সুখ দুখ –বন্দিতা গগৈ বৰা

“শিশু দিৱস ” সমাগত, মোৰ এই লেখাটো মই জীৱনত লগ পোৱা বা নোপোৱা প্ৰতিটো শিশুৰ নামত উৎসৰ্গিত । আজিৰ শিশু সকল আমাৰ সমাজৰ ভৱিষ্যত। শিশু সকলৰ প্ৰতি আমাৰ বহুতো কৰণীয় আছে। জীৱনত নানা বয়সৰ শিশুৰ সৈতে হোৱা কেইটিমান অভিজ্ঞতা আজিৰ এই লেখাত দাঙি ধৰিছোঁ:

(1)
সাধাৰণতে অষ্টম শ্ৰেণীত মোৰ কোনো ক্লাছ নাথাকে । আজি সিহঁতৰ বিজ্ঞানৰ শিক্ষকজন অনুপস্থিত বাবে মই ক্লাছটো লবলৈ আহিছোঁ । এই শ্ৰেণীটোৰ লৰাকেইটাৰব বিষয়ে কমনৰুমত সদায়ে বিৰূপ মন্তব্য শুনি থাকোঁ । ইহঁত হেনো বৰ দুষ্ট আৰু শ্ৰেণীকোঠাটো বৰ অপৰিষ্কাৰ কৰি ৰাখে । কিন্তু শ্ৰেণীটোত সোমাই মই এটা বেলেগ পৰিবেশ দেখিলো । শ্ৰেণীটো বৰ পৰিপাটী হৈ আছে আৰু ল’ৰাকেইটাও বৰ শান্ত হৈ বহি আছে । মনটো ভাল লাগিল । সুন্দৰকৈ পাঠ এটা পঢ়ালো । বেল পৰাৰ পাছত সিহঁতক শ্ৰেণী কোঠা পৰিষ্কাৰকৈ ৰখাৰ বাবে ধন্যবাদ দিলোঁ । আনন্দত গোটেই কেইটাৰ মুখকেইখন জিলিকি উঠিল ,”” বাইদেউ কাইলৈ আকৌ আহিব দেই আমাক পঢ়াবলৈ !”” এটাই কৈয়ে উঠিল । উৎসাহজনক মন্তব্যই সিহঁতক উৎসাহিত কৰাত মনটো ভাল লাগিল !
~~~~~~~~~~~~~~~~~~~~~
(2)
লৰাটো যেতিয়া মই প্ৰথম মোৰ শ্ৰেণীত পাইছিলো , মৰম লগা আছিল । সি অষ্টম শ্ৰেণী লৈকে বেলেগ এখন স্কুলত পঢ়ি আহি নবম শ্ৰেণীত মই কৰ্মৰত স্কুলত নাম লগাইছে । প্ৰথম আহোঁতে নতুন স্কুলৰ সাজযোৰেৰে পৰিপাটীকৈ আচুৰি অহা চুলি কেইডালেৰে বৰ মৰম লাগিছিল তাক । পঢ়াৰ প্ৰতিয়ো তাৰ আগ্ৰহ দেখি মোৰ শ্ৰেণী শিক্ষক হিচাবে তাৰ প্ৰতি বেলেগ এটা মৰম গঢ়ি উঠিছিল । সাধাৰণতে অতি দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালীয়ে ভৰি থকা স্কুল খনলৈ ছাত্ৰ ছাত্ৰী সকল প্ৰায়ে লেতেৰা পেতেৰাকৈ আহে । বেছি ভাগৰে উৱলি যোৱা কাপোৰ কাণি , ধুবলৈয়ো ঘৰত চাবোন চাৰ্ফৰো অভাৱ । কিন্তু এই লৰাটোক অলপ ব্যতিক্ৰম পাইছিলো । অ.’ তাৰ নাম অভিষেক , মৰমতে আমি সকলোৱে তাক অভি বুলি মাতিবলৈ লৈছিলো ।
দিনবোৰ পাৰ হৈছিল , আমাৰ শিক্ষক সকলৰ দিনবোৰ পাঠ আৰু পৰীক্ষাৰ সমীক্ষাৰে জুখিব পাৰি । অভিহতৰো নবম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ বাবে সাজু হোৱাৰ দিন সমাগত হৈছিলহি । অভি প্ৰতিদিন স্কুল আহিছিল আৰু তাৰ পঢ়শুনাৰ প্ৰতি বৰ ধাউতি আছিল । তাকলৈ আমাৰ সকলো শিক্ষকৰে বহুত আশা গঢ়ি উঠিছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাৰ পৰা যে এটা খুউব ভাল ৰিজাল্ট আশা কৰিব পাৰি তাক ভাবি মনবোৰ আনন্দিত হৈছিল ।
ছমহীয়া পৰীক্ষা শেষ হৈছিল , তাৰ পাছতে গৰমবন্ধ আৰু গৰমবন্ধ খুলিয়ে পৰীক্ষাৰ ৰিজাল্ট । ভবামতেই অভি দুয়োটা শাখাৰ ভিতৰতে প্ৰথম হৈছে । কিন্তু স্কুল খোলাৰ পাঁচদিনলৈকে সি স্কুল নাহিল । স্কুলত নাম লগোৱাৰ পাছত এয়া প্ৰথমবাৰৰ বাবে সি স্কুল খতি কৰিছে , মনটো ভাল নালাগিল । তাৰ ঘৰৰ ওচৰৰ দুই এটাক সুধিলত তাক ঘৰতে দেখা বুলি কলে । যি কি নহওঁক ছদিন পাছত সি স্কুল আহিল । পিছে তাৰ চেহেৰাটো দেখি মনলৈ নানা চিন্তা আহিল । সোতমোচ চাৰ্ট পেণ্ট আৰু অবিনস্ত চুলি , বহুত দিন নোশোৱাকৈ থকাৰ দৰে এযুৰি চকুৰে এই অভি আৰু সেই অভিৰ মাজত আকাশ পাতাল পাৰ্থক্য । সেইদিনা তাক একো নুসুধি , মাৰ্কচিট খন দি তাৰ মুখলৈ চালোঁ !পৰীক্ষাত প্ৰথম হৈ তাৰ মুখত যি আনন্দ ফুটি উঠিব লাগিছিল নেদেখি মনটো সেমেকিল । সেইদিনা তাক বিশেষ একো নকৈ নিজৰ কামত মনোনিৱেশ কৰিলোঁ ।
পিছদিনাও অভিৰ কথা কাণ্ড ভাল নালাগিল । পঢ়াত সমুলি মন নিদি কিবা ভাবি চিন্তি বহি থাকিল । বাকী শিক্ষক সকলেও লৰাটোৰ এই পৰিবৰ্তনৰ কথা আলোচনা কৰিলে । সেইদিনাই টিফিনৰ সময়ত তাক একাশৰীয়াকৈ মাতি কি হৈছে সুধিলোঁ। প্ৰথমে সি একো হোৱা নাই আদি কৈ ফাঁকি মাৰি মোৰ পৰা পলাবলৈ বিচাৰিছিল ।কিন্তু অলপ টানকৈ ,””কি হৈছে কবই লাগিব ।”” কোৱাত সি আৰু নোকোৱাকৈ নোৱাৰিলে ।
অভিৰ দেউতাকে আগতে ঘৰে ঘৰে সৰু সুৰা কাপোৰ , তেল , ক্ৰীম আদি বিক্ৰী কৰি আৰু মাকে ব্লাউজ , মেখেলা চাদৰ আদি চিলাই কৰি সিহঁতৰ পৰিয়ালটো চলাই আছিল । ঘৰত সি আৰু মাক দেউতাক , তিনিটা প্ৰাণী , তাৰ বায়েক তিনি জনীৰ ইতিমধ্যে নিজৰ পচন্দৰ লৰাৰ লগত বিয়া হৈ গৈছে ।অভাৱৰ ঘৰ যদিও ঘৰ খনত শান্তি আছিল । আজি দুমাহ মান আগতে তাৰ দেউতাকক লগৰ এজনে ডিমাপুৰত কিবা কাম কৰিবলৈ লগ ধৰিলে । উপাৰ্জন ভাল হোৱাৰ আশাত দেউতাক ডিমাপূৰ গল । উপাৰ্জন কি কৰিলে নাজানে কিন্তু দেউতাকে মদ আৰু জুৱাৰ নিচাত এনেকৈ ডুবিলে যে ঘৰৰ সকলো শান্তি কৰবালৈ গল । পঢ়াৰ পৰিবেশ নাইকিয়া হল। নিশা নিশা মদ খাই আহি মাকক মাৰপিট কৰাৰ দৃশ্যই তাৰ দৰে কিশোৰ এটাক কিমান মানসিক আঘাত সানিব পাৰে সেয়া আৰু বুজিবলৈ বাকী নাথাকিল ।তাক কিবা কৈ সান্তনা দিয়াৰ ভাষা নথকাত তাৰ মূৰত হাত খন থৈ শ্ৰেণীলৈ যাবলৈ কলো !
মনটো কিন্তু অশান্তিত থাকিল । কিবা এটা কৰিব লাগিব , এই ভাবটোৱে দোলা দি ৰল । বাকী সকলৰ লগত পৰামৰ্শ কৰি তাৰ দেউতাকক বিদ্যালয়লৈ মাতি পঠালো । এদিন দুদিনকৈ এসপ্তাহ পাৰ হল ,মানুহজন নাহিল । আৰু যে নাহিব বুজিলো ! ইফালে অভিৰ পঢ়াৰ প্ৰতি আগ্ৰহ কমি গৈ থাকিল , মাজে মাজে স্কুল অহা বাদ দিলে ।শেষত আমি কেইজনমানে তাৰ ঘৰলৈ যোৱাটোকে ঠিক কৰিলোঁ । তাৰ ঘৰ যিটো বস্তিত তাৰ ওচৰতে স্কুলৰ চকীদাৰ জনৰ ঘৰ বাবে তাৰ ঘৰটো বিচাৰি উলিওৱাত অসুবিধা নহ’ল। লগৰ আৰু দুজন , চকীদাৰ অনন্ত আৰু মই গৈ যেতিয়া অভিৰ ঘৰ পালোগৈ তেতিয়া অভিৰ দেউতাক ঘৰতে আছিল । ঘৰ মানে ঠেপাঠেপিকৈ থকা এলানি ভাৰাঘৰৰ ভিতৰতে এটা সৰু ঘৰত সিহঁত থাকে । যিমান পাৰি সৰল ভাষাত ,যিমান পাৰি কোমলকৈ আৰ বিনয়েৰে তেখেতৰ লগত অভিৰ পঢ়া শুনা সম্পৰ্কীয় সুবিধা অসুবিধাৰ কথা আলোচনা কৰিলোঁ । আৰু মানুহ জনৰ সন্মানত আঘাত যাতে নালাগে তেনেকৈ তেখেতক মদ খাই ঘৰত অশান্তি নকৰিবলৈ অনুৰোধ কৰা হল। মানুহ জনৰ লগত কথা পাতি বুজিলো , মানুহ জন ভদ্ৰ আৰু আমাৰ কথাত তেখেতে বেয়া পোৱা নাই ।বৰঞ্চ পুতেকৰ কথা ইমান চিন্তা কৰা বাবে আমাক হাতযোৰ কৰি ধন্যবাদ দিলে । যাহক মনত অলপ আনন্দ লৈয়ে উভতি আহিলো ।
কেইটামান দিন পাৰ হল । ক্লাছত অভিক লক্ষ্য কৰি থাকিলো , বিশেষ পৰিবৰ্তন নেদেখি হতাশ হ’লো। আজি হঠাৎ ক্লাছত সোমাই প্ৰথম বেঞ্চত অভিক আকৌ আগৰ দৰে পৰিপাটী সাজত দেখা পাই কিয় জানো মনটো ভাল লাগিল । ক্লাছৰ শেষত মই কিবা সুধাৰ আগতেই সি আগুৱাই আহি মোক যিখিনি কথা কলে সেইয়া হল _””দেউতাই ছাৰ বাইদেৱে মোক ইমান ভালপোৱা আৰু মোৰ কথা ইমান চিন্তা কৰা দেখি বৰ সুখী হৈছে আৰু দেউতাৰ পৰা পোৱা অসুবিধাবোৰ আৰু হবলৈ নিদিয়ে কৈছে । দেউতাই আগৰ দৰেই কষ্ট কৰি ফেৰীৱালাৰ কামটো কৰি ঘৰ চলাই নিব আৰু ডিমাপুৰত গৈ কাম কৰাটো বাদ দিব বুলি মা আৰু মোক কথাও দিলে ।”” অভিৰ চকুত আনন্দৰ দুটোপাল চকুপানীয়ে টলবলাই উঠিল , মোৰ চকুতো সেই একে আনন্দৰ ঢল !!
*******=*********************
(3)
**** বিথীকা **
ষষ্ঠ শ্ৰেণীত যেতিয়া বিথীকাই আমাৰ স্কুলত নাম লগাইছিল , তাইৰ হাঁহি থকা মৰম লগা গোল মুখখনে , দীঘল পৰিপাটী বেণী দুডালে আমাৰ সকলোৰে মন হৰি নিছিল । অতি সোনকালে বিথীকাই সকলো শিক্ষক শিক্ষয়িত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । তাই অকল দেখাতে ধুনীয়া নাছিল , পঢ়াত ভাল হোৱাৰ উপৰিও সুন্দৰ আৰ্ট কৰা , কবিতা আবৃত্তি কৰা আদি বহুতো গুণো আছিল । তাই সদায়ে মাকৰ লগত স্কুল আহে। আমাৰ স্কুলখন বজাৰৰ ব্যস্ত এলেকাত অৱস্থিত বাবে সৰুবোৰক মাক দেউতাকে স্কুলত থৈ যায় ।বিথীকাৰ মাক গৰাকীও বৰ সুন্দৰী আৰু অমায়িক মহিলা । যতে দেখে সুন্দৰকৈ হাঁহি মাৰি মাত এষাৰ দিয়ে ।
সেই বছৰে দুৰ্গা পূজাৰ আগে আগে সেই দুখ লগা খবৰটো আমাৰ কাণত পৰিলহি । তিনিদিন মানৰ জ্বৰ মূৰৰ বিষতে বিথীকাৰ মৰম লগা মাকজনী ঢুকাই থাকিল ।খবৰটো শুনি আমাৰ সকলোৰে চকু সেমেকিছিল । বিথীকাৰ মুখখন মনত পেলাই আমি বহুত দিন চকুলো টুকিছিলো । এৰা ইয়াৰ পাছত সকলোৱে বুজিছেই চাগৈ বিথীকাজনীৰ কেনে অৱস্থা হব !! তাই যেতিয়া স্কুল আহিল ,সেই আগৰ ৰাংঢালী ছোৱালীজনীৰ ঠাইত এজনী মন মৰহি থকা ছোৱালী হৈ । মাকৰ আদৰ যত্নত ডাঙৰ হোৱা ছোৱালীজনীৰ বিধ্বস্ত ৰূপটো দেখিলে আপোনালোকৰো চকুলো ওলাব । তাইৰ পৰিপাটী বেণীদুদাল আৰু দেখা নগল । প্ৰায়েই স্কুলত অনুপস্থিত থাকে তাই আৰু যিদিনা আহে আউল বাউল চুলিৰে অপৰিপাটী হৈ । মুখৰ হাঁহি কেতিয়াবাই হেৰাল ।
এনেকৈয়ে মনমৰা জনী হৈ তাই সপ্তম শ্ৰেণী পালেহি ! সপ্তম শ্ৰেণীত মোৰ এটা ক্লাছ পৰাত বিথীকাৰ লগত সদায়ে দেখা হয় । তাইক দেখিলে বুকুৰ কোনোবা খিনি বিষায় । আগতে পঢ়াৰ প্ৰতি সীমাহীন আগ্ৰহ থকা ছোৱালীজনী এতিয়া এটা মূৰ্ত্তিৰ দৰে ক্লাছত বহি থাকে । খিৰিকীৰে বাহিৰলৈ চাই কি জানো ভাবি থাকে । টানকৈ একো কোৱাৰ কথা বাদেই অলপ পঢ়া শুনাত মন দিবলৈ কলেই তাই উচুপি উঠে । স্কুল অহা বাদ দিয়ে দুদিন মান । তাইক একো কবলৈ বাদ দিলোঁ । কিন্তু তাই যেতিয়াই স্কুল আহে এবাৰ হলেও তাইৰ মূৰত আলফুলে হাত খন বুলাই দিয়া কৰিলোঁ আৰু সদায়ে কৰিবলৈ ঠিক কৰিলোঁ , মানে যিমান দিন তাই এই স্কুলত থাকিব । এনে কৰি মাতৃহাৰা ছোৱালীজনীক অলপ মৰমৰ আভাস দিও , তাই কি অনুভৱ কৰে নাজানোঁ মোৰ ভাল লাগে । বিথীকাক অলপ মৰম দি , তাইৰ প্ৰতি অলপ চিন্তা কৰি তাইৰ সেই উদাস দৃষ্টিটোৰে বিচাৰি ফুৰা মাকৰ মুখখন মই মচিব নোৱাৰোঁ জানো কিন্তু অলপ মৰম দি মই শান্তি পাওঁ নিজৰ ওচৰত !!
*******

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!