সঞ্চয় আৰু বিনিয়োগ ( প্ৰতিম প্ৰতাপ বৰুৱা )

বিষয়: সঞ্চয় আৰু বিনিয়োগ

সঞ্চয় আৰু বিনিয়োগ (১)

 

প্ৰতিম প্ৰতাপ বৰুৱা

কিয় আৰু কেনেকৈ – সঞ্চয় কিয় কৰিব লাগে? সকলোৱে জানেই। সময়ে সময়ে নিজৰ আৰু নিজৰ ওপৰত নিৰ্ভৰ কৰা সকলৰ আৰ্থিক, সমাজিক আদি প্ৰয়োজনখিনি পুৰাই থাকি তাৰ পিছত এসময়ত নিজৰ উপাৰ্জনৰ পথ বন্ধ হৈ যোৱাৰ পিছতো থাকি যোৱা দিনকেইটা আৰামেৰে, কোনো আৰ্থিক সংকটত নপৰাকৈ কটাবলৈ সঞ্চয় কৰিব লাগে। অকল সঞ্চয় কৰিলেই নহ’ব, সঞ্চয়খিনি ঠিক ঠাইত বিনিয়োগো কৰিব লাগিব। বহুতে কয় – এইকেইটা মাত্ৰ টকা উপাৰ্জ্জন কৰো, বিনিয়োগ বাদেই, সঞ্চয় ক’ৰপৰা কৰিম? সঞ্চয় কৰি বিনিয়োগ কৰিবলৈ একেলগে এগালমান টকাৰ প্ৰয়োজন নাই। অলপ অলপকৈ সঞ্চয় কৰি অলপ অলপ কৈ ধাৰাবাহিক আৰু পদ্ধতিগতভাৱে (systematically) ভাল নিশ্চিত, বিপদ নথকা ঠাইত বিনিয়োগ কৰি থাকিলে এসময়ত, প্ৰয়োজনৰ সময়ত আৰ্থিক সচ্ছলতা অহাটো একো টান কথা নহয়। প্ৰতিটো বিনিয়োগ নিজৰ জীৱনৰ কিবা ভবিষ্যত পৰিকল্পনাৰ কামত অহাকৈ সময় বুজি কৰিলে আৰু ভাল।

মূদ্ৰাস্ফীতিয়ে (ইনফ্লেচন) সঞ্চয়খিনি খাই পেলায় – মূদ্ৰাস্ফীতি মানে কি সকলোৱে জানেই। % টোৰ কথা ৰাইজে পাতিয়ে থাকে। সেয়ে আজি কৰা বিনিয়োগখিনিৰ পৰা এসময়ত কিমান টকা ঘূৰাই পোৱা যাব সেইটো মূদ্ৰাস্ফীতিৰ কথাটো মনত ৰাখিহে উলিয়াব লাগিব। মানে ধৰা হ’ল – আজি মই বছৰি ৯% সুদৰ হাৰত কিবা আঁচনিত এবছৰৰ বাবে টকা জমা কৰিলো। যদি বছৰি মূদ্ৰাস্ফীতিৰ গড় হাৰ বছৰি ৬% হয়, তেন্তে এবছৰৰ মূৰত মোৰ বিনিয়োগত পোৱা আচল উপাৰ্জ্জন (real return ) হ’ব মাত্ৰ ৩%। আনকি মূদ্ৰাস্ফীতিৰ বাবেই বিনিয়োগ কৰা টকাখিনিৰ মূল্যও প্ৰতি বছৰে কম হৈ হৈ গৈ থাকে। ভাবিলে আচৰিত লাগে কেতিয়াবা কিছুমান বিনিয়োগত (যেনে বেংকৰ নৰ্মেল চেভিংচ একাউণ্টত) বেছি দিনলৈ টকা এনেয়ে পেলাই থলে মূদ্ৰাস্ফীতিৰ হাৰটো এডজাষ্ট কৰাৰ পিছত নিগেটিভ উপাৰ্জ্জনহে আহে।
বিনিয়োগত কেইটামান সাধৰণ নিয়ম –
১) কম বয়সতেই আৰম্ভ কৰিব লাগে : যিমান পৰা যায় কম বয়সতেই সঞ্চয় আৰু বিনিয়োগৰ অভ্যাস গঢ়ি তুলিব লাগে। লাগিলে কম পৰিমাণেই হওঁক।
২) চক্ৰবৃদ্ধি সুদ : আইনষ্টাইনে কৈছিল – “The most powerful force of the universe is compound interest.”। পোনপটীয়া অৰ্থটো হ’ল বিনিয়োগৰ টকাৰ পৰা অৰ্জা সুদখিনিৰ পৰা আকৌ সুদ অৰ্জা। উদাহৰণস্বৰূপে , ধৰা হ’ল ৩০ হাজাৰ টকা ৫ বছৰৰ বাবে ১২% সাধাৰণ সুদত (simple interest) ফিক্স ডিপোজিতত বিনিয়োগ কৰা হ’ল। বছৰি ৩,৬০০ টকা সুদ পোৱা যাব আৰু ৫ বছৰৰ পিছত মুঠতে ৪৮ হাজাৰ টকা পোৱা যাব। এতিয়া এই ৩০ হাজাৰ টকা ৫ বছৰৰ বাবে ১২% চক্ৰবৃদ্ধি সুদত (compound interest) বিনিয়োগ কৰা হ’ল। প্ৰথম বছৰত পোৱা সুদখিনি (৩,৬০০ টকা) মূলধনৰ লগত যোগ দিয়া হ’ব, ফলত প্ৰথম বছৰৰ শেষত মূলধনখিনি বাঢ়ি ৩৩,৬০০ টকা হব। পিছৰ বছৰ এই ৩৩,৬০০ টকাৰ ওপৰত ১২% সুদ পোৱা যাব আৰু মূলধনখিনি বাঢ়ি ৩৭,৬৩২ টকা হব। এইদৰে গৈ গৈ ৫ বছৰৰ পিছত মুঠ টকাৰ পৰিমান হবগৈ ৫২,৮৭০ টকা। এইখিনি সাধৰণ সুদত পোৱা টকাতকৈ ২৭% বেছি। এইয়াই পাৱাৰ অফ কম্পাউণ্ডিং।
৩) দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰিব লাগে : দীৰ্ঘসময়ৰ বাবে বিনিয়োগ কৰিলে চক্ৰবৃদ্ধি সুদৰ সুবিধাটো বেছি ভালকৈ লব পাৰি।
৪) ধাৰাবাহিকভাৱে আৰু পদ্ধতিগতভাৱে (systematically) বিনিয়োগ কৰিব লাগে : লাগিলে কম পৰিমাণৰে হওঁক, প্ৰত্যেক মাহে অলপ অলপ কৈ দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰিব লাগে। পাৱাৰ অফ কম্পাউণ্ডিংৰ সুবিধা লব লাগে। উদাহৰণ – মাহে ১,০০০ টকাকৈ ৯% হাৰত (কম্পাউণ্ডেদ ইয়াৰলী) বিনিয়োগ কৰিলে ১০ বছৰৰ মূৰত ৬.৬৯ লাখ টকা পোৱা যাব, ৩০ বছৰত ১৭.৮৩ লাখ টকা পোৱা যাব আৰু ৪০ বছৰত ৪৪.২০ লাখ টকা পোৱা যাব।

( ক্ৰমশঃ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!