সৃষ্টিশীলতাৰ অন্য এক নাম-‘দাদুল চলিহা’ – নাজিয়া চুলতানা

দৰঙৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে। বুৰঞ্জীৰ পৃষ্ঠা লুটিয়াই চালে দেখা পাওঁ অতীজৰে পৰা দৰঙৰ বহুকেইজন সন্তানে বিভিন্ন ক্ষেত্ৰত ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ বাবে বিভিন্ন সময়ত উল্ল্যেখনীয় অৱদান আগবঢ়াই আহিছে। এই গৰিমা অক্ষুণ্ণ ৰাখি একবিংশ শতিকাৰ প্ৰথম দুটা দশকত যিসকল সুসন্তানে দৰঙৰ নাম সমগ্ৰ দেশৰ লগতে বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হৈছে তাৰ ভিতৰত অন্যতম হ’ল চিত্ৰ ভাস্কৰ্য্য শিল্পী-দাদুল চলিহাদেৱ।

২০১৮ বৰ্ষত বিশ্বৰ অন্যতম সন্মানীয় “দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় লিঅ’নাৰ্ডো দা’ ভিঞ্চি দা’ ইউনিভাৰছেল আৰ্টিষ্ট” বঁটা প্ৰাপ্ত শিল্পী গৰাকীৰ জন্ম হয় ১৯৬৯ চনৰ ১৫ আগষ্টত দৰং জিলাৰ মঙলদৈত। তেখেতৰ পিতৃৰ নাম শ্ৰী গজেন ডেকা আৰু মাতৃৰ নাম শ্ৰীমতী মীৰা ডেকা। পিতৃ গজেন ডেকা, দৰং জিলাৰ ৰঙামাটি মৌজাৰ মৌজাদাৰ তথা মঙলদৈ পৌৰ সভাৰ এজন প্ৰাক্তন উপ সভাপতি আছিল।

জীৱনৰ আদি অৱস্থাতে শিল্প কৰ্মৰ প্ৰতি আকৰ্ষিত হোৱা চলিহাদেৱক অসম তথা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ শিল্পী সত্তা আৰু জীৱন দৰ্শনে বাৰুকৈৱে প্ৰভাৱিত কৰিছিল। সৌভাগ্যক্ৰমে শিশুকালতেই শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ সান্নিধ্য লাভ কৰা দাদুল চলিহাদেৱে সৰুতেই গীত গোৱা, নাটক কৰা, ছবি অঁকা, খেলা-ধূলা আদিৰ লগত জড়িত হৈ পৰিছিল। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে সৰ্বভাৰতীয় স্তৰত বৰোদাৰ পৰা অনুষ্ঠিত কৰা চিত্ৰ প্ৰতিযোগিতা এখনত অংশগ্ৰহণ কৰি তেখেতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। বৰোদাৰ সেই অনুষ্ঠানটিয়ে তেখেতক চিত্ৰকলা বিষয়ত উচ্চশিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰিছিল যদিও ঘৰুৱা বাধাৰ বাবে তেওঁৰ সেই সুযোগ গ্ৰহণ কৰিব পৰা নাছিল। চিত্ৰ আৰু সুকুমাৰ কলাই অসমত তেতিয়া প্ৰয়োজনীয় সমাদৰ নোপোৱাৰ বাবেই পৰিয়ালৰ পৰা তেখেতে বাধা পাইছিল। চিত্ৰকলাক বা সুকুমাৰ কলাক একমাত্ৰ জীৱিকা হিচাপে লোৱাতো এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ। তথাপি, যৌথ পৰিয়ালত ডাঙৰ হোৱা দাদুল চলিহাৰ কিশোৰ মনটোক এই বাধাই হতাশ আৰু বিদ্ৰোহী কৰি তুলিছিল। বাৰে বাৰে আত্মহত্যাৰ ভাৱ আহিছিল যদিও মেলা চকুৰে দেখা সপোনবোৰে তেখেতক সেই কাৰ্য্যৰ পৰা দূৰত ৰাখিছিল। এসময়ত এই সপোনৰ তাড়নাতে তেওঁ ঘৰৰ পৰা ওলাই গৈ একান্তমনে চিত্ৰকলা সাধনাত মনোনিবেশ কৰিছিল।

চলিহাদেৱে প্ৰাৰম্ভিক শিক্ষা লাভ কৰে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মঙলদৈ মহাবিদ্যালয়ত। পিছলৈ গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধীনত চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ৰ পৰা ফাইন আৰ্টছ্ বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতক ডিগ্ৰী. বি.এফ. এ(B.F.A) লাভ কৰে।

বিশ্ববিখ্যাত শিল্পী ভিনচেণ্ট ভেন গঘ, পাবলো পিকাছো আৰু আমাৰ অসমৰ শ্ৰদ্ধাৰ নীলপৱন বৰুৱা তথা ড° ভূপেন হাজৰিকা দেৱৰ সৃষ্টিশীল কৰ্মৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হোৱা চলিহাই আনুষ্ঠানিক শিক্ষা শেষ কৰি কলা সাধনা আৰু পৰীক্ষামূলক সৃষ্টিশীল কৰ্মৰে জীৱন অতিবাহিত কৰাৰ পণ লয়।

আৰম্ভণিতে চিত্ৰ শিল্পৰ ক্ষেত্ৰখনত নিজক প্ৰতিষ্ঠিত কৰাৰ সিদ্ধান্তত আপোন ঘৰখনৰ জেষ্ঠজনৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা চলিহাদেৱে স্বাধীনভাৱে একনিষ্ঠ কলা সাধনাত ব্ৰতী হয়। সফলতা বিফলতাৰ উৰ্দ্ধত নিষ্ঠা সহকাৰে, একাগ্ৰতাৰে সৃষ্টিকৰ্মৰ মাজৰে মানৱীয় প্ৰমূল্যবোধক সকলোৰে মাজত বিলাই দিয়াৰ মানসিকতাৰ বাবেই পুনৰাই কোনোদিন পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। তেখেতে নিজ কৰ্মৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ চিত্ৰ আৰু ভাস্কৰ্য্য ক্ষেত্ৰখনত যথেষ্ট অৰিহণা যোগাবলৈ সক্ষম হয়। তেখেতৰ একান্ত কৰ্মস্পৃহা আৰু সৃষ্টিশীলতাৰ স্বীকৃতি স্বৰূপে অসংখ্য উল্লেখনীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত প্ৰধান হ’ল-

১৯৮৫ চনত মঙলদৈ মহাবিদ্যালয়ৰ “মহাবিদ্যালয় সপ্তাহ”ত শ্ৰেষ্ঠ শিল্পীৰ লগতে ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ একেৰাহে কেইবাবাৰো দৰং জিলা ঔদৌগিক সংস্থাৰ কাৰ্য্যালয়ৰ পৰা শ্ৰেষ্ঠ শিল্পী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত ব্ৰঞ্জ, ৰূপ আৰু সোণৰ পদক লাভ কৰে।

২০০১ চনত নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হোৱা উত্তৰ-পূব বসন্ত মহোৎসৱত এবছ্ষ্ট্ৰেক্ট পেইণ্টিং শিতানত বঁটা।

২০০১ চনত AIFASC ৰ ৭৪ তম অধিবেশনত ৰাজ্যিক পৰ্য্যায়ৰ প্ৰদৰ্শনীত চিত্ৰাংকণ বিভাগত বঁটা।

২০০৪ চনত উত্তৰ-পূব ৰাজ্যিক চিত্ৰ প্ৰদৰ্শনীত চিত্ৰাংকণ শিতানত বঁটা।

২০১৮ চনত তেখেতে বিখ্যাত চিত্ৰশিল্পী লিঅ’ নাৰ্ডো দা’ ভিঞ্চি ৰ সোঁৱৰণত ইটালীয়ে আগবঢ়োৱা বিশ্ববিখ্যাত “দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় লিঅ’ নাৰ্ডো দা’ ভিঞ্চি- ইউনিভাৰ্ছেল আৰ্টিষ্ট” বঁটা লাভ কৰে। তেখেত এই বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয়।

ইয়াৰ উপৰিও তেখেতে জেংৰাই অসম বঁটা লাভ কৰে।

তেখেতে ১৯৯১ চনত চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ৰ পৰা আৰু ২০০০-২০০২ চনত কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰাণলয়ৰ সাংস্কৃতিক বিভাগৰ অধীনত শিল্পী জলপানি লাভ কৰবলৈ সক্ষম হয়।

তেখেতে বৰ্তমানলৈ ৫০(পঞ্চাছ) ৰো অধিক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিত্ৰ কলা প্ৰদৰ্শনী আৰু কৰ্মশালাত অংশ গ্ৰহণেৰে তেখেতৰ সৃষ্টিৰাজি চিত্ৰপ্ৰেমী সকললৈ দৰ্শনৰ বাবে আগবঢ়ায়। তেখেতে ২০০৭ চনত ড° ভূপেন হাজৰিকাৰ গীতৰ আধাৰত এখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে। এই প্ৰদৰ্শনীত প্ৰায় ২৮খন চিত্ৰ প্ৰদৰ্শন হয়।

দাদুল চলিহাদেৱৰ দেশ-বিদেশৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা প্ৰদৰ্শনী সমূহে ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত উল্লেখনীয় হ’ল-

তেখেতৰ ২০১৬ চনত জাৰ্মানীত, ২০১৭ চনত নৰৱে’, ২০১৯ চনত ইজিপ্তত অনুষ্ঠিত হোৱা চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ। ২০০৫ চনত ফ্লৰিদাত তেখেতৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। নতুন দিল্লীৰ প্ৰগতি ময়দানত ২০০৯, ২০১১, ২০১৩ চনত অনুষ্ঠিত হোৱা India Art Summit আৰু United Art Fair ত অংশগ্ৰহণ।

ইয়াৰ উপৰিও তেখেতে চিত্ৰপ্ৰদৰ্শনীত অংশ গ্ৰহণ কৰা অনুষ্ঠান সমূহ হ’ল–

ললিত কলা একাডেমী, অল ইণ্ডিয়া ফাইন আৰ্টছ এণ্ড ক্ৰাফ্টছ্ ছচাইটী, ইণ্ডিয়া একাডেমী আৰু ফাইন আৰ্টছ্, ক্ষেত্ৰীয় কাৰ্য্যালয়, ৰাষ্ট্ৰীয় ললিত কলা একাডেমী, ক্ষেত্ৰীয় কাৰ্য্যালয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, জাহাংগীৰ আৰ্ট গেলাৰী, ৰবীন্দ্ৰ কলা একাডেমী, মুম্বাই, একাডেমী ফৱ ফাইন আৰ্ট কলিকতা, ৰোটাৰী ক্লাৱ, গুৱাহাটী, ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্ট, নতুন দিল্লী, কলানিবাস ইণ্টাৰনেচনেল আৰ্ট চেণ্টাৰ, হায়দৰাবাদ, স্প্ৰিং ফেষ্টিভেল, নগালেণ্ড আৰু বিৰলা একাডেমী, কলকাতা।

তেখেত নতুন দিল্লীস্থিত ললিত কলা একাডেমী আৰু অসম ফাইন আৰ্টছ্ আৰু ক্ৰাফটছ্ ছচাইটিৰ সদস্য।
ইয়াৰ উপৰিও তেখেতে ইতিমধ্যে ভাৰতৰ বস্ত্ৰ মন্ত্ৰনালয়ৰ অধীনত বিভিন্ন প্ৰশিক্ষণ, কৰ্মশালাৰ ডিজাইনাৰ হিচাপে অভিজ্ঞতা লাভ কৰিছে।

ভাস্কৰ্য্য শিল্পৰ ক্ষেত্ৰটো শ্ৰদ্ধাৰ চলিহাদেৱে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ তেখেতৰ সৃষ্টিকৰ্মৰ জৰিয়তে লোক-কলা কৃষ্টি সংৰক্ষণ কৰিবলৈ যথেষ্ট কাম কৰি আহিছে। “ঐতিহাসিক দৌৰাংগ” শীৰ্ষক প্ৰকল্পৰ অধীনত মঙলদৈৰ বৰপুখুৰী পাৰত ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত মুকলি কৰা “ জয়ন্ত হাজৰিকা উদ্যান”ত দৰঙৰ আপুৰুগীয়া কলা কৃষ্টিসমূহ তেখেতৰ হাতৰ পৰশত প্ৰাণ পাই উঠে। দৃষ্টিনন্দন কাৰুকাৰ্য্য খচিত চিত্ৰ ভাস্কৰ্য্য সমূহৰ ভিতৰত প্ৰধান হ’ল–ওজাপালি, ঢেপাঢুলীয়া, চেৰাঢেক, খুলীয়া-ভাৱৰীয়া, দেওধানী নৃত্য, পথৰুঘাটৰ ৰণ ইত্যাদি। ইয়াৰ উপৰিও তেখেতৰ আৰ্টিষ্ট গীল্ডে অনুষ্ঠিত কৰা প্ৰদৰ্শনীত “The Historical Door”, অসম সাহিত্য সভাৰ ৰহাত অনুষ্ঠিত দশম বাৰ্ষিক বিশেষ অধিৱেশনৰ তোৰণ সঁচাকৈয়ে অতি মনোগ্ৰাহী আছিল। লগতে তেখেতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন সংস্থাৰ লগত জড়িত হৈ হস্ত তাঁত, বস্ত্ৰ শিল্প, বাহঁ-বেতৰ শিল্প, চফ্ট টয়, পুতলা ইত্যাদিৰ সৃজনীমৃলক ডিজাইনাৰ হিচাপে কাম কৰিছে।

অন্যহাতে চলিহাদেৱ এমব্ৰইডাৰী, জুৱেলাৰী ডিজাইনিং, ডিজিটেল গ্ৰাফিকচ্, এপলাইড ডিজাইনিং, পৰম্পৰাগত টেৰাকোটা শিল্প, মুখা শিল্পৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন টেলিভিছন চিৰিয়েল, থিয়েটাৰ গ্ৰুপৰ চেট ডিজাইনিং, বিভিন্ন উপন্যাস, আলোচনী আৰু প্ৰকাশন গোষ্ঠীৰ বিভিন্ন বিষয়ৰ গ্ৰন্থৰ বেটুপাত, পৃষ্ঠা ডিজাইনলৈকে সকলো সৃষ্টিমূলক শিল্পলৈকে জড়িত হৈ আছে।

তেখেতে ১৯৯৯ চনৰ ২ ডিচেম্বৰত অসমৰ অন্য এগৰাকী চিত্ৰ ভাস্কৰ্য্য শিল্পী মীনাক্ষী বৰগোঁহাইৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ বৰ্তমান এটি পু্ত্ৰ আৰু এটি কন্যা সন্তানেৰে এটি সুখী পৰিয়াল।

গঠনমূলক কৰ্মৰাজিৰে মানসিক প্ৰশান্তি লাভ কৰা দাদুল চলিহাদেৱে অসমত বিভিন্ন শিশু কৰ্মশালা আৰু শিল্প শিক্ষা প্ৰদানৰ জৰিয়তে তেখেতে নৱপ্ৰজন্ম আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক অসমত শিল্প জাগৰণ সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে।

তেখেতে মঙলদৈত “ফাইন আৰ্টছ কমপ্লেক্স” আৰু গুৱাহাটীত “ক্ৰিয়েটিভ আইজ” নামৰ দুটি চিত্ৰ কলা প্ৰশিক্ষণৰ বাবে অনুষ্ঠান আৰম্ভ কৰিছে। এই অনুষ্ঠান দুটিয়ে অসমৰ বিভিন্ন ঠাইত কৰ্মশালা অনুষ্ঠিত কৰি শিশুসকল আৰু নৱপ্ৰজন্মক চিত্ৰ শিল্পৰ জগত খনলৈ আকৃষ্ট কৰাৰ চেষ্টা কৰি আহিছে। এই ক্ষেত্ৰত তেখেতৰ সহধৰ্মিনী মীনাক্ষী বৰগোহাঁয়ে তেখেতক যথেষ্ট সহায় কৰিছে।

বিশেষকৈ এক্ৰিলিক আৰু তৈল মাধ্যমত চিত্ৰ অংকন কৰা চলিহাদেৱৰ বহুমূলীয়া চিত্ৰসমূহ শিলচৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰূপান্তৰ এণ্ড প্ৰেছ ক্লাৱ, শিৱসাগৰ আৰু হাৰিয়ানাৰ হিচ্ছাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ, স্পেইনৰ বিভিন্ন সংগ্ৰহালয়ত সংগৃহীত হৈছে।

আজৰি সময়ত গীত, কবিতাৰ লগত জড়িত থাকি ভালপোৱা দাদুল চলিহাদেৱে নৱপ্ৰজন্ম বিশেষকৈ শিশুসকলক আনক অনুকৰণ কৰাতকৈ অসমৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্য, বৈচিত্ৰ্যময় কলা সংস্কৃতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ স্বকীয় বৈশিষ্ট্য সম্পন্ন চিত্ৰ, ভাস্কৰ্য্য, শিল্প কলা সৃষ্টিৰ বাবে উৎসাহ যোগায় আহিছে।

শ্ৰদ্ধাৰ শিল্পীগৰাকীক আন্তৰিক শুভকামনা জনাইছো যাতে তেখেতে এনেদৰে তেখেতৰ সৃষ্টিশীল কৰ্মৰাজিৰে সকলোকে পোহৰৰ বাট দেখুৱাই গৈ থাকে। শেষত অনিচ্ছাকৃত ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছো আৰু এলবাৰ্ট আইনষ্টানৰ মোৰ প্ৰিয় এটি উক্তিৰে লিখনিটিৰ সামৰণি মাৰিছো।

”সৃষ্টিশীলতা সংক্ৰামক, ইয়াক আগবঢ়াই নিয়ক!” – আলবাৰ্ট আইনষ্টাইন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!