সম্পাদকলৈ চিঠি (অজয় লাল দত্ত)

অনাগত অসমঃ “ত্ৰিপুৰা নে কাশ্মীৰ”?
—————————–
কালিলৈকে সকলো যেন ঠিকেই আছিল৷ সকলোৱে কৈ আছিল, অসমৰ অসমীয়া অসমতে সংখ্যালঘু হব, অসম ত্ৰিপুৰা হব৷ ত্ৰিপুৰাত গোষ্ঠীৰ ভিত্তিত ভোটবেংক তৈয়াৰ কৰি নিৰ্দিষ্ট থলুৱা জনগোষ্ঠীয় নেতাক জিকাব পৰাৰ ৰাজনৈতিক সংখ্যাগত শক্তি খিলঞ্জীয়া ত্ৰিপুৰী জনতাৰ নাইকিয়া হৈ যোৱাৰ কথাকেই ইয়াৰ দ্বাৰা বুজোৱা হৈছিল৷ তাৰ বাহিৰে শান্তি, শাসন, সমাজৰ মান নিৰ্ণয় কৰা মানৱ বিকাশ সূচকাংক (Human Development Index) ৰ ক্ষেত্ৰত ত্ৰিপুৰা কিন্তুু এতিয়া ঈৰ্ষণীয় ভাৱে শীৰ্ষত৷ গতিকে অসম ত্ৰিপুৰা হৈ যোৱাৰ শংকাই ইমান দিন ভিতৰৰ মানুহটোক জোকাৰি যাব পৰা নাছিল৷ আনকি ৰাজ্যখনৰ আভ্যন্তৰীণ গোষ্ঠীগত সশস্ত্ৰ সংঘাত প্ৰশমন কৰি শান্তি প্ৰতিষ্ঠাৰ নমুনাৰে আফছা (AFSA) উঠাই দিব পৰা শক্তি প্ৰদৰ্শন কৰা ক্ষুদ্ৰ ৰাজ্যখনৰ ৰাজ্য চৰকাৰখনৰ প্ৰতি মনত আছিল আন্তৰিক সন্মানবোধো৷
কিন্তুু ’নিয়মীয়া বাৰ্তা’ কাকতত ‘আন্তৰিক বাৰ্তা’ত শ্ৰদ্ধাৰ ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ডাঙৰীয়াৰ ’মনৰ মাজত তেজৰ নৈ’ শীৰ্ষক লেখাটিয়ে মনটো বিচলিত কৰি তুলিলে৷ তেখেতৰ মতে ’এই সমাগত ভৱিষ্যত হব ৰক্তাক্ত৷ ত্ৰিপুৰা নহয়; নিশ্চিত ভাৱে অসম হ’ব কাশ্মীৰ! ’
কাশ্মীৰৰ সমস্যাক লৈ যি সময়ত দেশ উদ্বেলিত, চিন্তিত৷ যি ভূ-খণ্ডত মানৱ অধিকাৰৰ পদে পদে হনন, য’ত সাধাৰণ মানুহৰ জীৱনৰ কোনো নিশ্চয়তা নাই, য’ত জন-জীৱনৰ নামত আছে কেৱল স্তব্ধতা৷ য’ৰ নেতা-পালিনেতাৰ পুত্ৰ-কন্যা বাহিৰত শিক্ষিত-কৰ্মৰত-প্ৰতিষ্ঠিত, আৰু তেওঁবিলাকৰ ক্ষমতাৰ স্বপ্নৰ খেলত বিধ্বস্ত উপত্যকা৷ যি সকলৰ কাশ্মীৰৰ বাহিৰে বিকল্প কোনো ঘৰ নাই তেওঁলোকেই সেই দীৰ্ঘদিনৰ চেঁপা সন্ত্ৰাসৰ দ্বাৰা সৰ্বক্ষণে পীড়িত কেইবাটা দশকজুৰি৷ কাশ্মীৰৰ ইতিহাস, বৰ্তমান, পৰিস্থিতি আদি সকলো সুকীয়া, আছে বহুমাত্ৰিক বাহ্যিক কাৰকো৷ সেয়ে কাশ্মীৰৰ সৈতে অসমৰ তুলনা আমি ভুলতো কৰিব নিবিচাৰিছিলো৷
কিন্তুু যেতিয়া ‘অন্য এক দৃষ্টিকোণেৰে’, অসমৰ সমাজজীৱনত যেন বেলেগ জীৱন-জীৱিকাৰ জ্বলন্ত সমস্যা নাই, কেৱল এতিয়া ৰাজনীতিত হিন্দু বনাম মুছলামৰ সংঘাতকেই উপজীব্য কৰি তুলিব বিচৰা হৈছে৷ বিশ্বৰ ৰাজনীতিৰ প্ৰভাৱো নুই কৰিব নোৱাৰা দেৱচৌধুৰীদেৱৰ এই বিশ্লেষণে কিন্তুু এই শংকাকেই ক্ৰমাত ঘনীভূত কৰি আনিছে৷
সেয়ে প্ৰভূৰ ওচৰত প্ৰাৰ্থনা কৰিছো, ৰাজনৈতিক প্ৰভূ সকলকো সকাতৰে আহ্বান জনাইছো, যাতে অসম সুশাসনৰ উদাহৰণ ত্ৰিপুৰা কৰিলেও কৰা, উন্নত মানৱ সম্পদ বিকাশ সূচকাংকৰে সমৃদ্ধ ও সামৰিক বাহিনী বিশেষ সশস্ত্ৰ ক্ষমতা আইনহীন ৰাজ্য! কিন্তুু চিৰ গৃহযুদ্ধভূমি কাশ্মীৰ, যাতে কোনো পধ্যেই, কোনো দিনেই নহয়!
অসমক কাশ্মীৰ কৰিব খোজা প্ৰতিটো অপশক্তিক চিনাক্ত কৰিবলৈ, অপচেষ্টা পৰাভূত কৰিবলৈ সকলো অসমবাসীক ইয়াৰে আহ্বান জনালো৷ নিজৰ ভৱিষ্যতৰ শংকাক নিজে দূৰ কৰাৰ কিন্তুু সময় আহিল, সেই কথাও কিন্তুু নিশ্চিত৷

বিনীত
অজয় লাল দত্ত
ফোন-৯৫৩১১০৭১৫০
ই-মেইলঃ [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!