সম্পাদকলৈ চিঠি (-ধীৰাজ কলিতা)

মাননীয় সম্পাদক মহোদায়,

ভ্ৰাম্যমান থিয়েটাৰ দল সমুহে অসমৰ নাট্যজগতত এক বিশেষ বৰঙনি যোগাই আহিছে| অসমীয়া চলচিত্ৰৰ দুৰ্বল অৱস্থাৰ সময়ত ভ্ৰাম্যমান থিয়েটাৰ দল সমূহৰ গুৰুত্ব অধিক| যি কি নহওঁক, প্ৰতি বছৰে অসমৰ গোটেইকেইটা ভ্ৰাম্যমান দলে সৰ্বমুঠ প্ৰায় ১০০ খন মান নাটক ৰাইজৰ আগত প্ৰদৰ্শন কৰে| তাৰ ভিতৰত ১০ খন মান নাটকৰ কাহিনী,অভিনয় ইত্যাদিবোৰে চাৰিওদিশৰ পৰা ৰাইজৰ অন্তৰ চুই যায়| অসমৰ প্ৰতিটো অঞ্চলতে, প্ৰতিখন ভ্ৰাম্যমান থিয়েটাৰ নিমন্ত্ৰিত নহয় বা নিমন্ত্ৰিত হলেও আৰ্থিক আৰু সময়ৰ অভাৱত প্ৰতিখন বা ভাল নাটক কেইখন চোৱাৰ সুবিধা নহয়| পেণ্ডেলৰ ভিতৰত লাইভ নাটক চোৱাৰ আমজ, ঘৰত বহি ডিজিটেল স্ক্ৰীনত নাটকৰ ভিডিঅ চোৱাৰ আমেজতকৈ বহুগুনে বেছি| তথাপিওঁ অসমত নথকা বা বিভিন্ন অসুবিধাত চাবলৈ ৰৈ যোৱা নাটক কেইখন আগ্ৰহী সকলে ভ্ৰাম্যমান নাট্যবৰ্ষ শেষ হোৱাৰ পিছতো উপভোগ কৰিব পৰাকৈ থিয়েটাৰ খনৰ স্বত্বাধিকাৰীৰ নেতৄত্বত অন্তত নিজৰ নাটককেইখন ভিডিঅ’ ৰেকৰ্ড কৰি ইউটিউবৰ যোগে ইন্টাৰনেটত দিলে ভাল হয় (অসমীয়া নাটক ইন্টাৰনেটত নাই বুলিয়েই কব পাৰি)| তেতিয়া দৰ্শক এজনে মন পছন্দৰ নাটক খন বা প্ৰিয় অভিনেতা জনৰ অভিনয় দহ বছৰ পিছতো চাবলৈ মন গলে চাব পাৰিব| চিঠি খনৰ জৰিয়তে ভ্ৰাম্যমান দলৰ লগত প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জড়িত ব্যক্তিসকলৰ দৄষ্টি আকৰ্ষন কৰিলো। আশা কৰো কথাখিনি গুৰুত্ব সহকাৰে ল’ব |

শ্ৰদ্ধাৰে
ধীৰাজ কলিতা

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!