সম্ভাৱনাৰ এক নতুন দুৱাৰ — ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী

বজালীত ঘৰ বাবেই ভ্ৰাম্যমাণৰ প্ৰতি এক বিশেষ টান অনুভৱ কৰোঁ৷ এইবাৰ ৰঙালি বিহুৰ দিনা মই বাঙ্গালোৰত৷ প্ৰবাসী অসমীয়াসকলে বিহুৰ আয়োজন কৰাৰ কথা জানিবলৈ পাই এপাক মাৰিবলৈ মন গʼল৷ গৈ দেখোঁ -জুবিনৰ সঙ্গীত সন্ধিয়া, অসমীয়া খাদ্যৰ বিপনী৷ হঠাতে দেখিলোঁ আৱাহন থিয়েটাৰৰ আগতীয়া টিকটৰ বাবে এটা বিশেষ কাউণ্টাৰ৷ কেবাজনো অসমীয়া উৎসাহী যুৱকক লগ পালোঁ-তেওঁলোকে আগভাগ লৈছে বাঙ্গালোৰলৈ আৱাহন থিয়েটাৰ আমন্ত্ৰণৰ বাবে৷ কথা পাতি গম পালোঁ তেওঁলোকৰ মনত দু: চিন্তা -ইমান অৰ্থ ব্যয় কৰি অসমৰ পৰা আনিব, দৰ্শক হʼব নে৷ মই কʼলোঁ, “অসম চৰকাৰৰপৰা সাহায্য বিচাৰিছা নেকি? ভ্ৰাম্যমাণ অসমৰ অনন্য সংস্কৃতি৷ বাহিৰত প্ৰদৰ্শনৰ বাবে চৰকাৰে সাহায্য প্ৰদান কৰা উচিত৷” নাই, একো সহাঁৰি পোৱা নাই৷ তাৰপাছত এজনৰ মুখত এষাৰ কথা শুনি মনটো ভৰি গʼল৷ তেওঁ কʼলে, “টকাতকৈও ডাঙৰ কথাটো হʼল, আমি দৰ্শক বিচাৰিছোঁ৷ মানুহে নাটক চোৱাটো বিচাৰিছোঁ৷ সেয়া টকাতকৈও ডাঙৰ৷” অসমৰপৰা চাৰি কুৰিৰো অধিক কলা-কুশলী, বিশাল পেণ্ডেল, গেলেৰী আদি বাঙ্গালোৰলৈ লৈ আহি নাট পৰিৱেশন কৰাটো এটা কল্পনা কৰিব নোৱাৰা প্ৰত্যাহ্বান৷ তাৰ বাবে বিশাল প্ৰাঙ্গণ, দৰ্শক, কলা-কুশলীৰ থকা-খোৱাকে আদি কৰি যাৱতীয় ব্যৱস্থাৰ আয়োজন কৰাটো আন এক বৃহৎ প্ৰত্যাহ্বান৷ অসমৰ সংস্কৃতিৰ প্ৰতি থকা গভীৰ টানৰ বাবে যে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি প্ৰবাসী অসমীয়াসকলে বাঙ্গালোৰলৈ আৱাহনক নিমন্ত্ৰণ কৰিছে, সেই কথা উপলব্ধি কৰিব পাৰি মই অভিভূত হʼলোঁ৷ আৱাহনে বাঙ্গালোৰলৈ আহি নাট পৰিৱেশন কৰিলে৷ দৰ্শকৰ গিজ্ গিজ্ ভীৰ৷ ভ্ৰাম্যমাণৰ এক নতুন দিগন্তৰ সূচনা হʼল, এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হʼল৷ মই চাবৰ দিনা কৰ্ণাটকৰ এন. এছ. দি.ৰ সঞ্চালককে ধৰি বাঙ্গালোৰৰ নাট জগতৰ বহুত বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷ মোৰ ভাব হʼল অসমৰ ভ্ৰাম্যমাণৰ সন্মুখত মুকলি হোৱা সম্ভাৱনাৰ দুৱাৰখনেৰে ভ্ৰাম্যমাণক কিদৰে আগুৱাই লৈ যাব পাৰি, সেই বিষয়ে ভ্ৰাম্যমাণৰ শুভাকাঙ্খীসকলে কিছু গুৰুত্ব সহকাৰে চিন্তা কৰা উচিত৷ মোৰ মনত খেলোৱা কেইটামান কথা এনেকুৱা ধৰণৰ-
(ক) অসমৰ বাহিৰত প্ৰদৰ্শনৰ বাবে চৰকাৰৰ ফালৰপৰা কিছু আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰিব পাৰে
(খ)অসমৰ বাহিৰৰ যিবোৰ ঠাইত বুজন সংখ্যক অসমীয়া আছে, সেই সকলো ঠাইৰ অসম এছোচিয়েছন সমূহে যোগাযোগ কৰি এটা চেইনত ভ্ৰাম্যমাণক আমন্ত্ৰণ কৰিব পাৰে
(গ) নাটকসমূহে যাতে অসমৰ অনন্য সংস্কৃতিক সন্মানীয় ৰূপত দাঙি ধৰিব পাৰে, তাৰ বাবে নাট্যগোষ্ঠীসমূহ যত্নপৰ হʼব লাগে
(ঘ) প্ৰবাসী অসমীয়াৰ জীৱনো কিছু নাটকত প্ৰতিফলিত হʼলে প্ৰবাসীসকল আকৰ্ষিত হʼব৷ নাট্যকাৰসকলে এই দিশত মনোযোগ দিব লাগে
(ঙ)অনা-অসমীয়ালোকেও যাতে নাট উপভোগ কৰিব পাৰে, তাৰ বাবে নাট-পৰিবেশনত নতুন কিবা শৈলী ব্যৱহাৰ কৰিব পাৰি নেকি, সেই বিষয়ে নাট্যগোষ্ঠীয়ে চিন্তা কৰিব পাৰে৷

বাঙ্গালোৰে ভ্ৰাম্যমাণৰ সন্মুখত খুলি দিয়া দুৱাৰখন যাতে কোনো কাৰণতে বন্ধ হৈ নাযায়, তাৰ বাবে চৰকাৰ, নাট্যগোষ্ঠী, প্ৰবাসী অসমীয়া-সকলোৰে সন্মিলিত প্ৰয়াসৰ প্ৰয়োজন৷ অসমৰ সংস্কৃতিৰ এক অনন্য ৰূপক জীয়াই ৰখাৰ স্বাৰ্থত সকলোৱে নিশ্চয় এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!