সহিষ্ণুতা (মূল উৎস – আক্ৰামূল্লা চৈয়দ) (অনুবাদ – অঞ্জল বৰা)

সহিষ্ণুতা

–          মূল উৎস আক্ৰামূল্লা চৈয়দ

–          অনুবাদ – অঞ্জল বৰা

এজন মানুহে তেওঁৰ অতি মৰমৰ নতুন গাড়ীখন লৈ ঘৰৰ পৰা যাবলৈ ওলাইছিল ৷

মানুহজন অকণমান আঁতৰি যাওঁতেই তেওঁৰ তিনি বছৰীয়া ল’ৰাটোৱে ফুৰ্তিতে গাড়ীখনৰ লাইট এটাত হাতুৰী এটাৰে কোব এটা মাৰি দিলে ৷

দেউতাকে ল’ৰাটোৰ ওচৰলৈ দৌৰি আহিল ৷ ল’ৰাটোক গাড়ীখনৰ ওচৰৰ পৰা দূৰলৈ গতা মাৰি দিলে আৰু শাস্তি হিচাপে ল’ৰাটোৰ হাত দুখনত হাতুৰীটোৰে একোব মাৰি দিলে ৷

যেতিয়া দেউতাকৰ খং কমিল, তেওঁ লৰালৰিকৈ ল’ৰাটোক ডাক্তৰৰ ওচৰলৈ লৈ গ’ল ৷ ডাক্তৰেও জৰুৰীভাৱে ল’ৰাটোৰ ভাঙি গুড়ি হৈ যোৱা হাড়বিলাক ঠিক কৰিবলৈ লাগি গ’ল ৷ কিন্ত অৱশেষত ল’ৰাটোৰ হাতৰ পৰা আঙুলি কেইটা কাটি পেলাব লগা হ’ল ৷

অপাৰেশ্বনৰ পৰা ওলোৱাৰ পিছ্ত ল’ৰাটোৱে যেতিয়া তাৰ বেণ্ডেজেৰে বান্ধি ৰখা হাত দুখন দেখিলে, সি অতি নম্ৰভাৱে ক’লে – “দেউতা, আপোনাৰ গাড়ীখনৰ ক্ষতি হোৱা বাবে মই দুঃখিত ৷” তাৰ পিছ্ত সি পুনৰ ক’লে,  “কিন্তু মই কেতিয়া মোৰ হাতৰ আঙুলিকেইটা ঘূৰাই পাবলৈ সক্ষম হ’ম ?”

দেউতাক ঘৰলৈ ঘূৰি আহিল আৰু আত্মহত্যা কৰিলে ৷

…………………………………………………………………………….

খঙৰ ভমকত কাৰোবাৰ প্ৰতি প্ৰতিশোধ ল’বলৈ আগবঢ়া প্ৰত্যেকেই এই সাধুটো এবাৰ পঢ়ক ৷

আপুনি ভাল পোৱা কাৰোবাৰ ক্ষেত্ৰত আপোনাৰ ধৈৰ্য গুণ নাইকিয়া হোৱাৰ আগতে এবাৰ ভাবক ৷ গাড়ীখন মেৰামতি কৰিব পৰা যাব ৷ কিন্তু ভাগি যোৱা হাড় আৰু হৃদয় কেতিয়াও মেৰামতি কৰিব নোৱাৰে ৷

আমি প্ৰায়ে ব্যক্তি আৰু কাৰ্যৰ মাজত প্ৰভেদ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত বিফল হওঁ ৷ আমি পাহৰি যাওঁ যে প্ৰতিশোধতকৈ ক্ষমা সদায়েই ডাঙৰ ৷ মানুহেই ভুল কৰে ৷ আমাক ভুল কৰাৰ অনুমতি দিয়া হৈছে ৷ কিন্তু আমি খঙৰ ভমকত কৰা কাৰ্যবোৰে ভৱিষ্যতলৈ আমাক বাৰে বাৰে সোঁৱৰাই থাকে ৷ ৰওক আৰু চিন্তা কৰক ৷ কামটো কৰাৰ আগতে এবাৰ ভাবক ৷ ধৈৰ্যশীল হওক ৷ ক্ষমা কৰক আৰু পাহৰি যাওক ৷ কাৰণ প্ৰেমেই একমাত্ৰ আৰু সকলো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!