শ্ৰীমতীৰ কথাইচোন কাম দিলে! ( – মৌচুমী বৰী)


বহুদিনৰ পৰাআহমেদৰ দেখাদেখি নাই। জীয়েকৰ স্কুলত নাম-ভৰ্তিৰ বাবে মোৰ পৰা১০০০টকা ধাৰলৈ লোৱাৰ পিছৰে পৰাই মানুহটো নেদেখা হ’লোঁ । নহ’লে দেখোন সিসপ্তাহটোত এপাক মোৰ ওচৰলৈ আহেই। ইফালে যিমানে আহমেদৰ দেখাদেখি নোহোৱা হৈছেশ্ৰীমতীৰো কেটকেটনি বাঢ়ি আহিছে।
“হৃদয়খন সাগৰৰ সমান বহল কৰি পইছা বিলাইফুৰে নহয়!যাওক এতিয়া আহমেদৰ ওচৰলৈ!সি যে আৰু আপোনাক টকা কেইটা ঘূৰাই দিব, মোৰ হ’লে মনে নধৰা হৈছে দেই!”
“এ.. ৰ’বাহে দিব নহয়!”
ৰাতিপুৱাইশ্ৰীমতীৰ লগত এখুন্দা লাগি আহমেদক বিচাৰি তাৰ ঘৰলৈ বুলি ওলালোঁ।ঈশ্বৰৰকৃপাত আহমেদ ঘৰতে আছিল।বৰ আদৰ-সাদৰ কৰি আহমেদে মোক চাহ-তাহ খোৱালে, পিছে মইধাৰলৈ দিয়া টকাটোৰ কথা ঘুণাক্ষৰেও মুখলৈ নানিলে।ইফালে শ্ৰীমতীৰ ৰণচণ্ডীৰূপটোৰ কথা মনত পেলাই মইয়েউলিয়ালোঁ কথাটো।তেওঁ মোৰ কথাটো শুনিয়েই মোৰ কথাশেষ কৰিবলৈ নিদি কৈ উঠিল…” এইকেইদিন মোৰ ভালকৈয়ে টকাৰ টনাটনি হৈ আছেবুজিছে দাদা; মই আপোনাক আপোনাৰ টকাটো কাইলৈকে ঘৰতে দি থৈ আহিম।বেয়া নাপাইযেন৷”
মইও “হ’ব দিয়ক” এইবুলি কৈ আহমেদৰ পৰা বিদাই লৈ যুদ্ধত জিকি অহাপুৰুষৰ দৰে শ্ৰীমতীৰ আগত গৰ্বেৰে ক’লো—“হেৰা, তুমি মিছাতে বৰ খেঙখেঙাইথাকাহে!চাবাচোন, কাইলৈ আহমেদে মোৰ ঘৰলৈ আহি হাততে টকাটো গুজি দিবহি৷”
পিছদিনা আহমেদলৈ বাট চাই ৰ’লোঁ, বেলি লহিয়াইও ৰাতি হ’ল, আহমেদৰ দেখাসাক্ষাৎ হ’লে নহ’ল। বেলি লহিওৱাৰ পাছৰে পৰা শ্ৰীমতীৰ মুখ খনো মেঘে গজাদিগাজিবলৈ ধৰিলে।মই পিছে যোগাত্মক দিশ এটাকে ভাবি অপেক্ষাৰ অন্ত পেলালোঁ।আহমেদৰ কিজানি কিবা ভালকৈয়ে অসুবিধা হ’ল!!শ্ৰীমতীক ক’লো—“ এ..তুমি ইমানকৈমোৰ মূৰটো নাখাবা হে!কিজানি আহমেদৰ অসুখ-বিসুখেই হৈছে! মোক টকাখিনি ঘূৰাইদিব নহয়!”
“হৈছে হৈছে গাঁৱৰ বাপুকণে ৫০০ থকা ধাৰলৈ লোৱা এবছৰেই হ’ল।ঘূৰাই দিয়াৰচোন নাম-গোন্ধই নাই!”
“এ.. তাৰ কথা নধৰিবাচোন..দুখীয়া ল’ৰা”
“সি অকল ৫০০ টকাই নিছেনে, কেতিয়াবা এশ, কেতিয়াবা দুশ..এনেকৈআপোনাৰপৰা টকাবোৰ চুঁচি আছে..আপোনাৰ উপাৰ্জনেৰে ঘৰখন চলাবলৈকে টান, আকৌ দানবীৰকৰ্ণৰ দৰে আক-তাক টকা ধাৰলৈ দি ফুৰে!”
শ্ৰীমতীৰ গালি-শপনি শুনাৰপাছত ৰাতিটো উজাগৰে কটালোঁ।এৰা, মই এজন মধ্যবিত্ত লোক,ঘৰখন ভালদৰে চলাবলৈমোকো ভালকৈয়ে টকাৰ দৰকাৰ হয়। কোনোবাই বিপদত পৰিলে টকা ধাৰলৈ দিবলৈ সংকোচনকৰোঁ, কিন্তু মই যি বিশ্বাস আৰু আন্তৰিকতাৰে টকা ধাৰলৈ দিওঁ, ধাৰলৈ লোৱাজনেও মোক সেই বিশ্বাসেৰে ঘূৰাই দিয়া উচিত বুলি ভাবোঁ।
কেইবাদিনো গ’ল। আহমেদ আহিব আহিব বুলি বাট চাই কটালোঁ..পিছে তেওঁ নাহিল।
“হেৰা, মোক ফিকা চাহ একাপ দিয়াচোন, মূৰটো বৰকৈ টিঙটিঙাইছে অ’৷”
“আপোনাৰ মূৰ নিটিঙটিঙাই কাৰ মূৰ টিঙটিঙাবনো?”
শ্ৰীমতীৰ মুখলৈ কেৰাহিকৈ চালোঁ, মানুহজনীৰ মুখতচোন মৰমৰ মাত এষাৰনোহোৱাহ’ল! নতুনকৈ বিয়া পাতোতেটো এনে নাছিল? বৰ লাজকুৰীয়া আছিল মোৰমানুহজনী!হাইঁৰে, তেতিয়া আৰু এতিয়াৰ মাজত কিমানযে তফাৎ!তাইৰ হাতৰ ফিকাচাহকাপ খাই আকৌ আহমেদৰ ঘৰলৈকে গ’লোঁ।বাটত হঠাতেচোন আহমেদ মোৰ কাষেদি চাইকেলচলাই সাউৎকৈ পাৰ হৈ গ’ল।মই ত’ত ধৰিবকে নোৱাৰিলোঁ। ঘূৰি চাই দেখোঁ, আহমেদবহুদূৰ পালেগৈ। ঘৰলৈ উভতি আহিলোঁ।মোৰ কিজানি মুখখন বিমৰ্ষ হৈ পৰিছিল, বাৰান্দাত বহি বাতৰি পেপাৰ চাই থকা মাজনীয়ে মোৰ মুখলৈ চাই ক’লে—“দেউতা, আগেপিছে এনেকুৱা মানুহক টকা ধাৰলৈ নিদিবা দেই।চোৱাচোন তেওঁ আমাৰ পৰা টকাওধাৰলৈ ল’লে আৰু শান্তিতে ঘূৰিফুৰিছে আৰু আমাৰ ঘৰখনত মিছাতে অশান্তিখন হৈছে।এনেই মাৰ প্ৰেছাৰ আছে তাতে কেটকেটাই থাকি আৰু কিবা হওঁক…”নীৰৱে মাজনীৰকাষতে বেতঁৰ চকীখনত বহি পৰিলোঁ।আহমেদে দৰকাৰত পৰি টকা নিছে নিয়ক, সি যদিটকাকেইটা ঘূৰাই দিবৰ বাবে যোগাৰ কৰিব পৰা নাই, সি মোক ভালকৈ আহি ক’লেইহ’লচোন!পলাই ফুৰিব লাগে কিয়?নে তাৰ টকাকেইটা ঘূৰাই দিয়াৰ মতলবেই নাই।
“হেৰি, মইয়েই আহমেদৰ ঘৰলৈ যাম দিয়ক, আহমেদ যদি ঘৰত নাথাকে, তাৰ ঘৈণীয়েককে এজাউৰি দি আহিম।চাহকাপ লওকচোন৷”
শ্ৰীমতীৰ চকুলৈ চালোঁ, অকণমান মৰম নে পুতৌ কিবা এটা দেখা পোৱা যেন লাগিল।
পিছদিনা শ্ৰীমতী আহমেদৰ ঘৰলৈ বুলি ওলাল। মই বাধা দি কৈছিলোঁ—“তোমালোকমাইকী মানুহবোৰ এইবোৰ কথাত নুসুমাবাচোন!মই সমস্যাটো সমাধান কৰিম নহয়!” তাইমোৰ কথা নুশুনিলে, অৱশ্যে মইও পেটে পেটে তাই যোৱাটোকে কামনা কৰিলোঁ।মোৰশ্ৰীমতী যিহে, তাইৰ আচল ৰূপ দেখিলে আহমেদেও ভয়ত পেপুৱা লাগিব।
পুৱা ৬বজাতে শ্ৰীমতীয়ে আহমেদৰ ঘৰৰ কলিঙবেল টিপিলে।মইও শ্ৰীমতীৰ পিছে পিছে চাইকেলচলাই আহমেদৰ ঘৰ পালোঁগৈ। আহমেদৰ পৰিবাৰেই দুৱাৰখন খুলিলে, শ্ৰীমতীয়ে মুখতকৃত্ৰিম হাঁহি এটা মাৰি ক’লে—“আহমেদ ঘৰত আছেনে বাৰু?”
“অঁ, তেওঁ ১৫ মিনিটমান আগতে কাম এটাত ওলাই গ’ল নহয়, বাইদেউ”।
“কেতিয়া পাবহি?”
“ক’ব নোৱাৰিম, পিছে কি সকামত বা আহিলে?বহকচোন বহক৷”
“আহমেদে সাতমাহৰ আগতে ১০০০ টকা এটা ধাৰলৈ লৈছিল, আজি ঘূৰাই দিম, কাইলৈঘূৰাই দিম বুলি কৈও আজিলৈকে ঘূৰাই নিদিয়া হ’ল।আমাৰ ঘৰখনতো বৰ টকাৰ নাটনিহৈছে বুজিছে, আহমেদে আকৌ ১০০ টকা লোৱা নাই নহয়, ১০০০ টকা লৈছে।টকা ল’বজানিলে ঘূৰাই দিবও জানিব লাগে!ঠিকেঠাকে, কাইলৈৰ ভিতৰত যদি টকা ১০০০ ঘূৰাইনাপাওঁ পুলিছত ৰিপৰ্ট দিম, গম পাইছে৷”
সাউৎকৈ শ্ৰীমতী আহমেদৰ চ’ৰাঘৰৰ পৰা গপগপাই ওলাই আহিল। তাইৰ মুখৰ ৰূপটো দেখি মোৰে কলিজাটো অকণকৈ কঁপি উঠিল।
এৰা, শ্ৰীমতীৰ কথাইচোন কাম দিলে। পিছদিনাই আহমেদে ১০০০ টকা ঘৰতে দি থৈ গ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!