সমাধি -(মিতালী বর্মন)

সমাধি
-(মিতালী বর্মন)
 
এটি সপোনৰ সমাধিত
ধুমুহা আনে কোনে—-
এখন আকাশে!
 
এটি কবিতাৰ সমাধিত
কান্দে কোনে—-
অনামী অনুৰাগে!!
 
এখন হৃদয়ৰ সমাধিত
উচুপে কোনে—-
তোমাৰ মৰমে
আৰু
কৃষ্ণচূড়াৰ আল্পনা অঁকা বাটত
গধূলিগোপাল ফুলে!!!
———————–
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!