ষ্টিমড এগ(ভাপত দিয়া কণী) – ঋতুপৰ্ণা মহন্ত

প্ৰায়ে খোৱা খাদ্য এবিধ সুকীয়াকৈ ৰান্ধি কিছু সুকীয়া সোৱাদ প্ৰদান কৰিব পৰাটোতে ৰান্ধনীৰ কৃতিত্ব৷ কণী আমাৰ খাদ্যতালিকাত প্ৰায়ে থাকে৷ কণী সিজাই, ভাজি খোৱাৰ উপৰিও ভাপত দি খালে অকণমান বেলেগ জুতি পোৱা যায়৷
তাৰে এক জুতিৰ ভাগ দিব বিচাৰিছোঁ৷

ষ্টিমড এগ(ভাপত দিয়া কণী)ৰ ব্যঞ্জন

উপকৰণ:

কণী:  চাৰি/পাঁচটা
ৰিফাইন তেল, নিমখ আন্দাজমতে

পিয়াজ: মজলীয়া আকাৰৰ ছয়/সাতটা

নহৰু:      এটা
আদা:      সৰু আকাৰৰ এটুকুৰা

ৰঙা জলকীয়াৰ গুড়ি আন্দাজমতে
জিৰা গুড়ি      “
ধনীয়া গুড়ি      “
গৰম মছলা      “
কৰ্ণফ্ল’ৰ     প্ৰয়োজন অনুসৰি
টমেট’ চচ      “

ৰন্ধন প্ৰণালী:

কণীকেইটা অকণমান নিমখেৰে সৈতে খুব ভালদৰে ফেটি লওক৷ এটা পাত্ৰত নামমাত্ৰ ৰিফাইন তেল সানি তাতে ফেটি লোৱা কণীখিনি ঢালি দিয়ক৷ প্ৰেচাৰ কুকাৰত অকণমান পানী দি, এডাল ষ্টেণ্ড দিয়ক আৰু তাৰ ওপৰত পাত্ৰটো বহাই দিয়ক৷ পাত্ৰটোৰ মুখখন কিবা এবিধ যতনেৰে বন্ধ কৰি দিব৷ দুটা হুইছেল দিয়াৰ পাছত অফ কৰি থওক৷ কণীখিনি ঠাণ্ডা হোৱাৰ পাছত পছন্দৰ আকাৰত কাটি ল’ব৷ সৰু আকাৰৰ পিঁয়াজ এটা, চাৰি ফুটা নহৰু, নামমাত্ৰ আদা একেলগে মিহিকৈ পিহি কণীৰ টুকুৰাকেইটাৰ সৈতে সানি ল’ব৷ তাতে ৰেড চিলি পাউডাৰ, জিৰা গুৰি, ধনীয়া গুৰি, গৰম মছলা পাউডাৰ, নিমখ আৰু কৰ্ণফ্লৰ ভালদৰে সানি ল’ব৷ (শুকান হোৱা যেন পালে নামমাত্ৰ পানী ছটিয়াই ল’ব) ৰিফাইন তেলত কণীৰ টুকুৰাবোৰ কম কমকৈ দি ভাজি লৈ নমাই থ’ব৷ সেই তেলতে কেপচিকাম, গোল গোলকৈ কটা পিঁয়াজ আৰু মিহি মিহিকৈ কুটা নহৰু কেইফুটামান ভাজি লৈ টমেট’ চচ দিব৷ প্ৰয়োজন অনুভৱ কৰিলে অকণমান নিমখ দিব৷ তাতে ভাজি থোৱা কণীখিনি দি অলপ সময় লৰাই নমাই থ’ব৷ গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিবলৈ এই ব্যঞ্জন অত্যন্ত উপাদেয়৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!