সঞ্চয় আৰু বিনিয়োগ – ৫ : প্ৰতিম প্ৰতাপ বৰুৱা

সঞ্চয় আৰু বিনিয়োগ – ৫

প্ৰতিম প্ৰতাপ বৰুৱা

Buy business, not just stocks.
মাত্ৰ শ্বেয়াৰ নিকিনিব, ব্যৱসায়টো কিনি লওক। কেনেকৈ?

আপোনাৰ হাতত যদি বহুত টকা থাকে আৰু যদিহে বজাৰত কোম্পানী কিনিবলৈ পোৱা যায়, তেন্তে আপুনি মাত্ৰ আনৰ কথা শুনি, এনেকুৱা এটা কোম্পানী কিনি পেলাবনে যিটোৰ বিষয়ে আপুনি একো নাজানে? নিশ্চয় নিকিনে।

শ্বেয়াৰ কিনোতে এটা কথা ভাবি ল’ব লাগে যে আমি মাত্ৰ এটা কোম্পানীৰ অংশ কিনা নাই, আমি সম্পূৰ্ণ কোম্পানীটোকেই কিনি পেলাইছোঁ। এটা কোম্পানীৰ বিষয়ে জানিবলৈ বৰ বেছি কষ্ট কৰিবৰ প্ৰয়োজন নাই। সাধাৰণ জ্ঞানকণেই যথেষ্ট। আপুনি হয়তো ডাক্তৰ বা ইঞ্জিনিয়াৰ বা সাংবাদিক বা অধ্যাপক বা গৃহিনী বা অন্য কিবা। আমি সকলোৱেই কিবা নহয় কিবা কাম কৰোঁ আৰু আমাৰ কামৰ লগত সম্পৰ্ক থকা বস্তুবিলাকৰ বিষয়ে অলপ হলেও জানো ।
শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি ভাল ৰিটাৰ্ণ পাবলৈ আমি নতুনকৈ বিনিয়োগৰ কিবা পদ্ধতি আৱিষ্কাৰ কৰিবৰ প্ৰয়োজন নাই। ৱাৰেন বাফেট, ৰাকেশ ঝুন্‌ঝুনৱালা আদিৰ দৰে কুশলী বিনিয়োগকাৰীসকলে দেখুৱাই দিয়া বাটেৰে আগবাঢ়ি গ’লেই সকলো কথা উজু আৰু আমোদজনক হৈ পৰিব। তেওঁলোক সকলোৱে নিজে বুজি পোৱা ব্যৱসায়বিলাকতহে বিনিয়োগ কৰিছিল আৰু দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰিছিল। খবৰৰ ওপৰত বা অন্য কাৰণত শ্বেয়াৰ বজাৰত সাময়িকভাবে সূচাংক উঠা-নমা হ’লে তেওঁলোকে থৰ-কাচুটি নেহেৰুৱাইছিল। কাৰণ তেওঁলোকে বিনিয়োগৰ বাবে বাচি লোৱা ব্যৱসায়সমূহৰ ওপৰত তেওঁলোকৰ আস্থা আছিল। তেওঁলোকে দীঘলীয়া সময় মানে কমেও ৫ৰ পৰা ৭ বছৰ বুজাইছিল।

বিনিয়োগৰ বাবে এটা ব্যৱসায় বুজি পাবলৈ টান টান ফাইনেঞ্চিয়েল জাৰ্গন বুজি পোৱাৰ প্ৰয়োজন নাই। এটা সাধাৰণ উদাহৰণ দিছোঁ–

নিজকে নিজে প্ৰশ্ন কৰক– মই কোনটো টুথপেষ্ট ব্যৱহাৰ কৰোঁ? এই টুথপেষ্টটো মোৰ ককাদেউতাৰ দিনত আছিলনে? এই টুথপেষ্টটো মোৰ সন্তানৰ সন্তান হোৱাৰ দিনলৈ থাকিবনে? ইমান দিনৰ পৰা ব্যৱসায়ত সফলতাৰে আছে যেতিয়া এই টুথপেষ্ট তৈয়াৰ কৰা কোম্পানীটোৰ মুনাফা বছৰে বছৰে বাঢ়িবই লাগিব। এনে কিছুমান প্ৰশ্নৰ উত্তৰে মোক ক’লগেট কোম্পানীৰ শ্বেয়াৰ কিনিবলৈ লোৱা সিদ্ধান্তটো সঠিক বুলি প্ৰমাণ কৰিছিল।

নিজকে প্ৰশ্ন কৰক– কোনটো বেংকত একাউণ্ট খুলি টকা জমা কৰিলে কোনো অসুবিধা নোহোৱাকৈ চলিব পাৰি, কোনটো কোম্পানীৰ গাড়ী আটাইতকৈ বেছি বিক্ৰী হয়, কোনখন নিউজপেপাৰৰ চাৰ্কুলেচন আটাইতকৈ বেছি, ঘৰৰ দেৱালত ৰং দিবলৈ কোনটো কোম্পানীৰ ৰং ব্যৱহাৰ কৰে, কোনটো কোম্পানীৰ চাহপাত কিনে, নতুনকৈ ঘৰ সাজিলে কোনটো কোম্পানীৰ চিমেন্ট বেছিকৈ ব্যৱহাৰ কৰে, কোনটো কোম্পানীৰ ঘড়ী পিন্ধে, প্ৰিয়জনক সোণৰ গহনা ক’ৰপৰা কিনি দিয়ে, কোনটো কোম্পানীৰ পিজ্জা মানুহে বেছিকৈ পচন্দ কৰে, পিজ্জা-আইচক্ৰীম খাই খাই বেছিকৈ শকত হৈ পৰিলে ফিটনেছৰ বাবে মানুহে কোনটো কোম্পানীৰ সৰঞ্জাম বেছিকৈ ব্যৱহাৰ কৰে, কোনটো কোম্পানীৰ ম’বাইল নেটৱৰ্কৰ ব্যৱহাৰ আটাইতকৈ বেছিকৈ হয়, মানুহৰ সাধাৰণতে বেছিকৈ হোৱা সাধাৰণ অসুখকেইটাৰ নিৰাময়ৰ বাবে ডাক্তৰে লিখি দিয়া ঔষধখিনি কোনটো কোম্পানীৰ, ভাৰতৰ বিশাল নদীকেইখনৰ ওপৰেৰে বিশাল বিশাল দলং কোনটো কোম্পানীয়ে সাজি উলিয়ায়, ভাৰতীয় সৈন্যবাহিনীৰ বাবে সৰঞ্জাম কোনটো কোম্পানীয়ে তৈয়াৰ কৰে ইত্যাদি। এই প্ৰশ্নবিলাকৰ উত্তৰে আপোনাক কিছুমান ভাল কোম্পানীৰ এখন তালিকা দিব। এতিয়া ধীৰে সুস্থিৰে এই কোম্পানীবিলাকত প্ৰত্যেক মাহে অলপ অলপকৈ দীঘলীয়া সময়ৰ বাবে বিনিয়োগ আৰম্ভ কৰি দিব পাৰে।
গতিকে এতিয়াৰপৰা আপোনাৰ চৌদিশে ঘটি থকা ঘটনাবিলাক লক্ষ্য কৰক। কোনে জানে ইয়াৰ মাজতে আপুনি হয়তো বিনিয়োগৰ বাবে কেইটামান ভাল ভাল সিদ্ধান্ত লৈ লব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!