শোণিতপুৰ জিলাৰ বালিগাঁৱলৈ “সেউজ গাঁৱৰ” স্বীকৃতি – পংকজ কুমাৰ শইকীয়া

অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ বাৰ্তাবাহক, অন্যতম এক জনগোষ্ঠী হ’ল মিচিংসকল৷ বড়ো কছাৰীসকলৰ পিচতে দ্বিতীয় বৃহত্তম জনজাতি মিচিংসকলে সাধাৰণতে নৈৰ পাৰত বাস কৰে৷ অসমৰ এনে এখন নৈপৰীয়া মিচিং গাঁও হ’ল বালিগাঁও৷ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা ত্ৰিশ কিলোমিটাৰ নিলগৰ ভৰলীপাৰৰ এই গাঁওখন বৰ্তমান বাতৰিৰ শিৰোনামলৈ অহাতো বিশেষভাৱে উল্লেখযোগ্য৷ কাৰণ বালিগাঁৱে ২০১৬ বৰ্ষৰ বাবে লাভ কৰিছে “সেউজ গাঁৱৰ” সন্মানীয় খিতাপ৷ সৰ্বভাৰতীয় পৰ্য্যায়ৰ এই বঁটাই অসমবাসীলৈ কঢ়িয়াই আনিছে সুখ আৰু গৌৰৱৰ বতৰা৷ উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বহুকেইখন গাঁৱৰ পৰ্য্যবেক্ষণ পিচত আঠখন ৰাজ্যৰ বাৰখন গাঁৱেহে এই “সেউজ গাঁও” বঁটাৰ বাবে নিৰ্বাচিত হৈছে৷

হায়দৰাবাদস্থিত “Indian Green Building Council (IGBC)” ৰ দ্বাৰা আয়োজিত এই দীৰ্ঘম্যাদী অধ্যয়নত গাঁওসমূহৰ কেতবোৰ বিশেষ দিশৰ ওপৰত অধ্যয়ন আৰু পৰ্য্যালোচনা কৰা হয়৷ সৰ্বমুঠ ৩২টা “সেউজ গাঁও” সূচাংকৰ ওপৰত ই নিৰ্ভৰ কৰে৷ মূলতঃ পাৰিপাৰ্শ্বিক বাতাবৰণৰ লগত খাপখোৱাকৈ জীৱন ধাৰণ কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতা, নিৰ্মল খোৱা পানীৰ সুবিধা, উন্নত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা, অনাময় ব্যৱস্থা আদিৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্বাচিত হোৱা “সেউজ গাঁও” বালিগাঁৱৰ বিশেষভাৱে উল্লেখনীয় দিশসমূহে এনেধৰণৰ-

(ক) এই গাঁৱত সাতশৰো অধিক থলুৱা প্ৰজাতিৰ গছ আৰু তেৰশৰো অধিক অন্যান্য গছ-গছনিসহ জৈৱ-বৈচিত্ৰ্য্যৰে পৰিপূৰ্ণ সেউজীয়া পৰিৱেশ বিদ্যমান৷
(খ) দুইকাষে প্ৰাকৃতিক নৰ্দমাসহ পৰিষ্কাৰ বাটপথ৷ গাঁৱৰ পৰা নিৰ্গত পানীভাগ ভিন্ ভিন্ স্থানত অৱস্থিত তিনিটা বৃহৎ পুখুৰীত সংৰক্ষণৰ ব্যৱস্থা৷
(গ) ঘৰৰ খাদ্য সামগ্ৰী আৰু বাৰীৰ পেলনীয়া জাবৰ-জোঁথৰ, পশু খাদ্য বা পচনসাৰ হিচাবে ব্যৱহাৰ কৰাৰ ব্যৱস্থা৷
(ঘ) গাঁওবাসীয়ে ব্যৱহাৰ কৰা খোৱা পানী ১০০% প্ৰাকৃতিকভাৱে উপলব্ধ আৰু স্বাস্থ্যসন্মত৷ গাঁৱৰ সকলো পৰিয়ালৰ বাবে ১০০% অনাময় ব্যৱস্থা৷
(ঙ) যিসমূহ ভূমি কৃষি কাৰ্য্যত ব্যৱহৃত নহয় তাৰ ৭৫% সেউজীয়া গছ-গছনিৰে পৰিপূৰ্ণ৷
(চ) শিক্ষাৰ সু-ব্যৱস্থা৷ বিদ্যালয়ত দুপৰীয়া আহাৰ, স্বাস্থ্য সজাগতাৰ ব্যৱস্থা বিশেষভাৱে উল্লেখযোগ্য৷
(ছ) গাঁওবাসীৰ জীৱিকাৰ মূল উৎস হ’ল কৃষি৷ ইয়াৰ উপৰিও বোৱা-কটা, মৎসপালন, পশু পালন আৰু বাঁহ শিল্পও উপাৰ্জনৰ অন্যান্য দিশ৷

IGBCয়ে উক্ত দিশসমূহক সামৰি কৰা অধ্যয়নৰ যোগাত্মক দিশ হিচাবে বালিগাঁৱে “সেউজ গাঁৱৰ” স্বীকৃতি পাবলৈ সমৰ্থ হয়৷ এই সমীক্ষাত ভাৰতৰ মুঠ আঠখন জিলাৰ বাৰখন গাঁৱেও এই সন্মান লাভ কৰে৷

এই গাঁওসমূহ হ’লঃ-

(১) মাউলিনং (মেঘালয়, প্লেটিনাম)
(২) পুনচাৰী (গুজৰাট, প্লেটিনাম)
(৩) ৰেলিগন সিদ্ধি (মহাৰাষ্ট, প্লেটিনাম)
(৪) তিলপাট (হাৰিয়ানা, গ’ল্ড)
(৫) ভণ্ড (হাৰিয়ানা, গ’ল্ড)
(৬) মৰিপদু (অন্ধ্ৰপ্ৰদেশ, গ’ল্ড)
(৭) গংগাদেৱী পল্লি (তেলেঙ্গাণা, গ’ল্ড)
(৮) বালিগাঁও (অসম, গ’ল্ড)
(৯) কুথামবাক্কাম (তামিলনাডু, গ’ল্ড),
(১০) ইস্ক’ন গোবৰধন (মহাৰাষ্ট্ৰ, প্লেটিনাম)
(১১) পুট্টামৰাজু কানড্ৰিগা (অন্ধ্ৰপ্ৰদেশ, গ’ল্ড)
(১২) ৱাৰীপালেম (অন্ধ্ৰপ্ৰদেশ, গ’ল্ড)৷

বালিগাঁৱৰ বাবে আগবঢ়োৱা এই সন্মানৰ স্বীকৃতি স্বৰূপ “সোণালী বঁটা” আৰু প্ৰমাণ-পত্ৰ গ্ৰহণ কৰে এই গাঁৱৰে এগৰাকী সন্মানীয় আৰু বৰেণ্য ব্যক্তি তথা পৰিৱেশ কৰ্মী শ্ৰীকমিচন মিলিয়ে৷ “বালিপৰা ফাউণ্ডেচন”ৰ অধীনস্থ Eastern Himalayan Naturenomics School ৰ উপদেষ্টা শ্ৰী কমিচন মিলিয়ে যোৱা ৫ অক্টোবৰত জয়পুৰত এই বঁটা গ্ৰহণ কৰে৷ ‘গ্ৰীণ ভিলেজ কংগ্ৰেছ’ৰ আৰম্বৰপূৰ্ণ এক মহাসভাত IGVC Green Village ৰ সভাপতি তথা National Building Code ৰ উপ-সভাপতি শ্ৰী ভি সুৰেশে তেওঁক এই বঁটা আৰু মানপত্ৰ প্ৰদান কৰে৷

এইখিনিতে বালিগাঁৱৰ বিষয়ে আৰু কিছু কথা নক’লে লিখনিটো অসম্পূৰ্ণ হ’ব৷ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এক কিলোমিটাৰ দুইকাষৰ ধাননি পথাৰৰ মাজেদি যোৱা গাঁৱলীয়া পথেৰে আগুৱাই গ’লেই পোৱা যায় বালিগাঁও৷ এই গাঁৱৰ লোকসকল বৰ সহজ-সৰল আৰু আলহী প্ৰিয়৷ মহিলাসকল বোৱা-কটাত পাৰ্গত আৰু সুনিপুণ ৰান্ধনী৷ নিভাজ গাঁৱলীয়া পদ্ধতিৰে, কম মচলাৰে বিধে বিধে জুতি লগা খাদ্য এওঁলোকে তৈয়াৰ কৰিব পাৰে৷ গাহৰি, কুকুৰা আৰু মাছৰ ব্যঞ্জনৰ লগতে মিচিং সম্প্ৰদায়ৰ থলুৱা পানীয়ই এই গাঁৱলৈ বহু পৰ্যটকক আকৰ্ষিত কৰি আহিছে৷ ইতিমধ্যে অসম তথা ভাৰতবৰ্ষৰ বহু প্ৰসিদ্ধ ব্যক্তিৰ উপৰিও এই গাঁৱৰ আলহী হোৱাৰ হোৱা সৌভাগ্য হৈছে বহু বিদেশীলোকৰ৷ আমেৰিকা, ৰাচিয়া, ফ্ৰান্স, ইটালী, থাইলেণ্ড আদি বহু বিদেশী ৰাষ্ট্ৰৰ লোক বালিগাঁৱলৈ আহে একমাত্ৰ নিৰ্মল সেউজ পৰিৱেশত এসাজ থলুৱা আহাৰ খোৱাৰ মানসেৰে৷ “বালিপৰা ফাউণ্ডেচন” নামৰ এটি বে-চৰকাৰী সংস্থাৰ জৰিয়তে অহা এই পৰ্যটকসকলে লিখি যোৱা তেওঁলোকৰ মন্তব্যৰ পৰা উমান কৰিব পাৰি পৰ্যটকসকলৰ পৰিতৃপ্তি আৰু সন্তুষ্টি৷

বালিগাঁৱৰ যুৱক-যুৱতীৰ উপৰিও মহিলাসকল গাঁওখনৰ উন্নয়ন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত যথেষ্ট সজাগ৷ ইয়াৰ ভিতৰত ‘বালিগাঁও মিচিং মিলনপুৰ মহিলা সমিতি’ৰ সদস্যাসকলৰ উদ্যোগ শলাগ ল’ব লগীয়া৷ এওঁলোকে সময়ে সময়ে দা আৰু ঝাড়ু লৈ নিজ গাঁৱৰ আলি-পদূলী পৰিষ্কাৰ কৰাৰ লগতে এওঁলোকৰ গাঁৱৰ আশে-পাশে থকা অন্যান্য মিচিং গাঁৱত প্ৰতি দেওবাৰে পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্য সজাগতা, পৰিৱেশ প্ৰদূষণ আৰু শিক্ষাৰ ওপৰত সজগতা অভিযান চলাই আহিছে৷

বালিগাঁৱৰ অতন্ত্ৰ প্ৰহৰী সমাজকৰ্মী কমিচন মিলিৰ উদ্যমত এই গাঁওখনে যি স্বীকৃতি লাভ কৰিছে সি সঁচাকৈয়ে প্ৰশংসনীয়৷ অসম চৰকাৰৰ পৰ্যটন বিভাগে এই বিষয়ত কিছু উদ্যোগ গ্ৰহণ কৰিলে ই নিশ্চয় এক আকৰ্ষণীয় পৰ্যটনৰ স্থান হোৱাৰ সুবিধা লাভ কৰিব৷

লিখকঃ পংকজ কুমাৰ শইকীয়া
মহকুমা কৃষি বিষয়া, শোণিতপুৰ, তেজপুৰ
মোবাইলঃ 9435006845

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!