শৈশৱ আৰু এটি খেল- (ইন্দিৰা দিগন্ত)

ঘৰৰ কাষৰে এল.পি স্কুলখনলৈ খোজকাঢ়ি অহা-যোৱা কৰোঁ৷ শিলগুটি দিয়া ৰাস্তটোৰে গৈ থাকোঁতে আমি ক’ৰবাত মসৃণ হাতৰ মুঠিত ধৰিব পৰা শিলগুটি চকুত পৰে নেকি চাই যাওঁ৷ দেখা পালে সাউতকৈ বুটলি জ্যামিতি বক্সতে হওঁক নাইবা বেগত ভৰাই থওঁ৷ বেছি নহয় একে আকাৰৰ পাঁচটা শিলগুটি হ’লেই আমাৰ খেলটো খেলিব পাৰোঁ৷

স্কুলগৈ পোৱাৰ পাছত আমাৰ মাজৰে এজন চাফাই মন্ত্ৰীথাকে তেওঁৰ তদৰকীত আমি স্কুলৰ ফিল্ডত পৰি থকা গছ পাতবোৰ, কাগজৰ টুকুৰা, বনগুটি আদি উঘালিব লগা হয়৷ নকৰিলে নামবোৰ চিলেথত লিখিৰাখি হেড বাইদেউক দি দিয়ে আৰু হেড বাইদেউৰ মেজাজ কিবা কাৰণত বেয়া থাকিলে সেইদিনাখন আমি শাস্তি পাওঁ৷

চাফাই অভিযান শেষ হোৱাৰ পাছত প্ৰাৰ্থনা হোবালৈকে দহ/ পোন্ধৰ মিনিট যি ৰয় আমি নানাধৰণৰ খেল খেলোঁ৷ লুকা-চুৰি, ঘঁৰিয়াল পানীত নামিলোঁ, কুট কুট, কাবাডী, টিকলি মাৰা খেল আৰু বহুতো৷ সেই খিনি সময়ত আমি বস্তুৰো সালসলনি কৰোঁ৷ যেনে ধৰক দুই টুকুৰা মাটি পেঞ্চিলৰ সলনি চাৰিটা বগৰী, দুটা জলফাইৰ সলনি তিনিটা মাৰ্বল অথবা আমলখিৰ সলনি চুলিত মৰা কিলিপ৷

প্ৰাৰ্থনাৰ শেষত শ্ৰেণীসমূহ আৰম্ভ হয়৷ চাৰিটা পিৰিয়ডৰ পাছত আমাৰ আকাঙ্খিত লেজাৰ৷ মাহঁতে টিফিনত দি পথোৱা বাৰীৰে কল, মধুৰিআম অথবা বুট, মগু জাতীয় বস্তুবোৰ গোগ্ৰাসে গিলি আমি শ্ৰেণীকোঠাৰ বাহিৰলৈ দৌৰোঁ৷ দীঘল বাৰান্দাখনৰ কোনোবা এটা কোণত বহি লৈ নিজৰ নিজৰ চেঙ গুটি যোৰ ওলাই লওঁ৷ এই খেলটো আমি ছোৱালীবোৰে বেছিকৈ খেলিছিলোঁ৷ মসৃণ শিলগুটিৰ চেঙ গুটিযোৰ আমাৰ বৰ আদৰৰ৷ কেতিয়াবা দুজনী, কেতিয়াবা ততোধিক লগ হৈ খেলোঁ৷

গুটিযোৰত পাঁচটা গুটি থাকে সম আকৃতিৰ৷ কেতিয়াবা এটা দুটাৰ আকৃতিৰ অলপ ইফাল সিফাল নোহোৱা নহয়৷ আঠটা ঢাপত খেলটো খেলা হয়৷ একতলীয়া, দুইতলীয়া, তিনিটলীয়া, চাৰিটলীয়া, বৰঢোপ, কেপেনা, হাঁচীয়া আৰু দলঙা৷ এটা মান ঢাপত আপোনাৰ হাতৰ পৰা কিবাকৈ গুটি পৰি গ’লে কাষৰ জনে পালটো পাই৷

★একতলীয়া: পাঁচোটা গুটিয়েই মাটিত পেলাই দি তাৰে এটা হাততলৈ ওপৰলৈ দলিয়াই দি মাটিত পৰাৰ আগতেই বাকী কেইটা এটা এটাকৈ হাতৰ মুঠিলৈ আনিব লাগে৷ ধৰিব নোৱাৰিলে আনজনীক খেলিবলৈ দিব লাগে৷

★দুইতলীয়া: আগৰ বাৰৰ দৰেই দুটাকৈ গুটি হাতৰ মুঠিলৈ আনিব লাগে৷

★তিনিতলীয়া: এবাৰত এটা আৰু পাছৰবাৰ বাকী থকা তিনিটা একেলগে আনিব লাগে৷

★চাৰিতলীয়া: একেলগে এবাৰতে চাৰিওটা গুটি আনিব লাগে৷

★বৰঢোপ: এইটো ঢাপত গুটিযোৰ হাতত লৈ এটা ওপৰলৈ মাৰি দি বাকী চাৰিটা মাটিত থৈ মাৰিদিয়া গুটিটো মাটিত পৰাৰ আগতেই চাৰিওটা গুটিৰে সৈতে ধৰিব লাগে৷

★কেপেনা: আটাইকেইটা গুটি হাতৰ তলুৱাতলৈ ওপৰলৈ মাৰি হাতখনৰ পিঠিফালটোত ধৰিব লাগে৷ এটা, দুটা বা যেইটা হাতৰ ওপৰত ৰয় গোটেই কেইটা ৰাখি অথবা তাৰে এটা ৰাখি বাকীবোৰ পেলাই দিবও পাৰে৷ গুটিটো আঙুলিৰ ফাঁকত ৰাখি তলত থকা গুটিকেইটা হাতৰ মুঠিত আনি চেপাত ৰখা গুটিটো আকৌ ওপৰলৈ মাৰি একেলগে হাতৰ মুঠিত ধৰিব লাগে৷

★হাঁচিয়া: এই ঢাপত আটাইকেইটা গুটি কেপেনাৰ দৰে তলুৱাতলৈ ওপৰলৈ মাৰি হাতৰ পিঠিত আটাইকেইটা ধৰি ৰাখিব লাগে৷ তাৰপাছত গুটিকেইটা ওপৰলৈ মাৰি হাতখন আগলৈ নি থাপ মাৰি মাটিত পৰাৰ আগতেই গুটি কেইটা ধৰিব লাগে৷

★দলঙা/দলঙী: খেলখনৰ অন্তিম ঢাপ৷ বাওঁহাতৰ তৰ্জনী আঙুলিটো মধ্যমাত পকাই লৈ বুঢ়া আৰু মধ্যমা আঙুলিটো মাটিত থৈ দলঙৰ দৰে ৰাখিব লাগে৷ সমুখত গুটিকেইটা পেলাই দিব লাগে তাৰে এটা প্ৰতিপক্ষই আপোনাক ঘাই বাচি দিব ৷ সেইটোৰ গাত নালাগাকৈ বাকী কেইটা গুটিৰ এটা হাততলৈ ওপৰলৈ মাৰি মাটিত পৰাৰ আগতেই এটা এটাকৈ দলঙৰ সিপাৰে পঠাব লাগিব৷ আৰু শেষত ঘাইটো এবাৰতে ভৰাব লাগিব৷
এইদৰে আটাইকেইটা ঢাপ যাৰ আগতে সম্পূৰ্ণ হ’ব সিয়েই খেলখন জিকিব৷

বি:দ্ৰ: খেলটোৰ নাম ঠাই ভেদে বেলেগ বেলেগ হ’ব পাৰে৷ হয়তু নিয়মবোৰো৷ আমি চেইন গুটি / চেঙ গুটি বুলিছিলোঁ৷ আপোনালোকে আন কিবা নাম আছে যদি জনাব৷

অঁ আৰু এটা কথা পঢ়া টেবুলত বহি লৈয়ো এইটো খেল খেলিছিলোঁ৷ মা- আইতাহঁতে কিমানবাৰযে গুটিবোৰ বাৰীলৈ দলিয়াই দিছিল হিচাপ নাই ৷ আৰু আঙুলিৰ গাঠি শকত হৈ আঙুলিবোৰ দেখিবলৈ বেয়া হ’ব বুলি গালিও পাৰিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!