ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ

৷ষোড়শ খণ্ড৷৷

৷৷জৰাসন্ধৰ যুদ্ধ৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

নমো দামোদৰ হৰি৷

নিয়োক নাথ উদ্ধাৰি৷৷১০৪৷৷

পদ৷৷

বোলন্ত শুকে শুনা পৰীক্ষিত৷

কহিবো কৃষ্ণৰ আৰো চৰিত৷৷

মৰিল কংস তাৰ ভাৰ্য্যা দুই৷

পিতৃগৃহে গৈল বিধৱা হুই৷৷১২৮৬৷৷

শুনিয়ো পিতৃ কি কহিবো আমি৷

মাৰিলন্ত কৃষ্ণে আহ্মাৰ স্বামী৷৷

শুনি জৰাসন্ধে ক্রোধিল আতি৷

তেইশ অক্ষৌহিণী সাজৈ পদাতি৷৷১২৮৭৷৷

বেঢ়িল চতুৰ্ভিতি মথুৰাক৷

দেখি ভয় ভৈলা যাদৱজাক৷৷

নৰনাৰীগণো আসি লৱৰি৷

সেনাক চাৱে ৰণচাঙ্গে চড়ি৷৷১২৮৮৷৷

সাগৰ সঙ্কাশ দেখি পদাতি৷

ত্ৰাসতে কম্পিল হৃদয় আতি৷৷

বুলিলা মাধৱে নিৰ্ভয় বাণী৷

কৰিলা আলোচ জ্ঞাতিক আনি৷৷১২৮৯৷৷

কৃষ্ণৰ বাক্যে সৱে ভৈল স্বস্থ৷

বৈকুণ্ঠৰ পৰা নামিল ৰথ৷৷

আইল অস্ত্ৰচয় চক্র প্ৰমুখ্যে৷

কৃষ্ণক নমিলা আসি দাৰুকে৷৷১২৯০৷৷

পৰিল লাঙ্গল মূষল বাণ৷

কৰিলা দোভায়ে পাছে পয়ান৷৷

ৰথে চড়ি কৃষ্ণ বেগে বজাইলা৷

শৰ কৰি শত্ৰুসেনা ভঙ্গাইলা৷৷১২৯১৷৷

কাটিলা ৰথ হস্তী পতিচয়৷

শোণিতে নদী প্ৰৱহাইলা তয়৷৷

পৰম লীলায়ে শত্ৰু সংহৰি৷

ফুঙ্কিলা পাঞ্চজন্য কৰে ধৰি৷৷১২৯২৷৷

পাছে বলো ঘোৰ সমৰ কৰি৷

মাগধ ৰাজাক জীৱন্তে ধৰি৷৷

মাৰিবাক চান্ত কোবাই সমূলি৷

বাধিলা কৃষ্ণে আক ৰাখা বুলি৷৷১২৯৩৷৷

কৃষ্ণৰ বচনে ৰাখিল কন্ধ৷

দেশক পাছে গৈল জৰাসন্ধ৷

নযায় নুপুহায় কৃষ্ণত হাৰি৷

আনিলা সৱে ৰাজা হাঙ্কাৰি৷৷১২৯৪৷৷

দঢ়াই আপুনাক মাস তিনি৷

লড়িল সাজি তেইশ অক্ষৌহিণী৷৷

বেঢ়িল গৈয়া দুনাই মথুৰাক৷

যমুনা তীৰে ৰৈল ৰাজাজাক৷৷১২৯৫৷৷

কাঠগড় বান্ধি বঞ্চিল ৰাতি৷

নাচৈ গাৱৈ ৰঙ্গে যত পদাতি৷৷

মাধৱে পাচে সৱে ৱাৰ্ত্তা পাইলা৷

দুনাই যুজিবাক মাগধ আইলা৷৷১২৯৬৷৷

যদুবীৰগণো আনিলা মাতি৷

আলোচিলা কৃষ্ণে সমস্তে ৰাতি৷৷

আপুন সেনা তিনিভাগ কৰি৷

নিয়োজিলা সৱে বীৰক হৰি৷৷১২৯৭৷৷

সাৰণ গদক বলো দদাক৷

পঠাইলা বাম পাশে যুজিবাক৷৷

উদ্ধৱ সাত্যকি অনেক ৰথে৷

বেঢ়িল সেনাক দক্ষিণ পথে৷৷১২৯৮৷৷

কতো সেনা লৈয়া কৃষ্ণে আটোপে৷

সমুখে মাগধক ধাইলা কোপে৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

বোলা হৰি হৰি সমস্ত জনে৷৷১২৯৯৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

এ হৰি নাৰায়ণ মাধৱে গতি৷

কৃষ্ণৰ চৰণে মোৰ নছাড়োক মতি৷৷১০৫৷৷

পদ৷৷

মগধ ৰাজাৰ সেনা সাগৰ সঙ্কাশ৷

সুখে ৰহি আছে পায়া পথতে প্ৰয়াস৷৷

কতো হাসৈ মাতৈ কতো আছৈ নিদ্ৰা পাৰি৷

হয় হস্তী ৰথ বান্ধি আছে শাৰী শাৰী৷৷১৩০০৷৷

নাহি যুদ্ধ সাজ হয় হস্তীৰ পিঠিত৷

নতু আনি জোড়ৈ ঘোৰা ৰথ যুঁৱলিত৷৷

সুদাহাতে বসি আছৈ যত ৰাজাচয়৷

সিবেলাত নতু হোন্ত আদিত্য উদয়৷৷১৩০১৷৷

হেন ঊষা সময়ত পাছে যদুৰায়৷

পশিলা সেনাৰ মাজে নিসান কোবাই৷৷

সিংহনাদ কৰি হৰি ধনুক টঙ্কাৰি৷

বৰষিলা দিব্য অস্ত্ৰচয়ক মুৰাৰি৷৷১৩০২৷৷

কালান্তক সম দেখি কৃষ্ণক প্ৰত্যেক৷

ধকবক কৰৈ আতি নৃপতি যতেক৷৷

নাহি শ্ৰুতি বুদ্ধি চাৱৈ উলটি পালটি৷

মাধৱৰ শৰে আসি ফুটে চটচটি৷৷১৩০৩৷৷

বামপাশে খেদি আসি বলো মহাবলী৷

শত্ৰুৰ সেনাক সৱে লৈ যান্ত নিদলি৷৷

সাত্যকি দক্ষিণ পথে দেখি দিলা ধাৰ৷

কৰিবাক লাগিলা শত্ৰুক বুন্দামাৰ৷৷১৩০৪৷৷

কৰন্ত কন্দল ঘোৰ তিনি ভিতি বেঢ়ি৷

মহাভয়ে কতো সেনা পলায় ৰণ এড়ি৷৷

কতো প্ৰাণ ছাড়ি পৰৈ পৃথিৱীত ঢলি৷

শত্ৰুক সন্মুখ হুয়া ধাৱৈ কতো বলী৷৷১৩০৫৷৷

ৰাজাগণে দেখৈ সেনা বিভঙ্গে ভাগিল৷

অনাযুদ্ধকাছে ৰণ কৰিবে লাগিল৷৷

কতো বাসা এড়ি পলাই পশিল বনত৷

ত্ৰাহি বুলি পড়ে কতো কৃষ্ণৰ আগত৷৷১৩০৬৷৷

যিটো ৰাজাগণে আগবাঢ়ি দিলা ৰণ৷

তাৰ স্কন্ধ ছেদ কৰিলন্ত নাৰায়ণ৷৷

মাগধৰ সেনাগণ সাগৰ সঙ্কাশ৷

ক্ষণেকে ভাঙ্গিল সৱে হুয়া মহাত্ৰাস৷৷১৩০৭৷৷

বলভদ্ৰ সাত্যকি মাধৱ মহাৰথ৷

খেদিলা পাছত পাঞ্চ প্ৰহৰৰ পথ৷৷

হয় হস্তী ৰথ ৰত্ন লাগে মানে পাইলা৷

মথুৰাত নিয়া মহাৰাজাত যোগাইলা৷৷১৩০৮৷৷

মাধৱত যুদ্ধ হাৰি জৰাসন্ধ নৃপ৷

ৰাজাগণে সমে গৈলা বাণৰ সমীপ৷৷

প্ৰাণমিত্ৰ বুলি বাণে কৰিলা সৎকাৰ৷

জৰাসন্ধে নিৱেদিলা দুঃখ আপুনাৰ৷৷১৩০৯৷৷

শুনা দৈত্যপতি কিনো ভৈল বিসঙ্গতি৷

ৰাত্ৰি চুৰি কৰি আসি গোপাল দুৰ্ম্মতি৷৷

জিনিয়া খেদিলা মোক বহুদূৰ পথ৷

নিলেক মোহোৰ সৱে হয় হস্তী ৰথ৷৷১৩১০৷৷

তোহ্মাৰ পাশক আইলো শুনা দৈত্যৰায়৷

কৃষ্ণক যুজিবো মোৰ হুয়োক সহায়৷৷

তুমি সম প্ৰাণমিত্ৰ নাহিকে আহ্মাৰ৷

কৃষ্ণশত্ৰুসাগৰত কৰা মোক পাৰ৷৷১৩১১৷৷

কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে৷

নাহি আন ধৰ্ম্ম আৰ কীৰ্ত্তনত পৰে৷৷

শুনা সৰ্ব্বজন আৰ কেদিন জীৱন৷

বোলা হৰি হৰি আছে যাৱত চেতন৷৷১৩১২৷৷

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম৷

নমো ৰাম হৃষীকেশ হৃষীকেশ হৰি৷৷১০৬৷৷

পদ৷৷

পাছে বলিসুত বাণ৷

দিলা হেন সমিধান৷৷

মোৰ যত ৰাজ্যভাৰ৷

তোহ্মাৰেসে অধিকাৰ৷৷১৩১৩৷৷

এহি বুলি দৈত্যপতি৷

অসংখ্যাত হয় হস্তী৷৷

দিলা দৈত্যসেনা ৰথ৷

পূৰি তাৰ মনোৰথ৷৷১৩১৪৷৷

সিটো সেনা লৈয়া সঙ্গে৷

মাগধ চলিলা ৰঙ্গে৷৷

ৰথ ধ্বজ গজ বাজী৷

পৰম প্ৰাৰম্ভে সাজি৷৷১৩১৫৷৷

লগে লৈয়া সেনা ঝাক৷

বেঢ়িলেক মথুৰাক৷৷

ধৰ মাৰ কৰৈ ৰোল৷

বাৱৈ বেঢ়ি ঢাক ঢোল৷৷১৩১৬৷৷

মথুৰাবাসীৰ ভয়৷

দেখি কৃষ্ণ কৃপাময়৷৷

বীৰগণ কৰি সাজ৷

নগৰৰ ভৈলা বাজ৷৷১৩১৭৷৷

বলভদ্ৰ ক্রোধে ৰাগি৷

ধাইলা মাগধক লাগি৷

কৰিলা দুৰ্ঘোৰ ৰণ৷

সংহৰিলা বৈৰগণ৷৷১৩১৮৷৷

যত আইলা ৰাজাজাক৷

একলে গোপালে তাক৷৷

মাৰিলা সমৰ সাজে৷৷

হত ভৈল সামৰাজে৷৷১৩১৯৷৷

বলভদ্ৰে জৰাসন্ধে৷৷

যুজিলন্ত মালবন্ধে৷৷

প্ৰহাৰে অনেক ভাৱে৷

ছাণ্ডি ধৰি পাৱে পাৱে৷৷১৩২০৷৷

পাছে বলো সন্ধুকিয়া৷

মাগধক আস্ফালিয়া৷৷

এড়াইলা উলটা বান্ধে৷

লাঙ্গল ভেজইলা কান্ধে৷৷১৩২১৷৷

আঝুৰি আনিলা কাছে৷

মূষল উচায়া পাছে৷৷

মুণ্ড ভাঙ্গিবাক চান্ত৷

সেহিবেলা শুনিলন্ত৷৷১৩২২৷৷

পড়িল আকাশী বাক৷

নমাৰা নমাৰা আক৷৷

শুনি বলো সৰ্ব্বজান৷

ৰাখি মাগধৰ প্ৰাণ৷৷১৩২৩৷৷

এড়িলা দাৰুণ যুদ্ধ৷

ৰথে চড়ি হলায়ূধ৷৷

কৃষ্ণে সমে লড়ি গৈলা৷

মথুৰা প্ৰৱেশ ভৈলা৷৷১২২৪৷৷

এহিমতে ৰাম হৰি৷

বিপক্ষক ক্ষয় কৰি৷৷

যত পাইলা অলঙ্কাৰ৷

কিৰীটি কুণ্ডল হাৰ৷৷১৩২৫৷৷

যাদৱ ৰাজাক দিলা৷

মনুষ্যৰ দেখাই লীলা৷৷

কৰিলন্ত ক্রীড়া হৰি৷

ভকতৰ প্ৰীতি কৰি৷৷১৩২৬৷৷

পাছে জৰাসন্ধ ৰাজা৷

যুদ্ধ হাৰি হুয়া লজ্জা৷৷

দেশে গৈল অধোমুখে৷

নাযায় নপুহায় দুঃখে৷৷১৩২৭৷৷

দুনাই দুনাই দেয় ধাৰ৷

হাৰিল সতেৰ বাৰ৷৷

তথাপি নভৈল লজ্জা৷

আৰকা যোৰাৱে প্ৰজা৷৷১৩২৮৷৷

সাধিবো ইবাৰ জয়৷

এহি বুলি দুৰাশয়৷৷

সাজে চতুৰঙ্গ দল৷

নজানে কৃষ্ণৰ বল৷৷১৩২৯৷৷

কৃষ্ণৰ কিঙ্কৰে ভণে৷

শুনিয়োক সৰ্ব্বজনে৷৷

মাধৱৰ জন্ম কৰ্ম্ম৷

আতপৰে নাহি ধৰ্ম্ম৷৷১৩৩০৷৷

অদ্যাপি নুপজৈ বুদ্ধি৷

কলিযুগে মহৌষধি৷৷

কৃষ্ণ ৰাম নাম বাণী৷

কেনে হেলা কৰা জানি৷৷১৩৩১৷৷

যত মহা যজ্ঞ দান৷

তপ জপ তীৰ্থ স্নান৷

কেহো নোহে আক সৰি৷

ডাকি বোলা হৰি হৰি৷৷১৩৩২৷৷

৷৷জৰাসন্ধৰ যুদ্ধ সমাপ্ত৷৷১৬৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!