সহযোদ্ধা বন্ধুলৈ এখন চিঠি (-উৎপল খাটনিয়াৰ)

সহযোদ্ধা বন্ধুলৈ এখন চিঠি
– উৎপল খাটনিয়াৰ
***************
প্রতি
সহযোদ্ধা বন্ধু,
ভালে আছানে তুমি ?
মই, বৈকুণ্ঠই লিখিছো| মনত পৰিছেনে তোমাৰ| আমি একেলগে আন্দোলনত ভাগ লোৱা দিনৰ কথা| পিছে মই লিখা এই চিঠিখন তোমাৰ পদূলিমুখত আঁৰি থৈ দিয়া, ডাক-বাকচটো গৈ পাবনে? আৰু গৈ পালেও কিমানদিন অনাদৃত হৈ থাকিব সেয়া মই নাজানো। তথাপিও আজিৰ অসমৰ সামগ্রিক পৰিস্থিতিত তোমালৈ দু-আষাৰ লিখাৰ প্রয়োজনবোধ কৰিলোঁ ।
মোৰ ভাল নহয়, বৰ্তমান মই জি.ম.চি-ৰ জেনেৰেল ৱাৰ্দত চিকিৎসাধীন, হৃদৰোগত আক্রান্ত। চাগে বেছিদিন জীয়াই নাথাকিম| সেয়েহে জীৱনৰ অন্তিম সময়খিনি চিকিৎসালয়তে থাকিবলৈ সিদ্ধান্ত লৈছো | মোক তুমি মনত ৰাখিছানে নাই, মই ভালকৈ নাজানো| কিন্তু মনলৈ এনে ভাব এটি আহিছে যেন তুমি মোক পাহৰি গৈছা আৰু সেয়েহে চিঠিৰ আৰম্ভনিতেই মই মোৰ বিষয়ে অলপ কথা উল্লেখ কৰিছো |
১৯৭৯ চনৰ কথা| সমগ্র অসমৰ পৰা অবৈধ নাগৰিক বহিস্কাৰ কৰাৰ বাবে প্রতিবাদ আৰম্ভ হৈছিল আৰু এই প্রতিবাদেই পৰ্য্যায়ক্রমে বিশ্ব কঁপোৱা অসম আন্দোলনৰ ৰূপ লৈছিল| তোমাৰ লগতে আৰু বহুটো ছাত্রনেতাই এই আন্দোলনৰ গুৰি ধৰিছিল আৰু এদিন তোমালোকৰ লগত মইও সহযোগ কৰিছিলো| নিজৰ সকলো সপোন ত্যাগকৰি নিজকে এৰি দিছিলো এই আন্দোলনৰ লক্ষ্য সমূহৰ মাজত| হেজাৰ হেজাৰ অসমীয়া ৰাজপথলৈ ওলাই আহিছিল, অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে| তোমালোকক সদায় লগ নাপাইছিলো বাবে সেই সময়ত আমাৰ গাঁৱত থকা মহেশৰ ৰেডিঅ’টোত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ জুম পাতি ৰৈ আছিলো আৰু দিনটোৰ কাৰ্য্যসূচী প্রস্তুত কৰিছিলো৷ প্রায় ছয় বছৰৰ অন্তত এই আন্দোলনৰ সমাপ্তি ঘটিল আৰু ‘অসম চুক্তি’ স্বাক্ষৰিত হ’ল। অসম চুক্তিৰ পিচত তোমালোকে ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাটত জন্ম দিলা এটি ৰাজনৈতিক দল| তোমালোক ৰাজনীতিৰ বোকাময় পথাৰ খনত নামি পৰিলাআৰু সময় আগবঢ়াৰ লগে লগে, আমাৰ দৰে সহযোদ্ধাবোৰক পাহৰি গ’’লা লগতে পাহৰিলা বিদেশী অনুপ্ৰৱেশৰ সমস্যা সমাধান কৰাৰ বাবে চলোৱা আন্দোলনৰ মূল দাবী৷ অনভিজ্ঞতা, অদূৰদৰ্শিতা তথা অত্যুৎসাহৰ ফলত ৰাজ্যখনৰ প্ৰকৃত অৱস্থাৰ অধ্যয়ন কৰাত ব্যৰ্থ হ’লা তোমালোক আৰু ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে কংগ্ৰেছে। অসম আন্দোলনৰ সময়ত ৰাজনৈতিক দল হিচাপে সৰ্বাধিক ক্ষতিৰ সন্মুখীন হোৱা দল দুটা আছিল চি পি এম আৰু কংগ্ৰেছ। কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ঘৰত থাকিব নোৱাৰা অৱস্থা হৈছিল। পায়খানাৰ ময়লা ঘৰত পেলাই দিয়া কাণ্ড বহু ঘটিছিল। তোমালোকৰ শাসনৰ ক্ষমতা দখলৰ লগে-লগে অসমীয়া ভাষীৰ মাজত কংগ্ৰেছৰ বাবে ঠাই প্ৰায় নাইকিয়া হৈছিল। কিন্তু সেই আস্থা তোমালোকে জীয়াই ৰাখিব নোৱাৰিলা, নিজৰ মাজতে আৰম্ভ কৰিলা বোকা চটিওৱাৰ খেল| পাহৰি গ’’লা বিদেশীৰ সমস্যা সমাধানৰ লক্ষ্য। যাৰবাবে পিচৰ পৰ্যায়ত তোমালোকৰ ভালদৰেই ছন্দ পতন ঘটিল। কংগ্ৰেছৰ দৰে পুৰণি দলএটাৰ সৈতে ফেৰ মাৰিবলৈ যি অভিজ্ঞতা, ৰাজনৈতিক দক্ষতাৰ দৰকাৰ আছিল, তাৰে সামান্যতমো জ্ঞান হয়তো তোমালোকৰ নাছিল| তোমালোকে দহ বছৰ দেশ শাসন কৰিছিলা কিন্তু অসম চুক্তি খনৰ সফল ৰূপায়ন কৰিব নোৱাৰিলা| যাৰ ফলত আজি ২৭ বছৰ পিছত, পুনৰ অসম জ্বলিব ধৰিছে| বিদেশী বহিস্কাৰৰ নামত এইবাৰ অসমত আৰম্ভ হৈছে ধৰ্মীয় বা সাম্প্ৰদায়িক সংঘাট|বহি:ৰাজ্যত জীৱিকা নিৰ্বাহ কৰা বা অধ্যয়ন কৰি থকা কিছু অসমীয়া ইতিমধ্যে নিৰাপত্তাৰ অভাৱত অসমলৈ উভতি আহিব লগা হৈছে | এটাৰ পিছত আন এটি অসম বন্ধই সাধাৰণ নাগৰিকক জুৰুলা কৰি পেলাইছে| বিদেশী খেদিবলৈ ৰাজপথলৈ পুনৰ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে| এজনৰ পিছত আন এজন মানুহ নিষ্ঠুৰতাৰ বলি হৈছে। এই ঘটনাবোৰে চিকিত্‍সালয়ৰ চাৰিবেৰৰ মাজত থকামোৰ ৰুগীয়া দেহাটোক অশান্ত কৰি তুলিছে| আনপিনে একো এটা কৰিবলৈ মই অক্ষম| সেয়েহে এই চিঠিখনৰ জৰিয়তে তোমালৈ এটি অনুৰোধ কৰিব বিচাৰিছো| তোমালোকে পুৰনি ভেদ-ভাৱবোৰ আঁতৰাই শাসকীয় পক্ষৰ লগত আলোচনাত মিলিত হোৱা আৰু উভয় পক্ষই লগ-লাগি সমস্যা সমুহ সমাধান কৰিবলৈ চেষ্টা কৰা| নহ’লে বিদেশী বহিস্কাৰৰ নামত সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘাতে অসমৰ আৰ্থিক দিশটো পুনৰ বহু বছৰ পিছুৱাই লৈ যাব। যিটো আজি কোনো অসমীয়াৰেই কাম্য নহয় |
আমাক মানুহহিচাবে জীয়াই থাকিবলৈ দিয়া আৰু বিভেদৰ কঠিয়া সিঁচি দিয়া মানুহবোৰক চিনাক্ত কৰি সিহঁতক এঘৰীয়া কৰা৷ অসম চুক্তিৰ ত্ৰুটীসমুহ আঁতৰাই অসমত থকা সকলো বিদেশীক (কেৱল বাংলাদেশী নহয়) বিতাড়ন কৰি ৰাজ্যৰ থলুৱা সংখ্যালঘূ আৰুসাধাৰন নাগৰিকক নিৰাপত্তা দিয়াত সহায় কৰা, ভৱিষ্যতে যাতে বিদেশী বহিস্কৰণৰ নামত পুনৰ ভাতৃঘাতী সংঘাত নহয়, তাৰবাবে ভোটাৰ আই, ডি কাৰ্ডৰ ব্যৱস্থা কৰা| মুঠৰ ওপৰত অসমবাসীক শান্তিৰে জীয়াই থাকিব পৰাকৈ পৰিবেশ সৃষ্টি কৰিবলৈ যত্নকৰা| মনত ৰাখিবা, দেশ থাকিলেহে দল থাকিব| জাতি থাকিলেহে জাতীয়তাবাদ জীয়াইথাকিব| অলপ দূৰদৰ্শী হোৱা| সময় কেতিয়াবাই উকলি গৈছে| আৰু পলম নকৰিবা|
মোৰ কথাখিনি হৃদয়ঙ্গম কৰিব পাৰা যদি সেই মতে যত্ন কৰিবা| বিশেষ লিখাৰ শক্তিও মোৰ নাই| আজিলৈ সামৰিছো|
পুনশ্চ:, চিঠিখন পোৱা যদি উত্তৰ দিবা|
ইতি
তোমাৰ সহযোদ্ধা
বৈকুণ্ঠ
৩০ আগষ্ট ২০১২
জেনেৰেল ৱাৰ্দ, বিচনা নম্বৰ ১৩
গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় চিকিত্‍সালয়,
গুৱাহাটী|

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!