সপোন দেখাৰ সময় – মৃদুল কুমাৰ শৰ্মা

 সপোনবোৰ যেতিয়াই তেতিয়াই 
দেখোঁ৷
কেতিয়াবা দিবানিদ্ৰাত
কেতিয়াবা মধ্যনিশাত
আৰু কেতিয়াবা
পুৱতি নিশাত৷
সকলো সপোনেই ভাল৷ যেন এখন ৰঙীন বোলছবিহে৷
দিবানিদ্ৰাৰ সপোনবোৰ টুকুৰা টুকুৰ৷ ভাঙি ভাঙি আহে৷
পুৰণি ভিচিআৰৰ ছবিবোৰো এনেকুৱাই আছিল৷ 
ৰীল কাটি যায়৷ আক্ষেপ থাকি যায়৷ 
’হেড ক্লিনাৰ’ লগাই চফা কৰোঁ ৰীলবোৰ৷ ছবিবোৰ কেতিয়াবা ভাল হয়৷
কেতিয়াবা অঁকৰা মৈত উঠে৷ ছবি নাহোঁ বুলিলে নাহে৷
তেনে ছবিবোৰ মাজনিশা মনলৈ আনি সপোনটো 
পুনৰ চাবলৈ চেষ্টা কৰোঁ৷ 
কাহিনী সলনি হয়৷ প্ৰেক্ষাপটো৷ নায়ক নায়িকাও৷
ভাৱ হয়৷ ভ্ৰম হৈছে চাগে’৷ সপোন চাওঁ বুলিলে চাব নোৱাৰি৷
সপোন দেখোহে আমি৷ তথাপি আশাত বন্দী৷
কিজানিবা ভবা মতেই সপোনটো দেখোঁ৷
পুৱতি নিশাৰ ফলিয়াব খোজা সপোনবোৰ ভয় লাগে৷
কেতিয়াবা সুখত সন্মোহিত৷
কেতিয়াবা ভয়ত ঘৰ্মাক্ত৷
কলহৰ চেঁচা পানীয়ে নিৰ্ধাৰণ কৰে
পুৱতি নিশাৰ সপোন কিমান 
ভয়ংকৰ৷ স্বপ্নভংগই দিয়ে প্ৰশান্তি৷
কিম্বা
কুঁচিমুচি শোৱা দন্তীয়া দই
আহ্বান কৰে দিঠকৰ৷ ভাললগাবোৰ দীঘলীয়া হওক৷
এক জটিল কাৰবাৰ এই সপোনবোৰ৷ অনিয়ন্ত্ৰিত, কিন্তু যেন উদ্দেশ্যপ্ৰণোদিত৷
ভাবো সপোন এটা ’চাম’৷
কিন্তু ’দেখো’ সপোন এটা৷
কিছুমানৰ সপোন- সপোন নেদেখাৰ৷ 
দুঃস্বপ্নবোৰৰ কোনো সময় নাই৷ 
খোজ কাঢ়ি থাকোতেও আহে৷ কথা পাতি থাকোতেও দেই যায়৷
এওঁলোকে চকু মেলি থয়; সপোন নেদেখিবলৈ৷ দুঃস্বপ্নক আগচিবলৈ৷
পিছে এওঁলোকে নাজানে
দুঃস্বপ্নৰ বাবে টোপনি অণুঘটক নহয়৷ 
বেয়া সপোনবোৰ য’তে ত’তে দেখা দিয়ে৷
ভাল সপোনবোৰেহে পৰিৱেশ বিচাৰে৷ খেন বিচাৰ কৰে৷
আৰু টোপনিও৷
☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!