সংখ্যাটোৰ আঁৰত

অসমীয়াত কথা বতৰা গোটত কেনেকৈ সোমাই আহিলো নিজেই গম পোৱা নাছিলো৷ এই গোটত পঢ়িব পোৱা লেখাসমূহে সদয়ে মোক লিখিবলৈ প্ৰেৰণা দি আহিছে৷ মাজে মাজে দুই এটা লেখাৰ মানদণ্ড ইমানেই উচ্চ যে নিজকে এই গোটৰ সদস্য হিচাপে গৌৰৱ অনুভৱ কৰো৷ এদিন গোটৰ সদস্য হিমাংশু ভাগৱতী ডাঙৰীয়াৰ অনুৰোধ আহিল যে এই গোটত লিখনি সমূহত মন্তব্য দিয়াতেই ক্ষান্ত নাথাকি লেখা-মেলা আৰম্ভ কৰিব লাগে৷ যদিওঁ তেখেতৰ দ্বাৰা সম্পাদিত সংখ্যাটোত একো লিখিব নোৱাৰিলো তেখেতৰ প্ৰেৰণা আৰু উৎসাহৰ বাবেই লেখা আৰম্ভ কৰিলো৷ লাহে লাহে মোৰ লেখাক “ অকবই“ আঁকোৱালি ললে আৰু সাহিত্য ডট অৰ্গত প্ৰকাশ হবলৈ ধৰিলে৷ নিজৰ মাজত যেন এক কলাত্মক সত্তা বিচাৰি পালো৷ এদিন হঠাতে মৃদুল শৰ্মা দেৱৰ পৰা এটা ফোন পালো আৰু সাহিত্য ডট অৰ্গৰ সম্পাদনাৰ বাবে অনুৰোধ জনালে৷ মোৰ বাবে এয়া অসম্ভৱ যেন লাগিল৷ তথাপিও ভিনচেণ্ট ভেন গঁগাই (Vincent Van Gogh) পঁয়ত্ৰিছ বছৰ বয়সত নিজৰ ছবি অঁকাৰ প্ৰতিভা বিচাৰি পোৱাৰ দৰে ময়ো যেন মৃদুল শৰ্মাৰ টেলিফোনত তেনেকুৱা কিবা এটা অনুভৱ কৰিলো আৰু এটা ইতিবাচক উত্তৰেৰে বুকুত সাহস বান্ধিলো৷ তেখেতৰ আগ্ৰহ আৰু সাহসৰ বাবেই এই আঘোণ সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব মূৰ পাতি ললো৷ আলোচনী এখনৰ সম্পাদক হোৱাত যিমান গৌৰৱ অনুভৱ কৰিছিলোঁ সিমানেই এক গভীৰ দায়িত্ব অনুভৱ কৰিছো৷ আলোচনী পঢ়ো কিন্তু সম্পাদনাৰ কাম কেতিয়াও কৰি পোৱা নাই৷ কেৱল স্কুল-কলেজৰ বাৰ্ষিক আলোচনীৰ বাবে লিখনি বিচৰা আৰু ছপাশালৰ লগত যোগাযোগ ৰক্ষা কৰা মনত আছে৷ সেয়েহে এক অজান আশংকাই ঘেৰি ধৰিছিল৷ কিন্তু এই আলোচনীৰ লগত জড়িত আটায়ে দিয়া উৎসাহৰ বাবে আগবাঢ়ি আহিলো৷

আলোচনী এখন সম্পাদনা কৰা এক কঠিন কাম৷ বিভিন্ন ধৰণৰ লেখা সমৃদ্ধ সংকলন এটা পাঠকৰ মনোগ্ৰাহী কৰাৰ লগতে আলোচনী খনৰ জৰিয়তে সমাজক এক গতি প্ৰদান কৰাটো সহজ কাম নহয়৷ কিন্তু এই অনুষ্ঠানটোৰ লগত জড়িত আটাইকেইজনৰ দিহা পৰামৰ্শৰ বাবেই এইখিনি সম্ভৱ হৈছে৷ কিমান সফল হৈছো বা কিমান বিফল হৈছো তাৰ মূল্যায়ন পাঠকে কৰিব৷ কিন্তু সেইখিনি অৱস্থালৈ লৈ অনাটোৱেই আছিল মোৰ বাবে এক তীব্ৰ প্ৰত্যাহ্বান৷

বহু ব্যস্ততাৰ মাজতো সময় উলিয়াই আলোচনীখনৰ বেটুপাত আঁকি দিয়াৰ বাবে জয়দ্বীপ চক্ৰৱৰ্ত্তী ডাঙৰীয়াক অশেষ ধন্যবাদ জনালো৷ প্ৰতিটো লিখনি তন্ন তন্নকৈ পঢ়ি শুধৰণি চাই দিয়াৰ বাবে মিতালী বৰ্মন, ধ্ৰুবজ্যোতি শৰ্মা, মৌচুমী বৰি, উৎপলা কৌৰ আৰু গীতাৰ্থ বৰদলৈক ধন্যবাদ নিদি নোৱাৰিলো৷ ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি উৎসাহিত কৰাৰ বাবে জ্যোতিৰূপম দত্ত, ৰূপাংকৰ চৌধুৰী আৰু দীপজ্যোতি বৰাক আন্তৰিক ধন্যবাদ দিয়াৰ লগতে দলটোৰ আন আন সদস্য তথা সমূহ লেখক লেখিকা সকলক ধন্যবাদ জনাই এই আলোচনীখন পাঠকসকললৈ আগবঢ়ালো।

আশা কৰো সাহিত্য ডট অৰ্গে অসমীয়া সাহিত্যক আৰু সমৃদ্ধিশালী কৰক আৰু নিজৰ লক্ষ্যৰ দিশে ধাৱমান হওক৷

৷ ৷ জয় আই অসম৷ ৷

হিতেশ্বৰ শৰ্মা
সম্পাদক, সাহিত্য ডট অৰ্গ
১ আঘোণ ১৯৩৯ শক, নবেম্বৰ’,২০১৭

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!