সম্পাদকলৈ চিঠি (মনোহৰ দত্ত)

সম্পাদকলৈ চিঠি

মনোহৰ দত্ত


প্ৰতি
মাননীয় সম্পাদিকা,
সাহিত্য ডট অৰ্গ
ডিচেম্বৰ ২০১২ সংখ্যা ।
বিষয় : ফে’চবুকত অসমীয়া নাৰী ।

মহোদয়া,
আপুনি সম্পাদনা কৰিবলৈ লোৱা ‘সাহিত্য ডট অৰ্গ’ৰ ডিচেম্বৰ সংখ্যাটোৰ
বিষয়বস্তুৰ সৈতে সংগতি ৰাখি এই চিঠি লিখাৰ প্ৰয়াস কৰিছোঁ আৰু এই
সংখ্যাটোৰ সফলতা কামনা কৰিছোঁ ।

সততে দেখা যায় যে ফে’চবুক বা ইণ্টাৰনেটৰ জৰিয়তে বিশ্বজুৰি মানুহৰ মাজত এক
নতুন সম্বন্ধ গঢ়ি উঠিছে । প্ৰধানকৈ বন্ধুত্বৰ এই নতুন সুযোগে নাৰী আৰু
পুৰুষ উভয়কে বহু ওচৰ চপাই আনিছে । এই ব্যৱস্থাই নাৰী আৰু পুৰুষৰ প্ৰাচীন
সম্বন্ধটোক এটি নতুন মৰ্যাদা বা স্বীকৃতি দিছে । দূৰ-সুদূৰৰ অচিনাকি লোকৰ
মাজত বন্ধুত্ব গঢ়ি উঠিছে । তেনেদৰে শুনা যায় যে বিশেষ একোটি ভাষা
ইণ্টাৰনেটৰ জৰিয়তে শিকিবলৈ গৈ প্ৰথমে প্ৰেম আৰু তাৰ পিছত বৈবাহিক
সম্বন্ধও ঘটিছে । আকৌ এনে সম্বন্ধৰ তাড়নাত সাত সাগৰ তেৰ নদী পাৰ হৈ নিজৰ
স্বামীক ত্যাগ কৰি, সন্তান সহিতে অন্য দেশলৈ লৈ আহি প্ৰেমিকৰ দ্বাৰা
উপেক্ষিত হৈ বিফল মনেৰে নিজ দেশলৈ উভতি গৈছে কোনো বিশেষ নাৰী । এইবোৰ
ঘটিছে । কোনোৱে ফে’চবুকৰ জৰিয়তে নাৰীক অশালীন আচৰণ কৰাৰ বাবে সমাজত
অস্থিৰতাও বিয়পিছে । বিচাৰিলে এনেকুৱা উদাহৰণ আৰু নিশ্চয় ওলাব ।
পিছে আমাৰ চিঠিৰ আলোচ্য বিষয়টো হ’ল ‘ফেচবুকত অসমীয়া নাৰী’। এই দিশটো
চাবলৈ হ’লে আমি দেখিম যে ফে’চবুকৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে অসমীয়া
মানুহৰ সংখ্যাও ইয়াত প্ৰতিদিনে বাঢ়িছে । তেনেদৰে অসমীয়া নাৰীৰ সংখ্যাও
বৃদ্ধি পাইছে । সেয়ে ফে’চবুক ব্যৱহাৰকাৰী হিচাপে কেইগৰাকীমান অসমীয়া নাৰীৰ
সৈতে আমি কথা পাতিছিলোঁ আৰু তেওঁলোকৰ দৃষ্টিৰে ইয়াত কিছু কথা উল্লেখ কৰিব
বিচাৰিছোঁ । আমি প্ৰত্যেককে সুকীয়াকৈ এই বুলি সুধিছিলোঁ:
প্ৰশ্ন (১) চমুকৈ ক’বনে, আপোনাক যদি সোধোঁ ফে’চবুক ব্যৱহাৰকাৰী নাৰী
হিচাপে ফে’চবুকৰ প্ৰতি আপোনাৰ ধাৰণা কি?
প্ৰশ্ন (২) নাৰী হিচাপে ফে’চবুক ব্যৱহাৰ কৰোঁতে কোনো ধৰণৰ অসুবিধা পাইছে নেকি?

বিদেশত বসবাস কৰা অসমীয়া নাৰীৰ মন্তব্য:

(১): ফে’চবুক হ’ল মানুহৰ মাজত বন্ধুত্ব স্থাপনৰ সুযোগ দিয়া ইণ্টাৰনেটৰ
এটা সামাজিক মাধ্যম য’ত জীৱনৰ ভিন্ন অভিজ্ঞতা ভগাই ল’ব পাৰি । তেনেকৈ আমাৰ
ব্যৱসায় আৰু ৰাজনৈতিক আদি সম্বন্ধবোৰ বৃদ্ধি কৰিবলৈও ই আমাক সুযোগ দিয়ে ।
(২) কোনো ধৰণৰ অসুবিধা পোৱা নাই । অন্তত: এতিয়ালৈকে সকলোবোৰ ভাল বুলিব পাৰি ।

অসমত বসবাস কৰা অসমীয়া নাৰীৰ মন্তব্য:

(১) নাৰীসকলে ফে’চবুক ব্যৱহাৰ কৰোঁতে সাৱধান হোৱাটো ভাল । অৱশ্যে এইটোও
সত্য যে ফে’চবুক যদি ভাল ভাবে ব্যৱহাৰ কৰা হয়, ইয়াৰ পৰা উপকৃত হ’ব পৰা
যায়।
(২) দুষ্টসকলে নাৰীক ফে’চবুকতো অশান্তি দিয়ে । তথাপি ক’ম ফে”চবুক ভাল।
অৱশ্যে ভাল- বেয়াটো নিৰ্ভৰ কৰে কেনেকৈ ইয়াক ব্যৱহাৰ কৰা হৈছে বা ই
সম্পূৰ্ণৰূপে ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰশীল ।

উক্ত বক্তব্যৰ পৰা দেখা যায় যে অসমত এতিয়াও ফে’চবুকত ব্যৱসায় অথবা
ৰাজনৈতিক সম্বন্ধ গঢ়িবলৈ ব্যৱহাৰ হ’বলৈ বাকী । যি ব্যৱহাৰ হৈছে সেয়া
স্বকীয় জীৱনৰ কিছু আলাপ আৰু সাহিত্যৰ চৰ্চা আদিৰ ক্ষেত্ৰতহে হৈছে । তথাপি
অসমীয়া নাৰীয়ে সঠিকভাৱে আৰু সজাগতাৰে যে ইয়াক ব্যৱহাৰ কৰিবলৈ যত্ন কৰে
সেই কথা বুজা যায় ।

যিহওক, ভিন্ন আশংকাৰ মাজতো অসমীয়া নাৰীয়ে স্বদেশত বা বিদেশ উভয়তে ফে’চবুক
ব্যৱহাৰ কৰি আহিছে । ইয়াৰ মাজৰ পৰা অনেক প্ৰতিভাৱান নাৰীয়ে নিজক
স্বকীয়তাৰে সমাজৰ সন্মুখত প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰি আহিছে বা বহু
ক্ষেত্ৰত সফলো হৈছে । উদাহৰণস্বৰূপে ক’ব পৰা যায় যে ফে’চবুকৰ ভিন্ন গোটত
জড়িত হৈ অসমীয়া নাৰীয়ে সাহিত্য চৰ্চাৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।
ফে’চবুকত অসমীয়া নাৰীয়ে এক নিৰ্দিষ্ট লক্ষ্যত ইয়াক ব্যৱহাৰ কৰাটো আমি
সকলোৱে দেখি আহিছোঁ। যথাৰ্থতে এক সৃজনশীল চিন্তাৰে এই সকল মহিলাই
ফে’চবুকত সময় দিয়ে। পৰিয়ালৰ যত্ন লোৱা বা নিজৰ চাকৰি বৰ্তাই ৰাখিও
তেখেতসকলে সমাজৰ ভাল-বেয়া আদিৰ বিষয়ে নিজৰ মত তুলি ধৰে বা কবিতা, গল্প
আদি ৰচনাত মনোনিৱেশ কৰে। আনকি ‘সাহিত্য ডট অৰ্গ’ৰ দুটি সংখ্যা নাৰীয়ে
সম্পাদনা কৰাটোৱেও অসমীয়া নাৰীয়ে ফে’চবুক ব্যৱহাৰ কৰাৰ দক্ষতাৰ বতৰা
দিয়ে। তদ্ৰূপ ভিন্ন গোটৰ প্ৰশাসক হিচাপেও নাৰীয়ে সদস্যসকলৰ মাজত বিশেষ
স্থান পোৱা দেখা যায়। এই অৰ্থত ফে’চবুকে নাৰীক পুৰুষৰ সমানে সুযোগ প্ৰদান
কৰিছে আৰু অসমীয়া নাৰীসকলেও ইয়াৰ উচিত ব্যৱহাৰ কৰিবলৈ আগুৱাই আহিছে।
এনেধৰণে বিশ্লেষণ কৰিলে দেখা যাব যে নিৰ্ভয়ে সামাজিক কাম-বনত অসমীয়া
নাৰীয়ে ভাগ লোৱাৰ সুযোগ পালে আমি নিশ্চয় এখন সুন্দৰ অসম তথা পৃথিৱী পাব
পাৰিম । তেনে অৰ্থত ফে’চবুক সমাজ নিৰ্মাণৰ গৱেষণাস্থলী হ’ব পাৰে ।
আজিলৈ ইমানতে সামৰিছোঁ ।
ইতি
বিনীত
মনোহৰ দত্ত
নলবাৰী।
২৫ নৱেম্বৰ ২০১২

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!