সুগন্ধি বতৰা -ৰাজশ্ৰী বৰ্মন

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ এগৰাকী বিষয়া৷ নাম আৰ্মষ্ট্ৰং পামে৷ তামেংলাং জিলাৰ তওচেম মহকুমাৰ তেওঁ চাব ডিভিজনেল মেজিষ্ট্ৰেট৷ এই পদত নিযুক্তি লাভ কৰাৰ পাছত তেওঁৰ এক ইচ্ছা জাগৃত হ’ল৷ তেওঁ এটা ৰাস্তা নিৰ্মাণ কৰিব৷ এশ কি মিৰ দূৰত্বৰ এটা ৰাস্তা৷

এনেকুৱাওনো সপোন থাকে নে কাৰোবাৰ?

যিসকল মানুহে পচিঁশ কেজি চাউল আনিবলৈ পাহাৰৰ পৰা ভৈয়ামলৈ ষাঠি কিমি নামি আহিব লাগে তেওঁলোকৰ অৱশ্যেই থাকিব পাৰে এনেকুৱা সপোন৷ আৰু লগতে থাকিব পাৰে সেই সপোন বাস্তৱায়িত কৰা দুৰ্বাৰ আকাংক্ষা৷

উনৈশ শ বিৰাশী চনৰ কথা৷ নাগালেণ্ড মণিপুৰ আৰু অসম সংযোগ কৰি এটা পথ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা এশ কোটি টকা আৱন্তিত হৈছিল৷ কিন্তু সেই প্ৰজেক্টটো কাগজে পত্ৰইহে থাকি গৈছিল৷ আৰু বছৰ বছৰ ধৰি জীয়াতু ভূগিবলগা হৈছিল সেই ঠাইৰ বাসিন্দাসকলে৷ ৰাজ্য চৰকাৰে অনতিপলমে এই ৰাস্তা নিৰ্মাণ হব বুলি কৈছিল যদিও একো ব্যৱস্থা হাতত লোৱা দেখা নগৈছিল৷ যোৱা বছৰ জুন জুলাই মাহত যেতিয়া টাইফয়ড আৰু মেলেৰিয়াই অঞ্চলটোৰ লোকসকলৰ মাজত মহামাৰীৰ ৰূপ ধাৰণ কৰিলে তেতিয়া বহুত মানুহে উপযুক্ত চিকিত্সাৰ অভাৱত মৃত্যু হ’বলগীয়া হ’ল৷ পথটোৰ দূৰৱস্থাৰ কাৰণে ডাক্তৰ যাবলৈ নিবিচাৰে আৰু একেটা কাৰণতে ৰোগীক দূৰণিবটীয়া চিকিত্সালয়লৈ নিবলৈ নোৱাৰে৷ এই অভাবনীয় যাতনা চাই থাকিবলৈ পামে ডাঙৰীয়াৰ সত নগ’ল৷ তেওঁ তেওঁৰ বন্ধুসকলৰ মাজত যিসকল চিকিত্সক তেওঁলোকক অনুৰোধ জনালে৷ এগৰাকী মহিলা চিকিত্সক মান্তি হ’ল আৰু এনেদৰে কিছু পৰিমাণে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিল৷ বহুতৰে জীৱন ৰক্ষা পৰিল৷ তেতিয়াই তেওঁ সংকল্প লয় যে তেওঁ এই পথটো নিৰ্মাণ কৰিব৷

স্বাধীনতাৰ ছটা দশকৰ পাছতো মানুহৰ এনে অবৰ্ণনীয় দুখ বেদনা! ! একেখন আকাশৰ তলতে! !

প্ৰথম অৱস্থাত পৰিয়ালৰ ককায়েক নবৌয়েক ভায়েক মাক সকলোকে আৰ্থিক সহায় কৰিবলৈ তেওঁ অনুৰোধ জনালে৷ ককায়েক নবৌৱেকে এমাহৰ দৰমহা দিলে৷ মাকে শিক্ষক দেউতাকৰ ফেমিলি পেঞ্চনৰ এমাহৰ আয় দিলে তেওঁ নিজে পাঁচ মাহৰ দৰমহাৰ পইচা দিলে আৰু মাত্ৰ এমাহ পূৰ্বে চাকৰি কৰিবলৈ লোৱা ভায়েকে দিলে নিজৰ প্ৰথম দৰমহাৰ সমস্ত টকাখিনি৷ দান বৰঙণিৰ আশাৰে ছচিয়েল মিডিয়াও সহায়ক ভূমিকা লৈছিল৷ এৰা যিখন দেশত চাকৰিৰ বাবে ধন লেনদেন কৰা হয় আৰু সেইকথা তদন্ত কৰিবলৈ মাহ মাহ ধৰি মানৱসম্পদ ব্যস্ত হৈ থাকিবলগীয়া হয়, কি কৰিবলৈ সময় উলিয়াব পাৰিব?

শেষত নিৰ্মাণ হৈ উঠিল এই পথ৷ এক দুই কিমি নহয় এশ কিমি দৈৰ্ঘ্য্যৰ পথ৷

এই পথটোৱে টাওছেন মহকুমাৰ অৰ্থনৈতিক দিশটোক যথেষ্ট পৰিমাণে লাভৱান কৰিব বুলি বহুলোকে আশা প্ৰকাশ কৰিছে৷ কাৰণ এই অঞ্চলটোত বহু পৰিমাণে কমলা টেঙা উৎপাদন হয়৷ কিন্তু বজাৰৰ অভাৱত কমলাটেঙাবোৰ এনেই বেয়া হৈ যায়৷ এই পথটো ভাল হোৱাৰ ফলত পৰ্যাপ্ত পৰিমাণে উৎপাদিত কমলাটেঙাৰ বাবে চাহিদা বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷
এইগৰাকী মহাপুৰুষৰ জীৱন কাহিনীয়ে মন চুই গ’ল৷■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!