সম্পাদকলৈ চিঠি : ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়,

এটা অভিযোগ কৰা দেখা যায় যে অসমীয়া কিতাপৰ পঢ়ুৱৈ সংখ্যা কম। কিন্তু অসমীয়া কিতাপ পঢ়িবলৈ প্রথমে কিতাপবোৰৰ বিষয়ে জানিব লাগিব। তেতিয়াহে অসমীয়া কিতাপৰ পঢ়ুৱৈ সংখ্যা বাঢ়িব। কিছুমান লেখক আছে যিসকলে নিজৰ লেখাত ইংৰাজী কিতাপৰ উদ্ধৃতিৰে লেখাবোৰ ভৰাই দিয়ে, কিন্তু অসমীয়া কিতাপৰ পৰা এটাও উদ্ধৃতি দিয়া চকুত নপৰে। আমি ভাবোঁ উদ্ধৃতি দিব পৰাকৈ বহুতো অসমীয়া কিতাপ আছে। আশা কৰিছোঁ লেখকসকলে অসমীয়া কিতাপৰ পৰাও উদ্ধৃতি তেওঁলোকৰ লেখাত উল্লেখ কৰিব।

তেতিয়া অসমীয়া কিতাপবোৰৰ বিষয়ে ৰাইজে জানিব আৰু অসমীয়া কিতাপৰ পঢ়ুৱৈ সংখ্যা অলপ হ’লেও বাঢ়িব। বাতৰি কাকত আৰু আলোচনীবোৰত কোনো প্ৰৱন্ধৰ লগত সংগতি ৰাখি সাধাৰণতে বেছিকৈ বিদেশৰ ছবিবোৰহে প্রকাশ কৰে। কিন্তু তাৰ লগত সংগতি থকা অসমৰ ছবি তুলনামূলকভাৱে বহুত কমকৈ দিয়ে। বিশেষকৈ কিতাপ সম্পৰ্কীয় প্ৰৱন্ধৰ লগত সংগতি ৰাখি প্রকাশ কৰা ছবিবোৰত বিদেশৰ ইংৰাজী কিতাপৰ ছবিবোৰ বেছিকৈ দিয়া দেখা যায়। তাৰ সলনি অসমীয়া কিতাপৰ ছবি বেছিকৈ প্রকাশ কৰিলে অলপ হ’লেও অসমীয়া কিতাপৰ প্ৰচাৰ হ’ব আৰু অসমীয়া কিতাপ কিনিবলৈ আগ্ৰহ বাঢ়িব। বাতৰি কাকত আৰু আলোচনীবোৰত গ্ৰন্থ-সমালোচনা প্রকাশ কৰে। ইয়াৰ ফলত পাঠকসকলে গ্ৰন্থখনৰ বিষয় বস্তুৰ বিষয়ে জানিব পাৰে আৰু তাৰ ওপৰত ভিত্তি কৰি গ্ৰন্থখন পঢ়িব নে নপঢ়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। বহুতো সমালোচকে গ্ৰন্থখনৰ প্ৰকাশক, গ্ৰন্থখনৰ দাম আৰু প্ৰকাশৰ সময় আদি কথা উল্লেখ নকৰে। গ্ৰন্থ-সমালোচনাত এই কথাবোৰ অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক কৰিলে ভাল হয়। ইয়াৰ ফলত গ্ৰন্থখন কিনাত পাঠকসকলৰ সহায়ক হ’ব। আশা কৰিছোঁ এই বিষয়বোৰত সম্পাদকসকলে অলপ হ’লেও মন কান দিব।

ড° বুলজিৎ বুঢ়াগোহাঁই,
সহকাৰী অধ্যাপক, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ,
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী,
গুৱাহাটী-৭৮১০১৭, অসম ।
ফোন: ৯৪৩৫১-৮৮৬৩০
ই-মেইল: [email protected]
তাৰিখ:০৮।০৭।২০১৪

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!