“সময়ৰ সদব্যৱহাৰ” – ধ্ৰুৱজিত শৰ্মা।

“সময় অমূল্য সম্পদ”-এই কথাষাৰি আমি সকলোৱে শুনি আহিছো | কিন্তু আমি কেতিয়াবা ভাবিছোনে সময়ৰ মূল্য কিমান? সময়ক আমি জুখিব পাৰিমনে? নিশ্চয় সময়ৰ মূল্যক আন কোনো মুল্যৰে জুখিব নোৱাৰিম | সময় বোৱতি নৈৰ পানীৰ দৰে,ই কেতিয়াও কাৰো বাবে ৰৈ নাথাকে | কিন্তু সময়ৰ মূল্যক আমি আমাৰ কৰ্মৰ দ্বাৰা জুখিব পাৰো আৰু ই তেতিয়াহে সম্ভব হৈ উঠিব যেতিয়া আমি সময়ক সদব্যৱহাৰ কৰিম | সময়ৰ সদব্যৱহাৰ বুলিলে সঠিক সময়ত সঠিক কাম সম্পন্ন কৰাকে বুজো| সময়ৰ সদব্যৱহাৰক লৈ অতীতৰ পৰা বহু চৰ্চা হৈ আছে আৰু আজিও বিভিন্ন মহলত ইয়াৰ চৰ্চা হৈ আছে |
“Time is Money”- এই কথাষাৰ সৰ্বকালৰ বিখ্যাত বিজ্ঞানী, অৰ্থনীতিবিদ তথা লেখক বেঞ্জামিন ফ্ৰেংক’লিনে ১৭৪৮ চনত “Advice to a Young Tradesman” নামৰ ৰচনাত লিখিছিল| তেখেতৰ এই কথাষাৰি আজিও বিশ্বজুৰি ব্যাপি আছে আৰু বিশ্ব অৰ্থনীতিত আজিও ইয়াৰ প্ৰভাব আছে| সেয়েহে দেখা যায় এজন সফল ব্যক্তি সকলো সময়তে “সময়ৰ সদব্যবহাৰ কৰে”| কিন্তু আমাৰ প্ৰশ্ন হ’ল –সময় মানে টকা নেকি? নাইবা টকা দি সময় কিনিব পাৰিম নেকি? উত্তৰ হ’ব- নিশ্চয় নোৱাৰো | তেনেহলে এজন বিখ্যাত অৰ্থনীতিবিদে কিয় কৈছিল-“Time is Money”? , ইয়াৰ উত্তৰ বৰ্তমানৰ এজন অৰ্থনীতিবিদে যিমান শুদ্ধ আৰু সহজ ভাবে কব পাৰিব, আমি তেনেকৈ কব নোৱাৰিলেও আমি ইয়াৰ উত্তৰ বিছাৰিবলৈ প্ৰয়াস কৰিম | বিশ্বৰ আটাইতকৈ প্ৰভাবশালী অভিধান “Oxford Dictionary”ত “Time is Money”ক কোৱা হৈছে –
“Time is valuable resources, therefore it’s better to do things as quickly as possible”
মানে “সময় মুল্যৱান সম্পদ, সেয়ে যিমান সোনকালে সম্ভব কাম সম্পন্ন কৰাই শ্ৰেষ্ঠ |” আমি এনেকৈ বুজিব পাৰো যে- আমি সময়ৰ সদব্যবহাৰ কৰি টকা উপাৰ্জন কৰিব পাৰো | কিন্তু টকাৰে সময়ক কিনিব নোৱাৰো | টকা-পইচাৰ অভাৱ হ’লে আপুনি কাৰো পৰা ধাৰ ল’ব পাৰে | হেৰাই গ’লে বা চুৰ হৈ গ’লে পুলিচৰ সহায়ত পুনৰ ঘুৰাই পাব পাৰে| অপচয় হ’লে পৰিশ্ৰম কৰি আকৌ তাক উপাৰ্জন কৰি ল’ব পাৰি | কিন্তু সময়ৰ ক্ষেত্ৰত ই সম্ভৱ নহয় | সময় এবাৰ গুছি গলে তাক ফিৰাই পাব নোৱাৰি| সময় কাৰো পৰা ধাৰো ল’ব নোৱাৰি | সময় বস্তুটো বহুত মূল্যৱান | সেয়েহে সময় টকাতকৈয়ো বৰ মূল্যৱান |
আজি কালি দেখা যায় বহুতেই (Time Management) টাইম মেনেজমেন্টৰ কিতাপ পঢ়ে বা কিছুমান পাঠ্যক্ৰ্মৰ কৰ্মশালাত গৈ শিকে তাৰ পিছতো তেওঁলোকৰ সময়ৰ অভাৱ হ’য় | ইয়াৰ কাৰণটো টাইম মেনেজমেন্ট নহয় | টাইম মেনেজমেন্ট কৰিবলৈ হ’লে প্ৰথমতে আমি নিজকে মেনেজমেন্ট কৰিব লাগিব, যিটোক (Self-Management) চেলফ মেনেজমেন্ট বোলে| নিজকে মেনেজ কৰাৰ আমি কিছুমান অভ্যাস কৰিব পাৰো | যেনে-
১) ৰাতি শুবলৈ যাওঁতে পিচদিনা কৰিব লগীয়া কামবোৰৰ এখন তালিকা বনাব পাৰো|
২) ৰাতিপুৱা শুই উঠাৰ পিচত তালিকা অনুযাই কামবোৰ কৰি যাব পাৰো | (মনত ৰাখিব এদিনত ২৪ ঘন্টাহে ইয়াৰে আপুনি ইতিমধ্যে ৭ বা ৮ ঘন্টা শুই পাৰ কৰিলে, এতিয়া কিমান ঘন্টা আপোনাৰ বাবে থাকিল হিছাপ কৰক?)
৩)কোনবোৰ কামত কিমান সময় লাগে লিখি ৰাখক আৰু প্ৰতিদিনে এই একেবোৰ কাম কৰোতে কিমান সময় লাগে হিছাপ কৰক আৰু সপ্তাহৰ শেষত আপুনি এইবোৰ কামত কিমান সময় বচাব পাৰিছে মন কৰক|
৪)ৰাহি হোৱা সময়খিনিক আপুনি যোগাত্মক দৃষ্টিভংগীৰে আন এটা ভাল কামত ব্যবহাৰ কৰক |

One thought on ““সময়ৰ সদব্যৱহাৰ” – ধ্ৰুৱজিত শৰ্মা।

  • May 21, 2019 at 8:15 pm
    Permalink

    বহু প্ৰকাৰেই ভাল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!