সবল নাৰীৰ অনন্য ছবি – মানসী বৰা

কেইবছৰমান পূর্বে মহিলা এগৰাকীৰ কাহিনী পঢ়িছিলোঁ৷ নাম বেবী হালদাৰ। সুৰাসক্ত স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি বেবী হালদাৰৰ মাতৃয়ে স্বামীৰ গৃহ ত্যাগ কৰিছিল। ষষ্ঠ শ্রেণীলৈকে পঢ়া-শুনা কৰা বেবী হালদাৰৰ বয়স তেতিয়া মাত্র বাৰ বছৰ। ফুলকুমলীয়া সেই বয়সতে তেওঁতকৈ চৈধ্য বছৰ ডাঙৰ এজন ব্যক্তিৰ সৈতে বেবীৰ হালদাৰৰ বৈবাহিক জীৱন আৰম্ভ হয়। তেৰ বছৰ বয়সতে তেওঁ প্রথমটো সন্তানৰ মাতৃ হয়। আনৰ ঘৰে ঘৰে বনকৰা মহিলা হিচাপে কাম কৰা বেবী হালদাৰৰ জীৱন দৰিদ্রতা আৰু স্বামীৰ নির্য্যাতনেৰে মাজেৰে অতিবাহিত হৈছিল। কিন্তু এদিন নিজৰ তিনিটি সন্তানক বুকত বান্ধি স্বামীৰ গৃহ ত্যাগ কৰি ওলাই আহিছিল বেবী হালদাৰ। বনকৰা মহিলা হিচাপে বেবীৰ হালদাৰৰ জীৱন আগবাঢ়ে। হিন্দী সাহিত্য জগতৰ কাণ্ডাৰী মুন্সী প্রেমচন্দৰ নাতিয়েকৰ ঘৰত কাম কৰি থকাৰ সময়তে গ্রন্থৰ প্রতি বেবী হালদাৰৰ অনুৰাগ বাঢ়ে। কঠোৰ সংগ্রামেৰে ভৰা নিজৰ জীৱন কাহিনীক বেবী হালদাৰে ২০০২ চনত গ্রন্থৰ ৰূপ দিয়ে। “আলো আন্ধাৰি” নামৰ সেই গ্রন্থৰ কাহিনী ইতিমধ্যে তেৰটা ভাষালৈ অনূদিত হৈছে ।পৰৱর্তী সময়ত “ঈষৎ ৰূপান্তৰ” আৰু “ঘৰে ফেৰাৰ পথ” নামেৰে তেওঁৰ আন দুখন গ্রন্থও প্রকাশ হয়।
আমাৰ সমাজত বেবী হালদাৰৰ নিচিনা অসংখ্য নাৰী আছে যিসকলে জীৱনত পাৰিবাৰিক আতিশয্যৰ বলি হ’বলগীয়া হৈছে । কন্যা ভ্ৰূণ হত্যা, যৌতুক, ঘৰুৱা হিংসা, শাৰীৰিক শোষণ আদি ঘটনাৰ খবৰ সংবাদ মাধ্যম যোগে যেতিয়া দৃষ্টিগোচৰ হয় তীব্র হতাশাত ভোগোঁ। সভ্যতাৰ একবিংশ শতিকাত উপনীত হোৱাৰ পাছতো আজিৰ মানৱ সমাজত নাৰীৰ জীৱন সুৰক্ষিত নোহোৱাটো অতি পৰিতাপৰ বিষয়। লেখাটিৰ আৰম্ভণিতে বেবী হালদাৰৰ প্রসংগ উত্থাপন কৰাৰ কাৰণ আছে। বেবী হালদাৰৰ নিচিনা প্রতিভাময়ী নাৰী পাৰিবাৰিক নির্য্যাতনৰ বলি হোৱা সহস্রজনী নাৰীৰ বাবে প্রেৰণা। জীৱনৰ দুর্বিসহ দিনবিলাকক নিজৰ দুর্বলতা হিচাপে গণ্য নকৰি সাহসৰ পৰিচয় দিয়া নাৰীৰসমূহৰ বাবে বেবী হালদাৰ এক অন্যন্য ৰূপ।
এটা কথা ঠিক যে জীৱন আধাৰিত এখন গ্রন্থ লিখিলেই নাৰীগৰাকী সবল বুলিব নোৱাৰি। কিন্তু বনকৰা মহিলা হিচাপে কাম কৰা এগৰাকী অসাধাৰণ নাৰীয়ে যেতিয়া গ্রন্থ প্রকাশ কৰি লেখিকাৰ সন্মানীয় পৰিচয় পায় আৰু তাৰ লগতে গ্ৰন্থৰ পৰা পোৱা উপার্জনেৰে কলকতাত স্থায়ী ঘৰ এখন কৰিব পাৰে সেয়া নিশ্চিতভাৱে সবলতা। পুৰুষৰ তুলনাত শাৰীৰিকভাৱে দুর্বল হ’লেও মানসিকভাৱে নাৰী যে কেতিয়াও দুর্বল নহয় বেবী হালদাৰৰ কাহিনীয়ে তাকেই যেন প্রতিপন্ন কৰিলে। বর্তমান ভাৰতীয় নাৰীসকল বহু পৰিমাণে সবল হৈছে। আজি বহুসংখ্যক নাৰীয়ে স্ব-নিয়োজনেৰে আর্থিক সবলতা অর্জন কৰি নিজৰ সংসাৰখন নিয়াৰিকৈ চলাই আছে। ২০১৫ বর্ষৰ নবেম্বৰ মাহত চেন্নাইলৈ যাওঁতে মহিলা অট’চালক দেখা পাইছিলোঁ।
ভাৰতবর্ষত নাৰী সবলীকৰণৰ দিশত অৰিহণা যোগাই অহা আঁচনিৰ সফল ৰূপায়নৰ বাতৰি পাই আহিছোঁ। ১৯৯৯ চনত আৰম্ভ কৰা এই আঁচনিৰ নাম হ’ল স্বৰ্ণজয়ন্তী গ্ৰাম স্ব-ৰোজগাৰ আঁচনি। নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাত এই আঁচনিয়ে সহায় কৰি আহিছে। দাৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ নাৰীৰ স্বৰোজগাৰৰ বাট মুকলি কৰা এই আঁচনিৰ অন্যতম উদ্দেশ্য। এই আঁচনিৰ অধীনত মহাৰাষ্ট্ৰৰ গ্ৰাম্য উন্নয়ন বিভাগৰ সচিব চন্দ্ৰা আয়েংগাৰ নামৰ মহিলাগৰাকীয়ে আন পাঁচগৰাকী মহিলা প্ৰশাসনিক বিষয়াৰ সহযোগত মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত বৃহৎ সংখ্যক আত্মসহায়ক গোট গঠন কৰি মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিছে। পাপৰ, হালধিৰ গুড়ি, দুগ্ধজাত সামগ্ৰী, হস্তশিল্পৰ সামগ্ৰী আদি প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি অৰ্থনৈতিক দিশত আত্মসহায়ক গোটৰ মহিলাসকল লাভৱান হৈছে আৰু আত্মনিৰ্ভৰশীল হৈ পৰিয়াল তথা সমাজত এক সন্মানীয় জীৱন-যাপন কৰিবলৈ সক্ষম হৈছে। নাৰী সবলীকৰণৰ এয়া এক উদাহৰণ।
সেইদৰে ‘অদিতি’ নামৰ স্বেচ্ছাসেৱী সংগঠন এটা প্ৰতিষ্ঠা কৰি ৱিজি নিবাসন নামৰ মহিলাগৰাকীয়ে একক প্ৰচেষ্টাৰে বিহাৰ আৰু ঝাৰখণ্ডৰ গ্ৰামাঞ্চলৰ অৱদমিত নাৰী সমাজৰ উন্নতিৰ হকে কাম কৰিছে। ২০০৫ চনলৈকে তেওঁ ৫৬৮ টা আত্মসহায়ক গোট স্থাপন কৰিছিল আৰু এই আত্মসহায়ক গোটে ৩৪,০০০ মহিলাক কৰ্মসংস্থাপন দিছিল।
অসমতো স্বনিয়োজনেৰে আজি মহিলাসকল বহুপৰিমাণে স্বাৱলম্বী হৈছে। আত্মসহায়ক গোট খুলি কৃষি, পশুপালন,খাদ্য সামগ্ৰী প্ৰস্তুত কৰা আৰু থলুৱা সামগ্ৰী আদি উৎপাদনত মহিলাসকলে মনোনিৱেশ কৰি আহিছে। কনকলতা মহিলা সবলীকৰণ আঁচনিয়ে অসমৰ চুকে-কোণে মহিলাসকলৰ আর্থিক স্বাৱলম্বিতা অর্জনত সহায় কৰিছে। আৰ্থিক স্বাৱলম্বিতাই মহিলাসকলক আত্মবিশ্বাসী হোৱাত অৰিহনা যোগাইছে।
আমেৰিকা যুক্তৰাষ্টলৈ অহাৰ পাছত প্রায়ে মহিলাকে বাছ নাইবা কেবৰ চালক হিচাপে দেখি আহিছোঁ। আজি বিশ্বৰ বিভিন্ন প্রান্তত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানত মহিলাসকলৰ সবল নেতৃত্ব দেখিবলৈ পোৱা যায়। বিশ্বব্যাপি মহিলাৰ সবলীকৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রতো সেৱা সংস্থান আছে। ‘য’নতা ইন্টাৰ্নেচনেল’ (zonta Intenational) হ’ল তেনে এটি আন্তর্জাতিক সেৱা সংস্থান। ১৯১৯ চনত নিউয়র্কৰ বাফেল’ত কেইগৰাকীমান মহিলা ব্যৱসায়ীয়ে মাৰিয়ান দি ফৰেষ্টৰ নেতৃত্বত এই সংস্থাৰ জন্ম দিছিল। কন্যাশিশুকে ধৰি মহিলাসকলে সমুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ দিশত এই সংস্থাই গুৰত্ব প্রদান কৰি আহিছে। গ্রাম্যাঞ্চলত বাস কৰা মহিলাৰ স্বাস্থ্যৰ যতন, বিশুদ্ধ খোৱাপানীৰ যোগান আদিকে ধৰি মাতৃৰ পৰা সন্তানলৈ এইডচ আই ভিৰ বীজাণু সংক্রমণত বাধা প্রদান কৰা বিষয়সমূ্হক বিশেষ অগ্রাধিকাৰ দি আহিছে। প্রায় ৪৫ বছৰৰ পৰা এই সংস্থা ইউনিচেফৰো অংশীদাৰ।
নাৰী অর্ধ আকাশ। নাৰী-পুৰুষ মিলি এই সমগ্র আকাশ। পৃথিৱীৰ আধাসংখ্যক জনসংখ্যা এই নাৰীক বাদ দি জানো পৃথিৱীখন কল্পনা কৰিব পাৰি? সেয়ে অর্ধ আকাশ আমাৰ নাৰীসকল সবল হোৱাটো এই শতিকাত অতিশয় জৰুৰী। তাৰ লগতে জৰুৰী বিষয় হ’ল নাৰীৰ সুৰক্ষা। এখন দেশত বাস কৰা নাৰীসকল সুৰক্ষিত হ’লেহে সেই দেশক এখন সভ্য দেশ বুলিব পাৰি।

One thought on “সবল নাৰীৰ অনন্য ছবি – মানসী বৰা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!