সিহঁত ভিক্ষাৰী-(নিশাংক মিলন )

নিশাংক মিলন
সিহঁত ভিক্ষাৰী

———-

মানুহ নামাটোৰ সিহঁত উপলুঙা,
ভাষা চকু, কাণ আৰু দুঠেঙীয়া –
এয়াই যদি মানুহৰ সংজ্ঞা,
জীয়াই থকাতোৱেই যদি জীৱনৰ একমাত্ৰ চিন্তা,
তেন্তে সিহঁতো মানুহ,
সিহঁতো সভ্য…..
ফুটপাথৰ কোণত, বাছ নোৰোৱা বাছষ্টেণ্ডৰ চুকত থাকে
সিহঁতৰ সভ্যতাৰ লাম-লাকটুৰ বেহা,
আধুনিকতাৰ উন্মত্ত ঘোঁৰাই উৰুৱা ধূলিত
সদায় একাকাৰ হয় সিহতৰ ভোকৰ ধোৱা;
চেঙেলীয়া মহানগৰীৰ গাভৰু কোলাহলত
সহজেই হেৰাই যায়
সিহঁতৰ মুখৰ বুভুক্ষু কবিতাৰ স্বৰলিপি,
জোনাকত সিহতেও উজাগৰে থাকিব জানে,
জোনৰ বাবে সিহতেও কবিতা লিখাৰ হাবিয়াস কৰে-
“আস; জোনটো যদি ৰুটি হলহেতেন…”
হিন্দু, মুছলমান বা খ্ৰীষ্টান -?
একো নহয় সিহঁত-কেৱল ভিক্ষাৰী,
ঈশ্বৰৰ প্ৰতিখন দুৱাৰমুখতে আৰম্ভ হয় সদায়
সিহঁতৰ শেষ হব নজনা শাৰী,
তথাপি
এসাজ পেট ভৰ্তি খানা
সিহঁতৰ বাবে এক আদিম সাধুকথা ;
মহানগৰৰ প্ৰতিটো অলি-গলি, বাইলেনত,
কলেজ গে’টৰ সমুখত
সিহঁতে খেপিয়াই ফুৰে কেৱল
জীয়াই থকাৰ কিছু খুচুৰা প্ৰেৰণা
জন্ম সিহঁতৰ বাবে মাত্ৰ
কামনাৰ লাজহীন প্ৰকাশ ,
ফুটপাথৰ ৰাতিৰ যৌৱনৰ এক গোপন বিশ্বাস !
আৰু মৃত্যু-?
মৃত্যু সিহঁতৰ কাৰণে কোনো শিল্প নহ্য়
চকুলোৰ শৃংখলিত খোজৰ বিশ্বজনীন শব্দও নহ্য়;
মৃত্যুটো সিহঁতৰ বাবে এক চূড়ান্ত অশিল্প,
আকৰ্ষণীয় অভিনৱত্বৰ এক প্ৰাত্যহিক মৈথুন মুদ্ৰা
আৰু মিউনিচিপেলটিৰ গাড়ীৰ
অনিচ্ছাকৃত আগ্ৰহৰ বাধ্যবাধকতা !
চেৰেলা কুকুৰৰ লগত একেলগে
টোপনিৰ খেতি কৰি
সিহঁতেও স্থান পায় কবনোৱাৰাকৈয়ে
কোনোবা বাতৰি কাকতৰ চুকত;
সভ্যতাৰ এৰেহা বুটলি
সিহঁত জীয়াই থকাৰ বাবে জী থাকে
নিতান্তই মানুহ হোৱাৰ দুখত;
কিন্তু সিহঁততো মানুহ নহয় !!
বীৰ্যহীন সভ্যতাৰ ডাষ্টবিনত
বিবেক আৰু ঈশ্বৰ বিচাৰি ,
সিহঁত কেৱল ভিক্ষাৰী
অ সিহঁত কেৱল ভিক্ষাৰী….!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!