সমালোচনাৰ পথ মূল হিন্দী: কিশোৰ কুমাৰ ভাৱানুবাদঃ বিকু বৰা

এদিন শ্ৰেণীত এজন শিক্ষকে ব’ৰ্ডত এনেদৰে লিখিলে,
৯×১=৭

৯×২=১৮

৯×৩=২৭

৯×৪=৩৬

৯×৫=৪৫

৯×৬=৫৪

৯×৭=৬৩

৯×৮=৭২

৯×৯=৮১

৯×১০=৯০

লিখি শেষ হোৱাৰ পাছত শিক্ষকজনে ঘূৰি চাই দেখিলে যে ছাত্ৰ-ছাত্ৰী সকলে তেওঁৰ ফালে চাই হাঁহি আছে, কাৰণ তেওঁ লিখা প্ৰথম শাৰীটো ভুল আছিল!

তাৰপাছত শিক্ষক জনে ক’লে, “মই প্ৰথম শাৰীটো বিশেষ এটা কাৰণতহে ভুলকৈ লিখিছোঁ৷
মই ইয়াৰদ্বাৰা তোমালোকক এটা মহত্ত্বপূৰ্ণ শিক্ষা দিব বিচাৰিছোঁ৷ গোটেই পৃথিৱীখনে তোমালোকৰ লগতো ঠিক এনে ব্যৱহাৰেই কৰিব!
তোমালোকে নিশ্চয় দেখিছা যে মই ৯-টা শাৰী শুদ্ধকৈ লিখিছোঁ৷ অথচ কোনেও মোক অভিনন্দন নজনালা৷ কিন্তু মোৰ মাত্ৰ এটা ভুলতে তোমালোকে মোক লৈ হাঁহিলা আৰু সমালোচনা কৰিলা৷ আজি মই তোমালোকক দিব বিচৰা শিক্ষাটো এয়ে যে, লাখৰ হিচাবত তুমি ভাল কাম কৰিলেও পৃথিৱীখনে তোমাৰ শলাগো কিজানি নল’ব৷ কিন্তু তুমি যদি মাত্ৰ এটা ভুল কৰা, তাক লৈ জগতখনে সদায় সমালোচনা কৰিব৷”

বন্ধুসকল, শিক্ষক জনে ইচ্ছা কৰি কৰা ভুল এটাৰ সাধাৰণ উদাহৰণেৰে ছাত্ৰ সমাজলৈ ভৱিষ্যতৰ কাৰণে নৈতিক জ্ঞানৰ পথ এটা মুকলি কৰিছে৷ একো- একোজন মহান ব্যক্তিৰ জীৱনটো বা সংগঠনৰ কৰ্ম ক্ষেত্ৰখনৰো ক’ৰবাত নহয় ক’ৰবাত একো- একোটা সামান্য ভুল থাকি যোৱা দেখা যায়; আৰু সমালোচকসকলে ইয়াকে ৰৌটোকে ঢৌটো কৰি সমাজত তাল- ফাল লগায়৷ এইটো ঠিক যে সমালোচনাৰ উৰ্দ্ধত কোনো নহয়৷ সেইবুলি, এই সমালোচনা ধ্বংসাত্মক নহৈ গঠনমূলক হোৱাটোহে উচিত৷ গঠনমূলক সমালোচনাৰে এনে ভুলৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে তাক ইতিবাচক পৰামৰ্শৰে সংশোধন কৰি দিয়াটোহে মংগলজনক৷

জুইয়ে সোণক অধিক উজ্জ্বলহে কৰে, সেইবুলি গোটেই সোণখিনিকে জুইয়ে পুৰি নেপেলায়৷ চন্দ্ৰতো কলংক থাকে, সেইবুলি চন্দ্ৰৰ পোহৰখিনিহে আমাৰ কাম্য, চন্দ্ৰৰ কলংকই আজিলৈকে আমাৰ একো ক্ষতি কৰা নাই৷ কিন্তু সেই কলংক নথকা হ’লে আমি কিজানি চন্দ্ৰৰ পৰা অধিক উজ্জ্বলতা উপভোগ কৰিব পৰিলোহেঁতেন৷ আমি এনেকৈহে ভাবিব লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!