সুখ (মূল – জন বাৰোজ) (অনুবাদ – বৰ্ণালী দেউৰী)

সুখ

–      মূল জন বাৰোজ

–      অনুবাদবৰ্ণালী দেউৰী

মানুহ সুখী হ’বৰ কাৰণে এটা বিশেষ বস্তুৰ প্ৰয়োজন আন সকলো বস্তুতকৈ  বেছি । সেই বস্তুটো কি ?

এই বস্তুটো অতি সাধাৰণ আৰু সুলভ । মানুহে হাত মেলিলেই  তাক পাব পাৰে । কিন্তু কেৱল জ্ঞানী মানুহেহে সেই বস্তুটো অনুমান কৰিব পাৰে ।

কোনোৱে ক’ব ই স্বাস্থ্য বা ধন, বা বন্ধু   বা ইটো-সিটো তেনেকুৱা আন বহুত বস্তু । কিন্তু এই সকলোবোৰ  থাকিলেও তুমি সুখী নহ’ব পাৰা ।  তোমাৰ খ্যাতি আৰু  ক্ষমতা থাকিব পাৰে; তথাপি তুমি সুখী নহ’ব পাৰা ।

স্বাস্থ্য, ধন, বন্ধু, ঘৰ – এইবোৰ নিশ্চয় দৰকাৰী  বস্তু । কিন্তু ম‍ই ক’ব খোজোঁ যে এনে এটা বস্তু আছে- যিটো বস্তু এই আটাইবোৰ বস্তুতকৈ  বেছি দৰকাৰী ।  সেই বস্তুটো কি ?

বেমাৰী মানুহে ক’ব স্বাস্থ্য ।  দুখীয়া মানুহে ক’ব ধন-সম্পত্তি ।  উচ্চাকাংক্ষী  মানুহে ক’ব ক্ষমতা, পণ্ডিতে ক’ব জ্ঞান ।  পৰিশ্ৰম কৰি ক্লান্ত হোৱা মানুহে ক’ব – জিৰণি ।

কিন্তু ম‍ই মনতে ভাবি থকা বস্তুটোৰ অবিহনে এইবোৰৰ কোনো এটা বস্তুৱেই মানুহক  বেছি দিন সুখী কৰি ৰাখিব নোৱাৰে ।

এখন নৈৰ কাৰণে আটাইতকৈ দৰকাৰী বস্তুটো কি ?  অবিৰাম গতিৰে বৈ থকাটো । নৈখন ব’বলৈ এৰিলেই সি মৰা-নৈ বা জলাশয় হ’ব । মানুহৰ ক্ষেত্ৰতো সেই একেই কথা । মানুহ সকলো সময়তে সচল আৰু গতিশীল হৈ থাকিব লাগিব—- শাৰীৰিক, নৈতিক আৰু বৌদ্ধিকভাবে ।

সেই কাৰণে সুখৰ গোপন ৰহস্যটো হ’ল–কাম । একমাত্ৰ কামেইহে মানুহক সচল আৰু গতিশীল কৰি ৰাখিব পাৰে ।   এইকথা সঁচা যে  স্বাস্থ্য অবিহনে  মানুহ সুখী হ’ব নোৱাৰে । কিন্তু স্বাস্থ্যৱান হ’বলৈকো মানুহে কাম  কৰি থাকিব লাগিব, কাম কৰি ভাল পাব লাগিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!