সুস্বাস্থ্যৰ কেইটিমান কিটিপ ডা° ভূপেন্দ্র শইকীয়া

স্বাস্থ্য আৰু মন :

সুস্বাস্থ্যৰ কেইটিমান কিটিপ

ডা° ভূপেন্দ্র শইকীয়া

 

শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আজি কেইটিমান কথা আলোচনা কৰিম ৷ অসমীয়াত প্ৰবাদ আছে – “দেহা থাকিলেহে বেহা” ৷ গতিকে সবাতকৈ ওপৰত শাৰীৰিক সুস্থতা ৷ দেহ ভালে নাথাকিলে মনো ভালে নাথাকে ৷ মানৱ শৰীৰক এখন গাড়ীৰ লগত ৰিজাই এইদৰেও ক’ব পাৰি— শৰীৰটো হ’ল ইঞ্জিন আৰু মনটো হ’ল গাড়ীখনৰ ড্ৰাইভাৰ ৷

মনৰ স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰয়োজন হয় – ধ্যান বা মেডিটেচন ৷ প্ৰাৰ্থনা ইয়াৰ কিছু সমপৰ্যায়ৰ শব্দ হ’ব পাৰে ৷ ধ্যানৰ লগত অধ্যয়ন আৰু আত্মবিশ্লেষণ যোগ হোৱাটো বাঞ্চনীয় ৷ অধ্যয়নে যোগায় মনৰ খাদ্য ৷ মনক নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰয়োজন হয় সুপৰিবেশ আৰু আত্ম মনোবলৰ ৷ আকৌ আত্ম মনোবল আহে অধ্যয়ন আৰু সজ চৰ্চাৰ দ্বাৰা ৷

এতিয়া শৰীৰ ভালে ৰাখিবলৈ ল’বলগীয়া যতনসমূহৰ বিষয়ে কিছু আলোচনা কৰোঁ ৷মানুহে খাদ্য কিয় খায়, তাৰ উত্তৰ ভিন্ন ভিন্ন  হ’ব পাৰে ৷ যেনে: উদৰ পূৰালেহে শক্তি পাম, ভাল ভাল খাদ্য খাই জুতি লাগে কাৰণে খাওঁ, সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ খাওঁ ৷ এতিয়া কথা হ’ল সুস্বাস্থ্য পাবলৈ হলে খাদ্যৰ বিষয়ে জানিবও লাগিব কি খোৱা ভাল আৰু কি কি পৰিহাৰ কৰিব লাগে ৷

পোনতে সুখাদ্যৰ চমু তালিকা এখন দিওঁ : –

১) ৰঙা চাহ : এটি কলি দুটি পাত শুকোৱাই কমকৈ মেচিনত সেকা চাহ হ’ল সৰ্বোত্তম চাহ ৷ এই পৰম উপকাৰী খাদ্যৰ অসমত আবিস্কাৰ কৰিছিল ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচ নামৰ চাহাবজনে ৷ ভাৰতৰ বাহিৰেও চীন আৰু শ্ৰীলংকাটো চাহ খেতিৰ প্ৰচলন প্ৰায় একে সময়তে হয় ৷ চাহত কেফেইনৰ উপৰি ফ্লেৱনইড নামৰ কেন্সাৰ প্ৰতিৰোধক তত্ব থাকে ৷ ৰঙা চাহে তেজৰ পৰা চৰ্বিৰ পৰিমাণ কমাই হৃদৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে ৷
ঘৰতে বাকিব পৰা হাৰ্বেল টি – যেনে শুকান শেৱালি ফুল গৰম পানীত দিলে চাহৰ বৰণৰ আৰু সুগন্ধি স্বাস্থ্যসন্মত পানীয় হৈ পৰে ৷

২) মাছ : মাছত প্ৰটিন,ভিটামিন-ডি, খনিজ তত্ব,  অমেগা-৩  আদি থাকে ৷ বিশেষকৈ সাগৰীয় টুনা আৰু চালমন ফিছত ৷ শৰীৰৰ হাঁড়বিলাক ভালে ৰাখিবলৈ আৰু তেজৰ চৰ্বি কমাবলৈ মাছ সেই বাবে অতি উপযোগী খাদ্য ৷ অমেগা-৩ৰ পৰা হোৱা আন উপকাৰ সমূহ হ’ল – স্মৃতি শক্তি বৃদ্ধি হোৱা, মানসিক উদাসীনতা (ডিপ্ৰেচন) কমোৱা, হৃদৰোগৰ পৰা সুৰক্ষা দিয়া, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা, তেজৰ উন্নতি সধা আদি ৷

৩) বাদাম আৰু আখৰুট : প্ৰটিন,ফাইবাৰ আৰু অমেগা-৩ ৰ উপস্থিতিয়ে শৰীৰৰ উপকাৰী চৰ্বি এইচ ডি এলৰ বৃদ্ধিত সহায় কৰে ৷ আনহাতে অনিষ্টকাৰী কলেষ্টৰল তেজৰ পৰা হ্ৰাস কৰে ৷ দুমুঠি বুট আৰু এমুঠি বাদাম ৰাতি ভিজাই থব আৰু পিছদিনা পুৱা এগিলাচ গাখীৰৰ সৈতে খাব ৷ গাখীৰত আধা চামুচৰ অলপ কম হালধি গুড়ি মিহলাই ল’ব ৷ এয়া এক স্বাস্থ্যসন্মত  শৰীৰৰ বেলেন্স খাদ্য ৷ আবেলি মিশ্ৰিত ড্ৰাই ফ্ৰুটচ খালে শৰীৰত নতুন শক্তি পাব ৷

৪) নহৰু : দৈনিক দুফোটা কেঁচা নহৰু চোবাই খালে ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে ৷ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে ৷ তেজৰ চৰ্বি কমে ৷

৫) দৈ :  প্ৰটিন,কেলচিয়াম আৰু শৰীৰৰ উপকাৰী বেক্টেৰিয়াৰ উৎস হেতুকে দৈ হ’ল পাক-প্ৰণালী, হাঁড়, মাংসপেশী আৰু চৰ্মৰ বাবে এক লাগতিয়াল পদাৰ্থ ৷

৬) অলিভ তেল : অমেগা-৩ আৰু শৰীৰ বাবে লাগতিয়াল এন্টিঅক্সিডেন্টযুক্ত ৷

৭) জামুক,কলা আঙুৰ, নুনী আৰু ষ্ট্ৰবেৰী : লাগতিয়াল এণ্টিঅক্সিডেন্টৰ উৎস ৷

৮) ব্ৰুকলি : ভিটামিন-কে, ফাইবাৰ আৰু এণ্টিঅক্সিডেন্টৰ উৎস ৷ ভিটামিন-কে হাঁড় আৰু তেজৰ বাবে উপকাৰী ৷

৯) অটচ্ জাতীয় খাদ্যসমূহ : যেনে ডালিয়া, চটুৱা, কৰ্ণফ্লেকচ্ আদিত অধিক পৰিমানৰ ফাইবাৰ আৰু ভিটামিন থাকে ৷

১০)  শাক-পাচলি আৰু ফল-মূলৰ চালাড : অতি উপকাৰী খাদ্য ৷ কাৰণ ইয়াত অধিক ফাইবাৰৰ ওপৰিও লাইকোপেন নামৰ এণ্টিঅক্সিডেন্ট, ভিটামিন,খনিজ পদাৰ্থ আৰু লৌহতত্ব থাকে ৷ স্নায়ুকোষ আৰু চৰ্মৰ শ্ৰীবৃদ্ধিত বিশেষ সহায়ক ৷

১১) চয়াবিন : প্ৰ’টিন আৰু শক্তিৰ বাবে চয়াবিন হ’ল লাগতিয়াল খাদ্য ৷ নিৰামিষভোজী সকলে খোৱাটো অতি আৱশ্যকীয় ৷
১২) বিশুদ্ধ পানী : এজন প্ৰাপ্তবয়স্ক লোকে ২৪ঘন্টা কমেও ২লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে ভাল । পানীয়ে শৰীৰত প্ৰবেশ কৰা অনিষ্টকাৰী (টস্কিন) পদাৰ্থসমূহ নিষ্কাষিত কৰে ৷ খাদ্য হজম হোৱাত সহায় কৰে আৰু শৰীৰক লাগতিয়াল তত্ব আহৰণ হোৱাত সহায় কৰে ৷

এইখিনিতে প্ৰশ্ন উঠিব – এণ্টিঅক্সিডেন্টনো কি?
এণ্টিঅক্সিডেন্ট হ’ল আমাক সুৰক্ষা দিয়া পদাৰ্থ ৷ আমাৰ খাদ্যসমূহত যেতিয়া শৰীৰে ৰাসায়নিক ক্ৰিয়া কৰে; নাইবা আমি যেতিয়া টবেকো,ধূম্ৰপান, বিকিৰণ বা কোনো প্ৰাকৃতিক অস্বাভাবিক পাৰিপাৰ্শিকতাৰ সন্মুখীন হওঁ – তেতিয়া শৰীৰৰ অপকাৰী ফ্ৰি- ৰেডিকেলচৰ মুখামুখি হওঁ ৷ এণ্টিঅক্সিডেন্টে আমাক এই ফ্ৰি- ৰেডিকেলচৰ পৰা সুৰক্ষা দিয়ে ৷ অন্যথাই ফ্ৰি- ৰেডিকেলচে শৰীৰত হৃদৰোগ,কেন্সাৰ বা আন ৰোগ উৎপন্ন কৰিব ৷ সহজ কথাত ক’বলৈ হ’লে এণ্টিঅক্সিডেন্ট হ’ল তেজ-পৰিশোধনকাৰী শৰীৰৰ বাবে সুৰক্ষা দিয়া অতি লাগতিয়াল পদাৰ্থ ৷

আমাৰ খাদ্য নিৰ্বাচন কৰোঁতে চাব লাগে যাতে ই অধিক ফাইবাৰযুক্ত, প্ৰটিন উপযুক্ত মাত্ৰাত থকা আৰু ন্যুনতম পৰিমানৰ চৰ্বি থকা হয় ৷ তেলৰ ভিতৰত অলিভ হ’ল সৰ্বোত্তম ৷ ইয়াৰ পিছত আহে সূৰ্যমুখী, চয়াবিন, কৰ্ণ অইল ৷ আমাৰ খাদ্যৰ শতকৰা ১০ ৰ পৰা ৩০ভাগ চৰ্বিযুক্ত খাদ্যৰ পৰা অহাটো যুক্তিসংগত ৷ চৰ্বিৰ দ্বাৰা শৰীৰে ভিটামিন এ,ডি,ই,কে আহৰণ কৰে ৷ চেচুৰেটেড ফেট বা চৰ্বিয়ে শৰীৰত কলেষ্টৰলৰ মাত্ৰা বঢ়ায়, গতিকে ই অপকাৰী ৷ মাখন,মাংস,নাৰিকল তেলত থাকে ৷ চেচুৰেটেড চৰ্বি সাধাৰণ তাপমাত্ৰাত গোটা হৈ থাকে ৷ আনহাতে পলিআনচেচুৰেটেড ফেট বা চৰ্বিয়ে শৰীৰৰ অপকাৰী কলেষ্টৰলৰ মাত্ৰা কমায় ৷ সূৰ্যমুখী, চয়াবিন, কৰ্ণ অইল এই শ্ৰেণীত পৰে । ডালডা বা অইন ঘিউত শৰীৰৰ অপকাৰী ট্ৰান্সফেট থাকে ৷

এতিয়া শৰীৰৰ বাবে অলাগতিয়াল খাদ্যৰ তালিকাখন দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব : –
১) পিজ্জা – মৈদা,ক্ৰিম আৰু ট্ৰান্সফেটৰ সমাহাৰ
২) বাৰ্গাৰ – উচ্চমাত্ৰাত কলেষ্টৰল, শৰ্কৰা আৰু শৰীৰৰ অনিষ্টকাৰী চৰ্বিযুক্ত
৩) নুডুলচ – একো ফুডভেল্যু নাই৷ মাত্ৰ মৈদাৰে তৈয়াৰী ষ্টাৰ্চ
৪) শীতল পানীয়সমূহ – একো ফুডভেল্যু নাই৷ কাৰ্বনযুক্ত হোৱাৰ বাবে শৰীৰক কেলচিয়াম আৰু ভিটমিন-ডি আহৰণ কৰাত বাধা দিয়ে ৷
৫) আইচক্ৰিম – কৃত্ৰিম ৰঙ, প্ৰিজাৰ্ভেটিৱ আৰু ক্ৰিমৰ সংমিশ্ৰণ ; কলেষ্টৰল আৰু মেদবহুলতা বৃদ্ধিৰ কাৰক ।
৬) টিন ফুড- একো ফুডভেল্যু নাই ৷ প্ৰিজাৰ্ভেটিৱ, চেনি আৰু চডিয়ামযুক্ত ৷ কেতিয়বা বিষাক্তও হৈ পৰে ৷
৭) চিপচ্ – সৰু ল’ৰা ছোৱালীৰ অতিকে প্ৰিয় চিপচ্ বেয়া চৰ্বি আৰু বেচি চডিয়ামযুক্ত ৷ মেদবহুলতা আৰু হৃদৰোগৰ কাৰক হ’ব পাৰে ৷
৮) ছোলে-ভটোৰে, চিংৰা,পকৰী আদি – মছলাযুক্ত মুখ ৰুচিকাৰক খাদ্য শৰীৰৰ অপকাৰী ডালডা বা বনস্পতি জাতীয় ট্ৰান্সফেটেৰে তৈয়াৰ কৰা হয় ৷ এইবিলাকে হৃদৰোগৰ ওপৰিও গ্ৰেষ্ট্ৰাইটিচ, এচিডিটি আদি কৰে ৷

মোখনিত সুস্বাস্থ্যৰ বাবে অন্যান্য লাগতিয়াল কথা :
* নিয়মিত খোজকঢ়া,ব্যায়াম বা যোগাসন কৰা
* শাৰীৰিক অন্যান্য সক্ৰিয় কৰ্ম যেনে ফুলনিৰ বা বাৰীৰ কাম কৰা
* ধূম্ৰপান আৰু মদ্যপান বা আন কোনো বদ অভ্যাস থাকিলে তাক ত্যাগ কৰা
* ৰাতি অন্তত: ৬ ঘন্টাৰ নিয়মীয়া নিদ্ৰা যোৱা
* যোগাত্মক আশাবাদী চিন্তাৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা

সকলোলৈ  মোৰ এটি ব্যক্তিগত পৰামৰ্শ : কাৰ্যালয়ত কাম আৰম্ভ কৰাৰ আগতে দুই মিনিট চকু মুদি মৌনভাবে ধ্যান কৰকচোন ! মনলৈ যি ভাব আহে আহিব দিয়ক, জোৰ কৰি একো ভাবিব নালাগে ৷ ইয়াৰ পিছত আপুনি একাগ্ৰতাৰে কামত মনোনিবেশ কৰিব পাৰিব ৷

স্বাস্থ্য চিন্তা : : অনিষ্টকাৰী ফাষ্ট ফুডৰ বিকল্প

মানুহৰ স্বাস্থ্যৰ এটি থুলমূল আভাস বডি মাছ ইনডেস্ক (Body Mass Index ) ৰ পৰা জনা যায়৷ আজিৰ পৰা দুশ বছৰ আগতে বেলজিয়ামৰ এজন পৰিসংখ্যাবিদ এডল্ফ ক্ব্যোতেলেটে মানুহৰ শৰীৰৰ স্থূলতা জুখিবলৈ এটি সূত্ৰ আবিস্কাৰ কৰিছিল৷ অন্ত:ৰাষ্ট্ৰীয় মান্যতা পোৱা এই সূত্ৰমতে শৰীৰৰ ওজনক (কিলোগ্ৰামত)  শৰীৰৰউচ্চতাৰে  (স্কোৱাৰ মিটাৰত) ভাগ কৰি পোৱা  ফলাফলক বডি মাছ ইনডেস্ক  ( চমুকৈ BMI ) বোলে৷ স্বাভাবিক বি,এম,আই হ’ল – ১৮.৫ – ২৪.৯৷ ১৮.৫ ৰ তল হলে শৰীৰৰ ওজন হবলগীয়াতকৈ কম বুজায় ৷ ২৪.৯ৰ বেচি হ’লে  ওজন স্বাভাবিকতকৈ বেচি ৷ ৩০ৰ ওপৰ হলে স্থুলাকায় (Obese ) আখ্যা দিয়া যায়৷ এতিয়া প্ৰত্যেকে নিজৰ বি,এম,আই  উলিয়াইলৈ সেইমতে উচিত পদক্ষেপ লওঁক৷

এজন প্ৰাপ্ত বয়স্ক নিয়মীয়া স্বাস্থ্যৰ লোকক ২৪ ঘন্টা কাৰ্য্যক্ষম হৈ থাকিবলৈ ১২০০ৰ পৰা ২১০০ কেলৰি শক্তিৰ প্ৰয়োজন৷ ব্যক্তিজনৰ কাম বা শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি কম বা বেচি কেলৰিৰ শৰীৰক প্ৰয়োজন হয়৷এই কেলৰি আহে আমাৰ খাদ্যৰ পৰা৷ খাদ্যৰ মূল তত্ব তিনি বিধ এই ধৰণেৰে আয়ত্ব কৰাটো বাঞ্চনীয় : – ৪৫% – ৬৫% কেলৰি কাৰ্বহাইড্ৰেটৰ পৰা, ২০% – ৩০% কেলৰি ফেট বা চৰ্বিৰ পৰা, ১০% – ৩৫% প্ৰটিনৰ পৰা ৷আকৌ প্ৰতি এক গ্ৰাম কাৰ্বহাইড্ৰেটৰ পৰা আহে ৪ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম চৰ্বিৰ পৰা  আহে ৯ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম প্ৰটিনৰ পৰা  আহে ৪ কেলৰী শক্তি৷

বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শমতে আমাৰ খাদ্য তালিকাত শাক-পাচলি, ফল-মূল, দাইল, মাহ জাতীয় শস্য, বাদাম (Nuts) জাতীয় শস্য প্ৰচুৰ থাকিব লাগে৷ চেচুৰেটেড চৰ্বি (যি সাধাৰণ তাপমাত্ৰাটো গোট মাৰি থাকে – যেনে: মাখন, ঘিঁউ, নাৰিকল তেল) আৰু মাংস, কণী, ডায়েৰীৰ উৎপাদন ক্ৰিম, পনীৰ ন্যূনতম ব্যৱহাৰ কৰিব কৈছে৷ আহাৰত অধিক আঁহ বা ফাইবাৰ থাকিলে ই শৰীৰক এইবিলাক ৰোগৰ পৰা সুৰক্ষা দিব পাৰে : মেদবহুলতা, বহুমুত্ৰ, উচ্চৰক্তচাপ, শৌচৰ কৌষ্ঠ-কাঠিন্য, তেজত চৰ্বি বঢ়া, পাইলচ্ , আন্ত্ৰৰ কেঞ্চাৰ, পিত্তৰ পাথৰ আদি ৷ এটা কথা জনোৱা ভাল – খোৱা আহাৰ সন্তুলিত নহ’লে, শৰীৰ ব্যায়াম, খোজকঢ়া বা আন শাৰীৰিক ক্ৰিয়াকলাপ একোতে অভ্যস্ত নহ’লে কেইটিমান পিল বা কেপচুলে শৰীৰৰ মেদবহুলতা দূৰ কৰিব নোৱাৰে৷

প্ৰকৃতিয়ে আমাক অজস্ৰ খাদ্যসম্ভাৰ শাক পাচলি, ফল-মূল, দাইল, মাহ জাতীয় শস্যৰ ৰূপত যোগান ধৰিছে৷ শৰীৰৰ সকলোবিলাক লাগতিয়াল তত্বই তাত উপলব্ধ৷ আমাৰ অনাদৰ আৰু অবজ্ঞাৰ পৰিণামতেই মানৱ জাতি ন ন দুৰাৰোগ্য ব্যাধিৰ সন্মুখীন হ’বলৈ ধৰিছে৷

ফাষ্টফুড কিয় গ্ৰহণযোগ্য নহয়?

ফাষ্টফুডত থাকে অত্যধিক চৰ্বি, অধিক চেনি, অধিক চডিয়াম ৷ অকল শৰীৰৰ অপকাৰী  চেচুৰেটেড  চৰ্বিযুক্ত তেলেৰ এইবিলাক তৈয়াৰ কৰা হয়৷ ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজৰ অভাৱ৷ আনহাতে ইয়াত থাকে দেহৰ ওজন বঢ়োৱা তত্ব৷ মধুমেহ,উচ্চৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰ’ক, ক’লোনৰ কেন্সাৰ, মেদবহুলতা, দন্তক্ষয়, তেজত চৰ্বি বঢ়া, আদি বিভিন্ন ৰোগৰ বাহক হ’ল এই ফাষ্ট ফুডসমূহ৷ এই ফাষ্টফুডত থাকে মনোচডিয়াম গ্লুটামেন, টাৰ্টজিন, চেকাৰিন, এচপাৰ্টেম আদি কৃত্ৰিমৰঙ, কৃত্ৰিম স্বাদ আৰু কৃত্ৰিম সুগন্ধি দিয়া নানান প্ৰিজাৰৱেটিভ ৰসায়নিক পদাৰ্থ৷ এইবিলাকৰ সঘন ব্যৱহাৰে আসক্তিৰ (Addiction) সৃষ্টি কৰে৷

উন্নত দেশ সমূহত ধূম্ৰপানৰ পিছতেই দ্বিতীয় ঘাতক ৰূপে পৰিচিত হৈছে – এই ফাষ্টফুড৷ চিকিৎসকে পাইছে এমাহ নিয়মীয়াকৈ ফাষ্টফুড খোৱাজনৰ ওজন ১০কিলো পৰ্যন্ত বাঢ়িছে৷ লিভাৰৰ আকাৰ বাঢ়িছে আৰু লিভাৰতো চৰ্বি বিপদজনকভাবে জমা হৈছে৷

আকৰ্ষণীয় বিজ্ঞাপন যেনে পিজ্জাৰ লগত শীতল পানীয় বিনামূলীয়া, ঘৰত বহি বহি ফোনতে অৰ্ডাৰ দিলেই ডেলিভাৰী পাব আদিত মানুহে ভোল যায়৷ কে এফ চি,বাৰ্গাৰ কিং, মেকড’নাল্ড আদি ফাষ্টফুডৰ দোকান বিশ্বৰ বিভিন্ন দেশৰ লগতে অসমতো খুলিছে৷ ইয়াৰ পৰা হ’ব পৰা অপকাৰসমূহৰ ব্যাপক প্ৰচাৰৰ প্ৰয়োজন৷ মাতৃ আৰু গৃহিণীসকলে ঘৰতে নিৰাপদ আৰু মুখৰোচক খাদ্যৰ  যোগান ধৰি ইয়াৰ বিকল্পৰ সন্ধান দিব পাৰে৷

কেইটিমান কিটিপ ৰান্ধনীলৈ আগবঢ়ালোঁ:
ব্ৰাউন ব্ৰেড বা নহ’লে ব’নত কলেষ্টৰল ফ্ৰি বাটাৰ (নহলে ল’ ফেট চীজ) সানি তিয়ঁহ,বিলাহী আদিৰে বাৰ্গাৰ তৈয়াৰ কৰিব পাৰে৷ আলু কমকৈ দি সিদ্ধ কাচকল লওক৷ ৰঙীন প্ৰিজাৰৱেটিভ দিয়া চচৰ সলনি নেমু,আদা, নহৰু,জলকীয়া,পদীনা, ধনীয়া, নৰসিংহ আদিৰে তাজা চাটনিৰ জুতি লওক৷
আইচক্ৰিমৰ বিকল্প হিচাবে চেষ্টা কৰক – শীতল ফ্ৰুট চালাড, চুজী, খীৰ, পায়স, ফলৰ পিছা ফ্ৰিজত থৈ৷
ঘৰতে মাছৰ, কাচকলৰ, আলুৰ, কবিৰ চপ,পকৰি তৈয়াৰ কৰক – সূৰ্য্যমুখী বা অ’লিভ জাতীয় নিৰাপদ তেলেৰে ভাজি। চিপচৰ সলনি পাপৰ বেলেগ বেলেগ ধৰণেৰে চেষ্টা কৰি চাব পাৰে৷

এটা কথা লক্ষ্য কৰক – আপুনি ফাষ্টফুডৰ ৰেষ্টোৰাত খোৱা এটা বাৰ্গাৰত ১০২০কেলৰি থাকে, অৰ্থাৎ দিনটোৰ প্ৰয়োজনৰ আধাতকৈ বেচি কেলৰী এটা বাৰ্গাৰতে থাকে৷ এটা সময়ত এনে ৰেষ্টোৰাত হৰম’ন দি ডাঙৰ কৰা মাংসও বিক্ৰী হৈছিল৷ হৰমোনৰ অপকাৰিতা বিশেষকৈ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত হ’ব পাৰে৷ আমেৰিকাত এনে মাংসৰ বিক্ৰী নিসিদ্ধ কৰা হ’ল৷ ভাৰতত যে বিক্ৰী নহ’ব তাৰ  নিশ্চয়তা কোনে দিব? ইতিমধ্যে ভাৰতবৰ্ষত অস্কিটচিন হৰম’নৰ বেজী দি ডাঙৰ কৰা জাতিলাউ, ৰঙালাউ, অমিতা কথা পাঠকে নিশ্চয় গম নোপোৱাকৈ থকা নাই৷

শীতল পানীয়ৰ বিষয়ে :
কাৰ্বনযুক্ত শীতল পানীয়ৰ বিষয়ে নজনালে লিখনি অসম্পূৰ্ণ হৈ ৰ’ব৷ এনে পানীয়ৰ এচিডিটিৰ মাত্ৰা হ’ল পিএইচ ৩.৪৷ আপোনালোকে কেইটিমান প্ৰয়োগ কৰি চাব পাৰে :
এটা সৰা দাঁত  ক’কাকোলা বা পেপচীত ভলদৰে ডুবাই  থওক আৰু দুসপ্তাহত তাৰ অৱস্থা লক্ষ্য কৰক৷ গাহৰিৰ মাংসৰ টুকুৰা এটাত ক’কাকোলা বা পেপচী ঢালি কিছু সময় পিছত তাৰ অৱস্থা লক্ষ্য কৰক৷ টয়লেটৰ নোযোৱা দাগ, মামৰে ধৰা নট-বল্টু-তলা খুলিবলৈ, গ্ৰীচৰ দাগ গুচাবলৈ, গাড়ীৰ লোহাৰ বাম্পাৰৰ মামৰ গুচাবলৈ, গাড়ীৰ সন্মুখৰ গ্লাচখনত লাগি ৰোৱা আলকতৰা আদিৰ দাগ গুচাবলৈ  এনে যি কোনো এবিধ কোলা ব্যৱহাৰ কৰি চাওঁক৷

শীতল পানীয়ই  পাক্-প্ৰণালীৰ হজম ক্ৰিয়াকো বাধা প্ৰদান কৰে৷ এনে কাৰ্বনযুক্ত শীতল পানীয়ত কোনো ভিটামিন,খনিজ বা শৰীৰৰ লাগতিয়াল দ্ৰব্য নাই৷ এটা ২৫০মিলিলিটাৰৰ বটলত ১০০পৰা ২৫০ লৈকে (ব্ৰেণ্ড অনুসৰি ভিন্ন ভিন্ন) কেলৰী থাকে৷ ডায়েট পেপচিত ন্যূনতম কেলৰী থাকে৷ এইবিলাকত  আছে অতিমাত্ৰা চেনি, এচিড, কাৰ্বন-ডাই-অস্কাইড, কৃত্ৰিম ৰং আৰু প্ৰিজাৰৱেটিভ৷ এই তত্বসমূহে শৰীৰৰ কেলচিয়ামক গলাই তেজৰ নলীত বা কিডনিত জমা কৰিব পাৰে৷ বহুতে ভাবে মদ খালে লিভাৰ নষ্ট হৈ চিৰচিচ হয়, গতিকে তাৰ সলনি এনে পানীয় গ্ৰহণ কৰা ভাল৷ কিন্তু ইয়াৰ ভয়াবহতা ভালদৰে বুজিবলৈ চাওঁক৷ শুনামতে দিল্লী বিশ্ববিদ্যালয়ৰ কেণ্টিনত হোৱা এক প্ৰতিযোগিতাত ৮বটল কোকাকোলা খাই এজন ছাত্ৰৰ কাৰ্বন-ডাই-অস্কাইড পয়জনিং হৈছিল৷

বিকল্প কি হ’ব পাৰে?
প্ৰকৃতিয়ে আমাক গোটেই বছৰটোৱেই কিবা নহয়  কিবা খাবলৈ  দিছে;  যেনে আম, অমৰা, কৰ্দৈ, থেকেৰা, বেল, আপেল, নাচপতি, আনাৰচ, ডালিম, তৰমুজ, অমিতা, তেতেলি, লিচু, নেমু, মালটা, কমলা, মৌচম্বী, বগৰী, আমলখি, জলফাই, লেতেকু, পনিয়ল আদি বিভিন্ন সুস্বাদু ফল-মূল৷ এইবিলাকৰ প্ৰত্যকৰে চর্বত তৈয়াৰ কৰি খাব পাৰে৷ আৰু খাব পাৰে ডাবৰ পানী, কুঁহিয়াৰৰ ৰস৷ দৈৰ পৰা তৈয়াৰ কৰা লচ্চি আৰু নিমখীয়া মথ্থাও উপকাৰী আৰু সুস্বাদু পানীয়৷

মোখনিত এটা কথা কওঁ যে যি সকললোক ইতিমধ্যে ফাষ্টফুডত আসক্ত হৈ পৰিছে-তেওঁলোকে মাহত এদিনতকৈ বেচিবাৰ এনে ফাষ্টফুড  গ্ৰহণ নকৰিব আৰু লগত বিনামূলীয়াকৈ পোৱা শীতল পানীয়ৰ সলনি মিনাৰেল পানী লওঁক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!