সূৰ্য দাসৰ কবিতা

কবিতা (১)

বতাহ বিলাক

বৰ সঘনাই বলিছে

ৰ’দজাকো খিড়িকীৰে

সোমাব ধৰিছে

দূৰৰ সাগৰখনিৰ ৰংবোৰ

চকুত ধৰা দিছে
ঢৌবোৰৰ নিচুকনিবিলাক
বুকুৰ ৰাজহাড়লৈ ঢাপলি মেলিছে
তুমি আৰু মই সহ্য কৰিব পৰা নাই

ৰুণ দিয়া পাৰকেইটাই আমনি কৰি আছে
সিহঁতে হেনো
আমাক চিনি পাইছে
কাষলৈ আহিব বিচাৰিছে
খিড়িকীখন খুলি দিয়া নাই
বৰষুণৰ টোপাল
সোমাই আহে বুলি!

কবিতা (২)

মুম্বাই

মানুহৰ ভীৰ
মায়া নগৰীত
মুম্বাই চহৰ

অনেক ৰঙ–বিৰঙৰ

অনেক গাড়ীৰ পোহৰ
কোনোখন ৰঙা
কোনোখন আকাশী নীলা
আহা আহা সৰুকণ
মানুহৰ অৰণ্যলৈ আহা


ভোক–পিয়াহ সুখ–দুখ
ইয়াত ভাবিবই নোৱাৰি

মানৱতাৰ কোনো দাম নাই
চকুৰ পানী আহে যদি আহক
ইয়াৰ কোনো দাম–দৰ নাই!!

Leave a Reply

Your email address will not be published. Required fields are marked *