সভ্যতাৰ অভিশাপ: নাৰীৰ যৌনাংগ বিকৃতকৰণ (ৰঞ্জিত কুমাৰ বৰা)

সভ্যতাৰ অভিশাপ: নাৰীৰ যৌনাংগ বিকৃতকৰণ

ৰঞ্জিত কুমাৰ বৰা

একবিংশ শতিকাতো পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ নামত পৃথিৱীত এনে কিছুমান পৰম্পৰা চলি আছে যে শুনিলেই শিহৰণত গাৰ নোম ডাল ডাল হৈ পৰে। পৰম্পৰা নহয় যেন নাৰীৰ মান-মৰ্যাদা, অধিকাৰৰ উপহাসহে। যাৰ বাবে বিশ্বৰ কোটি কোটি নাৰীয়ে সুন্দৰ পৃথিৱীখনৰ সমস্ত সুখ, ৰূপসুধা পান কৰাৰ পৰা বঞ্চিত হৈ আহিছে। বিশ্বৰ একাংশত যুগ যুগ ধৰি চলি থকা তেনে এক ভয়াৱহ পৰম্পৰা হৈছে “লিংগাগ্ৰচ্ছেদ” বা “যৌনাংগ বিকৃতকৰণ”। ইংৰাজীত female genital mutilation-ৰ জৰিয়তে বিষয়টোক বুজিব পৰা যায়। আৰৱীয় ভাষাত “খাফ্‌ট” বোলা হয়। এই পৰম্পৰা বা পদ্ধতিৰ মূল কথা হৈছে— নাৰীৰ বাবে কাম মহাপাপ আৰু পুৰুষৰ বাবে পূণ্য। নাৰীক মহাপাপৰ পৰা আঁতৰাই ৰখাৰ নামত পুৰুষৰ খেলৰ সামগ্ৰী কৰি তোলা হয়। নাৰী হৈ পৰে কাম-অনুভৱহীন এটা যৌন-যন্ত্ৰ। লক্ষণীয়ভাৱে ধৰ্মীয় নীতিৰ আধাৰত গঢ় লৈ উঠিছে সেই পৰম্পৰা, অপ-সংস্কৃতি। আনহাতে, নাৰীক কাম অনুভৱহীন ৰূপে গঢ়ি তোলাৰ বাবে যি পদ্ধতিৰ আশ্ৰয় লোৱা হয়, পৃথিৱীত ইয়াতকৈ বৰ্বৰোচিত, পৈশাচিক ব্যৱস্থা চাগৈ দ্বিতীয়টো পোৱা নাযাব।

কি এই যৌনাংগ বিকৃতকৰণ ?
যৌন কামনাক অৱদমিত কৰি এটা যন্ত্ৰত পৰিণত কৰা নাৰীক কুমাৰীত্ব প্ৰাপ্তিৰ পূৰ্বেই জননাংগৰ অগ্ৰভাগ (CLITORIS) কাটি পেলোৱা হয়। এইটো কথা সৰ্বজনবিদিত যে নাৰীৰ যৌন আৱেগ সৃষ্টিৰ ক্ষেত্ৰত clitoris-ৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেই ক্লিট’ৰিচৰ ওপৰতে চলে আক্ৰমণ। ঋতুস্ৰাৱৰ পূৰ্বে clitoris আঁতৰাই পেলোৱা হয়। তাৰ বাবে বালিকাক দুই ভৰিত দুগৰাকী মহিলা আৰু দুহাতত দুগৰাকী মহিলাই টানকৈ ধৰি থাকে। ধাইজাতীয় মহিলাই বৰ্বৰোচিতভাৱে চুৰীৰে কাটি clitoris-ৰ অপসাৰণ কৰে। তাৰ পিছত কুমাৰীয়ে যাতে লৰচৰ কৰিব নোৱাৰে, তাৰ বাবে ৮০ দিন পৰ্যন্ত দুয়ো ভৰি দুফালে কটকটীয়াকৈ বান্ধি থোৱা হয়। clitoris অপসাৰণৰ পিছত যোনী মুখ চিলাই কৰি অকণমান ৰন্ধ্ৰ এটা ৰাখি দিয়া হয় যাতে পেচাৱ আৰু ঋতুস্ৰাৱৰ সময়ত ৰক্ত বাহিৰ হ’ব পাৰে। বিয়াৰ পিছত স্বামীৰ সুখৰ বাবে সেই চিলাই খুলি পেলোৱা হয়। তালাক বা বিধৱা হ’লে পুনৰ চিলাই কৰি দিয়া হয়। নাৰীৰ বাবে ইয়াতকৈ অপমানজনক কথা কি হ’ব পাৰে? কেৱল নাৰীৰ বাবেই নে, মানৱ সভ্যতাৰ বাবে অভিশাপ সেই পৰম্পৰা।

যৌনাংগ বিকৃতকৰণৰ ভাগ—
বিশ্ব স্বাস্থ্য সংস্থাই প্ৰক্ৰিয়াটোক টাইপ-১, টাইপ-২, টাইপ-৩ আৰু টাইপ-৪ নামেৰে চাৰিটা ভাগত বিভক্ত কৰিছে।
টাইপ-১ বিকৃতকৰণত যৌনাংগৰ অগ্ৰভাগ সম্পূৰ্ণ বা উলম্বভাৱে কাটি অপসাৰণ কৰা হয় (clitoridectomy)।
টাইপ-২ত ভগাংকুৰ (clitoris) আৰু labia minoraৰ আংশিক অথবা সম্পূৰ্ণ অপসাৰণ হয় (excision)।
টাইপ-৩ত labia minora, labia majora-ক কাটি জননাংগৰ সমুখভাগ ‘ছীল’ কৰি দিয়াৰ দৰে চিলাই কৰি যোনী ৰন্ধ্ৰ সংকীৰ্ণ কৰি দিয়া হয় যাতে কেৱল পেচাব বা ৰক্তক্ষৰণহে সম্ভৱ হয় (infibulations)।
এই পদ্ধতিত বহিঃজননাংগৰ বেছিভাগ টিছু কাটি পোলোৱা হয়। লেবিয়া মাইনৰ আৰু মেজৰৰ সম্পূৰ্ণ অংশ কাটি চিলাই কৰি দিয়া হয়।
টাইপ-৪ত টিছু অপসাৰণ বা কাটি পেলাৱা নহয়। যৌনাংগ পুৰি পেলোৱা, যৌনাংগৰ ভিতৰত ৰক্তপাত ঘটাই যোনীদ্বাৰ সংকীৰ্ণ কৰা আদি বিভিন্ন ধৰণৰ পদ্ধতিক সামৰি লোৱা হৈছে। এই ধৰণৰ ব্যৱস্থা জনবিচ্ছিন্ন নৃ-তাত্তিক জনগোষ্ঠী কিছুমানৰ মাজত আছে।

এমেনেষ্টী ইণ্টাৰনেচনেলৰ মতে প্ৰতি বছৰে ১৩ কোটি নাৰীৰ উল্লিখিত কোনো নহয় কোনো পদ্ধতিৰে যৌনাংগ বিকৃতকৰণ হয়। বিগত সময়ছোৱাত বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বহু সংস্থা, স্বেচ্ছাসেৱী সংগঠনৰ লগতে চৰকাৰসমূহে কঠোৰ আইন বলবৎ কৰি সমাজৰ পৰা ইয়াত আঁতৰোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও ধৰ্মীয় কাৰণৰ বাবে আজিও মানৱ সমাজৰ বাবে কলংক হৈ বৰ্তি আছে দানবীয় প্ৰথাটো। একবিংশ শতিকাৰ গৰিমাক উপলুঙা কৰি সেই প্ৰথা আফ্ৰিকীয় দেশসমূহত মানি চলা হয়। অকল আফ্ৰিকাতেই নহয়, বিশ্বৰ অন্যান্য প্ৰান্ততো নাৰীক সেইদৰে ভোগৰ সামগ্ৰীৰূপে ব্যৱহাৰ কৰা হৈ আহিছে। আনকি ইংলেণ্ডতো গোপনীয়তাৰে যৌনাংগ বিকৃতকৰণ প্ৰথা চলি আছে। অৱশ্যে আফ্ৰিকাৰ দেশসমূহত বিকৃতকৰণৰ পয়োভৰ বহু বেছি। পশ্চিমৰ ছেনেগালৰ পৰা পূবৰ ইথিওপিয়া আৰু উত্তৰৰ মিছৰৰ পৰা দক্ষিণৰ তাঞ্জানীয়ালৈকে বিস্তৃত ভয়াৱহ পৰম্পৰাৰ জালখন। মিছৰ, ছুডান, ইথিওপিয়া আৰু মালিত ইয়াৰ প্ৰভাৱ সৰ্বাধিক। মিছৰৰ ৯০ শতাংশ নাৰী যৌন বিকৃতকৰণৰ চিকাৰ হয়। চৰকাৰে সেই ব্যৱস্থাক নিষিদ্ধ ঘোষণা কৰি কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও ধৰ্মান্ধ লোকৰ বাবে অদ্যাপি কাংক্ষিত সফলতাৰ পৰা শত যোজন দূৰৈত আছে আইনখন। আফ্ৰিকাত পৰম্পৰাৰ নামত মুকলিকৈয়ে চলি থকাৰ বিপৰীতে মধ্যপ্ৰাচ্যৰ দেশত গোপনে সেই কাম সমাধা কৰা হয়।
(লেখাটোৰ বাবে ৱিকিপিডিয়া, বিবিচি ৰেডিঅ’, বাংলাদেশী বাতৰি কাকত আদিৰ সহায় লোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!