্বেও ল’ব নোৱাৰে আৰু এতিয়া তাইৰ গিৰিয়েক যিয়ে জীয়েক আৰু আগৰজনী ঘৈণীয়েকৰ মৰমত মাকণ যে তেওঁৰ পত্নী সেই কথা মানিবলৈ টান পায়৷ তাইক বিয়া কৰাই আনিও আজিলৈকে পত্নীৰ মৰ্য্যাদাখিনিও দিয়া নাই৷ গিৰিয়েকৰ এই কথাটোত মাজে মাজে তাইৰ দুখ নলগাও নহয় কিন্তুু উপায় নাই৷ মাকৰ ঘৰখনতকৈ সুখতেই আছে বহুত৷
তাই বিয়া হৈ অহাৰ পৰা দেউতাকৰ ঘৰখনলৈ যোৱাই নাই সেই আঠমঙলা খাবলৈয়ে যোৱা৷ কেতিয়াবা মন গ’লে দেউতাক মনে মনে আহি মথাউৰিটোতে লগ কৰি যায়হি৷ সেইবোৰ কথাও যদি মাহীমাকে গম পায় সেইফালেও আধ্যা পৰিব৷ বহুত দিন হ’ল দেউতাক অহাও নাই তাইক চাবলৈ৷ একো খবৰো পোৱা নাই, কেনেবাকৈ মাহীয়েকে গম পোৱা নাইতো! কাইলৈ পাৰিলে গিৰিয়ককে লগত লৈ এপাক গৈ আহিব৷ এতিয়া চাগে মাহীমাকৰ স্বভাৱটো অলপ হ’লেও সলনি হৈছে৷ গিৰিয়েকৰ লগত গ’লে চাগে তাইক সেই চিনাকি শব্দটোৰে গালি নিদিয়ে৷ ভাবত বিভোৰ হৈ থাকোঁতে আকাশখনে যে আন্ধাৰৰ আৱৰণ ফালি নতুন পুৱাৰ উৰণিখন পিন্ধিবলৈ যো জা চলাইছে চৰাইবিলাকৰ কিচিৰ-মিচিৰ মাততহে মাকণে গম পালে৷ লৰালৰিকৈ খিৰিকীখন জপাই যিকণ পাৰে শুই লওঁ বুলি বিছনাত পৰিলহি৷
কেতিয়ালৈকে শুলে গম নাপায় দুৱাৰত কোনোবাই ডাঙৰকৈ শব্দ কৰাতহে সাৰ পাই লৰালৰিকৈ উঠি গ’ল৷
’অতি সোনকালে ঘৰলৈ ওলা, দেউতাৰে মাতি পঠাইছে৷’
গিৰিয়েকে কোৱা কথাকেইটা শুনি নিজৰ কাণকেইখনকে বিশ্বাস কৰিব নোৱাৰিলে৷ দেউতাকে মাতি পঠাইছে মানে মাহীয়েকজনী ভাল হ’ল চাগে আজিকালি৷ হওঁক যি হ’লেও বিয়া হোৱাৰ এবছৰৰ পিছত হ’লেও মাহীয়েকৰ মনটো গলিছে৷ তাই জানিছিলেই এদিন হ’লেও মাহীয়েকে তাইক বুজি পাব৷ মাকণেও একো পাপ কৰা নাই গোটেই জীৱনটো শাস্তি পাবলৈ৷ কিন্তুু এবাৰ আকৌ ভয়ো খালে এনেকৈ মাতি পঠোৱাৰ কাৰণ বেলেগ নেকি কিবা৷ নাই নাই আচলতে বহুতদিন তাই ঘৰত নাই যে সেয়ে মাহীয়েকৰ অলপ হ’লেও মনতো ভাল চাগে৷
মনৰ আনন্দতে মুখতে গান এটা গুণগুণাই তাই কিবা এটা ৰান্ধি জীয়েককে শাহুৱেককে খাবলৈ দি ঘৰলৈ যাবলৈ সাজু হ’ল৷ তাই সতিনীয়েকৰ জীয়েকজনীক ইমান মৰম কৰে তথাপিও তাই তাইৰ ছাঁটোকে সহ্য নকৰে৷ সেইকাৰণে তাইৰ অলপ দুখ লাগে৷ মাকণেতো তাইক কেতিয়াও মাহীমাকৰ চকুৰে নাচায়৷ এদিন তাইও বুজি পাব তাইৰ সঁচা মৰম আৰু গিৰিয়েকেও বুজিব তাইক ’মাকণ যে এতিয়া তেওঁৰ পত্নী’৷ কথাবোৰ মনতে ভাবি শাহুৱেকক সেৱা এটা কৰি গিৰিয়েকৰ চাইকেলত উঠিল৷
আজি তাইৰ ইখন গাঁৱৰপৰা সিখন গাঁৱ পাৰ হ’বলৈ বহুত সময় লোৱা যেন লাগিল৷ চাইকেলখনৰো বেগ কমি যোৱা যেন লাগিল৷ ’অলপ জোৰকৈ চলাব নোৱাৰেনে চাইকেলখন’ মনতে ভোৰভোৰাবলৈ ধৰিলে৷ দেউতাকে চাগে তাইলৈ বাট চাই পদূলিতে ৰৈ আছে৷ ভায়েকটো চাগে আগতকৈ অলপ ওখ হ’ল, কিমান দিন যে হ’ল নেদেখা তাক! মাহীমাকৰ কথা বাৰু ক’ব নোৱাৰে কিয়নো আগৰ কথাবিলাক মনত পৰিলে দেখোন তাইক যে এতিয়া মাহীমাকে মাতি পঠাইছে বিশ্বাসেই নহয়৷ মাকণ যিমান ঘৰৰ ওচৰ পাইছেহি সেই চিনাকি শেৱালিফুলৰ গোন্ধটো নাকত লাগিবলৈ ধৰিলেহি৷
মাহীয়েকে ৰোৱা পুলিতো ছাগলীয়ে খোৱাত তাই যিকেইটা ঢকা খাইছিল মাহীয়েকৰপৰা, পিছদিনা নতুন পুলি এটা লগাওঁতেহে মাহীয়েকৰ চোকা মুখখন বন্ধ হৈছিল৷ তাইৰ বিয়া হোৱাৰ বছৰটোত ফুলজোপা ফুলিবলৈ লৈছিল৷ কিন্তুু সেই শেৱালিৰ গোন্ধ তাই বেছিদিন ল’ব নোৱাৰিলেই মাহীয়েকে বিয়া দি দিলে তাইক৷ এতিয়া সেই গোন্ধটো নাকত লগাতহে অনুভৱ হ’ল- শেৱালি ফুলাৰ বতৰতে তাই এইখন ঘৰৰপৰা ওলাই আনখন ঘৰলৈ গৈছিল আজি আকৌ সেই বতৰতে ঘৰলৈ আহিছে৷ মানে এবছৰেই হ’ল তাইৰ বিয়া হোৱা৷ কথাবিলাক পাগুলি আহোঁতে তাই আৰু গিৰিয়েক আহি ঘৰৰ চোতাল পালেহি৷ গিৰিয়েকে চাইকেলৰপৰা নামিবলৈ কওঁতেহে মাকণ ভাবৰ জগতৰপৰা উভতি আহিল৷ চাইকেলখনৰ পৰা জঁপিয়াই নমাদি নামি গিৰিয়েকক চোতালতে এৰি মাকণে ’দেউতা দেউতা’ বুলি মাতি ভিতৰ পালেগৈ৷ কিন্তুু ঘৰখন যে ইমান নিজান পৰি আছে, তাই ভাবি অহাৰ নিচিনা একোৱে নাইচোন৷ তাইৰ বুকুখন কিবা অজান আশংকাত কঁপি উঠিল৷ পাকঘৰৰ ফালে ভুমুকি মাৰিবলৈ লওঁতেই কোনোবাই পিছফালৰপৰা মাত দিয়াত তাই ৰৈ গ’ল
’ক’ত সোমাব ধৰিছ মাৰৰ মূৰ খাইটি, জন্মতেই মাৰৰ মূৰটো খালি, এতিয়া আকৌ বাপেৰৰ মূৰটো চোবাব লাগিছ৷ বিয়া দিয়াৰ পিছতো এইখন ঘৰৰ সৰ্বনাশ কৰিবলৈ এৰা নাই৷ বাপেৰলৈ ইমান মৰম যদি ঘৰলৈ আহি লগ নকৰ কিয়? মথাউৰিত মনে মনে লগ কৰাৰ ফল চা কেনেকৈ পৰি আছে মানুহটো……’ আৰু কি ক’লে মাকণৰ কাণত একো নোসোমাল৷ তাই লাহে লাহে দেউতাক কোঠাটোত সোমাই দেখিলে পৰি আছে বিছনাত হাতে-ভৰিয়ে প্লাষ্টাৰ লগায়৷
সেইকাৰণে কেইবাদিনো লগ কৰিবলৈ যোৱা নাই দেউতাকে তাইক৷ সেইদিনা লগ কৰি আহোতে আন্ধাৰ হোৱাত মাহীয়েকে গম পাই বুলি দৌৰি দৌৰি আহোঁতে ক’ৰবাত উজুটিত কৰ্ফাল খাই একেবাৰে ৰাস্তাৰপৰা গৈ গেলা খাল এটাত পৰি এই অৱস্থা হ’ল‌৷ আচলতে তাইক দেউতাকে মতা নাছিল, মাহীয়েকে এজাউৰি জাৰিবলৈহে মাতি পঠাইছিল৷ দেউতাকৰপৰা কথাখিনি শুনি তাইৰ শোকে খুন্দা মাৰি ধৰিলে৷ সঁচাকৈয়ে চাগে তাই কুলক্ষণী ন’হলেনো তাইক লগ কৰি আহোঁতে এই অৱস্থা হয়নে৷ যি হয় সকলোবোৰ তাইৰ কাৰণেই হয়৷ সেয়ে গিৰিয়েকেও চাগে তাইৰ প্ৰাপ্যখিনিক অৱমাননা কৰি মৃত্যু হোৱা ঘৈণীয়েকৰ স্মৃতি লৈ জীয়াই আছে৷ জীয়েকজনীতো জীয়েকেই, শাহুৱেকে যি অলপ তাইক বুজি পায়৷ মনৰ দুখতে তাই কোঠাৰপৰা ওলাই আহি চোতাল পালেহি৷ চোতালত আহি শুনিলে গিৰিয়েক আৰু মাহীয়েকৰে কথোপকথন৷
’তেনেকৈ ন’কব আপুনি মাকণৰ কথা৷ এতিয়া তাই মোৰ মানুহজনী, কেনেকৈ তাই সেইখন ঘৰ ধৰি ৰাখিছে আপুনি গম নাপায়৷ মাহীমাক হৈও মোৰ ছোৱালীজনীক টোপ্ এটা নপৰাকৈ তাইয়ে ডাঙৰ কৰিছে…..’ গিৰিয়েকৰ মুখত কথাবিলাক শুনি তাই শিল পৰা কপৌৰ দৰে হ’ল৷ যিজন মানুহৰ ওপৰত তাইক পত্নীৰ দৃষ্টিৰে নোচোৱা কাৰণে যি অকণমান দুখ আছিল সেইকণো নোহোৱা হ’ল৷ কেৱল প্ৰয়োজনত তাইক মাত দিয়া মানুহজনে আজি মাকণৰ হকে মাত মাতিছে৷ যি হ’লেও তাইৰ কাৰণেতো কোনোবা এজন মানুহ আছে যিয়ে তাইক বিপদত সহায় কৰিব পাৰে৷ সেইজনেই তাইৰ শ্ৰদ্ধাৰ মানুহজন৷ মাকণে মাহীয়েকৰ চকুৰ আগেদিয়েই আহি তেওঁক মাত নলগোৱাকৈয়ে গিৰিয়েকৰ চাইকেলত উঠিলহি৷ গিৰিয়েকেও মুখেৰে একো নামাতি পেডেলত ভৰি দিলে৷ ইমান গালি শুনিও মাকণৰ কিবা এক নজনা আনন্দত বুকুখন ভৰি পৰিল৷ শৰতৰ বতৰা কঢ়িয়াই অনা শেৱালিৰ সুবাসে মাকণৰ জীৱনলৈও যেন কিবা এটা ভাল বতৰাহে কঢ়িয়াই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!