সুন্দৰ উপহাৰ!(মূল উত্স-Akramulla Syed, অনুবাদ- অঞ্জল বৰা )

……………………………..
কলেজত পঢ়ি থকা ল’ৰা এটাৰ স্নাতক চূড়ান্ত বৰ্ষৰ ফলাফল ওলোৱাৰ সময়ৰ কথা৷ ল’ৰাটোৱে বহু দিনৰ পৰাই গাড়ীৰ ডিলাৰত গৈ সুন্দৰ গাড়ী এখন চাই আহিছিল আৰু সেইখন কিনি দিবলৈ দেউতাকক খাটনি ধৰিছিল৷ দেউতাকেও ল’ৰাটোক ভালদৰে পাছ কৰিলে ফলাফল ওলোৱাৰ দিনাই গাড়ীখন কিনি দিম বুলি কথা দিছিল৷ পৰীক্ষাৰ ফলাফল ওলোৱাৰ দিনা ৰাতিপুৱা দেউতাকে ল’ৰাজনক তেওঁৰ নিজৰ ব্যক্তিগত পঢ়া কোঠালৈ মাতিলে৷

দেউতাকে ল’ৰাজনক কিমান ভাল পায় আৰু তেওঁৰ বাবে কিমান গৰ্ব কৰে তাক ক’লে আৰু ল’ৰাটোৰ হাতত এটা সুন্দৰ উপহাৰৰ বাকচ তুলি দিলে৷ ল’ৰাটো আচৰিত হ’ল আৰু বাকচটো খুলিলে৷ বাকচটোৰ ভিতৰত তেওঁ এখন ধুনীয়া কোৰাণ দেখিবলৈ পালে৷ ল’ৰাটোৱে কোৰাণখন দেখি অসন্তুষ্ট মনেৰে কিছু টানকৈ দেউতাকক ক’লে “তুমি তোমাৰ সকলো টকাৰে মোক কেৱল এখন ধৰ্ম গ্ৰন্থহে দিব পাৰিলানে?” সেইবুলি তেওঁ কোৰাণখন তাতে এৰি আঁতৰি গ’ল৷

বহু দিনলৈকে ল’ৰাটোৱে দেউতাকৰ লগত যোগাযোগ নকৰিলে৷ বহু বছৰৰ পিছত ল’ৰাটো এজন সফল ব্যৱসায়ী হ’ল৷ তেওঁৰ ধুনীয়া ঘৰ হ’ল, গাড়ী হ’ল আৰু পৰিয়ালৰ লগত জীৱন অতিবাহিত কৰিবলৈ ধৰিলে৷ এদিন তেওঁ অনুভৱ কৰিলে, কলেজৰ ফলাফল ওলোৱাৰ দিন ধৰি তেওঁ দেউতাকক লগ কৰা নাই৷ দেউতাক নিশ্চয় বুঢ়া হ’ল৷ গতিকে তেওঁ মনতে এদিন দেউতাকৰ ওচৰলৈ যোৱাৰ কথা ভাবিলে৷

তেওঁ দেউতাকৰ ওচৰলৈ যাবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে এখন টেলিগ্ৰাম লাভ কৰিলে৷ টেলিগ্ৰামখনত দেউতাকৰ মৃত্যুৰ খবৰৰ লগতে দেউতাকে সকলো সম্পত্তি ল’ৰাজনৰ নামত উইল কৰি যোৱাৰ কথা লিখা আছিল৷ লগতে তেওঁক তালৈ গৈ সকলো সম্পত্তি ল’বলৈ অনুৰোধ কৰা হৈছিল৷ যেতিয়া ল’ৰাজনে দেউতাকৰ ঘৰত উপস্থিত হ’ল, তেওঁ দুখ আৰু অনুশোচনাত দগ্ধ হ’ল৷ তেওঁ দেউতাকৰ অতি গুৰুত্বপূৰ্ণ কাগজ-পাতিবিলাক বিচাৰিবলৈ ধৰিলে৷ তেওঁ দেখিলে যে, তেতিয়াও সেই কোৰাণখন দেউতাকৰ কোঠাত সজাই থোৱা আছে৷ তেওঁৰ চকুলো বৈ আহিল৷ তেওঁ কোৰাণখন হাতত ল’লে আৰু এটা এটা কৰি পৃষ্ঠাবোৰ মেলি যাবলৈ ধৰিলে৷ কেইপৃষ্ঠামান মেলাৰ পিছত তেওঁ দেখিলে এটা গাড়ীৰ ছাবিৰে সৈতে এটা লেফাফা মাটিত পৰি গৈছে৷ তেওঁ লেফাফাটো হাতত তুলি ল’লে আৰু দেখিলে তাত এটা ডিলাৰৰ নাম লিখা আছে৷ সেই একেই ডিলাৰ, যিটো ডিলাৰৰ পৰা বহু বছৰৰ আগতে তেওঁ এখন সুন্দৰ গাড়ী কিনাৰ সপোন দেখিছিল৷ আনহাতে তেওঁ লক্ষ্য কৰিলে ডিলাৰৰ মালিকজনে সম্পূৰ্ণ টকা লাভ কৰাৰ প্ৰাপ্তি স্বীকাৰ কৰি স্বাক্ষৰ কৰি থৈছে আৰু তাৰিখটো আছিল সেইদিনাৰ যিদিনা তেওঁৰ কলেজৰ ফলাফল ওলাইছিল৷

আমাৰ প্ৰত্যাশা অনুসৰি ভগৱানে আমাক কিবা নিদিলেই৷ আমি বাৰু কিমানজনে ভগৱানক মনত পেলাও??
………………………………………………………..

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!