সলনি সময়ৰ শেহতীয়া সংযোজন:: (-মনজিৎ)

 

শ্নেপস্বট-১
: মই পিঠা বনাব নাজানো চাচু মম!
: কি???????????????? তুমি পিঠা বনাব নাজানা??????তেনেহ’লে টিভি চেনেলত মুখ দেখুৱাবা কেনেকৈ?

শ্নেপস্বট-২
: হেৰা এইবাৰ পিঠাপনা নবনোৱানেকি?
: হুহ। পিন্ধিব পৰাকৈ ডিজাইনেবল জিলিক-জালাক কাপোৰ এযোৰ নাই মোৰ, ক’ৰ পৰা পিঠা বনাম?? আজি অফিচৰ পৰা আহোতে হয় নতুন কাপোৰ নহয় পিঠাপনা কিনি আনিবা।
: পিঠাৰ লগত আকৌ ডিজাইনেবল কাপোৰৰ সম্পর্ক কি?
: কোনখন দুনীয়াত আছাহে তুমি! বোলো পিঠা বনাই থাকোতে ফিউজ লাইভ ওলাই যায়হি যদি? মই কি মুখ দেখুৱাম?

শ্নেপস্বট-৩
: মেডাম আপোনাৰ কণমানিটো বিৰাট এমেইজিংলি অদ্ভুৎ,বিৰাট ব্র্রিলিয়ান্ট, আই মিন ট্রিমেন্ডাচ টেলেন্ট মানে খুবেই প্রতিভাবান।
: ধুই জাৰিৰ হুইচেন ক’ৰবাৰ। চাও সিফালে যোৱা। গা গোন্ধাইছে। এইটো মোৰ ল’ৰা নহয় ঔ। সৌ তেখেতে চিট পোৱা নাই বাবে মোক ল’বলৈহে দিছে।

শ্নেপস্বট-৪
: ইচচ মই বাৰু কিয় যে ইমান ধুনীয়া হ’লো নহয়, ভগৱানৰ ওপৰতে খং উঠি যায় জানা । উফফফ ইমান লাইক কমেন্ট! মাজে মাজে ব’ৰ হৈ যাওঁ জানা।
: হয়নে? নিজকে কেতিয়াবা চিধাকে উঠা চেল্ফিট চাইছা? যোৱা যোৱা চেল্ফিত মুখ চাই আহাগৈ। ল’ৰাবোৰে ছোৱালীৰ ফটো দেখিলেই লাইক কমেন্টৰ সমদল উলিয়ায়েই। তাতে ভগৱানক খং কৰিব নেলাগে দিয়া।

শ্নেপস্বট-৫

শেষ ৰাতিলৈকে হাঁহকেইটাক কাষতে লৈ পৰ দি থকা নবীনে চোৰে হাঁহকেইটাক হাত দিব নোৱাৰাত স্বস্তিৰ নিশ্বাসটো আধামান পেলাইছিলহে, ঘৈণীয়েকৰ ৰাউচিজোৰা কান্দোনৰ পম খেদি গম পালে যে তাৰ একমাত্র ছোৱালীজনী নাই। মানে কোনোবাই চুৰ কৰি লৈ গ’ল। চিঞৰ বাখৰ শুনি চুবুৰীয়া ভেলাঘৰীয়াবোৰে হাতে হাতে লৈ থকা হাঁহ, পাৰ, জেওৰা, জপনাবোৰ তাতেই পেলাই নবীনৰ চোতালত গোট খালে। চিন্তাত চুক এটাত বহি কৰদৈয়া লগা নবীনক গুৱাহাটীতগৈ মাছ-কমৰ তিনিমহীয়া ডিপ্লমা কৰি থকা অত্যুৎসাহী এজনে সুধিলে
: হয়। এই মুহূর্তত আপোনাৰ অনুভৱ কেনে?
: তোৰ বাপেৰৰ মুৰটো অনুভৱ হৈছে।-নৱীনে খঙতে ভোৰভোৰালে।
: হয়, আপুনি এই বিষয়ত কাৰোবাক সন্দেহ কৰে নেকি?বিষয়টোত কোনোবাই নৈতিক দায়িত্ব স্বীকাৰ কৰিছেনেকি? এই বিষয়ত প্রশাসনে সুচাৰুৰূপে দায়িত্ব পালন কৰাত ব্যর্থ হৈছে নেকি?
: হেৰৌ নেকি নেকি কৈ দিক-বিদিক হেৰুৱা সাংবাদিক। যা চৰকাৰক তয়ে খৱৰটো দি আহ। -ভীৰৰ পৰা কোনোবা এজনে মাত দিলে
তেনেতে কৌতুহলী এজনে উধাতু খাই আহি সুধিলে…
: কি হৈছে? ক’ত হৈছে? কেতিয়া হৈছে? কিয় হৈছে? কেনেকৈ হৈছে? হাওওওও???
: হয় মহাশয়। এই মুহূর্তৰ ব্রেকিং নিউজ হৈছে যে নবীন কাইদেউৰ একমাত্র জীয়াৰী এণ্জেল তুলতুলিক কোনোবা অজ্ঞাত আততায়ীয়ে নিশাৰ এন্ধাৰৰ সুযোগত পলুৱাই লৈ গ’ল। ঘটনাটোত সচেতন মহলে তীব্র প্রতিক্রিয়া ব্যক্ত কৰি আততায়ীক তীব্র নিন্দা কৰি তীব্র গৰিহণা দি শীঘ্রে কৰায়ত্ত কৰি দৃষ্টান্তমুলক শাস্তি দিয়াৰ দাবী তুলিছে। লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিকাইলৈ গাঁৱৰ বৰপুখুৰীৰ পাৰত মম জ্বলাবৰ বাবে চান্দা তোলাৰো পোযকতা কৰিছে। আনফালে দুই চাৰিজন বুদ্ধিজীৱিয়ে ঘটনাৰ আঁৰত এন দি এফ বি(এচ) ৰ হাত আছে বুলি সন্দেহ প্রকাশ কৰি চৰকাৰৰ ওচৰত উচ্চ পর্য্যায়ৰ তদন্তৰ দাবী কৰিছে। অৱশ্যে তুলতুলিৰ শ্যামচিঙৰ দুৱেল চিম মোবাইলটোত পোৱা ১৫ টা সন্দেহজনক মেচেজে ঘটনাটোক এটা নতুন মোৰ দিছে। প্রিন্স গোবিন্দ গুন গুন, মাচ্টাৰ মৃগাংক মুন মুন ,চুলতান চন্জিব চম চম অকে ধৰি বহু কেইজনৰ প্রেমসুৰীয়া পিৰীতীয়ানৰ মেজেচে মাক জীয়েক দুয়োকে সন্দেহৰ আওতাত আনিবলে বাধ্য কৰাইছে। কাৰণ মোবাইলটো দুয়োগৰাকীয়ে ব্যৱহাৰ কৰিছিল।
: ঐই কেমেৰা পার্চন বিহীন ‘MMS জুতি নেওগ’, বন্ধ কৰ তোৰ ব্রেকিং নিউজ। ৰাতি পুৱাল। এণ্জেল তুলতুলি মোমায়েকৰ ঘৰত। চটচটি পুজাৰ কেমেৰা গাঁৱৰ কলেজলৈ নাহে বাবে বিউটি বক্স আৰু পঠা ছাগলী বেচি পোৱা টকাৰে নতুন কাপোৰ এযোৰলৈ বিহুৰ দুদিন আগতেই মোমায়েকৰ ঘৰলৈ গ’ল। খাটি সাজপানীৰ নিচাত মাক বাপেক দুয়োটাই পাহৰি গৈছিল কথাটো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!