সাক্ষাৎকাৰ: মানসিক ৰোগৰ চিকিৎসক ডা: হেমেন্দ্ৰ ৰাম ফুকনৰ সৈতে সাহিত্য ডট অৰ্গৰ প্ৰতিনিধি

সাহিত্য ডট অৰ্গ: নমস্কাৰ ছাৰ। সাহিত্য ডট অৰ্গক আপুনি বহুমূলীয়া সময় দিয়াৰ বাবে আপোনাক কৃতজ্ঞতা জনালোঁ।

ডাঃ হেমেন্দ্ৰ ৰাম ফুকন: নমস্কাৰ।

সাহিত্য ডট অৰ্গ: ছাৰ , আপোনাৰ পৰিয়াল আৰু আপোনাৰ শিক্ষা গ্ৰহণ তথা কৰ্মজীৱন সম্পৰ্কে আমাক অলপ জনাবনে?

ডাঃ হেমেন্দ্ৰ ৰাম ফুকন: হয়, মোৰ ককা আছিল দেশভক্ত তৰুণ ৰাম ফুকন। মোৰ দেউতা আছিল তেওঁৰ জ্যেষ্ঠ সন্তান। দেউতাৰ মই কনিষ্ঠ পুত্ৰ আছিলোঁ।

মই বিদ্যাশিক্ষা আৰম্ভ কৰিছিলোঁ গুৱাহাটীৰ চেইন্ট মেৰীজ স্কুলত। দেউতাই মোৰ পঢ়া শুনাত চকু দিছিল। মাজতে তেওঁৰ ভাব হ’ল যে মই অঙ্কত বৰ কেঁচা হৈ আছোঁ। দেউতাই মোক চেইন্ট মেৰীজ স্কুলৰ পৰা আনি ভৰলুমুখ নিম্ন বুনিয়াদী বিদ্যালয়ত মোৰ নামভৰ্তি কৰিলে। সেই বিদ্যালয়ৰ পৰা মই তৃতীয় শ্ৰেণীত উত্তীৰ্ণ হৈ সোণাৰাম হাইস্কুলৰ ক্লাছ ফ’ৰত নামভৰ্তি কৰিলোঁ। মই সেইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত অধ্যয়ন কৰোঁ। ১৯৬৮ চনত মই গুৱাহাটী মেডিকেল কলেজত নামভৰ্তি কৰো আৰু ১৯৭৫ চনত মই এম বি বি এচ ডিগ্ৰী আহৰণ কৰি চণ্ডীগড়ৰ পৰা মনোৰোগ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰো। মই বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰকল্প এটাৰ যোগেৰে প্ৰথমতে কৰ্মজীৱনৰ পাতনি মেলো আৰু মই ঘূৰি আহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰোঁ।

সাহিত্য ডট অৰ্গ: মানসিক বিভাগৰ এজন চিকিৎসক হিচাবে আপুনি অসমৰ চুকে-কোণে জনাজাত। কিবা বিশেষ কাৰণত আপুনি এই বিভাগৰ চিকিৎসক হ’বলৈ আগবাঢ়ি আহিছিল নেকি?

ডাঃ হেমেন্দ্ৰ ৰাম ফুকন: নাই, ঠিক তেনে নহয়। আচলতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মই অধ্যয়ন কৰি থকাৰ সময়ত মোৰ কোনো বিষয়তেই বিশেষ আকৰ্ষণ নাছিল। পিছে ‘ইন্টাৰ্নশ্বিপ’ৰ সময়ত মোৰ এই বিভাগটোৰ প্ৰতি আকৰ্ষণ বাঢ়িল। কালক্ৰমত মই চণ্ডীগড়ৰ পৰা এই বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিলো আৰু এই বিভাগতেই আজিলৈ নিয়োজিত হৈ আছোঁ।

সাহিত্য ডট অৰ্গ: মানসিক স্বাস্থ্য বুলিলে কি বুজায়?

ডাঃ হেমেন্দ্ৰ ৰাম ফুকন: মনটো দৃঢ় কৰি ইতিবাচক চিন্তা মনত পোষণ কৰি জীৱন নিৰ্বাহ কৰা প্ৰক্ৰিয়াটোক মানসিক স্বাস্থ্য বুলি অভিহিত কৰিব পাৰি। মানুহৰ মনত উদ্বিগ্নতা, উদাসীনতা আদিৰ সৃষ্টি হলে এই মানসিক স্বাস্থ্যৰ অৱনতি ঘটা বুলি আমি গণ্য কৰোঁ।

সাহিত্য ডট অৰ্গ: মানসিক স্বাস্থ্যৰ অৱনতি ঘটাৰ লক্ষণসমূহ কি?

ডাঃ হেমেন্দ্ৰ ৰাম ফুকন: এই ক্ষেত্ৰত মানুহ এজনৰ প্ৰথমতে টোপনিত পৰাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। তাৰপিছত মানুহজনৰ বিভিন্ন ধৰণৰ অসুখ হ’ব পাৰে। মানুহৰ উদ্বিগ্নতা আৰু উদাসীনতা বাঢ়ে। তেনেস্থলত মানুহজনৰ মনত এক মানসিক অৱসাদৰ সৃষ্টি হয় আৰু সাধাৰণতে কৰি থকা কামবোৰ কৰিবলৈ অনীহা প্ৰকাশ কৰে। এনেধৰণৰ ঘটনাবোৰ সংঘটিত হ’লেই মানুহজনৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটা বুলি ধৰি ল’ব পৰা যায়। কেতিয়াবা মানুহজনৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিলে ভ্ৰম বকিবলৈ আৰম্ভ কৰে অথবা অবাস্তৱ ঘটনা কিছুমানক সত্য বুলি গণ্য কৰিবলৈ আৰম্ভ কৰে।

সাহিত্য ডট অৰ্গ: আজিকোপতি মানসিক ৰোগৰ উপশমৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱা কথাটোত সাধাৰণ লোকসকলে কুন্ঠাবোধ কৰা দেখা যায়। এই সম্পৰ্কে আপোনাৰ মতামত কি?

ডাঃ হেমেন্দ্ৰ ৰাম ফুকন: আচলতে বিভিন্ন সামাজিক তথা অন্যান্য কাৰকৰ বাবে মানুহে মানসিক চিকিৎসকৰ ওচৰলৈ যাবলৈ দ্বিধাগ্ৰস্থ হৈ পৰা দেখা যায়। এই ধৰক এই ক্ষেত্ৰত মই এটা উদাহৰণ দিওঁ। সিদিনা নিউজ চেনেল এটাত সাক্ষাৎকাৰ এটা চলি আছিল। অনুষ্ঠানটোৰ আঁত ধৰোতাই মানসিক চিকিৎসালয় বুজাবলৈ ‘পগলা ফাটেক’ শব্দটো ব্যৱহাৰ কৰিলে। মই তেখেতক ফোন কৰি এনেধৰণৰ শব্দ ব্যৱহাৰ কৰা অনুচিত বুলি কলোঁ। আচলতে মানুহে এনেধৰণৰ চিন্তা পৰিহাৰ কৰিব লাগিব। যেতিয়া সমাজখন বা সমাজত বাস কৰা সকলোৱে এনেধৰণৰ চিন্তা বাদ দি মানসিক উদ্বিগ্নতা বা চাপৰ সন্মুখীন হোৱা মানুহ এজনৰ সমস্যাটো এক মানসিক সমস্যা বুলি গণ্য কৰে, তেতিয়াই মানসিক চিকিৎসালয়লৈ অহা বাটটো ৰোগীৰ বাবে সহজ হৈ পৰিব। ‘পগলা’, ‘ফাটেক’ আদি শব্দবোৰ পৰিহাৰ কৰি মানসিক স্বাস্থ্যৰ অৱনতিৰ বাবেহে সমাজৰ কোনো এজন মানুহে সমস্যাত পৰিছে বুলি সকলোৱে ভবাগুণা কৰিলেই এই সমস্যাৰ সমাধান ঘটিব।

সাহিত্য ডট অৰ্গ: বৰ্তমান কভিড-১৯ অতিমাৰীৰ সময়ত মানুহৰ মানসিক স্থবিৰতাৰ সৃষ্টি হোৱা বুলি আপুনি ভাবেনে? যদি এনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, তাক কেনেদৰে ৰোধ কৰিব পৰা যায়?

ডাঃ হেমেন্দ্ৰ ৰাম ফুকন: হয়, মই ভাবো যে বৰ্তমান সময়ত এই অসুখটোৰ বাবে মানসিক স্থবিৰতাৰ সৃষ্টি হৈছে। ইয়াক ৰোধ কৰিবলৈ হ’লে আমি মনলৈ ইতিবাচক চিন্তাৰ সোঁত বোৱাব লাগিব। মই আছো, মই থাকিম আৰু এদিন এই অসুখটো নোহোৱা হৈ যাব বুলি মানুহে মনটো বান্ধি ল’ব লাগিব। আমাৰ চিকিৎসা শাস্ত্ৰত এক বিশেষ নিদানৰ ব্যৱস্থা আছে। ইয়াক কোৱা হ’য় Mind Fullness Therapy বুলি। সেই চিকিৎসা শাস্ত্ৰৰ ‘থেৰাপি’ৰ মতে আমি অকল এই মূহুৰ্তটোকহে গুৰুত্ব আৰোপ কৰোঁ। কালি কি হ’ল বা কাইলৈ কি হ’ব, সেইবোৰ কথাত ‘থেৰাপি’মতে গুৰুত্ব দিয়া উচিত নহয়। বেমাৰটো অহাৰ পৰা মানুহৰ মনত ভয় সোমাইছে। এই ভয় ভাব আঁতৰ কৰিব লাগিব। বৰ্তমান সময়ত বেমাৰটো আৰম্ভ হোৱাৰ লগে লগে বৈদ্যুতিক মাধ্যমত এই সম্পৰ্কে বেছ আলোচনা চলিছে। নিজৰ মনটো দৃঢ় কৰি ৰাখিবলৈ হলে পৰাপক্ষত এইবোৰ আলোচনা পৰিহাৰ কৰাই মঙ্গল।

এই সময়ছোৱাত নিজৰ মানসিক স্বাস্থ্য অক্ষুন্ন ৰাখিবলৈ আমি কৰি ভালপোৱা কামবোৰ কৰা ভাল। এই ধৰক, আপুনি গান গাই ভাল পায়। কিন্তু সময়ৰ অভাৱত আপুনি বহুদিন গান গাব পৰা নাই। এই সময়ত আপুনি গান গাওক। আপুনি যদি পঢ়ি ভাল পায়, আপুনি পঢ়ক। আপোনাৰ হয়তো ফুলনি বাৰীৰ চখ আছে। এই সময়ত আপুনি এই চখ পুৰাই তোলক। এনেদৰে আপুনি মনটো সুস্থ কৰি ৰাখিব পাৰিব।

সাহিত্য ডট অৰ্গ: বৰ্তমান সময়ছোৱাত জন নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ কাৰণ কি বুলি ভাবে?

ডাঃ হেমেন্দ্ৰ ৰাম ফুকন: আচলতে মানুহৰ খং বাঢ়িছে। মানুহ সামাজিক জীৱ। মানুহ অকলশৰে থাকিলে খঙাল হৈ পৰে। নিজৰ ওপৰতেই নিয়ন্ত্ৰণ নাথাকে। তেতিয়াই কাজিয়া-পেচাল আৰম্ভ হয় আৰু তাৰেই পৰিণতিত নিজে নিবিচৰাকৈও কাৰোবাৰ জীৱন শেষ কৰে। এনেধৰণে এইবোৰ ঘটনা সংঘটিত হয়।

এইবোৰ ঘটনা ৰোধ কৰিবলৈ হ’লে মানুহে নিজক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। সেয়া সম্ভৱ হ’ব নিজৰ পছন্দৰ কামবোৰ বাচি লৈ নিজকে সেই কৰ্মত নিয়োজিত কৰা। তেনেস্থলত এনেধৰণৰ ঘটনাবোৰ সংঘটিত নহয় বুলি মই ভাবো।

সাহিত্য ডট অৰ্গ: মানসিক চাপৰ পৰা ৰক্ষা কৰিবলৈ আমি কেনেধৰণৰ পন্থা হাতত লোৱা উচিত?

ডাঃ হেমেন্দ্ৰ ৰাম ফুকন: মানসিক চাপ ৰোধৰ বাবে সকলোৱে ইতিবাচক চিন্তাৰে বাট বুলিব লাগে। অলপ হ’লেও নিয়মিত পৰিশ্ৰম কৰি এই চাপৰ পৰা নিজক মুক্ত কৰি ৰাখিব পৰা যায়। আনহাতে পঢ়াশুনা বা ভাললগা কাম কৰি, সুষম আহাৰ গ্ৰহণ কৰি আৰু টোপনি নিয়মীয়া কৰি এই মানসিক চাপৰ পৰা ৰক্ষা পাব পাৰি।

সাহিত্য ডট অৰ্গ: ধন্যবাদ ছাৰ। আপোনাৰ বহুমূলীয়া পৰামৰ্শৰ দ্বাৰা আমি আৰু আমাৰ আলোচনীখনৰ পঢ়ুৱৈসকল নিশ্চয়েই উপকৃত হব। আপোনাক পুনৰবাৰ ধন্যবাদ জনালোঁ।

ডাঃ হেমেন্দ্ৰ ৰাম ফুকন: হয়, ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!