সম্পাদকীয়—-ছপা মাধ্যম বনাম ই-মাধ্যম

সাহিত্যৰ বাকৰিখন সাহিত্যিক, সমালোচক, প্ৰকাশক আৰু পাঠক সমাজৰ সমপ্ৰচেষ্টাত সম্পূৰ্ণ হয়। এই প্ৰচেষ্টাত প্ৰকাশ মাধ্যমসমূহৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ। ব্যক্তিবিশেষৰ সামাজিক আৰু আবেগিক অভিজ্ঞতাৰদ্বাৰা পৰিপুষ্ট অনুভৱ-অনুভূতিৰ মননশীল প্ৰকাশেই হৈছে সাহিত্য। এই প্ৰকাশ দৃষ্টিনন্দন তথা সহজপাঠ্যকৈ পাঠকসমাজৰ সমুখত তুলি ধৰাই হৈছে প্ৰকাশ মাধ্যমসমূহৰ কৰ্তব্য ৷ সেয়ে সাহিত্য সৃষ্টিত এই মাধ্যমসমূহৰ গুৰুত্ব অপৰিসীম। প্ৰকাশ মাধ্যমসমূহে সাহিত্যপ্ৰেমীসকলক এক মঞ্চ প্ৰদান কৰে আৰু এই মঞ্চৰ মাধ্যমেৰে উঠি অহা লেখক-লেখিকাসকলে নিজৰ লেখাসমূহ প্ৰকাশ কৰিবলৈ সুযোগ পায়৷ তদুপৰি এই মাধ্যমসমূহে লেখক-লেখিকা আৰু পাঠকসমাজৰ মাজত এক মধুৰ সম্পৰ্ক সৃষ্টি কৰাতো এক বিশেষ ভূমিকা আগবঢ়ায়৷ সেয়ে প্ৰকাশ মাধ্যমসমূহেই একো একোজন পৰিপক্ব সাহিত্যিকৰ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷

সাহিত্য সৃষ্টিৰ বিশাল পথাৰখনত ছপা মাধ্যমসমূহ পৰম্পৰাগতভাৱে মুখ্যস্থানত অধিষ্ঠিত হৈ আছে ৷ এই মাধ্যমত প্ৰকাশিত সাহিত্য, আলোচনী, উপন্যাস ইত্যাদি পাঠক সমাজৰ মাজত চিৰ সমাদৃত ৷ সম্প্ৰতি কৰ’না ভাইৰাছজনিত পৰিস্থিতিত ছপা মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰ সামান্য কমিছে যদিও ইয়াক মাথোঁ সাময়িক পৰিঘটনা বুলিহে ক’ব পাৰি ৷ আনহাতে বৰ্তমান ই- মাধ্যমসমূহৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু অদূৰ ভৱিষ্যতে এই জনপ্ৰিয়তাই ছপা মাধ্যমৰ জনপ্ৰিয়তাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি সচেতন মহলে আশংকা প্ৰকাশ কৰে যদিও সেয়া কাৰো কাম্য নহয় ৷ সকলোৱে মনে-প্ৰাণে বিচাৰে যে ছপামাধ্যমৰ সমান্তৰালভাৱে ই-মাধ্যমো অগ্ৰসৰ হওক আৰু এটা আনটোৰ বাটৰ হেঙাৰ নহওক ৷

কাৰিকৰী বিদ্যাৰ বহুল প্ৰয়োগ আৰু ইয়াৰ লগে লগে সমাজ শৈলীৰ পৰিৱৰ্তনে আমাৰ গতানুগতিক জীৱনত অভূতপূৰ্ব পৰিবৰ্তন সাধন কৰিছে ৷ আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন দিশত বহুবোৰ পৰিৱৰ্তন আমি নজনাকৈয়ে আহি পৰিছে। আমি জীৱজগতৰ বিধি মতেই প্ৰতিটো পৰিৱৰ্তনৰ সৈতে নিজক খাপ খুৱাই আগবাঢ়ি যাওঁ৷ জীৱন যাত্ৰাৰ প্ৰতিটো পদক্ষেপত প্ৰয়োজনীয় জটিল, বেছিকৈ সময়, সম্পদ আৰু শাৰীৰিকভাৱে পৰিশ্ৰম কৰিবলগীয়া কামবোৰ যেতিয়া উন্নত কাৰিকৰী প্ৰযুক্তিৰদ্বাৰা তৎক্ষণাত, কম সময়, কম শ্ৰম আৰু কম সম্পদ ব্যয় কৰি অনায়াসে কৰিব পৰা হৈ যায় তেতিয়া সেই প্ৰযুক্তিসমূহক সহজাত প্ৰবৃত্তিৰে মানৱ সমাজে আদৰি লয়৷ ই-মাধ্যমত প্ৰকাশিত সাহিত্যকৃতিৰ প্ৰতি পাঠকসমাজৰ আগ্ৰহ বাঢ়ি যোৱাটো তাৰেই এক বহিঃপ্ৰকাশ যেন লাগে ৷ বিজ্ঞানে আনি দিয়া সুযোগৰ সদব্যৱহাৰ কৰি হাতৰ মুঠিতে থকা মোবাইল ফোনটো বা নোটপেডটোত এভুমুকি মাৰি সাহিত্যানুৰাগীসকলে কৰ্মব্যস্ত জীৱনৰ ফাঁকে ফাঁকে সাহিত্যৰ নৱৰসৰ সোৱাদ লোৱাটো জানো অন্যায় হ’ব পাৰে?এই দৃষ্টিভংগীত বৰ্তমান অসমীয়া সাহিত্যজগতত ই-আলোচনীসমূহৰ প্ৰয়াস সময়োপযোগী আৰু ক্ৰমশঃ উন্নতিশীল পৃথিৱীখনত আমাৰ ভাষা-সাহিত্যক জীয়াই ৰখাৰ এক অত্যাৱশ্যকীয় পদক্ষেপ বুলি ক’ব পাৰি। বিশেষকৈ চছিয়েল মিডিয়াসমূহত প্ৰকাশিত ই-আলোচনীবোৰে সমাজৰ সকলো স্তৰৰ পাঠকক সাহিত্যৰ সোৱাদ দিবলৈ সমৰ্থ হৈছে ৷ সেইবোৰৰ জড়িয়তে সম্প্ৰতি সাহিত্যানুৰাগীৰ সংখ্যাও বৃদ্ধি পাইছে ৷ তদুপৰি বিভিন্ন পাঠকৰ অনুভৱসমূহ সহজে প্ৰকাশ কৰাত এই মাধ্যমসমূহে উৎসাহ-উদ্দীপনা যোগাইছে ৷ আনহাতেদি সামাজিক মাধ্যমৰ [চছিয়েল মিডিয়াৰ] বিভিন্ন সাহিত্য-চৰ্চা গোটসমূহেও মানুহৰ সুপ্ত প্ৰতিভাসমূহৰ বিকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। ফলস্বৰূপে নৱপ্ৰজন্মৰ সাহিত্যচৰ্চা আৰু অনুভৱ প্ৰকাশৰ প্ৰতি আগ্ৰহ বাঢ়িছে। সেই দৃষ্টিৰে চাবলৈ গ’লে অসমীয়া ভাষা-সাহিত্য চৰ্চাক আমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ আঁহেআঁহে প্ৰৱেশ কৰোৱাত ই-মাধ্যমে উল্লেখনীয়ভাৱে অৰিহনা যোগাইছে আৰু বহুপৰিমাণে সফলো হৈছে বুলি ক’ব পাৰি ৷

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে সামাজিক মাধ্যমৰদ্বাৰা প্ৰকাশিত ই-আলোচনীসমূহৰ মুখ্য লক্ষ্য হ’ল, নৱপ্ৰজন্মৰ লেখক-লেখিকাসকলক অনুপ্ৰাণিত কৰা৷ ছপা মাধ্যমৰো একেই উদ্দেশ্য থাকিলেও ই-মাধ্যমসমূহ এই ক্ষেত্ৰত কম সময়তে জনপ্ৰিয় হৈ পৰিছে ৷

পৃথিৱীৰ প্ৰায় প্ৰতিগৰাকী ব্যক্তিয়ে সৃষ্টিশীল মনৰ অধিকাৰী৷ অনুভৱসমূহ প্ৰকাশ মাধ্যমৰদ্বাৰা প্ৰকাশিত হ’লে যিকোনো ব্যক্তিয়ে অকৃত্ৰিম সুখ লাভ কৰে আৰু পুনৰায় লিখিবলৈ উৎসাহিত হয়। যিহেতু ই-মাধ্যমত লিখনি প্ৰকাশ কৰা ছপা মাধ্যমৰ তুলনাত সহজ, সেয়ে ই-মাধ্যমৰ জড়িয়তে অপৰিপক্ব লেখক-লেখিকায়ো চেগা-চোৰোকাকৈ লেখা-মেলা কৰাৰ অভ্যাসক ক্ৰমান্বয়ে বিকশিত কৰিবলৈ সুযোগ পায় আৰু এইদৰে অভ্যাস কৰি লাহে লাহে তেওঁলোকৰ লেখাবোৰ পৈনত হ’বলৈ ধৰে৷ গতিকে প্ৰকাশ মাধ্যমসমূহৰ মুখ্য উদ্দেশ্য যিহেতু একেই, অসমীয়া সাহিত্যৰ বাকৰিখন সৃষ্টিশীল চিন্তাধাৰা আৰু উন্নত মানৰ সাহিত্যকৃতিৰে আমি সকলোৱেই এই দু্য়োটা মাধ্যমক সমভাবে আগুৱাই নিবলৈ সচেতন প্ৰয়াস কৰটোৱে যুগুত ৷

সকলোৱেই সুস্থ থাকক, সুৰক্ষিত থাকক, আনন্দত থাকক তাৰ কামনাৰে।

ধন্যবাদ
নাজিয়া হাচান
সম্পাদক

9 thoughts on “সম্পাদকীয়—-ছপা মাধ্যম বনাম ই-মাধ্যম

  • August 19, 2020 at 2:06 pm
    Permalink

    বৰ সুন্দৰ কথা লিখিলে বা। ভাল পালোঁ।

    Reply
  • August 19, 2020 at 2:31 pm
    Permalink

    খুব ভাল লাগিল সম্পাদকীয়

    Reply
  • August 19, 2020 at 3:38 pm
    Permalink

    সুন্দৰ সম্পাদকীয়

    Reply
  • August 19, 2020 at 4:08 pm
    Permalink

    সাৱলীল ভাষাৰে প্ৰৰকাশ কৰা সময়োপযোগী সম্পাদকীয়টো পঢ়ি নথৈ উপকৃত হ’লো।সম্পাদিকালৈ শুভকামনা…

    Reply
  • August 19, 2020 at 6:42 pm
    Permalink

    ভাল লাগিল বা

    Reply
  • August 20, 2020 at 9:35 pm
    Permalink

    সম্পাদকীয় পঢ়ি ভাল লাগিল বা

    Reply
  • August 23, 2020 at 10:58 pm
    Permalink

    বৰ ভাল লাগিল৷ এই সময়খিনি বৰ কঠিন৷ সামাজিক দূৰত্ব বজাবলৈ যাওঁতে বৈদ্যুতিন মাধ্যমৰ ব্যৱহাৰ এনেয়েও বাঢ়িছে৷ গতিকে ছপা মাধ্যমৰ লগতে সাহিত্য দট অৰ্গৰ দৰে সফল ই-আলোচনীবোৰৰ ভূমিকা লেখত ল’বলগীয়া হৈছেই৷

    Reply
  • September 22, 2020 at 9:45 am
    Permalink

    ই-মাধ্যমৰ কথা উল্লেখ কৰাত মোৰ ভালেই লাগিল৷ তাৰ বাবে শলাগ যাচিলোঁ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!