সময় (মৃণাল কুমাৰ বৰা)

-“সি যাওক। ল’ৰা মানুহ। তই ছোৱালীজনী হৈ এই ৰাতিখন নাটক চাবলৈ যাব নালাগে। দিন কাল যিহে হৈছে।”
———–
-“সি ফে’চবুকত ফটো দিছে দিয়ক, তই ছোৱালী মানুহ। সাৱধানে থকাটো ভাল।”
-“মা মই বাৰু জুইৰ লগত নেখেলোঁ। কিন্তু জুয়ে যদি মোৰ লগত খেলে মই কি কৰিম মা ?”
-“কিতাপৰ কথা নুশুনাবি মোক। মুঠৰ ওপৰত আজিৰ দিনত ছোৱালী মানুহ সাৱধানে থকাটো ভাল।”
-“আজিৰ দিন কোনটো মা ?”
-“তাৰ কোনো আৰম্ভণি নাই আৰু তাৰ কোনো শেষ নাই। মোক আৰু আমনি নকৰিবি। এগালমান কাপোৰ ধুবলৈ আছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!